শীতল শীতল বতাহ
নাজানো কাৰ গতিৰ মধুৰতা
ঊষাৰ কুঙ্কুম ৰাগে উজ্জ্বলাই তোলা
এটি দিবা ।
বৰ্ষাৰ কিনকিনীয়া বৰষুণৰ টপটপনি
নাই যিটি দিবাত
বসুধাই আদৰে অফুৰন্তৰ সুমধুৰ কিৰণ
আনন্দত আপ্লুত হয় তৰু-বৃক্ষ ।
এক চমক জ্যোতিতে ধৰাস্হ হ'ল
চৌদিশে শান্তিৰ বাণী নিগৰিত হ'ল।
নৱজাতক পুষ্পৰ শয্যাত ৰাখে
সমীৰ বিহঙ্গে দশোদিশত শান্তনাৰ বতৰা দিয়ে।
শাওন মানেই তিনি শাওন পৱিত্ৰ দিৱস
শান্তনাৰ প্ৰতীক নৱজাত তুমি
সদায় নতুন প্ৰতীকৰ এক জ্যোতি
ন সমাজ গঢ়া উদ্যোমি তুমি ।
মিণ্টু দোলাকাষৰীয়া
ডিব্ৰুগড় (21/07/2020)
No comments:
Post a Comment