কবিৰ চিং খণ্ডিত - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Monday, June 20, 2022

কবিৰ চিং খণ্ডিত

ছাৰৰ জীৱন উজ্জ্বলময় হওঁক । চৌদশে আগুৰি ধৰা সকলো দুষ্কৃটিৰ নজৰ আঁতৰি জীৱনৰ প্ৰতিটো পলেই সোণ বৰণীয়া হৈ জিলিকি থাকক । জীৱন মানেই প্ৰবাল ঢৌৰ  সমষ্টি ।ঢৌ জীৱনলৈ কেতিয়াবা  সৰুকৈ আৰু কেতিয়াবা বিশালকৈ আহে । কিন্তু ঢৌক নেওচিব পাৰিলেই এটি নতুনত্ব জীৱন পোৱা যায় । হয় , জীৱনটো জটিল ।জীৱনলৈ সমাগম ঘটা জটিল ক্ষণবোৰ অনায়াসে সমাধান কৰিব পাৰিলেই জীৱনৰ এক নতুন ৰং দেখা পোৱা যায় আৰু তাত যি আমোদ পোৱা যায় সেই আমোদ কেৱল সেই গৰাকীয়েহে বুজিব যি গৰাকীয়ে লাভ কৰে । 

   ছাৰৰ সানিধ্যলৈ আহি  মই  অনুভৱ কৰিলোঁ  ----ছাৰৰ হৃদয়খন এখন প্ৰকৃত মানৱীয়তা গুণেৰে পৰিপূৰ্ণ এখন নিভাঁজ হৃদয় । সমাজত এনে হৃদয়ৰ গৰাকী থকা খুব কমেই লোক পোৱা যায় ।

     আপোনালোকে ভাবিব---মই  ছাৰৰ প্ৰসংশা কৰিছোঁ । ওহোঁ,  মই ছাৰক প্ৰশংসা কৰা নাই ,,মাথোঁ  ছাৰৰ প্ৰকৃত বৈশিষ্ট্যটোহে কৈছোঁ । আপোনালোকে ক'ব কেনেকৈ  ? জানিবলৈটো আপোনালোকৰো মন যায় , নহয়  জানোঁ  ?  এতিয়া শুনক---যিজনক হাজাৰে অপমান কৰা পাছতো অকণো ক্ৰোধিত  নহৈ  কেৱল মৰমহে বৰষাই,  প্ৰতিশোধ লোৱাৰ পৰিৱৰ্তে  শত্ৰুক আপোন বুলি লৈ হৃদয়ত আসন দিয়ে ,এনে গুণাধিকাৰী আমাৰ কাষত কেইজন আছে ।

    আৰু এটা কথা কোৱাটো খুবেই প্ৰয়োজন বুলি ভাবোঁ---- ছাৰৰ হৃদয়খন বিশুদ্ধ গাখীৰৰ দৰে । ইয়াত অকণো সন্দেহ নাই । ছাৰৰ অন্তৰত কোনো জাতি ভেদ ,উচ্চ- নীচ , মেধা-ভোদা এনেধৰণৰ ভাৱ নাই। ছাৰৰ চাক্ষুত আমি মাথোঁ তেওঁৰ কলিজা অৰ্থাৎ তেওঁৰ সন্তান ।তেখেতে আমাক  লৈ অলেখ সপোন দেখে----  আমাক বেঁকা পথৰ পৰা আঁতৰি আনি সৎ পথলৈ আনিবলৈ যিমান কষ্ট কৰে ,হয়তো কিছু অভিভাৱকেও সন্তানৰ বাবে সিমানখিনি কৰা নাই । 

মোৰ দুখ লাগে কেতিয়াবা ছাৰৰলৈ, চকুপানী নিগৰি আহে ।নিজকেই খং উঠে । ছাৰে নুবুজা সকলৰ লগত কিয় লাগি থাকে, কিয়  নিজৰ বিপদক হাত পাতি লয় । কিন্তু ছাৰে সাৰ নামানে যাৰ লগত লাগে তাক সিধা কৰিহে এৰে। ছাৰ আপোনি সঁচাকৈয়ে মহান । আপুনি চিৰ নমস্য--কাৰণ আপোনাক নানা অপমান, প্ৰৱঞ্চনা কৰাৰ পাছতো গভীৰ জ্ঞানৰ ধৈৰ্য্যৰে যে আগবাঢ়ি যাব পাৰে , সঁচাকৈয়ে আপুনি ধৈৰ্য্যধাৰী মহীয়ান পুৰুষ ।

  মই যিদিনা টিউচন চেণ্টাৰত ভৰি দিছিলোঁ--ছাৰে মোক যি দৰে আদৰি লৈছিল সেয়া মই কেতিয়াও পাহৰিব নোৱাৰোঁ । ছাৰৰ হৃদয়ৰ দুৱাৰখন সকলোৰ বাবে খোলা থাকে ।ইয়াৰ সুযোগ লৈ কিছু লোকে নিজৰ লাভা লাভ পূৰণ কৰে  , কিন্তু ছাৰেও চিনি পাই তেনে লোকক । তথাপিও প্ৰৱেশ কৰিবলৈ দিয়ে । এদিন মই ছাৰক সুধিলোঁ আপুনি জানিও কিয়  আকৌ আপোনাক অনিষ্ট কৰিবলৈ লোৱা লোকক আসন দিছে ।তেতিয়া ছাৰে ক'লে ---তেওঁলোকক মোৰ সহায়ৰ প্ৰয়োজন হৈছে । যেতিয়ালৈকে সহায়ৰ প্ৰয়োজন হ'ব ,অন্ততঃ তেতিয়ালৈকেতো  মই  সহায় কৰাৰ এটা সুযোগ পাম ।সিহঁতৰ আশা মোৰপৰা সহাৰি লোৱা, মোৰ আশা সিহঁতক শুদ্ধ পথ দেখুওৱা । জীৱনটো এনেকুৱাই পোৱা-নোপোৱাৰ এক সমষ্টি । পোৱা-নোপোৱাক লৈ অভিমান কৰি থাকিলে নতুনত্ব কেনেকৈ আহিব ।" ---কথাবোৰ বুজি পোৱা নাছিলোঁ ।কিন্তু এতিয়া লাহে লাহে বুজি পাইছোঁ যে মহান লোকৰ মহান চিন্তাবোৰেই পৃথক ।তেখেতসকলৰ চিন্তাৰ কাঁড়ডালৰ নিৰ্দিষ্ট বিন্দু থাকে, সেইবিন্দুটোৰপৰাই পৰৱৰ্তী সময়ত যে অসংখ্য কাঁড়ে গমন কৰিব সেয়াই  এক সুকীয়া চিন্তা ।সহজ কথাত ক'বলৈ গ'লে এজনক সৎ বনাব পাৰিলেও যে তাৰ পৰা পৰৱৰ্তী  সময়ত বহুতো সজ ব্যক্তি সমাগম ঘটিব এয়াই তেখেতৰ অমূল্য চিন্তা । 

এনে চিন্তাৰে লোৱা পৰিকল্পনাত ছাৰ সফলতাকাৰী । প্ৰতি বছৰেই ছাৰৰ কৃপাত এই অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ বহু সন্তানে ছাৰৰ জ্ঞানৰ জ্যোতিৰে আৰু সহায়েৰে সমাজত নিজকে চিনাকী দিব পাৰিছে । বৰ্তমানেও ছাৰৰ মহৎ পৰিকল্পনাত বহুতো ছাত্ৰ ছাত্ৰীয়ে বিনা শুল্কে  কৰি জ্ঞান আহৰণ কৰি আছে । বহু ছাত্ৰ ছাত্ৰীয়ে কম মাচুলতে জ্ঞান আহৰণৰ সুবিধা লাভ কৰিছে । সেয়াই নহয় , নিকট অঞ্চলৰ কোনো পৰিয়ালত কোনো অনুষ্ঠান আয়োজন হ'লে ছাৰে সামৰ্থ্য অনুসাৰে যি পৰিমাণৰ সাহাৰ্য্য আগবঢ়াই আহিছে, সেয়া সঁচাকৈয়ে অতুলনীয় । 

ধন কাৰ নাথাকে ।সকলোৱে থাকে ।কিন্তু সেইধনক নিজৰ কাৰণেহে প্ৰয়োগ কৰে ,কিন্তু ছাৰৰ ধন সম্পদৰ প্ৰতি ৰাগ নাই । হয়তো আপোনালোকে ক'ব --বৰ এইটোৱে কথা ক'বলৈ আহে । 

কিন্তু আমাৰ ছাৰ, আমাৰ ছাৰেই ।আমি ভালদৰে জানোঁ । ধন সম্পদৰ বাবে লোভী হোৱাহেতেঁন  মাহেকীয়া ফিজ দিব নোৱাৰাসকলক ক'লাহেঁতেন , আৰু নাহিবা । মাহ পূৰ হ'লেই ফিজ খুজিলেহেঁতেন। কিন্তু  আমাৰ ছাৰে কয় কি ---টকা আজি আছে কাইলৈ নাই । আজি নাই ,নাই আৰু । ভালদৰে পঢ়া এদিন ডাঙৰ মানুহ হ'বা ,টকা উপাৰ্জন কৰিবপৰা হ'বা তেতিয়া মোৰলৈ মনত পেলাই একাপ একেলগে বহি চাহখাবলৈ মাতিবা । সেয়াই হ'ব মোৰ ফিজ ।কিন্তু ভালদৰে নপঢ়িলে মই চাহ খাবলৈ নাপাম ,চাহ খাবলৈ নাপালেই  মই  বেয়া  পাম ।"

  বহু কথাই আছে যিসকলে ছাৰৰ সানিধ্যত আহিছে ছাৰৰ হৃদয়খনৰ বতাহ কিমান মধুৰ সুন্দৰকৈ বুজিছে। কেৱল স্বাৰ্থপৰ লোকেহে ছাৰৰ হৃদয়খনত একুৰা ৰঙা জুই দেখা পাব ।

 দীচুচ শিক্ষণকেন্দ্ৰৰ সমূহ ছাত্ৰ- ছাত্ৰীৰ হৈ যি দু-আষাৰ আগবঢ়ালোঁ  তাত যদি কৰোবাত মোৰ ভুল হ'ল ,তেন্তে আমাৰ ছাৰে আমাক বেটা বুলি কৈ শুদ্ধৰাই দি ক্ষমা কৰাৰ দৰেই শ্ৰুতাবৃন্দই ক্ষমা কৰি দিব বুলি আশা কৰিছোঁ ।

ধন্যবাদৰে  

দীচুচ শিক্ষণকেন্দ্ৰৰ ছাত্ৰ একটাৰ সাধাৰণ সম্পাদক শ্ৰী কবিৰ চিং খণ্ডিত । নমস্কাৰ ।

 

No comments:

Post a Comment

Post Top Ad

Your Ad Spot