অধ্যায় -3 - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Thursday, November 30, 2023

অধ্যায় -3


                              তৃতীয় অধ্যায়  : অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ ।
৩.০ : অসমত ব্ৰিটিছ বিৰোধী জাগৰণ
১) ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পাছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতি কি পৰিৱৰ্তন হৈছিল ? 
উত্তৰ: ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ পাছত অসমৰ ৰাজহ সংগ্ৰহৰ পদ্ধতি মুদ্ৰাৰে সংগ্ৰহ কৰা হৈছিল ।
২) মফট মিলচে কোন ? তেওঁ কোন চনত কিয় অসমলৈ আহিছিল  ?
 উত্তৰ: মফট মিলচ কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আছিল । তেওঁ ১৮৫৩ চনত অসমৰ প্ৰশাসন ব্যৱস্থাৰ বিষয়ে অনুসন্ধান কৰিবলৈ অসমলৈ  আহিছিল । 
৩) ব্ৰিটিছৰ দিনত  অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ লিখা  । উত্তৰ  : ব্ৰিটিছৰ দিনত  অসমৰ কৃষকৰ দুৰৱস্থাৰ দুটা কাৰণ হ’ল  ---
ক )  ব্ৰিটিছ চৰকাৰৰ  ভূমি ৰাজহ বৃদ্ধি নীতি  খ) নতুনকৈ প্ৰৱৰ্তন কৰা মুদ্ৰা অৰ্থনীতি  গ) কৃষি উন্নয়নৰ ক্ষেত্ৰত ব্ৰিটিছ চৰকাৰৰ অৱহেলা মনোভাৱ ।
৪)  অসমত কিমান চনত দাস প্ৰথা বিলুপ্ত ঘটোৱা হৈছিল  ? উত্তৰ  : অসমত  ১৮৪৩ চনত দাস প্ৰথা বিলুপ্তি  ঘটোৱা হৈছিল  ।
৫) অসমীয়া কৃষকৰপৰা ভূমি খাজনা  বৃদ্ধি নিৰ্ধাৰণৰ বিৰুদ্ধে কোনে মফট মিলচক  আৰ্জি দিছিল  ? উত্তৰ  : আনন্দৰাম ঢেকিয়াল ফুকন ।    2022
৬)  অসমত ১৮৫৭-৫৮ চনৰ চিপাহী বিদ্ৰোহৰ নেতৃত্বত কোনে দিছিল  ?  উত্তৰ  : মণিৰাম দেৱানে ।
৭) ব্ৰিটিছ বিৰুদ্ধাচৰণ কৰা প্ৰথম অসমীয়া ৰাজনৈতিক ব্যক্তি কোন আছিল  ?  উত্তৰ  : গোমধৰ কোঁৱৰ  ।
৮) ব্ৰিটিছ বিৰুদ্ধাচৰণ কৰি প্ৰথম ফাঁচিৰ কাঠত ওলোমা প্ৰথম অসমীয়া ৰাজনৈতিক ব্যক্তি কোন আছিল  ?  উত্তৰ  : পিয়লি ফুকন  ।
৯) কেঞাসকল কোন আছিল  ?  উত্তৰ  : কেঞাসকল  মাৰোৱাৰী আছিল  ।
১০)  অসমত ১৮৫৭—১৮৫৮ চনৰ বিদ্ৰোহৰ কাৰণ সম্পৰ্কে চমুকৈ আলোচনা কৰা  ।
উত্তৰ: অসমত ১৮৫৭-৫৮ চনত সংঘটিত হোৱা চিপাহী বিদ্ৰোহৰ কাৰণসমূহ  হ’ল ---
ক) নতুন ৰাজহ নীতি: খাজনা বৃদ্ধি আৰু মুদ্ৰা ব্যৱস্থাৰে চৰকাৰক খাজনা দিবলগীয়া নীতিয়ে জনসাধাৰণক বহিৰাগত ব্যক্তিৰ ওচৰত ধাৰুৱা কৰিছিল আৰু মনত ব্ৰিটিছ বিৰোধী ভাৱ জাগি উঠিছিল ।
খ) কৃষি খণ্ডৰ উন্নয়ত অৱহেলা : চৰকাৰে কৃষসকলৰ কৃষি খণ্ডৰ উন্নতিৰ বাবে একো প্ৰদক্ষেপ লোৱা নাছিল,কেৱল খাজনা সংগ্ৰহ কৰাতহে গুৰুত্ব দিছিল । সেয়ে কৃষক সকল ব্ৰিটিছ বিৰোধী হৈ পৰিছিল ।
গ) অসমত বহিৰাগত লোকৰ কৰ্ম সংস্থাপন : অসমৰ ব্যক্তিসকল আধুনিক শিক্ষাৰে শিক্ষিত নোহোৱা বাবে বহিৰাগত বঙালী লোকক অসমৰ প্ৰশাসন কাৰ্যত নিয়োগ কৰিছিল ।কিন্তু এনে কাৰ্যত অভিজাত শ্ৰেণীৰ লোক সকল সন্তুষ্ট হোৱা নাছিল আৰু ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ মন মেলিছিল ।
ঘ) দাস প্ৰথাৰ বিলুপ্তি : ১৮৪৩ চনত অসমত দাস প্ৰথা বিলুপ্ত ঘটোৱাত ব্ৰাক্ষ্মণ ,পুৰোহিত আৰু অন্যান্য পুৰোহিত সকল ইংৰাজৰ প্ৰতি ক্ষোভিত হৈ পৰিছিল আৰু মনত এক বিদ্ৰোহৰ ভাৱ অংকুৰিত হৈছিল ।
ঙ) কুটিশিল্পৰ অৱনতি :ব্ৰিটিছৰ বিলাতী বস্তুৰ আমদানিয়ে অসমৰ কুটিশিল্পক অৱনতি ঘটাই কুটিশিল্পৰ লগত জড়িত মানুহখিনিৰ অৱস্থা শোচনীয় কৰি তোলাত তেওঁলোকৰ মনত ব্ৰিটিছ বিৰোধী ভাৱ জাগি উঠিছিল । 
       দেখা যায় যে, ব্ৰিটিছৰ শোষণ আৰু দমনমূলক নীতিয়ে অসমৰ জনসাধাৰণক বিতুষ্ট কৰি বিদ্ৰোহ কৰিবলৈ বাধ্য কৰিছিল ।                      


৩.১ অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰভাৱ: 
১)  চিপাহী বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল  ? উত্তৰ  : চিপাহী বিদ্ৰোহ ১৮৫৭  চনত সংঘটিত হৈছিল ।
২) বশ্যতামূলক মিত্ৰতা নীতি আৰু স্বৰ্তবিলোপ নীতি কোনে প্ৰৱৰ্তন কৰিছিল  ? উত্তৰ  : লৰ্ড ডেলহাউচীয়ে ।
৩) চিপাহী বিদ্ৰোহৰ বিদ্ৰোহীসকলে কাক মোগল সম্ৰাট পাতি ব্ৰিটিছৰ শাসন চিৰদিনলৈ ভাৰতবৰ্ষত অৱসান ঘটাব বিচাৰিছিল ।
উত্তৰ  : চিপাহী বিদ্ৰোহৰ বিদ্ৰোহীসকলে দ্বিতীয় বাহাদুৰ শ্বাহক মোগল সম্ৰাট পাতি ব্ৰিটিছৰ শাসন চিৰদিনলৈ ভাৰতবৰ্ষত অৱসান ঘটাব বিচাৰিছিল ।
৪) ১৮৫৭-১৮৫৮ চনৰ বিদ্ৰোহৰ সময়ত অসমত থকা ইংৰাজ সৈন্যৰ ৰেজিমেণ্ট দুটাৰ নাম লিখা ।
উত্তৰ:  ১৮৫৭-১৮৫৮ চনৰ বিদ্ৰোহৰ সময়ত অসমত থকা ইংৰাজ সৈন্যৰ ৰেজিমেণ্ট দুটাৰ নাম হ’ল ---- ডিব্ৰুগড়ৰৰ প্ৰথম আসাম লাইট ইনফেণ্ট্ৰী আৰু গুৱাহাটীৰ দ্বিতীয় আসাম লাইট ইনফেণ্ট্ৰী  ।
মণিৰাম দেৱানৰ বিদ্ৰোহ  : 
১) মণিৰাম দেৱানৰ সম্পূৰ্ণ নাম কি আছিল  ? উত্তৰ  : মণিৰাম বৰভাণ্ডাৰ বৰুৱা ।
২) অসমত ১৮৫৭-১৮৫৮ চনৰ বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল  ? উত্তৰ: মণিৰাম দেৱানে ।
৩) মণিৰাম দেৱানক কোন বাঙালী মুক্তিয়াৰে সহায় কৰিছিল ? উত্তৰ  :  মধুমল্লি 
৪) ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে কোন আহোম ৰাজকোঁৱৰক পুনৰাই আহোম সিংহাসনত বহুৱাবহুৱা খুজিছিল  ? 
উত্তৰ  :   ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ বিদ্ৰোহীসকলে আহোম ৰাজকোঁৱৰ কন্দৰ্পেশ্বৰ সিংহক পুনৰাই আহোম সিংহাসনত বহুৱাবহুৱা খুজিছিল  ।
৫) মণিৰাম দেৱানৰ লগত আৰু কোন ফাঁচীকাঠত ওলমিব লগা হৈছিল  ? উত্তৰ  : পিয়লি বৰুৱা ।
৬) কোনে মণিৰাম দেৱানৰ বিচাৰ কৰিছিল  ? উত্তৰ:   কেপ্তইন হলৰইডে ।
৭) কলিকতাত মনিৰাম দেৱানক গ্ৰেপ্তাৰ কৰি ক’ত কোনখন জেলত ৰাখিছিল  ? উত্তৰ  : আলিপুৰ জেলত ।
৮) মণিৰাম দেৱানক ক’ত কেতিয়া ফাঁচী দিয়া হৈছিল ? উত্তৰ: মনিৰাম দেৱানক যোৰহাট জেলত ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত ফাঁচী দিয়া হয় ।
৯) অসমত ১৮৫৭-১৮৫৮ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পৰ্কে আলোচনা  কৰা ।
উত্তৰ: অসমত ১৮৫৭-১৮৫৮ চনৰ বিদ্ৰোহৰ নেতৃত্ব মণিৰাম দেৱানে দিছিল । তেওঁ কন্দৰ্পেশ্বৰ সিংহক ৰাজসিংহাসনত বহুৱাবলৈ আপ্ৰাণ চেষ্টা কৰিছিল ।তেওঁ অসমৰ ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যৰ সহযোগত বিদ্ৰোহ কৰি ব্ৰিটিছ শাসন ওফৰোৱাৰ সপোন দেখিছিল ।সেয়েহে কলিকতাৰ পৰা কিছু গোপণ পত্ৰ যোৰহাটত থকা কন্দৰ্পেশ্বৰ সিংহ আৰু অন্যান্য বিশ্বাসী লোকলৈ প্ৰেৰণ কৰিছিল । দূৰ্গা পূজাৰ সময়ত মনিৰাম দেৱানে অস্ত্ৰ-শস্ত্ৰৰ সৈতে উজনি অসমলৈ আহি বিদ্ৰোহত যোগ দিয়াৰ পৰিকল্পনা কৰিছিল ।কিন্তু দুৰ্ভাগ্যক্ৰমে কেপ্টেইন হলৰইডৰ হাতত ধৰা পৰিল । অৱশেষত মণিৰাম দেৱানক ১৮৫৮চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখে ৰাজদ্ৰোহীৰ অপৰাধত যোৰহাট কাৰাগাৰত ফাঁচী দি হত্যা কৰিছিল ।
১০)  মণিৰাম দেৱানৰ পিতৃ নাম  কি আছিল  ? উত্তৰ : মণিৰাম দেৱানৰ পিতৃ নাম আছিল 
১১) মনিৰাম দেৱানে অসমৰ পৰা ব্ৰিটিছ খেদি কাক ৰজা পাতিব বিচাৰিছিল  ? 


৩.১.০১ : অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ ।
১) অসমত ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ লিখা  ।                                                         
উত্তৰ : অসমত ১৮৫৭-১৮৫৮ চনৰ বিদ্ৰোহ বিফল হোৱাৰ কাৰণবোৰ  হ’ল ------
ক) অসমৰ বিদ্ৰোহীৰ সংখ্যাৰ লগতে বিদ্ৰোহৰ অঞ্চল সীমিত আছিল ।             খ) অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজন অনুসৰি অস্ত্ৰ-শস্ত্ৰ পোৱা নাছিল ।
গ) অসমৰ বিদ্ৰোহীৰ নেতাসকলৰ সময়ৰ জ্ঞান নাছিল ।                       ঘ) সমাজৰ সকলো শ্ৰেণীৰ লোকে বিদ্ৰোহক সমৰ্থন কৰা নাছিল ।
ঙ) অসমৰ বিদ্ৰোহীসকলে নিজৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল ।   চ)মনিৰাম দেৱানে বিদ্ৰোহীসকলক দূৰৰ পৰা ভালদৰে পৰিচালনা কৰিব পৰা নাছিল ।
৩ ২ ০২ : ফুলগুৰি  ধাবা :
১) ইতিহাসত ফুলগুৰি ধাৱাৰ  বিষয়ে লিখা  ।
উত্তৰ: ফুলগুৰি ধেৱা হৈছে ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত অসমৰ কৃষক ৰাইজে  1861 চনৰ 18 অক্টোবৰত  কৰা প্ৰথম  বিদ্ৰোহ ।
    ফুলগুৰি ধেৱাৰ প্ৰধান কাৰণসমূহ  আছিল  --ক)  আফুখেতি বন্ধৰ নিৰ্দেশ বাতিল কৰা      খ) তামোল-পাণৰ ওপৰত কৰ  লগাবলৈ লোৱা  সিদ্ধান্তক  প্ৰত্যাহাৰ কৰা   গ) নগাঁৱৰ উপায়ুক্ত লেফটেনেণ্ট হাৰ্বাৰ্ট স্কন্সে  ৰাইজক কৰা অপমানৰ প্ৰতিবাদ  কৰা ।
       1961 চনৰ 18 অক্টোবৰত নগাঁৱৰ ফুলগুৰিত সমবেত হোৱা প্ৰায় চাৰি হাজাৰ ৰাইজৰ ওচৰত নগাঁৱৰ সহকাৰী উপায়ুক্ত লেফটেনেণ্ট ছিংগাৰ উপস্থিত হৈ সভাৰ উদ্দেশ্য জনা পাছত ৰাইজৰ প্ৰতি সহাৰি জনোৱাৰ বিপৰিতে ৰাইজক সেই স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল ।তেওঁ লগত যোৱা পুলিচ বাহিনীক ৰাইজৰ হাতৰপৰা লাঠিবোৰ কাঢ়ি আনিবলৈ নিৰ্দেশ দিয়াত দুয়ো পক্ষৰ মাজত টনা-আজোৰাৰ পৰিৱেশ সৃষ্টি হয় । ছিংগাৰ মূৰত বাবু কৈৱৰ্ত নামৰ এজন কৃষকে লাঠিৰে আঘাত কৰি মাটিত বগৰাই দিছিল আৰু অন্য কৃষকসকলেও তেওঁক আক্ৰমণ কৰা বাবে তেওঁৰ থিতাতে মৃত্যু হোৱাত মৃত দেহটো কলং নৈত পেলাই দিছিল । এই ঘটনাটোকে ফুলগুৰি ধেৱা বা দলি-ফৰমুতিৰ ৰণ বুলি জনা যায়  ।   
৩) ফুলগুৰি ধেৱাৰ গুৰুত্বসমূহ লিখা  । 
উত্তৰ: ফুলগুৰি ধেৱাৰ গুৰুত্বসমূহ হ’ল ---  ১) এই বিদ্ৰোহে ব্ৰিটিছ চৰকাৰক তামোল-পাণ খেতিৰ ওপৰত কৰ বহুৱা নীতিক ব্যৰ্থ কৰিছিল ।
২) এই বিদ্ৰোহক তিৱা জনজাতি আৰু মাছমৰিয়া সম্প্ৰদায়ৰ যোগদানে গণভিত্তি প্ৰদান কৰিছিল । ৩) এই বিদ্ৰোহে সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছিল ।
৪) এই বিদ্ৰোহে অসমৰ অন্যান্য অঞ্চলৰ কৃষকসকলকো তেওঁলোকৰ দুৰ্দশাৰ কথা সাংগঠনিকভাৱে ভাবিবলৈ অনুপ্ৰেৰণা যোগাইছিল ।
৪ ) ফুলগুৰি ধেৱা কেতিয়া ক’ত সংঘটিত হৈছিল  ?
৩.৩.০১ :  ৰঙিয়া কৃষক বিদ্ৰোহ  : 
১) ৰঙিয়া বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল  ? উত্তৰ  : ৰঙিয়া কৃষক বিদ্ৰোহ ১৮৯৩ চনৰ  ২৪ ডিচেম্বৰ তাৰিখে সংঘটিত হৈছিল  ।
২) ৰঙিয়া কৃষক বিদ্ৰোহৰ বিষয়ে চমুকৈ লিখা  ।
উত্তৰ:  ৰঙিয়া কৃষক বিদ্ৰোহ ১৮৯৩ চনৰ  ২৪ ডিচেম্বৰ তাৰিখে ৰঙিয়া বজাৰ লুট-পাতেৰে আৰম্ভ হৈছিল । এই বিদ্ৰোহৰ মূল উদ্দেশ্য আছিল—বৰ্ধিত হাৰত খাজনা সংগ্ৰহ কৰা ব্যৱস্থা বিৰোধ কৰা ।
  ১৮৯৩ চনৰ ৩০ ডিচেম্বৰ তাৰিখে ৰঙিয়া আৰু ওচৰ-পাজৰৰ কেইবাশ কৃষকে ৰঙিয়া আৰু তামুলপুৰৰ তহচিলদাৰ ৰাধানাথ বৰুৱাক কেইবাবাৰো লঘু-লাঞ্ছনা কৰাৰ উপৰি ৰঙিয়া হাটৰ ঘৰ-দুৱাৰ বিধ্বস্ত কৰি লণ্ডভণ্ড কৰাৰ লগতে মাৰোৱাৰী সুদখোৰ মহাজনৰ হাতত থকা মাটি বন্ধকীৰ নথি-পত্ৰ লুট কৰিছিল ।চৰকাৰে সশস্ত্ৰ সেনা মোতায়েম কৰাত ৩০ ডিচেম্বৰত পৰিস্থিতি নিয়ন্ত্ৰিত হয় । ১৮৯৪ চনৰ ৮ জানুৱাৰী তাৰিখে কৃষকসকলে তেওঁলোকৰ দুখ-দুৰ্দশাৰ বিষয়ে উপায়ুক্তক কিদৰে  অৱগত
কৰিব সেই বিষয়ে আলোচনা কৰিবলৈ অনুষ্ঠিত কৰা এখন ৰাইজ মেলৰ পৰা পুলিচে ১৫ জন কৃষকক আটক কৰিছিল । কৃষকসকলে সহকৰ্মীসকলক মোকলাই দিবলৈ দাবী কৰি জোৰ কৰি উপায়ুক্ত কাৰ্যালয়লৈ প্ৰৱেশৰ চেষ্টা চলোৱাত উপায়ুক্ত মেক কেবে আৰক্ষীক গুলীচালনা কৰিবলৈ নিৰ্দেশ দিয়ে ।
ফলত কৃষকসকল প্ৰস্থান হ’বলৈ বাধ্য হৈছিল ।
৪) ৰঙিয়া কৃষক বিদ্ৰোহৰ বিষয়ৰ মূল উদ্দেশ্য কি আছিল  ? উত্তৰ  : ৰঙিয়া কৃষক বিদ্ৰোহৰ মূল উদ্দেশ্য আছিল---হাৰত খাজনা সংগ্ৰহ কৰা ব্যৱস্থা বিৰোধ কৰা ।
৩.৩. ০২ : লচিমাৰ কৃষক বিদ্ৰোহ  : 
১) লচিমা ক’ত অৱস্থিত  ? উত্তৰ  : লচিমা বৰপেটা জিলাৰ সৰুক্ষেত্ৰী  মৌজাত অৱস্থিত  ।
২) লচিমাৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল  ? উত্তৰ  : লচিমাৰ কৃষক বিদ্ৰোহ  ১৮৯৪  চনৰ ২১ জানুৱাৰীত  সংঘটিত হৈছিল ।
৩) লচিমা বিদ্ৰোহৰ বিষয়ে চমুকৈ লিখা  । 
উত্তৰ  : লচিমা বিদ্ৰোহ ১৮৯৪ চনৰ ২১ জানুৱাৰীত সৰুক্ষেত্ৰী মৌজাৰ লচিমাৰ ওচৰৰ কাল্পা গাঁৱত সংঘটিত হৈছিল । 
      ১৮৯৪ চনৰ ২১ জানুৱাৰী তাৰিখে খাজনা সংগ্ৰহৰ বাবে যোৱা মৌজাদাৰ দাসোৰাম চৌধুৰী আৰু মণ্ডল হলিৰাম মিশ্ৰক সৰুক্ষেত্ৰী মৌজাৰ লচিমাৰ ওচৰৰ কাল্পা গাঁৱত ৰাইজে মৰপিট কৰা ঘটনাৰে লচিমা বিদ্ৰোহ সংঘটিত হৈছিল । ঘটনা স্থলিত উপস্থিত হৈ বৰপেটাৰ মহকুমাধিপতি মাধৱ চন্দ্ৰ বৰদলৈয়ে ৭৫ জন লোকক আটক কৰি তেওঁৰ লচিমাৰ জিৰণি শিবিৰলৈ লৈ যায় । প্ৰায় ৩০০০ লোকে শিবিৰৰ চাৰিওফালে ঘেৰাও কৰি জ্বলাই দিয়াৰ ভাবুকি দিয়াত তেওঁ আটক কৰা বন্দীসকলক মুক্তি কৰি দিছিল । পিছদিনা উপায়ুক্ত মেক মেক কেবে ৩০ জন পুলিচ আৰু গোৰ্খা ৰেজিমেণ্টৰ লোকক লগত লৈ তাত উপস্থিত হৈ মুঠতে ৫৯ জন বিদ্ৰোহী কৃষকক গ্ৰেপ্তাৰ কৰিছিল । তেওঁলোকৰ মুক্তি বিচাৰি ৬০০০ লোকে স্বাক্ষৰ কৰি এখন আবেদন উপায়ুক্তৰ শিবিৰলৈ গৈ দাখিল কৰিছিল ।কিন্তু উপায়ুক্ত মেক কেবে কোনো সঁহাৰি নজনায় আৰু আৰু শক্তি প্ৰয়োগ কৰি খেদি পঠিয়াইছিল । এই বিদ্ৰোহৰ অপৰাধত ১৬ জনক শাস্তি বিহা হৈছিল । এই বিদ্ৰোহত নেতৃত্ব দিয়া আৰু  অংশগ্ৰহণ কৰাৰ অপৰাধত পুষ্পৰাম কলিতা,  দেৱী দত্ত শৰ্মা, জয়ন্তী বেজ, নিভাৰ্ষা কলিতা,  নাউচাকু কলিতা আৰু মংগলু কলিতাই দুবছৰলৈ সশস্ত্ৰ কাৰাদণ্ড ভোগ কৰিব লগা হৈছিল ।
৪) লচিমা বিদ্ৰোহত মৃত্যু হোৱা  মৌজাদাৰ জনৰ নাম কি আছিল  ? 
উত্তৰ  : লচিমা বিদ্ৰোহত মৃত্যু হোৱা  মৌজাদাৰ জনৰ নাম আছিল মণ্ডল হলিৰাম মিশ্ৰ ।
৩.৩.০৩ : পথৰুঘাটৰ কৃষক বিদ্ৰোহ  : 
১) পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল  ?  উত্তৰ  :  ১৮৯৪ চনৰ ২৮  জানুৱাৰী  তাৰিখে ।
২) পথৰুঘাটৰ কৃষক বিদ্ৰোহত চৰকাৰী হিচাপ অনুসৰি কিমান জন লোক আহত আৰু  নিহত হৈছিল  ? 
৩) পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ সময়ত দৰং জিলাৰ জিলাধিপতি কোন আছিল  ?
৪) পথৰুঘাটৰ কৃষক বিদ্ৰোহত বেচৰকাৰী হিচাপ অনুসৰি কিমান জন লোক আহত আৰু  নিহত হৈছিল  ?
 
৫) ১৮৯৪ চনত পথৰুঘাটত সংঘটিত হোৱা কৃষক বিদ্ৰোহৰ এটি খতিয়ান দাঙি ধৰা ।
 উত্তৰ: পথৰুঘাটৰ ধেৱা ব্ৰিটিছৰ  বিৰুদ্ধে অসমৰ কৃষকসকলে কৰা অন্তিম বিদ্ৰোহ  আছিল ।১৮৯৪ চনৰ ২৮ জানুৱাৰী তাৰিখে  অসমৰ দৰং জিলাৰ মংগলদৈ চহৰৰ পৰা  প্ৰায় ১৬ কি:মি: পশ্চিমত অৱস্হিত পথৰুঘাট নামে ঠাইত স্হানীয় কৃষকসকলে বৰ্ধিত হাৰত ভূমিৰ খাজনা বৃদ্ধি তথা খাজনা নিদিয়া  কৃষকৰ সম্পত্তি বাজেয়াপ্ত কৰা কাৰ্যত প্ৰতিবাদ কৰোঁতে ব্ৰিটিছ আৰু কৃষকসকলৰ মাজত সংঘটিত হোৱা বিদ্ৰোহকে পথৰুঘাটৰ ধেৱা বুলি কোৱা হয়।
    ১৮৯৪ চনৰ ২৮ জানুৱাৰী  তাৰিখে সম্পত্তি ক্ৰোক্ কৰিবলৈ  যোৱা  পুলিচ অধীক্ষক  বেৰিংটনক 200 জন ক্ষুব্ধ কৃষকে আগুৰি ধৰিছিল ।বেৰিংটনে কোনোমতে উত্তেজিত কৃষকসকলৰ মাজৰ পৰা সাৰি আহি  জিৰণি  শিবিৰত থকা জিলাধিপতি এণ্ডাৰচনক ঘটনাৰ সবিশেষ জনোৱা কেইঘণ্টামানৰ পাছতে প্ৰায় ২০০০উত্তেজিত কৃষক আহি জিৰণি শিবিৰত  উপস্থিত হৈছিল ।
         কৃষকসকলে বিভিন্ন ধ্বনি দি ব্ৰিটিছৰ আগত প্ৰতিবাদ আৰম্ভ কৰি খাজনা কমাবলৈ দবী উত্থাপন কৰিছিল ।কিন্তু  উপয়ুক্ত  এণ্ডাৰছনে কৃষকসকলৰ দাবীক স্বীকাৰ কৰাৰ বিপৰীতে তেওঁলোকক তাৰ পৰা ঘৰাঘৰি যাবলৈ নিৰ্দেশ দিছিল ।আনহাতে কৃষকসকলে নিজৰ স্থিতি অটল ৰাখি প্ৰতিবাদ কৰি থকাত এণ্ডাৰছনে বেৰিংটনক শক্তি প্ৰয়োগ কৰি আঁতৰাই পঠিয়াবলৈ দিয়া নিৰ্দেশানুযায়ী বেৰিংটনে শক্তি প্ৰয়োগ কৰি আঁতৰাই পঠিয়াবলৈ প্ৰয়াস কৰোঁতে কৃষকসকল উত্তেজিত হৈ দলি-চপৰা, লাঠি-ফৰ্মুতি মাৰি প্ৰত্যুত্তৰ দিছিল ।দলি-চপৰাৰ খুন্দাত পুলিচ-মিলিটাৰি, প্ৰশাসনিক বিষয়া কোনেও চকু মেলিব পৰা নাছিল ।ক্ৰমশঃ পৰিস্হিতি উত্তেজনাপূৰ্ণ  হৈ পৰাত জিলাধিপতি এণ্ডাৰছনে  বেৰিংটনক  দিয়া  নিৰ্দেশানুযায়ী চৰকাৰী বাহিনীয়ে বেৰিংটনৰ আৰ্দেশমৰ্মে কৃষকসকলৰ ওপৰত গুলি চালনা কৰিছিল ।ইয়াৰ পৰিণতিস্বৰূপে বেচৰকাৰী হিচাপ অনুযায়ী থিতাতে ১৪০ জন কৃষকৰ মৃত্যু আৰু ১৫০ জন কৃষক আহত হৈছিল ।আনহাতে, চৰকাৰী হিচাপ অনুসাৰে ১৫ জনৰ মৃত্যু আৰু ৩৭জন আহত হৈছিল ।সেইবাবে পথৰুঘাটক অসমৰ জালিয়ানৱালাবাগ বুলি  আখ্যা দিয়া  হয়। পথৰুঘাটৰ সংঘটিত  হোৱা এই ঘটনাকে পথৰুঘাটৰ ধেৱা বা দলিৰণ বুলি কোৱা হয় ।
৬) ১৮৫০ চনত বৃটিছ বিৰুদ্ধে জয়ন্তীয়াসকলে কৰা বিদ্ৰোহৰ বিষয়ে এটি টোকা লিখা । 2017 ,2020 
উত্তৰ  : ১৮৫০ চনত বৃটিছ বিৰুদ্ধে জয়ন্তীয়াসকলে নিম্নোক্ত কাৰণসমূহৰ বাবে বিদ্ৰোহ ঘোষণা কৰিছিল---- 
i)ব্ৰিটিছে প্ৰৱৰ্তন কৰা কৰ আৰু আয়কৰ  ।    ii) প্ৰতিৰোধী সংগ্ৰাম কঠোৰ হাতেৰে দমন কৰা।
iii) জয়ন্তীয়াসকলৰ মাজত ধৰ্মীয় আৰু পৰম্পৰাগতভাৱে চলি অহা অনুষ্ঠান পৰ্ব তথা সামাজিক জীৱনৰ ওপৰত কৰা হস্তক্ষেপ ।
iv) ব্ৰিটিছ প্ৰশাসনে জনজাতিসকলে মুকলিকৈ সামুহিকভাৱে মাছ ধৰা আৰু খৰি-খেৰ সংগ্ৰহ কৰা অঞ্চলসমূহ ওপৰত কৰা নিষেধাজ্ঞা ।
v) ব্ৰিটিছ চৰকাৰে প্ৰৱৰ্তন কৰা গৃহকৰ ।
       ওপৰত উল্লেখ কৰা পৰিস্থিতিত জয়ন্তীয়াসকলে অসন্তুষ্ট হৈ ১৮৬১ চনত উকিয়াং নবাহৰ নেতৃত্বত জোৱাৰ তহচিলদাৰ জনক আঁতৰাই ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল ।জোৱাইৰ বিদ্ৰোহৰ পাছতে জয়ন্তীপুৰুষ, মূলাগোল, জাফলং, ছেৰা আদি অঞ্চলতো বিদ্ৰোহ সূচনা হৈছিল ।
       জয়ন্তীয়াসকলে ১৮৬২ চনৰ ১৭ জানুৱাৰী তাৰিখে জোৱাইত থকা ব্ৰিটিছ চাউনীত অতৰ্কিতে আক্ৰমণ কৰিছিল ।বিদ্ৰোহীসকলে আক্ৰান্ত ব্ৰিটিছ চাউনীত অহা জোৱাই-চেৰাপুঞ্জী আৰু চেৰাপুঞ্জী-জয়ন্তীপুৰৰ মাজৰ দুয়োটা পথে আগতে অৱৰোধ কৰি আহিছিল ।জয়ন্তীয়াসকলৰ ওপৰত ব্ৰিটিছ চৰকাৰে নিয়োগ কৰা ৪৪ নং দেশীয় পদাতিক আৰু ৩৩ নং বেংগল মিলিটাৰী পুলিচ বাহিনীলোকে অমানুষিক অত্যাচাৰ আৰম্ভ কৰিছিল ।তেওঁলোকে জয়ন্তীয়াসকলৰ  গাঁও, ঘৰ-বাৰী, শস্য আৰু ভঁৰালসমূহ বিধ্বস্ত কৰিছিল যদিও বিদ্ৰোহীসকলেও প্ৰতি পক্ষৰ অসংখ্য লোকক হত্যা কৰিছিল ।
      ব্ৰিটিছ চৰকাৰে উকিয়াং নবাহক ধৰিব পাৰিলে ১০০০০টকা পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰিছিল । অৱশেষত তেওঁক ধৰি জোৱাইত ফাঁচীকাঠত ওলমাইছিল । এনেদৰে জয়ন্তীয়াসকলে উকিয়াং নবাহৰ নেতৃত্বত গঢ়ি উঠা বিদ্ৰোহ ১৮৬৩ চনত পৰিসমাপ্তি ঘটিছিল ।
৭) ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল  ? উত্তৰ  : উকিয়াং নবাই ।
৮) ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল  ? উত্তৰ  : শম্ভুধন কছাৰীয়ে ।
৯) টিকেন্দ্ৰজিতক কোনে মৃত্যু দণ্ডৰে দণ্ডিত কৰিছিল  ? উত্তৰ  : ব্ৰিটিছ চৰকাৰে ।
১০) জে ডব্লিউ কুইণ্টনক কোন চনত হত্যা কৰা হৈছিল  ? উত্তৰ  : ১৮৯০ চনত  ।

No comments:

Post a Comment

Post Top Ad

Your Ad Spot