ৰাষ্ট্ৰ - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

20141015_114706_002_001

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

top-bannner2-1

Post Top Ad

Wikipedia

Search results

Tuesday, July 30, 2024

ৰাষ্ট্ৰ

Your Ad Spot
১) ৰাষ্ট্র কাক? ইয়াৰ সংজ্ঞা  লিখা । ৰাষ্ট্রৰ উপাদানবোৰ লিখা।                
উত্তৰ : বিদেশী শাসনৰ পৰা সম্পূর্ণ মুক্ত হৈ স্বাধীনভাৱে সুনিয়ন্ত্রিত চৰকাৰৰ অধীনত নির্দিষ্ট ভূ-খণ্ডত স্থায়ীভাৱে বসবাস কৰা সংঘবদ্ধ জনসমষ্টিৰ সমাজকে ৰাষ্ট্র বুলি কোৱা হয় ।ৰাষ্ট্ৰ হ’ল ৰাজনৈতিক ৰূপে সংগঠিত সমাজ। 
ৰাষ্ট্ৰৰ সংজ্ঞা  : ৰাষ্ট্রৰ  সংজ্ঞা  ৰাজনৈতিক দাৰ্শনিকসকলে নিজৰ নিজৰ মত অনুসৰি  ভিন ভিন ধৰণে আগবঢ়াইছে । তাৰে কেইটামান তলত উল্লেখ কৰা হ’ল ।
 ব্লান্টসি (Bluntschli)ৰ মতে , “ৰাষ্ট্ৰ হৈছে এটা নির্দিষ্ট সীমাৰ ভিতৰত থকা ৰাজনৈতিক ভাৱে সংগঠিত জনসাধাৰণ।"         
গাণাৰ (Garner)ৰ মতে, “ৰাষ্ট্ৰ হৈছে মানুহৰ সমষ্টি, যি কম-বেছি পৰিমাণে, এক নির্দিষ্ট ভূ-খণ্ডৰ ভিতৰত, স্থায়ীভাৱে বসবাস কৰা, স্বাধীন, বাহ্যিক নিয়ন্ত্ৰণৰ পৰা মুক্ত আৰু বেছিভাগ মানুহৰে আনুগত্য থকা এখন চৰকাৰ আছে।"       
লাস্কি (Laski)ৰ মতে ,”ৰাষ্ট্ৰ হৈছে এখন চৰকাৰ আৰু প্ৰজাসকলত বিভাজন কৰা ভূখণ্ডমূলক সমাজ, যদিও ব্যক্তি বা ব্যক্তিৰ সমষ্টি যাৰ সম্পৰ্কবোৰ চৰম ক্ষমতা প্রয়োগ কৰাৰ দ্বাৰা স্থিৰ কৰা হয়।" 
উড্র উইলছন (Woodraw Wilson)ৰ মতে, “ৰাষ্ট্ৰ হৈছে এক নির্দিষ্ট ভূ-খণ্ডৰ ভিতৰত আইন অনুসাৰে সংগঠিত জনসাধাৰণৰ সংগঠন।" 
গীলখ্রীষ্ট (Glichrist)ৰ মতে , “ৰাষ্ট্ৰ হৈছে ৰাজনীতি বিজ্ঞানৰ এটি ধাৰণা আৰু এক নৈতিক সত্তা য'ত এক নির্দিষ্ট সংখ্যক জনসাধাৰণ, এক নির্দিষ্ট সীমাৰ ভিতৰত বাস কৰে, এখন চৰকাৰৰ অধীনত তেওঁলোকৰ সাৰ্বভৌমত্ব প্রকাশ কৰে আৰু বাহ্যিক ক্ষেত্ৰত আন চৰকাৰৰ পৰা স্বাধীন।”
ৰাষ্ট্রৰ উপাদানঃৰাষ্ট্ৰৰ উপাদান চাৰিটা। সেইকেইটা হ’ল জনসমষ্টি, নির্দিষ্ট ভূ-খণ্ড, চৰকাৰ আৰু সাৰ্বভৌমত্ব । এই উপাদান চাৰিটাক তলত  চমুকৈ  বৰ্ণনা কৰা  হ’ল ।
(১) জনসংখ্যাঃ কিছুমান মানুহ কোনো ঠাইত স্থায়ীভাৱে সংঘবদ্ধ হৈ বাস কৰিলে ৰাষ্ট্ৰৰ উৎপত্তি হয়। । এখন ৰাষ্ট্ৰত জনসংখ্যা কিমান থাকিব লাগিব তাৰ কোনো ধৰা-বন্ধা নিয়ম নাই। প্লেটো আৰু ৰুছোৰ মতে আদর্শ ৰাষ্ট্ৰৰ জনসংখ্যা ক্রমে ৫০৪০ জন আৰু ১০,০০০জন হোৱা উচিত। 
(২) নির্দিষ্ট ভূ-খণ্ড (Territory): নির্দিষ্ট ভূ-খণ্ডৰ অবিহনে ৰাষ্ট্র গঠন কৰা সম্ভৱ নহয়। ৰাষ্ট্রৰ নিৰাপত্তা আৰু শক্তিৰ কাৰণে নির্দিষ্ট ভূখণ্ড নিতান্তৰ প্রযোজন। কিন্তু এখন ৰাষ্ট্ৰৰ  ভূ-খণ্ডৰ আয়তনৰ সম্পর্কে কোনো ধৰা বন্ধা নিয়ম নাই। এখন ৰাষ্ট্রৰ ভূ-খণ্ডই ইয়াৰ চাৰিসীমাৰ ভিতৰত থকা ভূমিকে আদি কৰি পাহাৰ, হ্রদ, নদ-নদী, সাগৰ, আকাশমার্গ সকলোকে সামৰি লয়।  
(৩)  চৰকাৰ :  ৰাষ্ট্র গঠনৰ বাবে চৰকাৰ অতি গুৰুত্বপূর্ণ উপাদান। চৰকাৰ হ’ল ৰাষ্ট্ৰ এখনৰ এনে  এক উচ্চ ক্ষমতাসম্পন্ন সংস্থা যিয়ে জনসমষ্টিক সুসংবদ্ধ আৰু সুশৃংখল কৰে, ৰাষ্ট্ৰৰ আভ্যন্তরীণ শান্তি-শৃংখলা বজায় ৰখাৰ উপৰিও বিদেশী শক্তির আক্রমণৰ পৰা দেশৰ সার্বভৌমত্বক ৰক্ষা কৰাৰ কাৰণে সকলো চৰকাৰী ব্যৱস্থা গ্রহণ কৰে। অর্থাৎ চৰকাৰ হ'ল ৰাষ্ট্রৰ ইচ্ছাক কাৰ্যকাৰী  কৰাৰ যন্ত্রস্বৰূপ । সেয়ে, চৰকাৰৰ অবিহনে ৰাষ্ট্র সৃষ্টি হ'ব নোৱাৰে।
(4) সার্বভৌমত্ব (Sovereignty): সার্বভৌমত্ব অবিহনে ৰাষ্ট্র গঠন হ'ব নোৱাৰে । সার্বভৌমত্ব হ’ল ৰাষ্ট্রৰ চৰম ক্ষমতা যিয়ে ৰাষ্ট্রৰ আভ্যন্তৰীণ আৰু বাহ্যিক দুয়ো দিশত স্বাধীনভাৱে  আৰু  নিজ পদ্ধতিৰে  কার্যকলাপ পৰিচলনা কৰিবলৈ ক্ষমতা দিয়ে। সেয়ে ই ৰাষ্ট্র গঠনৰ বাবে অপৰিহার্য  উপাদান।

No comments:

Post a Comment

Post Top Ad