ক্ষুধাতুৰা
তুমিহে জানা দেই ক'তনো তোমাৰ হৃদয় আছে
মই হ'লে দেখা নাপাওঁ ।
এটা কথা হ'লে জানো মোৰ প্ৰতি তোমাৰ মৰম আছে
প্ৰেমৰ এপাত অস্ত্ৰও আছে ।
নাজানো তুমি কিয় কোৱা মই একো নুবুজোঁ বুলি
মই হ'লে বুজি পাওঁ তোমাক আপোন বুলি ।
নালাগে মোক একো হৃদয়ত ঠাই দিলেই হ'ব
শান্তনাৰ সুগন্ধি ল'ব পৰা হ'লই হ'ব।
মই হ'লে বুজি পাওঁ তুমি কি বিচাৰা
নিৰ্জন জনশূণ্যত মোক অকলে বিচৰা ।
মই কিন্তু নিবিচাৰোঁ অমানৱীয়তা তৃপ্তিৰ স্পৃহা
সেয়ে তুমি হৈ ৰোৱা ক্ষুধাতুৰা ।
জনো তুমি অন্তৰেৰে ক্ৰোধান্বিতা হৈ বিচলিতা হোৱা
জীৱনৰ পৰা এখুজ বিচলিতা হোৱা ।
No comments:
Post a Comment