আকৰিজনী
আহ ! কি যে কোৱা ?
ৰ'বা চোন --
চাওঁ এইফালে চোৱা ।
দেখিছে নে মোক অপৰাধী যেন ?
দেখা নাই নিশ্চয় !
কিয়নো দেখিব ?
আকৰীজনী------
মই তোমাক কেঁচা ঘাম মাটিত পৰাকৈ ভাল পাওঁ ।
ধেইট , আকৰীজনী
তোমাক ব'হাগীৰ ভূষণ নিদিলোঁ বুলিয়েই
মই জানো অপৰাধী ।
প্ৰকৃতিয়ে ভূষণ সলাইছে , চৌদিশত সৌন্দৰ্য্য বাঢ়িছে
জানিছোঁ তোমাৰো প্ৰয়োজনীয়তা আছে
আমাৰোতো তাতোকৈ সুন্দৰ ভূষণ আৰু সৌন্দৰ্য্যতা
তোমাৰ মোৰ হৃদয়ত আছে ।
আকৰীজনী হ'ব দিয়া -------
আজি নাই কাইলৈ আহিব
যন্ত্ৰণাৰ সময়বোৰ পাখি মেলি দিগন্তলৈ উৰি যাব ।
সৌ আকাশনলৈ চোৱা -----
কলা ডাঁৱবোৰ শুভ্ৰ ডাঁৱৰত লীন গৈছে ।
আমাৰ যন্ত্ৰণাবোৰো শান্তনাত লীন যাব ।
সোণ ৰূপ হিৰা মুকুটা ঘৰ-বাৰী ইত্যাদি ইত্যাদি
তুমিতো জানাই , এইবোৰ দুদিনীয়া
চিৰযুগমীয়া সম্পদেই আছে আমাৰ
অক্ষয়ী বিশ্বাস ।
বিশ্বাসেই বল প্ৰেৰণাই শক্তি
মৰমে বিষাদৰ ঔষধ
এই সকলোবোৰ সম্পদেই
দেখোন আমাৰ আছে
তাতোকৈ অধিক শ্ৰেষ্ঠনো কি ?
আকৰীজনী মোৰ
ভাল পোৱা বিশ্বাস প্ৰেৰণাৰ তুমি গৰাকীনী
মোৰ বিশাল সম্পদৰ ৰাজপটেশৰী তুমি ।
সম্পদতনো কি সুখ আছে
বৈকুণ্ঠৰ সুখ তোমাৰ কোলাতেই পাওঁ
তোমাৰ মধুৰ মাততে মই প্ৰাণ পাওঁ ।
No comments:
Post a Comment