ভাল পাওঁ তোমাক (কবিতা)
ভাল পাওঁ বুলি ক'লেও নোবুজা তুমি
শিলাকৃতি হৃদয়ৰ গৰাকী নেকি তুমি ?
পাঁচ বছৰীয়া সঁচতিয়া মৰমক উদঙালেও
কোৱা তুমি কি পাগল নেকি ?
ঠন ঠনাই উঠে বুকু , সিঁচৰতি হৈ পৰে হৃদয়ত বিষাদ ।
অষ্টম নৱম দশম একাদশ আৰু দ্বাদশ যৱনিকাত
হিয়াৰ কোমল দুৱাৰখন খুলি দিলোঁ
তুমি সোমাবা বুলি
কিন্তু তুমি সোমোৱাই দিলা বিষাদৰ ভাইৰাচ।
ব্ৰক্ষ্মপুত্ৰত জাঁপ দিওঁ ক'লেও কোৱা
পাগল হৈছা নেকি ?
মৰিব মন গৈছে যদি মৰা
মোক আমনি নকৰিবা ।
ভাবোঁ , জাপেই দি দিওঁ ।
কিন্তু ----- ভাবোঁ
সমাজৰ প্ৰতাৰণাত তুমি যন্ত্ৰণাত ডুবিবা ,
অনুতপ্তত কান্দি ক্লান্ত হ'বা ।
সেয়ে যন্ত্ৰণাপীড়িত জীৱনক প্ৰাণ দি ৰাখোঁ ।
ভাল পাওঁ তোমাক এবুকু নহয় অসীম ,
স্বাৰ্থত নহয় , তৃপ্তিত নহয় মাথোঁ মধুৰ সম্পৰ্কত ।
জীৱন থাকে মানে দুৱাৰ খোলা থাকিব
প্ৰৱেশত তোমাৰ কোনো হেঙাৰ নাথাকিব ।
২৭/০৮/২০২০
No comments:
Post a Comment