ইয়াৰ দ্বাৰা দীচুচ শিক্ষণকেন্দ্ৰৰ সকলো ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক অভিভাৱক জনাওঁ যে যোৱা ইং ১৬/০৯/২০২২তাৰিখ শুক্ৰবাৰে অনুষ্ঠিত কৰা "দীচুচ শিক্ষণকেন্দ্ৰৰ ছাত্ৰ একটা " বৈঠকত তলত উল্লেখ কৰা বিষয়কেইটাৰ ওপৰত আলোচনা কৰা হৈছিল আৰু এই বিষয়কেইটাত সন্মতি বিচাৰি আৰু কাৰ্যকৰী কৰাৰ উপলক্ষ্যে শ্ৰীযুত মিণ্টু দোলাকাষৰীয়া মহোদয়ক অনুৰোধ কৰিছিলোঁ ।
১) ৯০% ওপৰত কৰা ছাত্ৰ-ছাত্ৰীক কিছু উপহাৰ প্ৰদান কৰিব লাগে । এইটো প্ৰতি বছৰেই প্ৰযোজ্য হোৱাকৈ বাৰ্তাই ৰাখিব লাগে ।
বি:দ্ৰ : ছাৰে এইটো বিষয়ত সমৰ্থন দি কাৰ্যাকাৰী কৰাৰ কথা দিছে । যিসকল ছাত্ৰ-ছাত্ৰীয়ে ছয়মহীয়া আৰু বছৰেকীয়া পৰীক্ষাত প্ৰতিটো বিষয়ত ৯০% ওপৰত পাব তাৰে প্ৰথমজনক দুমাহৰ টিউচন মাচুল ফ্ৰী আৰু এক হাজাৰ বহী কিতাপ ল'বলৈ টকা দিয়া ঘোষণা কৰিছে ।
মেট্ৰিক পৰীক্ষাত যদি সভাপতি-সাধাৰণ সম্পাদকে প্ৰতিটো বিষয়তে ৯০% শতাংশ আনিব পাৰে ,তেন্তে প্ৰথম জনক 5,000 উপহাৰ দিয়া কথাও অৱগত কৰে ।
২) সভাপতি-সাধাৰণ সম্পাদকক কিছু সা -সুবিধা প্ৰদান কৰিব লাগে । যেনে--এমাহ টিউচন ফিজ ৰেহাই, এযোৰ স্কুলৰ পোছাক যোগান ধৰা।
বি :দ্ৰ: ছাৰে এইটোতো সমৰ্থন আগবঢ়াইছে ।
ছাৰে ইতিমধ্যে অৱগত কৰিছে যে ---এই কাম বৰ্তমানেও বাহাল ৰাখা হৈ আছে আৰু ভৱিষ্যতলৈও থাকিব ।
৩) টিউচন চেণ্টাৰত সভাপতি আৰু সাধাৰণ সম্পাদকৰ বাবে এটাকৈ jio mobile মোবাইল যোগান ধৰা ।
বি:দ্ৰ: এইটো ছাৰে নাকচ কৰিছে ।
৪)কোনো ভ্ৰমণসূচী হাতত ল'লে সাধাৰণ সম্পাদক আৰু সভাপতি মহোদয়ক ভ্ৰমণৰ আধা ভাড়া লোৱা ।
বি : দ্ৰ : এই চৰ্তটো চাৰে গ্ৰহণ কৰিছে ।
No comments:
Post a Comment