মৌলিক অধিকাৰ - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

20141015_114706_002_001

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

top-bannner2-1

Post Top Ad

Wikipedia

Search results

Tuesday, July 30, 2024

মৌলিক অধিকাৰ

Your Ad Spot

মৌলিক অধিকাৰ  : ভাৰতীয়  সংবিধান আদালতৰ দ্বাৰা বলবৎযোগ্য হোৱাকৈ যিবোৰ অধিকাৰ নাগৰিকৰ প্রতিভা বিকাশ আৰু ব্যক্তিত্ব বিকাশৰ বাবে অন্তর্ভুক কৰা হৈছে, সেইবোৰ অধিকাৰকে মৌলিক অধিকাৰ বোলা হয়। আৰম্ভনিতে ভারতবর্ষত সংবিধানত ৭টা মৌলিক অধিকাৰ অন্তর্ভুক্ত কৰা হৈছিল। কিন্তু 1971 চনৰ 24 তম সংবিধান সংশোধনীৰ আইনে সংসদক মৌলিক অধিকাৰ সংশোধনৰ ক্ষমতা  প্রদান কৰে। সেয়ে মৌলিক অধিকাৰবোৰ বাদযোগ্য হ’লেও চৰম(স্থায়ী) নহয়। 1978 চনৰ 44 তম সংশোধনীৰ অনুসৰি মূল সংবিধানৰ পৰা ‘সম্পত্তি অধিকাৰ'ক মৌলিক অধিকাৰৰ পৰা বাতিল কৰা হ'ল। শেহতীয়া 2002 চনৰ 86 তম সংশোধনীষ যোগেদি তৃতায় অধ্যায়ৰ ২১(ক) অংশ যোগ কৰি শিক্ষাৰ আাধিকাক মৌলিক অধিকাৰ হিচাপে অন্তভুক্ত কৰা হয়।  বর্তমান ভাৰতীয় সংবিধানত তৃতীয় অধ্যায়ৰ ১২ নং অনুচ্ছেদৰ পৰা ৩৫নং অনুচ্ছেদলৈকে মুঠ ২৪টা অনুচ্ছেদত ৬ বিধ মৌলিক অধিকাৰ সন্নিবিষ্ট হৈ আছে।                                                              মৌলিক অধিকাৰৰ গুৰুত্বঃ
 (১) মৌলিক অধিকাৰে দেশৰ সংখ্যালঘুসকলৰ মনত সুৰক্ষা ভার্ সৃষ্টি কৰে।
② মৌলিক অধিকাৰে সংখ্যাগৰিষ্ঠ শাসনৰ গণতান্ত্রিক বৈধতাৰ গাঁঠনি তৈয়াৰ কৰে।
③ এই অধিকাৰে আচৰণ আর্হি, নাগৰিকত্ব, ন্যায়, আৰু নায্য ব্যৱস্থা আদি প্রদান কৰে। 
④ ইহঁতে চৰকাৰৰ নিয়ন্ত্রক হিচাপে কাম কৰে।
 ⑤ ইঁহঁতে জনমত গঠন কৰি শাসনত অধিষ্ঠিত চৰকাৰৰ বিৰুদ্ধে থিয় দিয়াৰ ক্ষমতা প্রদান কৰে।                                                             মৌলিক অধিকাৰবোৰ হ'ল-
১। সমতাৰ অধিকাৰ 
২। স্বাধীনতাৰ অধিকাৰ 
৩। শোষণৰ বিৰুদ্ধে অধিকাৰ ৪। ধর্মীয় অধিকাৰ 
৫। সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ 
৬। সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ।                                                               
সংবিধানে তলত দিয়া 6 টা মৌলিক স্বাধীনতা প্রদান কৰিছে।      
১। বাক্ আৰু মত প্ৰকাশৰ স্বাধীনতা 
২। বিনা অস্ত্রই শান্তিপূর্ণভাৱে সমবেত হোৱাৰ অধিকাৰ 
৩। সংস্থা বা সংঘ গঠনৰ অধিকাৰ 
৪। ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত স্বাধীনভাৱে ঘুৰিফুৰাৰ অধিকাৰ।
 ৫। ভাৰতৰ যিকোনো অঞ্চলত বসবাস কৰাৰ অধিকাৰ ।
৬। যিকোনো বৃত্তি বা ব্যৱসায় গ্ৰহণ কৰাৰ অধিকাৰ।                                      

মৌলিক অধিকাৰ বাদযোগ্য : মৌলিক অধিকাৰ বাদযোগ্য অর্থাৎ কোনো ব্যক্তি, সংস্থা নাইবা চৰকাৰৰ কোনো অংগই মৌলিক অধিকাৰৰ ওপৰত অযথা হস্তক্ষেপ কৰিলে, এই হস্তক্ষেপৰ বিরুদ্ধে আদালতৰ সহায় ল'ব পাৰি। সংবিধানত ৩২-নং অনুচ্ছেদ আৰু ২২৬নং অনুচ্ছেদৰ জৰিয়তে মৌলিক অধিকাৰ ৰক্ষাৰ কাৰণে ক্রমান্বয়ে উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপিব পাৰি আৰু ন্যায়ালয়ে নাগনিকৰ মৌলিক অধিকাৰ ৰক্ষাৰ ব্যৱস্থা কৰে। সেয়েহে ন্যায়ালয়ক মৌলিক অধিকাৰৰ ৰক্ষক বুলি আখ্যা দিয়া হয়।
১) ভাৰতীয় মৌলিক কর্তব্যবোৰ লিখা । ২০২২                                                                
উত্তৰ :  ভাৰতীয় সংবিধানত ১৯৭৬ চনৰ ৪২তম সংশোধনী অনুসৰি সংবিধানৰ চতুর্থ অংশৰ ৫১কে) অনুচ্ছেদত ১০ টা আৰু ২০০২চনৰ ৮৬তম সংশোধনী অনুসৰি ৫১(ক) অনুচ্ছেদৰ k অংশত ১টা মৌলিক কর্তব্য সন্নিবিষ্ট কৰা হৈছে।এতেকে মুঠ ১১টা মৌলিক কর্তব্য সংবিধানত বর্তমানলৈকে পোৱা যায়। সেইবোৰ হ'ল- 
১। সংবিধান মানি চলা আৰু ৰাষ্ট্ৰীয় পতাকা আৰু ৰাষ্ট্ৰীয় সংগীতৰ প্রতি শ্রদ্ধা প্রদান কৰা, 
২। স্বাধীনতা আন্দোলনক অনুপ্রাণিত কৰা মহান আদর্শসমূহ শোষণ কৰা আৰু অনুসৰণ কৰা; 
৩। ভাৰতবৰ্ষৰ একতা আৰু সংহতি ৰক্ষা কৰা; 
৪। যেতিয়াই প্রয়োজন হয় তেতিয়াই দেশখন ৰক্ষা কৰা; 

৫। সকলো শ্ৰেণীৰ মানুহৰ মাজত সদভাৱ আৰু ভাতৃত্ববোধৰ সৃষ্টি কৰা মহিলাসকলক মর্যাদা প্রদান কৰা;

৬। আমাৰ মূল্যৱান ঐতিহ্যৰ ৰক্ষা আৰু মিশ্র সংস্কৃতিৰ সংৰক্ষণ কৰা; 

৭। বনানি, হ্রদ, নদ-নদী, বন্য জন্তু আদিকে ধৰি প্ৰাকৃতিক পৰিৱেশ ৰক্ষা আৰু উন্নতি সাধন কৰা; 

৮। বৈজ্ঞানিক দৃষ্টিভংগী আৰু মানৱতাবোধৰ সৃষ্টি কৰা; 

৯। ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংসাৰ মনোভাৱ ত্যাগ কৰা; 

১০। ব্যক্তিগত আৰু সামুহিক সকলো কাম-কাজত উৎকর্ষ সাধনৰ চেষ্টা কৰা।

১১।মাক-দেউতাক বা অভিভাৱকসকলে 6ৰ পৰা 14 বছৰৰ ভিতৰৰ শিশু বা নাবালকসকলক শিক্ষা গ্ৰহণৰ সুবিধা প্রদান কৰা।

No comments:

Post a Comment

Post Top Ad