বৰষুণ ,বৰষুণ , বৰষুণ
এজাক কিনকিনীয়া বৰষুণ
বুকুত হাতখন থৈ নিশা শোওঁতেই হেৰাল নেকি হাঁহিবোৰ ?
নে ডবাপিতা বৰষুণ জাক দিওঁতে তুমি যে বুকুত হাত থৈ
কান্ধত তোমাৰ থুটলিটো লগাই ,গাত ভৰি তুলি গাপোট মাৰি ধৰি
শোওঁতেই ক'ৰবাত অন্তৰ্ধন হৈ গ'ল নেকি হাঁহিবোৰ ?
নাজানোঁ , নাজানোঁ কেনেকৈ হেৰাই গ'ল হাঁহিবোৰ ।
হৃদয়ৰ কোন কোণত থুপা খাই আছে হাঁহিবোৰ
নাজানোঁ তাকো ।
বহুদিন হ'ল বিৰিঙা নাই হাঁহি
ক'তনো হেৰাই গ'ল হাঁহিবোৰ ?
বহুত দিন হ'ল হাঁহো ক'লেও হাঁহিব পৰা নাই
নাজানোঁ কি হৈছে মোৰ ।
জীৱনৰ হাঁহিবোৰ দেখোন বিষাদ হৈ ব'ব ধৰিছে
দিন-ৰাতি একাকাৰ হৈ বিষত বুকুৰখন বৰকৈ বিষাব ধৰিছে ।
একোৱেই অনুভৱ কৰিব পৰা নাই মই
জীৱনটো হৈছে কি ?
নাজানোঁ, হাঁহিবোৰ কিয় হেৰাই গৈছে
নিশাবোৰ কিয় উজাগৰে ধাৱিত হৈছে।
কিনো অচিন ৰোগে ধৰিছে ,
মাথোঁ বিষাদ-বেদনা ,নিৰাশা ,হতাশাৰে জীৱনটি চলিছে ।
দেখা নাই কেওপিনে সুখ
নাজানোঁ আপোন বুলি ভবা লোকেও
কিয় ভাল নাপাই মোক ।
জীৱনৰ প্ৰতিটো পলেই তেওঁলোকৰ বাবেই খপি দিওঁ
নাজানোঁ তথাপিও কিয় নোবোজে মোক ।
সকলোদিশে দেখোঁ মাথোঁ বিশ্বাসঘাতকতা
বৰকৈ নুচুপাকৈ কান্দোঁ ,লুকাই লুকাই লোচন মচোঁ।
নাজানোঁ, কিয় হেৰাই গ'ল মোৰ প্ৰেৰিত মৰমবোৰ
সুধিবপৰাহেতেঁন সোধিয়েই পেলালোঁহেঁতেন
ক'ত হেৰাই গ'ল মোৰ মৰম-স্নেহবোৰ ?
তুমি বুকুত মোৰ থৈ , গাত সাবটি , গাত ভৰি থৈ
নিশা শোওঁতেই হেৰাই গ'ল নেকি হাঁহিবোৰ ?
হাজাৰটা প্ৰশ্ন মনত ,
কেনেকৈ হেৰাল মোৰ হাঁহিবোৰ ?
কেনেকৈ হাঁহিবোৰ পমি গৈ চকুলো হ'ল ?
আপোন মানুহো কিয় নিলগ হ'ল ?
মন যায় ,অ' বহুত মন যায়---
চিঞৰি চিঞৰি কান্দি বিষাদবোৰ বিনাবলৈ
মন যায় ক'বলৈ ---
মোৰ ভাল পোৱাবোৰ কিয় হেৰাই গ'ল ?
মোৰ মৰম-স্নেহবোৰৰ ক্ৰুটি ক'ত ৰৈ গ'ল ?
মোৰ হাঁহিবোৰ ক'ত কিয় কেতিয়া হেৰাই গ'ল ?
নাজানোঁ, কিয় হেৰাই গ'ল
ৰঙীণ সপোনৰ সতে লীন থকা হাঁহিবোৰ
কি অচিন ৰোগে আহি কাঢ়ি নিলে মোৰ হাঁহিবোৰ ।
আশা আছে এতিয়াও
ঘূৰি আহিব মোৰ হাঁহিবোৰ
চকুপানীবোৰ শুকোৱাই নিব অচিন দেশলৈ।
No comments:
Post a Comment