নগৰীয়া সমাজৰ বৈশিষ্ট্য - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Saturday, December 2, 2023

নগৰীয়া সমাজৰ বৈশিষ্ট্য


নগৰীয়া সমাজ : নগৰাঞ্চলক কেন্দ্ৰ কৰি গঢ়ি উঠা সমাজকে নগৰীয়া সমাজ বুলি কোৱা হয় ।বিভিন্ন ব্যৱসায়-বাণিজ্য আৰু কৰ্মৰ সূত্ৰে বসবাস কৰা ভিন্ন সম্প্ৰদায়ৰ মাজত গ্ৰাম্য সমাজৰ সহজ আৰু সৰল জীৱন যাত্ৰাৰ বিপৰীতে নগৰাঞ্চলত গঢ় লৈ উঠা সংস্কৃতিয়েই হৈছে নগৰীয়া সমাজ । নগৰীয়া সমাজত মানুহৰ জীৱন প্ৰণালী সৰলতাৰ  পৰা ক্ৰমে জটিলতালৈ ৰূপান্তৰিত হয়। উদ্যোগীকৰণে সৃষ্টি কৰা নগৰীকৰণত বিভিন্ন জাতি, জনগোষ্ঠী, ধৰ্মীয় সম্প্ৰদায়ৰ লোকে একেলগে কাম কৰি জীৱিকা নিৰ্বাহ কৰাৰ ফলত নগৰীয়া সমাজত বিসম জাতীয়তা পৰিলক্ষিত হয়। এনেকুৱা পৰিৱেশৰ মানুহৰ সমাজ নগৰীয়া সমাজ বুলি অভিহিত কৰা হয়।

নগৰীয়া সমাজৰ সংজ্ঞা : ৰাম আহুজা (Ram Ahuja)ৰ মতে,’মানুহ গাঁৱৰ পৰা নগৰ অঞ্চললৈ প্রব্রজন হোৱা প্রক্রিয়াই নগৰীকৰণ’। জেমন্ত্ এ. কুইনৰ মতে, ‘একেটা অঞ্চলত বসবাস কৰা মানুহবিলাকৰ মাজত যেতিয়া বিশেষীকৰণ ব্যবস্থা থাকিব আৰু যাৰ বৃত্তি অকৃষিগত হ'ব সিয়েই নগৰীয়া সমাজ।‘             এণ্ডাৰচনৰ মতে, ‘গাঁৱৰ পৰা প্ৰব্ৰজন কৰা মানুহবিলাকৰ যেতিয়া আচাৰ-ব্যৱহাৰ, মূল্যবোধ, দৃষ্টিভংগী আদিৰ পৰিৱর্তন হয় তেতিয়াই তাক নাগৰীকৰণ বুলি ক'ব পাৰি।‘

 নগৰীকৰণ : পুৰণি মূল্যবোধ এৰি নতুন মূল্যবোধেৰে পৰিচালিত হৈ ক্ৰমে গাঁৱৰ পৰা নগৰমুখী হোৱাৰ যি অহৰহ প্ৰক্ৰিয়া চলিছে, তাকেই নগৰীকৰণ বুলি কোৱা হয় ।গাঁৱৰ পৰাই নগৰৰ সৃষ্টি হৈছে ।গাঁৱৰ সৈতে প্ৰথমে কোনো এটা অঞ্চল বেপাৰ-বাণিজ্য বা উদ্যোগ বা প্ৰশাসনৰ কেন্দ্ৰ হৈ গঢ়ি উঠে ।এনে কেন্দ্ৰৰ পৰাই ক্ৰমাৎ সৰু নগৰৰ পৰা ডাঙৰ নগৰলৈ ৰূপান্তৰিত হয়। আধুনিক প্ৰযুক্তিৰ কৌশলে উদ্ভাৱন কৰা যন্ত্ৰপাতিৰ সহায়ত কোনো এক গ্ৰামাঞ্চলৰ গঢ়ি উঠা কল কাৰখানাই সেই অঞ্চলৰ লোকসকলৰ জীৱন-নিৰ্বাহ প্ৰণালীক আদিম স্তৰৰ পৰা আঁতৰাই আনি এক নতুন প্ৰণালীক আদৰি লোৱাত সহায় কৰে। তদুপৰি সেই অঞ্চলত ব্যৱসায়-বাণিজ্য তথা অকৃষি কাৰ্যৰ দ্বাৰা লোকসকলে জীৱন-নিৰ্বাহৰ মাধ্যম এটা গঢ় দি বসবাস কৰে।ক্ৰমান্বয়ে এনে অঞ্চলটোৰ জনসংখ্যা বৃদ্ধি ঘটাৰ লগে লগে অঞ্চলটোত অ-কৃষি কাৰ্যৰ লগত জড়িত লোকৰ জনসংখ্যা বৃদ্ধি ঘটে।ইয়াৰ লগতে যাতায়তৰ ব্যৱস্থা, শিক্ষা ব্যৱস্থা আদিও উন্নত হয় ।ফলস্বৰূপে, অঞ্চলটো নগৰলৈ ৰূপান্তৰিত হয়।

নগৰীয়া সমাজ সৃষ্টিৰ কাৰক
(ক)উদ্যোগীকৰণ:নগৰীয়া সমাজৰ এটা প্রধান উপাদান হৈছে উদ্যোগীকৰণ। উদ্যোগক কেন্দ্র কৰিয়েই নগৰ সৃষ্টি হোৱা দেখা যায়। উদ্যোগীক অঞ্চলত উদ্যোগত উৎপাদিত বস্তু বিক্ৰী কৰিবৰ বাবে বজাৰ গঢ় লৈ উঠে। বজাৰত বস্তু বেছা কিনা কৰিবৰ বাবে বহু মানুহৰ সমাগম হয়।তদুপৰি উদ্যোগত কাম কৰিবলৈও বহু মানুহ বিভিন্ন ঠাইৰ পৰা প্ৰব্ৰজন হয়। ফলত জনসংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি হয় আৰু এই অৱস্থাই নগৰ সৃষ্টিত অৰিহণা যোগায়।
(খ)ব্যবসায়-বাণিজ্যৰ কেন্দ্রস্থল: ব্যৱসায় বাণিজ্যৰ বাবে সুবিধাজনক অঞ্চলত ব্যৱসায় বাণিজ্যক কেন্দ্র কৰি নগৰ বা নগৰীয়া সমাজ গঢ় লোৱা দেখা যায়। উদাহৰণস্বৰূপে কলিকতা আৰু মুম্বাই ।
গ) পর্যটন স্থল: যি অঞ্চলত পর্যটনৰ সুবিধা আছে সেই অঞ্চললৈ বহু দেশী-বিদেশী পর্যটক সঘনাই আহি জনসমাগম বৃদ্ধি কৰে। পর্যটকসকলক আকর্ষণ কৰিবলৈ বা তেওঁলোকক বিভিন্ন সা-সুবিধা প্রদান কৰিবলৈ বহুতো দোকান বজাৰ হোটেল আদি গঢ় লৈ উঠে। ইয়াৰ জৰিয়তেও নগৰ সৃষ্টিত অৰিহণা যোগাব পাৰে। (ঘ) যাতায়াত আৰু যোগাযোগ ব্যবস্থাৰ উন্নতি: যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিয়ে নগৰ সৃষ্টিত অৰিহণা যোগাব পাৰে। যি ঠাইত যাতায়াত আৰু যোগাযোগ ব্যবস্থা উন্নত সেই ঠাইত বেপাৰ বাণিজ্য গঢ় লৈ উঠে আৰু সেই যাতায়াত স্থানত বস্তু বেচা-কিনাৰ বাবে ক্রেতা- বিক্রেতাৰ জন সমাগম ঘটে। গতিকে ইয়াৰ ফলতো নগৰ সৃষ্টি হ'ব পাৰে।                      
   (ঙ) প্রশাসনিক কেন্দ্রস্থল: শাসনৰ সুবিধাৰ বাবে কিছু কিছু অঞ্চলত প্রশাসনিক গোট স্থাপন কৰা হয়। প্রশাসনিক পৰিচালনাৰ বাবে বিভিন্ন চৰকাৰী কার্যালয় সেই স্থানত গঢ় লৈ উঠে। সেই কার্যালয়বিলাকত বহু কর্মচাৰী নিয়োগ কৰা হয়। জনসাধাৰণেও ব্যক্তিগত চৰকাৰী কামকাজৰ বাবে সেই স্থানলৈ অহা যোৱা কৰিব লগা হয়। ফলত মানুহৰ জনসমাগম বৃদ্ধি পোৱাৰ উপৰিও যাতায়াত ব্যৱস্থাও খৰতকীয়া গতিত বৃদ্ধি পায়। ইয়াৰ জৰিয়তেও নগৰ সৃষ্টিৰ সম্ভাৱনা থাকে।   
(চ) ধর্মীয় মঠ-মন্দিৰ: যি অঞ্চলত ধর্মীয় মঠ-মন্দিৰ থাকে সেই অঞ্চললৈ ধর্মীয় উপাসনাৰ বাবে বহু মানুহৰ সমাগম হয়। জনসমাগমলৈ লক্ষ্য বাবি বহুতো দোকান বজাৰ, যাতায়াত আদি সেই অঞ্চলত গঢ় লোৱা দেখা যায়। দোকান বজাৰ বা অন্যান্য বাৱসায় বাণিজ্যৰ বাবেও বহু ঠাইত বহু লোকৰ সমাগম ঘটে। ইয়াৰ জৰিয়তেও নগৰ সৃষ্টিৰ সম্ভাবনা থাকে। 
(ছ) ভৌগোলিক অবস্থা: ভৌগোলিক অৱস্থাইও নগৰ সৃষ্টিত অৰিহণা যোগায় ।ভৌগোলিকভাৱে সূচল স্থানতেই নগৰ সৃষ্টি হোৱা দেখা যায়। অৱশ্যে সাম্প্ৰতিক কালত উন্নত প্রযুক্তি কৌশলৰ সহায়ত যাতায়াত ব্যৱস্থা অধিক উন্নত কৰি একালৰ দুর্গম অঞ্চলতো সুন্দৰ সুন্দৰ নগৰ গঢ় লৈ উঠা দেখা গৈছে। ওপৰত আলোচনাৰ কৰা কাৰণসমূহৰ উপৰিও শিক্ষা-দীক্ষাৰ সম্প্ৰসাৰণ, কাৰিকৰী কৌশল বৃদ্ধি, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দক্ষতাসম্পন্ন বিভিন্ন শ্ৰেণীৰ লোকৰ সমাগম, উন্নত অৰ্থনৈতিক অৱস্থা,  বজাৰ ইত্যাদিয়েও নগৰীকৰণ প্ৰক্ৰিয়াৰ বিকাশ সাধনত বিশেষ সাধনত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিছে।


নগৰীয়া সমাজৰ বৈশিষ্ট্য: 
ক) বৃহৎ জনসংখ্যা  : নগৰীয়া সমাজৰ প্ৰধান বৈশিষ্ট্য হৈছে অধিক জনসংখ্যা।নগৰীয়া সমাজত বিভিন্ন উদ্যোগ, কল-কাৰখানা, ব্যৱসায়িক প্ৰতিষ্ঠান ,বেংক ,শিক্ষানুষ্ঠান আৰু বিভিন্ন প্ৰকাৰৰ কাৰ্যালয়সমূহ  গঢ়ি উঠাত ভিবিন্ন সা-সুবিধা লাভ কৰিব পৰা যায় । সেয়ে বিভিন্ন উদ্দেশ্য লৈ গাঁৱৰপৰা নগৰলৈ মানুহৰ প্ৰৱজন ঘটে । ইয়াৰ ফলত নগৰ অঞ্চলত জনবসতি ক্ৰমান্বয়ে বৃদ্ধি পায় । 
খ) বিষমজাতীয়তা: নগৰীয়া সমাজৰ বিষমজাতীয়তা হ’ল অন্য এক বৈশিষ্ট্য । নগৰীয়া সমাজত বিভিন্ন জাতি,  সম্প্ৰদায়, ধৰ্ম, ভাষা-ভাষী আদিৰ লোক একে অঞ্চলত বসবাস কৰে।ফলস্বৰূপে, তেওঁলোকৰ আচাৰ-ব্যৱহাৰ, মাত-কথা,চাল-চলন,ভাষা-ধৰ্ম,শিক্ষা-সংস্কৃতি ইত্যাদিত বিজাতীয়তা পৰিলক্ষিত হয়।তদুপৰি, ব্যৱসায় বা বৃত্তি, জীৱন-নিৰ্বাহৰ মানদণ্ডৰ ক্ষেত্ৰতো বিষমজাতীয়তা দেখা যায় । সেইদৰে, অৰ্থনৈতিক অৱস্থা, শিক্ষা-দীক্ষা, ধৰ্ম-উপাসনা পদ্ধতি, লোক-বিশ্বাস,আচাৰ অনুষ্ঠান ক্ষেত্ৰতো বিষমজাতীয়তা দেখা যায়
 গ) আনুষ্ঠানিক সম্পর্ক: ব্যক্তিৰ মাজত আনুষ্ঠানিক সম্পর্ক নগৰীয়া সমাজৰ অন্য এক বৈশিষ্ট্য। নগৰৰ জনসংখ্যা অধিক আৰু প্রত্যেকেই নিজক লৈ ব্যস্ত হোৱাৰ বাবে ব্যক্তিসকলৰ মাজত স্বাভাৱিক সম্পৰ্কৰ অভাৱ হয়। যিসকলৰ মাজত মিলা-প্রীতি বা চিনা-পৰিচয় থাকে, সেইসকলৰ মাজত আনুষ্ঠানিক উদ্দেশ্য বা সম্পর্ক থকা দেখা যায়। আনুষ্ঠানিকভাৱে সম্পর্ক গঢ়ি উঠাৰ বাবে নগৰীয়া সমাজৰ লোকসকলৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতা, সহৃদয়তা, আন্তৰিকতা ইত্যাদিৰ অভাব হোৱা দেখা যায়।
 ঘ) শ্রমবিভাজন আৰু বিশেষীকৰণ : নগৰীয়া সমাজত শ্রমবিভাজন আৰু বিশেষীকৰণৰ প্রক্রিয়া দ্রুত গতিত আগবাঢ়ে। নগৰত যিহেতু বিভিন্ন উদ্যোগ, কলকাৰখানা, ব্যৱসায়িক প্রতিষ্ঠান গঢ় লৈ উঠে, সেইবিলাকত কাম কৰিবৰ বাবে বিশেষ যোগ্যতা সম্পন্ন মানুহৰ প্রয়োজন। যাৰ যি কামত যোগ্যতা থাকে তেওঁহে সেই কাম কৰিবলৈ সক্ষম। নির্দিষ্ট কামৰ বাবে বিশেষ দক্ষতা সম্পন্ন লোকৰ প্রয়োজন। সেইবাবে ডাঙৰ ডাঙৰ উদ্যোগ, কলকাৰখানা আদিত শ্রমবিভাজনৰ জৰিয়তে উৎপাদন কার্যও আগবঢ়াই নিবলৈ খৰতকীয়া প্রচেষ্টা লয়। এটাতকৈ অধিক কাম একে সময়তে কৰাটো সম্ভৱ নহয়। সেইবাবে প্রয়োজন অনুসাৰে শ্ৰমক বিভিন্ন ৰূপত ভাগ ভাগ কৰা হয়।      
ঙ)  সামাজিক গতিশীলতা : নগৰীয়া সমাজত ব্যক্তিৰ সামাজিক গতিশীলতাৰ যথেষ্ট সুবিধা আছে। ব্যক্তিগত অবস্থা, বৃত্তি আব্ৰু পৰিচয়ৰ দ্বাৰা ব্যক্তিয়ে এটা স্থানৰপৰা আন এটা স্থানলৈ বা এটা শ্রেণীৰপৰা আন এটা শ্রেণীলৈ গতি কৰিব পাৰে। নগৰীয়া সমাজত ব্যত্তিৰ সামাজিক প্ৰস্থিতি জন্ম বা বংশ মৰ্য্যাদাতকৈ প্ৰতিভাৰ ওপৰত ভিত্তি কৰিহে নির্ধাৰণ কৰা হয়।সেয়ে সামাজিক গতিশীলতাৰ সুবিধা যথেষ্ট থাকে। 
 চ) ব্যক্তিত্বৰ বিকাশ: নগৰীয়া সমাজত ব্যক্তিয়ে নিজৰ অন্তর্নিহিত গুণসমূহৰ পূৰ্ণ প্ৰকাশ ঘটোৱাৰ সুবিধা লাভ কৰে। গ্রাম্য-সমাজত ৰক্ষণশীল নীতি-নিয়মৰ মাজত বান্ধ খাই থকাৰ বাবে আৰু প্রয়োজনীয় সা-সুবিধা নথকাত ব্যক্তিয়ে ব্যক্তিত্বৰ পৰিচয় দিবলৈ সুবিধা নাপায়। কিন্তু নগৰীয়া সমাজত এই ক্ষেত্রত অনেক সুবিধা থকা দেখা যায়। স্বাধীনভাৱে চিন্তা কৰিবলৈ থকা সুবিধা আৰু বিভিন্ন স্তৰৰ ব্যক্তিৰ লগত হোৱা সংস্পর্শই বহুতো নজনা কথা জানাতো সহায় কৰে। উন্নত শৈক্ষিক আৰু সাংস্কৃতিক পৰিবেশৰ মাজত বসবাস কৰা ব্যক্তিৰ চিন্তা-চর্চ্চা, দৃষ্টিভংগীও বাহল আৰু দূৰদর্শী হোৱা স্বাভাৱিক ।       
 ছ) পুৰুষ-নাৰী সম প্রস্থিতি: নগৰীয়া সমাজত পুৰুষ-নাৰী দুয়োকে সমমৰ্যাদাৰ  সুবিধা প্ৰদান কৰা হয়। ঘাইকৈ নাৰী-শিক্ষাৰ অগ্রগতিয়ে নগৰীয়া সমাজত নাৰীক পুৰুষৰ দৰেই সম-প্রস্থিতি প্রদান কৰাত সহায় কৰিছে।শিক্ষিতা নাৰীয়ে সামাজিক, আর্থিক,ৰাজনৈতিক আদি সকলো দিশতে অংশ গ্রহণ কৰি পুৰুষৰ দৰেই উচ্চ সামাজিক প্রন্থিতি লাভ কৰি নিজক প্রতিষ্ঠা কৰিবলৈ সক্ষম হোৱা দেখা যায়।     
 জ) ভিন্ন বৃত্তিঃ নগৰীয়া সমাজত উদ্যোগ, কল-কাৰখানা, ব্যৱসায় প্রতিষ্ঠান, কার্যালয় আদিৰ সুবিধা থকা বাবে অর্হতাসম্পন্ন লোকসকলে যি কোনো বৃত্তি গ্রহণ কৰিবলৈ সুবিধা পায়।সেয়ে নগৰীয়া লোকসকলৰ মাজত ভিন্ন বৃত্তি দেখা যায় ।
 ঝ) প্রাথমিক পৰিয়ালৰ প্রাধান্যতা: নগৰীয়া সমাজৰ পৰিয়াল পদ্ধতি সাধাৰণতে প্রাথমিক বা একক হোৱা দেখা যায়। অত্যন্ত বায় সাপেক্ষ জটিল নগৰীয়া পৰিৱেশত যৌথ পৰিয়াল একোটা লৈ বসবাস কৰাটো সম্ভৱ নহয়।সেয়ে নগৰীয়া অঞ্চলত একক পৰিয়ালে প্ৰাধান্যতা লাভ কৰে ।                                       ঞ)জাতি ব্যবস্থাৰ প্রভাব কম : নগৰীয়া সমাজত জাতি ব্যৱস্থাৰ প্রভাৱ একেবাৰে কম হোৱা পৰিলক্ষিত হয়।নগৰীয়া সমাজত জাতি ব্যৱস্থাৰ পৰিৱৰ্তে মানুহৰ প্ৰস্থিতি নিৰ্দ্ধাৰণ হয় গুণ, যোগ্যতা,অৰ্হতা আদিৰ ওপৰত। গতিকে নগৰীকৰণ প্রক্রিয়া দ্রুত গতিত আগবঢ়াৰ লগে লগে পৰম্পৰাগতভাৱে চলি অহা জাতি ব্যৱস্থাৰ প্রভাৱ জনমানসত কমি অহাটো পৰিলক্ষিত হৈছে।          (ট) ব্যক্তিবাদৰ ওপৰত গুৰুত্ব: নগৰীয়া সমাজত ব্যক্তিয়ে সামূহিকতাতকৈ ব্যক্তিবাদৰ ওপৰত অধিক গুৰুত্ব দিয়ে। ব্যক্তিয়ে সাধাৰণতে আনৰ চিন্তা-চর্চাতকৈ নিজক লৈহে অধিক সময় ব্যস্ত থাকে। আনৰ সুখ, দুখ, চিন্তা চর্চা, আৱেগ-অনুভূতি, পঢ়া-শুনা, ৰুচি-অভিৰুচি আদিক বিশেষ প্রাধান্য নিদি ব্যক্তিগত সুখ-দুখ, আৱেগ-অনুভূতি, পঢ়া- শুনা, ৰুচি-অভিৰুচিৰ ওপৰতহে গুৰুত্ব দিয়ে।সেইবাবে ব্যক্তিকেন্দ্রিক মানসিকতা নগৰীয়া সমাজৰ অন্যতম বৈশিষ্ট্য।                
   (ঠ) যাতায়ত আৰু যোগাযোগ ব্যৱস্থাৰ সুবিধা:  নগৰ অঞ্চল উদ্যোগ , বেপাৰ-বাণিজ্য, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান কেন্দ্ৰস্থল হোৱা বাবে  ৰাস্তা-পদুলি উন্নত হয় । কাৰণ উদ্যোগত উৎপাদিত বস্তু অনা-নিয়া কৰিবৰ বাবে উন্নত ৰাস্তা-পদুলি নিৰ্মাণ কৰিব লগা হয়। ফলস্বৰূপে যাতায়তৰ সুবিধা সুচল হৈ পৰে। সেয়ে অনায়াসে এঠাইৰ পৰা আন এঠাইলৈ কম সময়ৰ ভিতৰতে আহ-যাহ কৰিব পাৰি  আৰু সা-সামগ্ৰিক অনা নিয়া কৰিব পাৰি। 



No comments:

Post a Comment

Post Top Ad

Your Ad Spot