মানৱ
কোন তুমি ? মই হ'লে একোৱেই নাজানোঁ
কিন্তু জানোঁ তুমি মোৰ দৰেই তেজ মঙহৰ মানুহ ।
তোমাৰ ভাষা আভোষণত চিনিবও নোৱাৰোঁ
হিন্দু মুছলিম শীষ জৈন নে খ্ৰীষ্টান তুমি ?
মাথোঁ চিনি পাওঁ এখন সঁচা হৃদয়ৰ
তুমি এজন পুণ্য মানুহ ।
নাই নাই আৰু একো জানিবলৈ নোখুজোঁ
তুমি যে সঁচা মানৱতাৰে আচৰণ কৰা
সেইটোৱই আমি জানোঁ
সেয়ে তুমি এজন প্ৰকৃত মানুহ ।
নালাগে আৰু নিবিচাৰোঁ তোমাৰনো কি কুল
বিচাৰোঁ মাথোঁ তোমাক আমাৰ হৃদয়ত ।
নক'বা আৰু সেইবোৰ-----
ধৰ্ম জাতি কোল ইত্যাদি ইত্যাদি
সোইবোৰ নো কি আমাৰেই সৃষ্ট ।
কি লাগে আমাক জানা
মুক্ত মনেৰে ফুৰিব পৰা এখন ধৰিত্ৰী
তুমি আমি আৰু মই একলগে ছাঁত বহিব পৰা বৃক্ষকেইটি
নলাগে ধন -সম্পদ ধৰ্মৰ ৰীতি- নীতি
তুমি নাথাকিলে কৰিম কি সেইখিনি ।
নাজানা নহয় কোনোৱে , ধন-সম্পদ নহয় চিৰলগৰী
এনে সম্পত্তি লোভ আৰু অহংকাৰৰ উৎসকাৰী ।
তুমি মোক কি দিবা , মই তোমাক কিনো দিম
প্ৰদানিত সকলো প্ৰকৃতিৰেই বৰঙণি
প্ৰকৃতি নাথাকিলে তুমি ময়ে বিনাশী ।
তুমি আচল প্ৰকৃতিৰ প্ৰাণ , ক্লেদহীন হিয়াৰ জীৱ
বিশাল বিশ্বৰ অবিনশ্বৰ প্ৰাণৰ গৰাকী তুমি
নাই তোমাৰ হৃদয়ত কুচুত-কপট্ , জাতি-ভেদ
মাথোঁ মানৱতাৰ গুণাধিকাৰী
সেয়ে তুমি প্ৰকৃত মানৱ ।
No comments:
Post a Comment