দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Tuesday, July 30, 2024

"আঘোণৰ কোঁৱলী " কবিতাটিৰ মূল ভাৱ লিখা ।

9:04 PM 0
বিষয়  :   আঘোণৰ কোঁৱলী  

শ্ৰেণী  :  দ্বাদশ  
(১)  "আঘোণৰ কোঁৱলী " কবিতাটিৰ মূল ভাৱ লিখা ।  
2024  (অসম  ৰাজ্যিক মুক্ত বিদ্যালয়) 

উত্তৰ  : কেশৱ মহন্তৰ “আঘোণৰ কোঁৱলী’ কবিটাটিত আঘোণৰ পথাৰৰ সোণবৰণীয়া ধানৰ মনোমোহা পৰিৱেশৰ মাজত নিভাঁজ প্ৰেমৰ সন্ধান আৰু আঘোণৰ কোঁৱলীয়ে বাট ভেটি প্ৰেমৰ পথত আমনি কৰাত কবি অন্তৰৰ যি বিষাদবোধ, তাৰ সহজ-সৰল প্ৰকাশ ঘটিছে । 

আঘোণৰ পথাৰত কবিয়ে যাত্ৰা কৰিছে ।কিন্তু ডাঠ কুঁৱলীয়ে ঘেৰি থকা কাৰণে বাট-পথ দেখা পোৱা নাই ।কুঁৱলী নথকা  হ’লে কবিয়ে বিস্তীৰ্ণ আঘোণৰ পথাৰত পতা সোণ-বৰণীয়া ধানৰ আঁচলবোৰৰ লগতে লিহিৰি লিহিৰি ঢেৰ আঙুলিৰে মুঠি মাৰি  চিকমিক কাচিৰে কাচকাচ শব্দ কৰি খৰকৈ ধান কাটি থকা, মূৰত খোপা বন্ধা দাৱনীসকলকো দেখা পালেহেঁতেন । 

আঘোণৰ  ডাঠ কুঁৱলীয়ে  আমনি নকৰাহেঁতেন কবিয়ে ওপৰলৈ মূৰ তুলিবলৈ সময় নোপোৱা আৰু লঘু পৰিহাসময় হাঁহিৰে মুখৰিত কৰি তোলা আঘোণৰ সোণালী পৰিৱেশটিত কবিৰ প্ৰেয়সী সেউতিও আছে নেকি অলপ দূৰৰ পৰা নোচোৱাৰ ভাও দি চাব পাৰিলেহেঁতেন । তামোলৰ পিকেৰে ওঁঠ ৰঙা কৰি ডালিমগুটীয়া দাঁত উলিয়াই  কাৰোবাক  হাঃ বুলি  ঠেলা মাৰি খাল খিলাই হাঁহা দাৱনীজাকৰ মাজত কবিৰ সোতৰ বছৰীয়া প্ৰেয়সী সেউতিও আছে নেকি বুলি জানিবলৈ কবিয়ে ডাঠ কুঁৱলী মাজেৰে নিৰীক্ষণ কৰিছে । 

সোণালী শস্যৰে পৰিপূৰ্ণ আঘোণৰ পথাৰত কবিয়ে  দাৱনীসকলৰ অসীম কামৰ উন্মাদ পাইছে ।আঘোণৰ পথাৰত দাৱনীসকলৰ সোণোৱালী শস্য চপোৱাৰ কাম আছে বুলি কৈছে। দাৱনীসকলে  মুঠি মুঠি কৰি ধান কাটি ডাঙৰি বান্ধিবলৈ ধানৰ মুঠি যোগাৰ কৰা কাম আছে বুলি কৈছে । আঘোণৰ আকাশেৰে কোনোবা বিললৈ জাক পাতি উৰি যোৱা বন-হাঁহ জাকে প্ৰাণচঞ্চল আৰু কৰ্মব্যস্ত  দাৱনী আৰু ডেকাসকলৰ মনত প্ৰেমৰ অনুৰাগ জাগি তোলে। তেওঁলোকৰ মনবোৰো প্ৰেমৰ ৰাগিত মতলীয়া হৈ প্ৰেমিক-প্ৰেমিকাৰ ওচৰলৈ উৰা মাৰে । 

আঘোণৰ  ঘন কুঁৱলীৰ বাবে কবিয়ে সেউতিক বিচাৰি নাপালে ।সেউতীয়ে দোৱা  ধানৰ  ডাঙৰি বান্ধিম বুলি কবিয়ে আশাৰে তোলা তৰা-জৰী তোলাতে থাকিল। কবিক বৌৱেকে সেউতিৰ কথা কৈছিল,  কিন্তু সেউতিক কবিৰ কথা ক’লে নে নাই কবিয়ে নাজানিলে । 

আঘোণৰ কুঁৱলীৰ  মাজত সোণালী ধাননি আৰু কৰ্মব্যস্ত দাৱনীবোৰৰ লগতে কবিৰ প্ৰেয়সী সেউতিও হেৰাই গ’ল ।সেউতিৰ সতে কবিয়ে  ডাঙৰি বন্ধাৰ হেঁপাহতো চেঁচা পানী পৰিল। কবিৰ মন বিষাদেৰে ভৰি পৰিল ।
Read More

জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘শোণিত কুঁৱৰী’ নাটকৰ চিত্ৰলেখা চৰিত্ৰটো ব্যাখ্যা আগবঢ়োৱা ।

8:59 PM 0
(১) জ্যোতিপ্ৰসাদ  আগৰৱালাৰ ‘শোণিত কুঁৱৰী’ নাটকৰ চিত্ৰলেখা চৰিত্ৰটো ব্যাখ্যা  আগবঢ়োৱা । ( ASOS ,2024 ) 

   উত্তৰ  : জ্যোতিপ্ৰসাদ  আগৰৱালাৰ ‘শোণিত কুঁৱৰী’ নাটকৰ এটি  মনোৰম চৰিত্ৰ  হৈছে  চিত্ৰলেখা  । চিত্ৰলেখা  বাণাসুৰৰ মন্ত্ৰী কুম্ভাণ্ডৰ জীয়াৰী তথা ঊষাৰ সখীয়েক । সখী হিচাপে চিত্ৰলেখা ঊষাৰ অভিন্নহৃদয়া । সখীগত প্ৰাণা চিত্ৰলেখা মায়াবিদ্যাত পাৰদৰ্শী, চিত্ৰবিদ্যাত সুদক্ষতা, সংগীত বিদ্যাত পাৰ্গত, নৃত্যপটিয়সী আৰু কলা-কুশলী ।চিত্ৰলেখা ঊষা-অনিৰুদ্ধৰ মিলনদূতী । 

“শোণিত কুঁৱৰী “ নাটকখনিৰ আৰম্ভণিৰ পৰাই চিত্ৰলেখা চৰিত্ৰটো অপৰিহাৰ্য ৰূপে দেখা দিছে ।প্ৰথম অংকত বাণৰ ইচ্ছা অনুসৰি চিত্ৰলেখাই “পদুমকলি” নৃত্য প্ৰদৰ্শন কৰিছে ।ইয়াৰ যোগেদি চিত্ৰলেখা এগৰাকী নৃত্যকুশলী হিচাপে পৰিচিত হয়।তাৰ পাছত ঊষা আৰু আন আন সখীসকলৰ লগত চিত্ৰলেখাই ৰাংঢালী গাভৰুৰূপে ৰং-ধেমালি কৰিছে , ঠাট্টা-মস্কৰা কৰিছে , মনৰ আনন্দত নাচিছে আৰু গাইছে । আনহাতে,  ঊষাক অগ্নিগড়ত নিৰ্বাসন দিয়াত অভিন্নহৃদয়া। চিত্ৰলেখাও ঊষাৰ সৈতে অগ্নিগড়ত থাকিবলৈ লৈছে ।চিত্ৰলেখা ঊষাৰ দুখত দুখী আৰু ঊষাৰ সুখত সুখী । সেইবাবে তাই ঊষাই যেতিয়াই নাচিবলৈ আৰু গাবলৈ কয় তেতিয়াই  তাই ঊষাৰ আনন্দৰ বাবে নাচ-গান কৰে। উষাই সপোনৰ স্বামীক বাস্তৱত বিচাৰি নাপায় সাহাকাৰ কৰোঁতে চিত্ৰলেখাই ঊষাক বুজনি দি শেষত প্ৰাণসমা সখী ঊষাৰ সন্তুষ্টিৰ বাবে সপোণত দেখা  স্বামীক বিচাৰি আনি দিম বুলি অংগীকাৰ কৰে। সেয়ে  সপোনৰ স্বামীক চিনাক্ত কৰাৰ বাবে চিত্ৰলেখাই দেৱতা-দানৱ-মানৱ-কিন্নৰ কুমাৰসকলৰ চিত্ৰ ভূৰ্জপত্ৰত আঁকি দেখুওৱায়। ঊষাই অনিৰুদ্ধৰ চিত্ৰখন দেখা পাই চঞ্চল হৈ পৰিল আৰু  লাজতে ওৰণিৰে মুখ ঢাকিলে ।এই ক্ষেত্ৰত  চিত্ৰলেখাৰ পাৰদৰ্শিতা প্ৰকাশ  পাইছে । 

চিত্ৰলেখাই ঊষাৰ  মনোকামনা পূৰণৰ বাবে অনিৰুদ্ধক আনিবলৈ অকলে দ্বাৰাকালৈ গমন কৰে ।তাই দ্বাৰাকাত চিত্ৰ-বিক্ৰেতা বালকৰ ছদ্মবেশ ধাৰণ কৰি প্ৰৱেশ কৰে  আৰু  সুযোগ বুজি অনিৰুদ্ধৰ কাষ চাপে ।কৌশলেৰে চিত্ৰলেখাই  অনিৰুদ্ধক ঊষাৰ ছবিখিনি দেখুৱাত ঊষাৰ চিত্ৰপট দেখি অনিৰুদ্ধ ব্যাকুল হৈ ঊষাৰ বিষয়ে জানিবলৈ ব্যগ্ৰ হৈ পৰে।চিত্ৰলেখাই  নিজৰ পৰিচয়  দি অনিৰুদ্ধক কয় যে ছবিখন শোণিতপুৰ ৰাজ্যৰ ৰজা বাণাসুৰৰ জীয়াৰী আৰু  অনিৰুদ্ধৰ প্ৰণয়প্ৰাৰ্থী আৰু চিত্ৰলেখাই অনিৰুদ্ধক নিবলৈ দ্বাৰাকালৈ আহিছে ।অনিৰুদ্ধই চিত্ৰলেখাক নিজৰ পৰিচয় প্ৰমাণ কৰিবলৈ কোৱাত চিত্ৰলেখাই অসামান্য গীত-নৃত্য পৰিৱেশন কৰি অনিৰুদ্ধক পতিয়ন নিয়াইছিল ।অৱশেষত চিত্ৰলেখাই  অনিৰুদ্ধক দ্বাৰকাৰ পৰা অগ্নিগড়লৈ আনি ঊষা আৰু অনিৰুদ্ধৰ মিলন ঘটায় আৰু চিত্ৰলেখাৰ পৌৰোহিত্যত দুয়োৰ মাজত গন্ধৰ্ব বিবাহ সম্পন্ন হয়।ইয়াত চিত্ৰলেখাৰ সাহসিকতাৰ এক অন্যতম পৰিচয় প্ৰকাশ ঘটিছে । 


এনেদৰে আলোচনা কৰিলে দেখা যায় যে চিত্ৰলেখা চৰিত্ৰটো ত্যাগৰ আদৰ্শৰে নিৰ্মিত ।এই চৰিত্ৰটোৰ  মাজেৰে ত্যাগৰ মহানতা তথা উদাৰতা প্ৰকাশ পাইছে ।সখীয়েকৰ মনোকামনা পূৰণ আৰু সন্তুষ্টিৰ বাবে চিত্ৰলেখাই নিজৰ দুখ-বেজাৰ, বিপদ-আপদৰ কথা নাভাবি প্ৰকৃত সখীৰ কৰ্তব্য পালনত ব্ৰতী হৈছে ।নিঃস্বাৰ্থভাৱে এনে কৰ্তব্য পালন কৰা নাৰী চৰিত্ৰৰ সংখ্যা বৰ কম।নাটকখনিৰ সামৰণিত চকুলো মচি মচি অথচ আনন্দ মনেৰে সখীয়েক ঊষাক চিত্ৰলেখাই বিদায় দিছে ।নিজৰ দুখ ঢাকি ৰাখি আনৰ আনন্দৰ বাবে নিজকে বিলাই দিব পৰাতেই চিত্ৰলেখা চৰিত্ৰৰ মহত্ব প্ৰকাশ পাইছে ।
Read More

মৌলিক অধিকাৰ আৰু নিৰ্দেশাত্মক নীতিৰ মাজৰ পাৰ্থক্যসমূহ

8:43 PM 0
1)    মৌলিক  অধিকাৰ আৰু  নিৰ্দেশাত্মক নীতিৰ  মাজৰ পাৰ্থক্যসমূহ লিখা ।     
উত্তৰ  : মৌলিক  অধিকাৰ আৰু  নিৰ্দেশাত্মক নীতিৰ  মাজৰ পাৰ্থক্যসমূহ হ'ল ----

(১) মৌলিক  অধিকাৰসমূহ বাদযোগ্য, কিন্তু নিৰ্দেশাত্মাক নেতাবোৰো বাদযোগ্য  নহয় । 

(2) মৌলিক  অধিকাৰসমূহক সংবিধান নাগৰিকক ৰক্ষণা-বেক্ষণ দিয়াৰ উদ্দেশ্যেৰে সন্নিবিষ্ট কৰা হৈছে । কিন্তু  ৰাষ্ট্ৰ নিৰদেশাত্মক নীতিসমূহক সংবিধানত দেশৰ পৰা নিৰক্ষৰতা,  দৰিদ্ৰতা,  অজ্ঞতা,  সামাজিক বৈষম্য  আৰু  অৰ্থনৈতিক দুৰাৱস্থাৰ প্ৰতিকাৰকল্পে সন্নিবিষ্ট কৰা হৈছে । 

(3) মৌলিক অধিকাৰসমূহক চৰকাৰী কাৰ্যৰ ওপৰত কিছুমান সীমাবদ্ধতা আৰোপ কৰে,  কিন্তু  নিৰ্দেশাত্মাক নীতিসমূহে চৰকাৰী দায়িত্বৰ পৰিসৰ বৰ্ধিত কৰে । 

(4)  মৌলিক অধিকাৰ  ভেঁটি  হৈছে ব্যক্তিবাদ, কিন্তু  নিৰ্দেশাত্মাক নীতিৰ ভেঁটি  হৈছে সমাজবাদ ।

(5) মৌলিক অধিকাৰসমূহে ভাৰতবৰ্ষত ৰাজনৈতিক গণতন্ত্ৰৰ প্ৰচলন সূচনা কৰিছে । কিন্তু নিৰ্দেশাত্মাক নীতিৰ জৰিয়তে জনসাধাৰণক অৰ্থনৈতিক স্বাধীনতা দি ভাৰতবৰ্ষত ৰাজনৈতিক গণতন্ত্ৰৰ লগতে অৰ্থনৈতিক গণতন্ত্ৰ প্ৰতিষ্ঠাৰ চেষ্টা কৰা  হৈছে । 

(৬) মৌলিক অধিকাৰ কাৰ্যকৰীকৰণৰ কাৰণে কোনো নতুন বিধিৰ দৰকাৰ নহয়, কিন্তু নির্দেশক নীতিসমূহ কাৰ্যকৰী কৰিবলৈ চৰকাৰে নতুন বিধি প্রণয়ন কৰিবলগা হয়।

(৭) দেশত জৰুৰী অৱস্থা বাহাল থাকিলে কিছুমান মৌলিক অধিকাৰ বাতিল হয়, আদালতৰ জৰিয়তেও তেতিয়া সেই অধিকাৰক সাব্যস্ত কৰিব নোৱাৰি; কিন্তু জৰুৰী অৱস্থা বাহাল থাকিলে নির্দেশক নীতি বাতিল হৈ নাযায়। চৰকাৰে যিকোনো সময়তে এই নীতিসমূহক কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্রহণ কৰিব পাৰে। 

(৮) মৌলিক অধিকাৰ আৰু নিৰ্দেশক নীতিৰ মাজত সংঘাতৰ সৃষ্টি হ'লে, মৌলিক অধিকাৰেই অগ্ৰাধিকাৰ পায়।

Read More

লেখ বুলিলে কি বুজা ? লেখ কোনে জাৰি কৰিব পাৰে ?

8:39 PM 0

৪। লেখ বুলিলে কি বুজা?  লেখ কোনে জাৰি কৰিব পাৰে ? সেইবোৰ কি কি? 
উত্তৰ: নাগৰিকৰ মৌলিক অধিকাৰ উলংঘা হ'লে উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ে  নাগৰিকৰ এই অধিকাৰ ৰক্ষনাবেক্ষণ বা সাব্যস্ত কৰাৰ কাৰণে কোনো আদেশ বা নিৰ্দেশ জাৰি কৰিব পাৰে। এই আদেশ বা নির্দেশকে লেখ বুলি কোৱা হয়। 
উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়সমূহে জাৰি কৰিব পৰে । 
উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়সমূহে জাৰি কৰা  লেখসমূহ হ’ল- 
(ক) বন্দী প্রত্যক্ষীকৰন 
(খ) পৰমাধিদেশ 
(গ) নিষেধাজ্ঞা 
(ঘ) কৈফিয়ৎ তলবী 
(ঙ) উৎপ্রেষণ।

Read More

মৌলিক অধিকাৰ

8:33 PM 0

মৌলিক অধিকাৰ  : ভাৰতীয়  সংবিধান আদালতৰ দ্বাৰা বলবৎযোগ্য হোৱাকৈ যিবোৰ অধিকাৰ নাগৰিকৰ প্রতিভা বিকাশ আৰু ব্যক্তিত্ব বিকাশৰ বাবে অন্তর্ভুক কৰা হৈছে, সেইবোৰ অধিকাৰকে মৌলিক অধিকাৰ বোলা হয়। আৰম্ভনিতে ভারতবর্ষত সংবিধানত ৭টা মৌলিক অধিকাৰ অন্তর্ভুক্ত কৰা হৈছিল। কিন্তু 1971 চনৰ 24 তম সংবিধান সংশোধনীৰ আইনে সংসদক মৌলিক অধিকাৰ সংশোধনৰ ক্ষমতা  প্রদান কৰে। সেয়ে মৌলিক অধিকাৰবোৰ বাদযোগ্য হ’লেও চৰম(স্থায়ী) নহয়। 1978 চনৰ 44 তম সংশোধনীৰ অনুসৰি মূল সংবিধানৰ পৰা ‘সম্পত্তি অধিকাৰ'ক মৌলিক অধিকাৰৰ পৰা বাতিল কৰা হ'ল। শেহতীয়া 2002 চনৰ 86 তম সংশোধনীষ যোগেদি তৃতায় অধ্যায়ৰ ২১(ক) অংশ যোগ কৰি শিক্ষাৰ আাধিকাক মৌলিক অধিকাৰ হিচাপে অন্তভুক্ত কৰা হয়।  বর্তমান ভাৰতীয় সংবিধানত তৃতীয় অধ্যায়ৰ ১২ নং অনুচ্ছেদৰ পৰা ৩৫নং অনুচ্ছেদলৈকে মুঠ ২৪টা অনুচ্ছেদত ৬ বিধ মৌলিক অধিকাৰ সন্নিবিষ্ট হৈ আছে।                                                              মৌলিক অধিকাৰৰ গুৰুত্বঃ
 (১) মৌলিক অধিকাৰে দেশৰ সংখ্যালঘুসকলৰ মনত সুৰক্ষা ভার্ সৃষ্টি কৰে।
② মৌলিক অধিকাৰে সংখ্যাগৰিষ্ঠ শাসনৰ গণতান্ত্রিক বৈধতাৰ গাঁঠনি তৈয়াৰ কৰে।
③ এই অধিকাৰে আচৰণ আর্হি, নাগৰিকত্ব, ন্যায়, আৰু নায্য ব্যৱস্থা আদি প্রদান কৰে। 
④ ইহঁতে চৰকাৰৰ নিয়ন্ত্রক হিচাপে কাম কৰে।
 ⑤ ইঁহঁতে জনমত গঠন কৰি শাসনত অধিষ্ঠিত চৰকাৰৰ বিৰুদ্ধে থিয় দিয়াৰ ক্ষমতা প্রদান কৰে।                                                             মৌলিক অধিকাৰবোৰ হ'ল-
১। সমতাৰ অধিকাৰ 
২। স্বাধীনতাৰ অধিকাৰ 
৩। শোষণৰ বিৰুদ্ধে অধিকাৰ ৪। ধর্মীয় অধিকাৰ 
৫। সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ 
৬। সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ।                                                               
সংবিধানে তলত দিয়া 6 টা মৌলিক স্বাধীনতা প্রদান কৰিছে।      
১। বাক্ আৰু মত প্ৰকাশৰ স্বাধীনতা 
২। বিনা অস্ত্রই শান্তিপূর্ণভাৱে সমবেত হোৱাৰ অধিকাৰ 
৩। সংস্থা বা সংঘ গঠনৰ অধিকাৰ 
৪। ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত স্বাধীনভাৱে ঘুৰিফুৰাৰ অধিকাৰ।
 ৫। ভাৰতৰ যিকোনো অঞ্চলত বসবাস কৰাৰ অধিকাৰ ।
৬। যিকোনো বৃত্তি বা ব্যৱসায় গ্ৰহণ কৰাৰ অধিকাৰ।                                      

মৌলিক অধিকাৰ বাদযোগ্য : মৌলিক অধিকাৰ বাদযোগ্য অর্থাৎ কোনো ব্যক্তি, সংস্থা নাইবা চৰকাৰৰ কোনো অংগই মৌলিক অধিকাৰৰ ওপৰত অযথা হস্তক্ষেপ কৰিলে, এই হস্তক্ষেপৰ বিরুদ্ধে আদালতৰ সহায় ল'ব পাৰি। সংবিধানত ৩২-নং অনুচ্ছেদ আৰু ২২৬নং অনুচ্ছেদৰ জৰিয়তে মৌলিক অধিকাৰ ৰক্ষাৰ কাৰণে ক্রমান্বয়ে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপিব পাৰি আৰু ন্যায়ালয়ে নাগনিকৰ মৌলিক অধিকাৰ ৰক্ষাৰ ব্যৱস্থা কৰে। সেয়েহে ন্যায়ালয়ক মৌলিক অধিকাৰৰ ৰক্ষক বুলি আখ্যা দিয়া হয়।
১) ভাৰতীয় মৌলিক কর্তব্যবোৰ লিখা । ২০২২                                                                
উত্তৰ :  ভাৰতীয় সংবিধানত ১৯৭৬ চনৰ ৪২তম সংশোধনী অনুসৰি সংবিধানৰ চতুর্থ অংশৰ ৫১কে) অনুচ্ছেদত ১০ টা আৰু ২০০২চনৰ ৮৬তম সংশোধনী অনুসৰি ৫১(ক) অনুচ্ছেদৰ k অংশত ১টা মৌলিক কর্তব্য সন্নিবিষ্ট কৰা হৈছে।এতেকে মুঠ ১১টা মৌলিক কর্তব্য সংবিধানত বর্তমানলৈকে পোৱা যায়। সেইবোৰ হ'ল- 
১। সংবিধান মানি চলা আৰু ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীতৰ প্রতি শ্রদ্ধা প্রদান কৰা, 
২। স্বাধীনতা আন্দোলনক অনুপ্রাণিত কৰা মহান আদর্শসমূহ শোষণ কৰা আৰু অনুসৰণ কৰা; 
৩। ভাৰতবৰ্ষৰ একতা আৰু সংহতি ৰক্ষা কৰা; 
৪। যেতিয়াই প্রয়োজন হয় তেতিয়াই দেশখন ৰক্ষা কৰা; 

৫। সকলো শ্ৰেণীৰ মানুহৰ মাজত সদভাৱ আৰু ভাতৃত্ববোধৰ সৃষ্টি কৰা মহিলাসকলক মর্যাদা প্রদান কৰা;

৬। আমাৰ মূল্যৱান ঐতিহ্যৰ ৰক্ষা আৰু মিশ্র সংস্কৃতিৰ সংৰক্ষণ কৰা; 

৭। বনানি, হ্রদ, নদ-নদী, বন্য জন্তু আদিকে ধৰি প্ৰাকৃতিক পৰিৱেশ ৰক্ষা আৰু উন্নতি সাধন কৰা; 

৮। বৈজ্ঞানিক দৃষ্টিভংগী আৰু মানৱতাবোধৰ সৃষ্টি কৰা; 

৯। ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংসাৰ মনোভাৱ ত্যাগ কৰা; 

১০। ব্যক্তিগত আৰু সামুহিক সকলো কাম-কাজত উৎকর্ষ সাধনৰ চেষ্টা কৰা।

১১।মাক-দেউতাক বা অভিভাৱকসকলে 6ৰ পৰা 14 বছৰৰ ভিতৰৰ শিশু বা নাবালকসকলক শিক্ষা গ্ৰহণৰ সুবিধা প্রদান কৰা।

Read More

ৰাষ্ট্ৰ পৰিচালনাৰ নির্দেশাত্মক নীতিসমূহৰ গুৰুত্ব

8:14 PM 0
১) ৰাষ্ট্ৰ পৰিচালনাৰ নির্দেশাত্মক নীতিসমূহৰ গুৰুত্ব আলোচনা করা।
 উত্তৰ : ভাৰতীয় সংবিধানত চতুর্থ অধ্যায়ৰ ৩৬- ৫১ নং অনুচ্ছেদলৈ মুঠ ১৬টা অনুচ্ছেদত ৰাষ্ট্ৰ পরিচালনাৰ নির্দেশাত্মক নীতিসমূহ সন্নিবিষ্ট কৰা আছে।
           চতুর্থ অধ্যায়ৰ ৩৬ আৰু ৩৭ নং অনুচ্ছেদত ‘ৰাষ্ট্ৰ’ শব্দৰ ব্যাখ্যা আৰু নির্দেশক নীতিৰ সাংবিধানিক তাৎপর্য্যৰ কথা উল্লেখ আছে। আনহাতে, ৩৮ সং অনুচ্ছেদৰ পৰা ৫১ নং অনুচ্ছেদৰলৈকে নির্দেশাত্মক নীতিসমূহৰ বিৱৰণ আছে। 

নির্দেশাত্মক নীতিৰ গুরুত্বঃ.   সংবিধানৰ ৩৭নং অনুচ্ছেদত উল্লেখ আছে যে এই নীতিসমূহ বাদযোগ্য নহয় যদিও দেশৰ প্রশাসনৰ ক্ষেত্রত এই নীতিসমূহক মৌলিক নীতি জ্ঞান কৰিব লাগে আৰু বিধি-বিধান ৰচনা কৰাৰ সময়ত এই নীতি কার্যকৰী কৰিবলৈ চৰকাৰে চেষ্টা কৰিব লাগে। গতিকে ইয়াৰ পৰাই অনুভৱ কৰিব পাৰি যে নির্দেশাত্মক নীতিসমূহৰ তাৎপর্য্য আছে।             নির্দেশাত্মক নীতিসমূহৰ গুৰুত্বসমূহ হ’ল –

(1) এই নীতিসমূহে চৰকাৰৰ ওচৰত দাখিল কৰা এখন স্থায়ী স্মাৰক-পত্রৰ নিচিনা কাম কৰে। 

② এই নীতিসমূহৰ মাধ্যমেৰে জনসাধাৰণে চৰকাৰৰ যোগ্যতাৰ বিচাৰ কৰিব পাৰে। 

(৩) এই নীতিসমূহ বাতিল কৰিব পৰা নাযায়।

(৪) এই নীতিসমূহ এটা জাতিৰ নির্দিষ্ট মানদণ্ডস্বৰূপ।

 ⑤ এই নীতিসমূহে একনায়কত্ববাদৰ পৰা জনসাধাৰণৰ স্বতন্ত্রতা ৰক্ষা কৰিব পাৰে।

(6)এই নীতিসমূহে পুঁজিবাদী স্বৈৰতন্ত্ৰৰ পৰা জনসাধাৰণক অর্থনৈতিক নিৰাপত্তা দিব পাৰে। 

(7) এই নীতিসমূহে চৰকাৰক জনসাধাকণৰ লগত সম্পর্ক ৰাখে। কাৰণ চৰকাৰে এই নীতিসমূহক আওকাণ কৰিলেই পৰৱর্তী নির্বাচনত 'ক্ষমতা লাভৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা থাকে। 

7.2 নির্দেশাত্মক নীতিৰ শ্ৰেণীবিভাজন:   ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতিসমূহক চাৰিটা ভাগত ভাগ কৰিব পাৰি। এইবোৰ হ'ল- 
(১) অর্থনৈতিক আৰু সামাজিক নীতিবোৰ, 

(২) গান্ধীবাদী নীতিবোৰ, 

(৩) আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা সম্পর্কিয় নীতি আৰু নিয়মবোৰ আৰু 

(৪) অন্যান্য।                            

 7.2.1 নির্দেশাত্মক নীতিৰ অর্থনৈতিক আৰু সামাজিক নীতিবোৰ ৰাষ্ট্ৰই জনগণৰ সামাজিক আৰু আৰ্থিক কল্যাণৰ বাবে তলত দিয়া ধৰণে চেষ্টা চলাব-

১। পুৰুষ আৰু মহিলা উভয়ৰ বাবে উপযুক্ত জীৱিকাৰ ব্যৱস্থা কৰিব।

২। অর্থনৈতিক সম্পদসমূহ মুষ্টিমেয় কেইজনমানৰ হাতত স্তুপিকৃত নোহোৱা ধৰণৰ অৰ্থনৈতিক ব্যৱস্থা গ্রহণ কৰিব।

৩। পুৰুষ-মহিলা উভয়কে একে শ্ৰমৰ বাবে একে হাৰত মজুৰি দিয়াৰ ব্যৱস্থা কৰিব।

৪। পুৰুষ, মহিলা আৰু শিশুৰ বাবে উপযুক্ত তথা স্বাস্থ্যবান কৰ্মৰ পৰিৱেশ আৰু নিযুক্তিৰ ব্যৱস্থা  

৫। শিশুসকলোক শোষণ আৰু নৈতিক অধপতনৰ পৰা ৰক্ষা কৰিব।   

৬। ৰুগীয়া আৰু অক্ষমজনৰ বাবে, বৃদ্ধজনৰ বাবে আৰু নিবনুৱা সকলোৰ বাবে; শিক্ষা আৰু চৰকাৰী সাহাৰ্য পোৱাৰ আৰু কৰ্মৰ অধিকাৰৰ প্ৰদানৰ উপযুক্ত ব্যৱস্থা কৰিব। 

৭। প্রসুতি অৱস্থাত ন্যায়সংগত আৰু কৰ্মৰ মানৱীয় পৰিৱেশৰ ব্যৱস্থা কৰিব।  

৮। উদ্যোগ আদিৰ পৰিচালনাত শ্রমিকৰ অংশগ্রহণ নিশ্চিতকৰণৰ ব্যৱস্থা কৰিব।  

৯। শ্রমিক শ্রেণীলৈ বিশেষকৈ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সম্প্রদায়লৈ শিক্ষা আৰু অর্থনৈতিক সাহাৰ্যৰ ব্যৱস্থা কৰিব।  

১০। সকলো শ্রমিকলৈ প্রয়োজনীয় জীবণি আৰু সাংস্কৃতিক সুবিধা প্রদান কৰিব।

১১। জনস্বাস্থ্য আৰু জীৱন-ধাৰণৰ মানদণ্ডৰ উন্নতিৰ ব্যৱস্থা কৰিব।      
১২। ৬ বছৰৰ সকলো শিশুলৈ প্রাথমিক শৈশবকালীন যত্ন আৰু শিক্ষাৰ ব্যবস্থা কৰিব।


7.2.2 গান্ধীবাদী নীতিসমূহ: সংবিধানত মহাত্মা গান্ধীৰ আদর্শ ভিত্তিত কিছুমান নীতিও অন্তর্ভুক্ত কৰা হৈছে। এই নীতিবোৰ তলত দিয়া ধৰণৰ-
১। গাঁও পঞ্চায়ত প্রতিষ্ঠা কৰা।  

২। কুটিৰ আৰু গ্রাম্য শিল্পৰ উন্নতি কৰা। 

৩। স্বাস্থ্যৰ প্রতি ক্ষতিকাৰক মাদক দ্রব্য আৰু ঔষধ নিষিদ্ধ কৰা। 

৪। পশুপালন ব্যৱস্থাৰ উন্নতি কৰা, গো হত্যা বধ ৰোধ কৰা, পোৱালী আৰু আন আন খীৰতী বা আন জন্তুকে বধ কৰাটো বন্ধ কৰিব।


7.2.3 আন্তর্জাতিক শান্তি আৰু নিৰাপত্তাৰ লগত জড়িত ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতিসমূহ:  ভাৰতবৰ্ষই বিশ্বশান্তি আৰু নিৰাপত্তাৰ বাবে সক্রিয় সহযোগীতা আগবঢ়াব আৰু ৰাষ্ট্ৰই এই উদ্দেশ্যে তলত দিয়া ব্যৱস্থাসমূহ হাতত ল’ব ।

১। আন্তর্জাতিক শান্তি আৰু নিৰাপত্তা বৃদ্ধি কৰা। 

২। ৰাষ্ট্ৰসমূহৰ মাজত ন্যায়সংগত আৰু সম্মানজনক সম্পর্ক স্থাপন। 

৩। আন্তর্জাতিক আইন, সন্ধি আদিৰ প্রতি সম্মান প্রদর্শন। 

৪। মধ্যস্থতাৰ যোগেদি আন্তর্জাতিক বিবাদ নিষ্পত্তিও উৎসাহ দিয়া।  

7.2.4 অন্যান্য: এই শ্ৰেণীৰ নিৰ্দেশক নীতিয়ে ৰাষ্ট্ৰক তলত দিয়া ধৰণে নির্দেশনা দিয়ে-

১। সকলো ভাৰতীয় লোকৰ বাবে একে ধৰণৰ দেৱানী আইন প্রৱৰ্তন কৰিব।

২। ঐতিহাসিক স্মৃতিচিহ্নবোৰক সুৰক্ষা প্রদান কৰিব।

৩। প্রাকৃতিক পৰিৱেশক প্ৰদূষণৰ পৰা সুৰক্ষা প্রদান আৰু বন্য প্রাণীৰ সুৰক্ষা প্রদান কৰিব।

৪। মুক্ত বৈধ ন্যায় প্ৰদানৰ খৰচৰ উপযুক্ত আইন প্রণয়নেবে বহন কৰিব।

7.2.5  :    ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশক নীতিসমূহৰ অকার্যকাৰিতাৰ ভালেমান বাধা আছে। তাৰে মূল কাৰণবোৰ হ'ল- 
(ক) ৰাষ্ট্ৰৰ পৰা ৰাজনৈতিক ইচ্ছাৰ অভাৱ, 

(খ) জনগণৰ ফালৰ পৰা সচেতনতা আৰু সংগঠিত কার্যপদ্ধতিৰ অভাৱ আৰু 

(গ) সীমিত পাৰ্থিৱ উৎসৰ বাবে।


Read More

ব্যক্তিৰ অধিকাৰ

8:01 PM 0
১) ব্যক্তিৰ অধিকাৰ কাক বোলে? অধিকাৰৰ বৈশিষ্ট্যসমূহ লিখা  । ব্যক্তিৰ অধিকাৰৰ ভাগসমূহ লিখা ।
 উত্তৰ : ৰাজনীতি বিজ্ঞানৰ মতে সমাজৰ যিবোৰ সুযোগ সুবিধাৰ দ্বাৰা মানুহে সামাজিক প্রাণীৰূপে নিজৰ ব্যক্তিত্ব প্রকাশ কৰিব পাৰে, সেইবোৰকে অধিকাৰ বোলা হয়। 
অধিকাৰৰ বৈশিষ্ট্যসমূহ হ'ল-
(১) অধিকাৰৰ উদ্দেশ্য হ’ল সামাজিক প্রাণী হিচাপে প্রতিজন মানুহৰ ব্যক্তিত্ব বিকাশৰ সুযোগ প্রদান কৰা। 
(খ) অধিকাৰসমূহ সুনির্দিষ্ট আক নির্ধাৰিত ।
(গ) অধিকাৰ ৰাজনৈতিক প্রক্রিয়াৰ এক অবিচ্ছেদ্য অংগ।
(ঘ) অধিকাৰ সার্বজনীন, কোনো নির্দিষ্ট শ্রেণী বা গোষ্ঠীৰ বাবে নহয়।                            
(ঙ) অধিকাৰৰ লক্ষ্য হ'ল মানুহৰ সামগ্রীক কল্যাণৰ দাবী।     
(চ) অধিকাৰ পৰিবর্তনশীল। 
নাগৰিকৰ অধিকাৰক তিনিটা ভাগত ভাগ কৰিব পাৰি সেয়া হ'ল – (1))প্রাকৃতিক অধিকাৰ, 
(2) নৈতিক অধিকাৰ আৰু 
(3) আইনগত অধিকাৰ (Legal Rights) বা বৈধ অধিকাৰ।

Read More

জাতীয়তা আৰু জাতিৰ সাদৃশ্য আৰু বৈসাদৃশ্য

7:59 PM 0


(2) জাতি আৰু জাতিয়তাৰ মাজৰ সাদৃশ্যসমূহ লিখা  ।
 উত্তৰঃ  জাতি আৰু জাতিয়তাৰ মাজৰ সাদৃশ্যসমূহ হ’ল 
(১) 'জাতি' আৰু 'জাতীয়তা' দুয়োটা শব্দ মূল লেটিন শব্দ (Natio) ৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হৈছে জন্ম বা বংশ। সেয়ে প্রথম অৱস্থাত দুয়োটা শব্দই একে বংশত জন্মগ্রহণ কৰা লোককে বুজাইছিল।
(২) বর্তমান জাতি আৰু জাতীয়তা দুয়োটা শব্দৰ অৰ্থৰ পৰিসৰ বৃদ্ধি পাইছে।
(৩) জাতি আৰু জাতীয়তাৰ উপাদানসমূহৰ ক্ষেত্রতো সামঞ্জস্য থকা দেখিবলৈ পোৱা যায়। বংশগত ঐক্য, ভাষাগত ঐক্য, ধর্মীয় ঐক্য, ভৌগোলিক অখণ্ডতা, অর্থনৈতিক প্রয়োজন, উমৈহতীয়া ইতিহাস আৰু ঐতিহ্য আদি জাতি আৰু জাতীয়তা উভয়ৰে উপাদান।
(৪) জাতি আৰু জাতীয়তা দুয়ো সাধাৰণ জনসমাজৰ দ্বাৰা গঠিত হয়।
(৫) জাতি গঢ়াৰ পথত জাতীয়তা হ'ল প্রধান পদক্ষেপ।
(3) জাতি আৰু জাতীয়তাৰ মাজত থকা পার্থক্যসমূহ লিখা ।
উত্তৰ  : জাতি আৰু জাতীয়তাৰ মাজত থকা পার্থক্যসমূহ হ'ল-            (ⅰ) জাতিয়ে ৰাজনৈতিক সংগঠনক বুজায়। কিন্তু জাতীয়তাৰ লগত ৰাজনৈতিক সংগঠন জড়িত নহয়।
(ii) জাতি হৈছে জনসাধাৰণৰ দ্বাৰা সংগঠিত এটা একতাবদ্ধ গোট। কিন্তু জাতীয়তা এটা মনস্তাত্বিক ধাৰণা।
(iii) জাতি সাংস্কৃতিক ধাৰণা নহয়। আনহাতে জাতীয়তা এটা সাংস্কৃতিক ধাৰণা।
(iv) জাতিৰ ভৌগোলিক পৰিসৰ সীমিত। কিন্তু জাতীয়তাবাদৰ ভৌগোলিক পৰিসৰ বিস্তৃত। 
(v) জাতি গঠনৰ বাবে সার্বভৌমত্বৰ প্ৰয়োজন। আনহাতে জাতীয়তাৰ বাবে সার্বভৌমত্বৰ প্ৰয়োজন নহয়। 
(vi) জাতি হৈছে জাতীয়তাৰ পৰৱৰ্তী স্তৰ।জাতীয়তা গঠনৰ পাচতহে জাতি গঠন হয়।
(vii) জনসমষ্টি আৰু অৰাজনৈতিক ঐক্যই জাতীয়তা গঠন কৰে। আনহাতে, জনসমষ্টি, জাতীয়তা আৰু ৰাজনৈতিক সচেতনতাই জাতি গঠন কৰে।

Read More

জাতীয়তা

7:48 PM 0
(১) জাতীয়তা বুলিলে কি বুজা? জাতীয়তাৰ উপাদানবোৰ লিখা।
 উত্তৰ:  জাতীয়তা শব্দটি লেটিন শব্দ 'নেচো' (Natus) ৰ পৰা আহিছে, যাৰ অর্থ হৈছে 'জন্ম হোৱা'।উমৈহতীয়া ভাষা, সাহিত্য, সংস্কৃতি,ভৌগোলিক, সান্নিধ্য আদিৰ মাজেৰে সচেতনভাৱে  ঐক্যবদ্ধ হৈ সমূহীয়া উদ্দেশ্য সাধনৰ লক্ষ্য আগত ৰাখি জন্ম হোৱা স্বতন্ত্রতাকে 'জাতীয়তা' বোলা হয়।
 জাতীয়তাৰ সংজ্ঞাঃ   জাতীয়তাৰ সম্পৰ্কে  ৰাজনীতিবিদসকলে নিজৰ নিজৰ  মত অনুসৰি ভিন ভিন ধৰণে আগবঢ়াইছে ।তাৰে কেইটামান তলত উল্লেখ কৰা হ’ল ।
 লর্ড ব্রাইচৰ মতে, জাতীয়তা হ'ল ভাষা, সাহিত্য, ধর্ম, ধ্যানধাৰণা, ঐতিহ্য, ঐক্যবোধ আদিৰ ভিত্তিত সংগঠিত হোৱা এখন জনসমাজ আৰু যিয়ে একে ধৰণে ঐক্যবদ্ধ হোৱা জনসমাজৰ পৰা নিজকে স্বতন্ত্র বুলি ভাবে।” 
ফিল্ডৰ মতে, জাতীয়তা বাস্তৱত হ'ল এটা জনসমষ্টি যি নিজৰ বাবে এখন স্বতন্ত্র ৰাষ্ট্র গঠন কৰাৰ আকাংক্ষা কৰে।”
ওপৰত উল্লেখ কৰা সংজ্ঞাৰ পৰা ক’ব পাৰি যে উমৈহতীয়া ভাষা, সংস্কৃতি, ধ্যান-ধাৰণা, ধর্ম, ঐতিহ্য, ঐক্যবোধ, লক্ষ্য আৰু উদ্দেশ্যেৰে নির্দিষ্ট ভৌগোলিক অঞ্চলত বসবাস কৰা নির্দিষ্ট জনসমষ্টিৰ মনত জাগ্রিত হোৱা এক মানসিক স্বতন্ত্র ধাৰণা।                                                           
জাতীয়তাৰ উপাদানসমূহঃ জাতীয়তাৰ উপাদানসমূহ তলত চমুকৈ আলোচনা কৰা হ’ল ।
 (১)উমৈহতীয়া ভৌগোলিক অৱস্থান: উমৈহতীয়া ভৌগোলিক অঞ্চলত বহুদিন ধৰি একেলগে বাস কৰাৰ ফলত সেই মানুহখিনিৰ মাজত আত্মীয়তা গঢ় লৈ উঠে আৰু ফলত একাত্মবোধক সৃষ্টি হয়। এই একাত্মবোধৰ ফলতেই জাতীয়তা সৃষ্টি হয়।
② উমৈহতীয়া বংশঃ উমৈহতীয়া বংশৰ লোকৰ মাজত ঐক্যবদ্ধ হোৱাৰ প্রৱণতা বেছি। এনে প্রৱণতাই সকলোকে একত্রিত কৰি জাতীয়তা সৃষ্টিত অৰিহনা যোগায়।
③ উমৈহতীয়া ভাষাঃ উমৈহতীয়া ভাষাই জনসমষ্টিৰ মাজত একতাৰ ভাৱ সৃষ্টি কৰি জাতীয়তা গঠনত সহায় কৰে। 
④ উমৈহতীয়া ধর্মঃ উমৈহতীয়া ধর্মই বিভিন্ন শ্রেনীৰ লোকক একতাৰ ডোলেৰে বান্ধি জাতীয়তাৰ ভাৱ সৃষ্টিত বিশিষ্ট বৰঙনি যোগায়।
 ⑤ উমৈহতীয়া কাৰনৈতিক গাঁঠনিঃ উমৈহতীয়া কাজনৈতিক গাঁঠনিয়ে জনসাধাৰণক  আইনৰ জৰিয়তে বান্ধি একতা ভাৱ সৃষ্টি কৰে। এনে একতাবোধৰ ফলস্বৰূপে জাতীয়তাৰ সৃষ্টি হয় ।

Read More

ৰাষ্ট্ৰ

7:44 PM 0
১) ৰাষ্ট্র কাক? ইয়াৰ সংজ্ঞা  লিখা । ৰাষ্ট্রৰ উপাদানবোৰ লিখা।                
উত্তৰ : বিদেশী শাসনৰ পৰা সম্পূর্ণ মুক্ত হৈ স্বাধীনভাৱে সুনিয়ন্ত্রিত চৰকাৰৰ অধীনত নির্দিষ্ট ভূ-খণ্ডত স্থায়ীভাৱে বসবাস কৰা সংঘবদ্ধ জনসমষ্টিৰ সমাজকে ৰাষ্ট্র বুলি কোৱা হয় ।ৰাষ্ট্ৰ হ’ল ৰাজনৈতিক ৰূপে সংগঠিত সমাজ। 
ৰাষ্ট্ৰৰ সংজ্ঞা  : ৰাষ্ট্রৰ  সংজ্ঞা  ৰাজনৈতিক দাৰ্শনিকসকলে নিজৰ নিজৰ মত অনুসৰি  ভিন ভিন ধৰণে আগবঢ়াইছে । তাৰে কেইটামান তলত উল্লেখ কৰা হ’ল ।
 ব্লান্টসি (Bluntschli)ৰ মতে , “ৰাষ্ট্ৰ হৈছে এটা নির্দিষ্ট সীমাৰ ভিতৰত থকা ৰাজনৈতিক ভাৱে সংগঠিত জনসাধাৰণ।"         
গাণাৰ (Garner)ৰ মতে, “ৰাষ্ট্ৰ হৈছে মানুহৰ সমষ্টি, যি কম-বেছি পৰিমাণে, এক নির্দিষ্ট ভূ-খণ্ডৰ ভিতৰত, স্থায়ীভাৱে বসবাস কৰা, স্বাধীন, বাহ্যিক নিয়ন্ত্ৰণৰ পৰা মুক্ত আৰু বেছিভাগ মানুহৰে আনুগত্য থকা এখন চৰকাৰ আছে।"       
লাস্কি (Laski)ৰ মতে ,”ৰাষ্ট্ৰ হৈছে এখন চৰকাৰ আৰু প্ৰজাসকলত বিভাজন কৰা ভূখণ্ডমূলক সমাজ, যদিও ব্যক্তি বা ব্যক্তিৰ সমষ্টি যাৰ সম্পৰ্কবোৰ চৰম ক্ষমতা প্রয়োগ কৰাৰ দ্বাৰা স্থিৰ কৰা হয়।" 
উড্র উইলছন (Woodraw Wilson)ৰ মতে, “ৰাষ্ট্ৰ হৈছে এক নির্দিষ্ট ভূ-খণ্ডৰ ভিতৰত আইন অনুসাৰে সংগঠিত জনসাধাৰণৰ সংগঠন।" 
গীলখ্রীষ্ট (Glichrist)ৰ মতে , “ৰাষ্ট্ৰ হৈছে ৰাজনীতি বিজ্ঞানৰ এটি ধাৰণা আৰু এক নৈতিক সত্তা য'ত এক নির্দিষ্ট সংখ্যক জনসাধাৰণ, এক নির্দিষ্ট সীমাৰ ভিতৰত বাস কৰে, এখন চৰকাৰৰ অধীনত তেওঁলোকৰ সাৰ্বভৌমত্ব প্রকাশ কৰে আৰু বাহ্যিক ক্ষেত্ৰত আন চৰকাৰৰ পৰা স্বাধীন।”
ৰাষ্ট্রৰ উপাদানঃৰাষ্ট্ৰৰ উপাদান চাৰিটা। সেইকেইটা হ’ল জনসমষ্টি, নির্দিষ্ট ভূ-খণ্ড, চৰকাৰ আৰু সাৰ্বভৌমত্ব । এই উপাদান চাৰিটাক তলত  চমুকৈ  বৰ্ণনা কৰা  হ’ল ।
(১) জনসংখ্যাঃ কিছুমান মানুহ কোনো ঠাইত স্থায়ীভাৱে সংঘবদ্ধ হৈ বাস কৰিলে ৰাষ্ট্ৰৰ উৎপত্তি হয়। । এখন ৰাষ্ট্ৰত জনসংখ্যা কিমান থাকিব লাগিব তাৰ কোনো ধৰা-বন্ধা নিয়ম নাই। প্লেটো আৰু ৰুছোৰ মতে আদর্শ ৰাষ্ট্ৰৰ জনসংখ্যা ক্রমে ৫০৪০ জন আৰু ১০,০০০জন হোৱা উচিত। 
(২) নির্দিষ্ট ভূ-খণ্ড (Territory): নির্দিষ্ট ভূ-খণ্ডৰ অবিহনে ৰাষ্ট্র গঠন কৰা সম্ভৱ নহয়। ৰাষ্ট্রৰ নিৰাপত্তা আৰু শক্তিৰ কাৰণে নির্দিষ্ট ভূখণ্ড নিতান্তৰ প্রযোজন। কিন্তু এখন ৰাষ্ট্ৰৰ  ভূ-খণ্ডৰ আয়তনৰ সম্পর্কে কোনো ধৰা বন্ধা নিয়ম নাই। এখন ৰাষ্ট্রৰ ভূ-খণ্ডই ইয়াৰ চাৰিসীমাৰ ভিতৰত থকা ভূমিকে আদি কৰি পাহাৰ, হ্রদ, নদ-নদী, সাগৰ, আকাশমার্গ সকলোকে সামৰি লয়।  
(৩)  চৰকাৰ :  ৰাষ্ট্র গঠনৰ বাবে চৰকাৰ অতি গুৰুত্বপূর্ণ উপাদান। চৰকাৰ হ’ল ৰাষ্ট্ৰ এখনৰ এনে  এক উচ্চ ক্ষমতাসম্পন্ন সংস্থা যিয়ে জনসমষ্টিক সুসংবদ্ধ আৰু সুশৃংখল কৰে, ৰাষ্ট্ৰৰ আভ্যন্তরীণ শান্তি-শৃংখলা বজায় ৰখাৰ উপৰিও বিদেশী শক্তির আক্রমণৰ পৰা দেশৰ সার্বভৌমত্বক ৰক্ষা কৰাৰ কাৰণে সকলো চৰকাৰী ব্যৱস্থা গ্রহণ কৰে। অর্থাৎ চৰকাৰ হ'ল ৰাষ্ট্রৰ ইচ্ছাক কাৰ্যকাৰী  কৰাৰ যন্ত্রস্বৰূপ । সেয়ে, চৰকাৰৰ অবিহনে ৰাষ্ট্র সৃষ্টি হ'ব নোৱাৰে।
(4) সার্বভৌমত্ব (Sovereignty): সার্বভৌমত্ব অবিহনে ৰাষ্ট্র গঠন হ'ব নোৱাৰে । সার্বভৌমত্ব হ’ল ৰাষ্ট্রৰ চৰম ক্ষমতা যিয়ে ৰাষ্ট্রৰ আভ্যন্তৰীণ আৰু বাহ্যিক দুয়ো দিশত স্বাধীনভাৱে  আৰু  নিজ পদ্ধতিৰে  কার্যকলাপ পৰিচলনা কৰিবলৈ ক্ষমতা দিয়ে। সেয়ে ই ৰাষ্ট্র গঠনৰ বাবে অপৰিহার্য  উপাদান।

Read More

Post Top Ad

Your Ad Spot