শৰতৰ সোণ
তুমি শৰতৰ শীতল বতাহ
শীতল বতাহৰ তুমি মধু থফ
সোণ বুলি ক'লেও ফুলি উঠে
নিভাঁজ তোমাৰ মুখনি ।
থেহ তোমাৰ পেচ তোমাৰ
অভিমানো তোমাৰ , কিন্তু-----------
তুমি জানোঁ নোকোৱা
মই কেৱল তোমাৰ
তোমাৰেই আনৰ নহয় ।
শৰতৰ তুমি চন্দন
শৰতৰ আদৰৰ সোণ
সোণ মানেই সোণমনি
নিভাঁজ হৃদয়ৰ বসতি ।
শীতৰ সেমেকা ৰাতি
চন্দ্ৰৰ ৰূপালী কিৰণত
তুমি তুমিয়েই
মইতো নহওঁ তুমি ।
জোনবাইৰ ৰূপালী কিৰণত
ভাঁহি আহে মোৰ হৃদয়ত বসতি পাতা
তোমাৰ মোৰ অক্ষয়ৰ স্মৃতিবোৰ ।
অভিসমানি মনৰ তোমাৰ হৃদয়খনি লৈ
অভিমানি অভিমানি কথাবোৰ কৈ
আঁতৰি যাবলৈ খুজিও, থমকি ৰৈ
কৈ যোৱা গহীন গহীন ভাৱনাৰ স্বপ্নবোৰ
আজিও চুই যায় স্মৃতি হৈ ।
শ্ৰীমিণ্টু দোলাকাষৰীয়া ।
দীনাংক : ১২/০১২/২০১৯
No comments:
Post a Comment