কোনে কয় মই কবি
নাজানো কোনেনো কয় তোমাক
মই কবি
হয়তো তুমি নিজেই ভাবা
মই এজন কবি ।
কোনে কয় মই কবি
অ'---- নহয় মই ভাষা বোলাব পৰা কবি।
নাই মোৰ কবিতাত ছন্দ , নাই ব্যঞ্জনা
কোনে কৈছে মোৰ কবিতা প্ৰতীকী বুলি ।
তুমি কোৱা মই কবি
কিন্তু ক'তা ----
মোৰ কবিতাত দেখোন নাই
দুলড়ী , ছবি , লেছাৰী , ঝুনা ছন্দৰ আকৃতি ।
কবিতা কাক বোলে তুমিয়ে কোৱা
মোৰ কাপৰপৰা নিগৰি ওলোৱা
সকলোবোৰ দেখোন
কবিতা নহয় বুলিয়ে কোৱা ।
কবি হোৱাৰ ইচ্ছাৰে নহয়
বিষাদ হ্ৰাসৰ প্ৰৱণতাৰে প্ৰকাশো
মনজগতৰ ভাৱনাৰ প্ৰতীকক
শুভ্ৰ কাগজত কাপেৰে সাঁচ দিওঁ ।
মিণ্টু দোলাকাষৰীয়া
ডিব্ৰুগড়
০৭/০৮/২০২০
No comments:
Post a Comment