মানুহে হাত-ভৰি ধুই অহাৰ পাছত হাত -ভৰিৰ নখৰ পতাত কিছু সামান্য পৰিমাণে পানী লাগি থাকে । অসংখ্য মানুহৰ নখৰ পতাত লাগি থকা পানীবোৰ নিৰ্দিষ্ট এঠাইত জমা কৰিলে বৃহৎ পৰিমাণৰ পানীৰ ভাণ্ডাৰলৈ পৰিণত হৈ নৈ দৰে সুঁতি লৈ প্ৰৱাহিত হয় । ঠিক এনেদৰে ৰাইজে একত্ৰিত হৈ কোনো কাৰ্যৰ কাৰ্যসূচীক হাতত ল'লে অনায়াসে সেই কাৰ্য সম্পাদিত হৈ পৰে আৰু অনেক জটিল কাৰ্য তথা অসম্ভৱ কাৰ্যও অনায়াসে সম্পাদিত হৈ উঠে । দৃষ্টান্তস্বৰূপে ৰাইজৰ একক প্ৰচেষ্টাত নামঘৰ , ৰাস্তা-পদূলি , মথাউৰি বন্ধা ইত্যাদি ইত্যাদি বৃহৎ পুঁজিৰ কামবোৰ অনায়াসে সম্পাদিত হয় ।
2) ৰাইজে নখ জোকাৰিলে নৈ বয় : এই ফকৰা যোজনাটিৰ ব্যঞ্জনাৰ্থ হৈছে ৰাইজৰ একক প্ৰচেষ্টা আৰু সহায় সহযোগিতাৰ দ্বাৰা অনায়াসে জটিল কামকো সম্পাদন কৰি ফলপ্ৰসূ হ'ব পাৰি ।
No comments:
Post a Comment