স্বপ্ন দুই
" কি হ'ল বে ? কেচটো নগেন নে খগেন ? নে শুকান পুখুৰীত বগলী ধপধপনি ? " ----- প্ৰৱিত্ৰই ধেমালিৰে মোক কৈছিল ।
" মাৰ পালে গম পাই যাবা । তেতিয়া নগেন , খগেন কাকো চিনি নাপাবা । শুকান পুখুৰীত বগলীৰ ধপধপনিৰ উমান পাই যাবা । দেখিছা নাই , সৌ ফালে চোৱা ছাৰৰ হাতত সোতৰ নম্বৰ বেটডাল আছে আজি । পিঠিত বেটডালে মৰম কৰিব লাগে যদি পেটপেটাই থাকা । কাম নাই আৰু , শাৰী পাতা ।"
শ্ৰীকুণ ছাৰৰ হাতত এডাল শকত চাৰি ফুট দৈৰ্ঘ্যৰ বেত আছিল । প্ৰাৰ্থনাৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে ভালদৰে শাৰী নাপাতিলে , ঠেলা-হেঁচা কৰি থাকিলে ছাৰে ভালদৰে পিটন দিয়ে । সেয়ে ছাৰে বেত লৈ থাকিলে সকলোৱে নিৰৱ হৈ শাৰীবোৰ সুন্দৰকৈ পাতে । প্ৰাৰ্থনা শেষ হ'ল । শ্ৰেণীকক্ষত সোমালোঁ । কিন্তু নিৰ্জুমণিয়ে এবাৰো মোৰলৈ চোৱা নাছিল । প্ৰথম কলাংশ পাৰ হৈ গ'ল । দ্বিতীয় কলাংশ আছিল গণিত । গণিতৰ শিক্ষক যোগল ছাৰ । গণিতৰ কলাংশ আহিলেই আমি সকলোৱে কঁপি থাকোঁ । ছাৰৰ কলাংশত আমি দল ভাঙি পৃথক পৃথক বেঞ্চত বহোঁ যিটো ছাৰৰ কাঢ়া নিৰ্দেশ আছিল । মই গৈ বহিলোঁগৈ প্ৰথম বেঞ্চৰ প্ৰথমত । ছাৰৰ টেবুলখনৰ নিচেই ওচৰতে । ভাবিছিলোঁ নিৰ্জুমণিয়ে এবাৰ হ'লেও মাতিব , কিন্তু মোৰ ফালে কেয়াকৈও নাচালে । গণিতৰ কলাংশ অন্ত পৰিল । নিজৰ আসনলৈ ঘূৰি আহিলোঁ ।
" অই কেচটো কি ? মন কৰিছোঁ আজি দুয়ো নিমাত যে ? "--যোগেশ্বৰে সোধিছিল ।
" বিশেষ একো হোৱা নাই ।"
" আমাৰ পৰাও কথা লোকোৱাব খুজিছ । মানে আমি একোৱেই নহয় তোৰ । "
" মই জানোঁ ক'লোঁ তেনেকৈ । দুখতে দুখ দিছা যে ।"
" কালি পৰা তহঁত দুটাৰ মাজত কিবা হৈ আছে । ক' চোন কি হৈছে ? মিলাই দিম নহয় । চিন্তা নকৰিবি । হাম হেই না ।"
" শুনা , তোমালোকেতো জানাই মোৰ কথা যে মই সপোনৰ বন্ধু-ভাইটিৰ অন্বেষণত আছোঁ । সেয়ে তাইৰ পৰা কিছু আঁতৰত থাকিব বিচাৰিছোঁ । সেই কথা তাইক ক'লোঁ । মনত দুখ কৰি আছে । সেইকাৰণে মোৰ মনটোও ভাল লগা নাই ।"
" চিন্তা নকৰিবি । টিফিনৰ সময়ত সকলো ঠিক হৈ যাব । "
সময়বোৰ বাগৰি বিৰতিৰ কলাংশ সমাগত হ'ল । সকলোৱে শ্ৰেণীৰ পৰা ওলাই গ'ল । মই ডেস্কখনতে মূৰটো থৈ শুই আছিলোঁ । যোগেশ্বৰহঁতো ওলাই গৈছিল । পাঁচ মিনিট মানৰ পাছত যোগেশ্বৰ মোৰ ওচৰলৈ আহিল । ক'লে --"ব'লা ফিল্ডত বহোঁগৈ । সকলোৱে তাতে বহি আছে । তোক মাতি পঠিয়াইছে ।"
" নিৰ্জুমণি ক'ত আছে ? "
" তাতে আছে বৈ ।"
ভাবিলোঁ , শেষ বাৰৰ বাবে এবাৰ কথা পাতি আহোঁগৈ । মই মনটোক নিয়ন্ত্ৰণাধীন কৰিব পৰা নাছিলোঁ । কি কৰোঁ , কি নকৰোঁ লাগি আছিল । এফালে নিৰ্জুমণিৰ প্ৰতি মন , আনফালে বন্ধু-ভাইটিৰ প্ৰতি হেঁপাহ । অৱশেষত ফিল্ডলৈ যোৱা কথাটো থিৰাং কৰি গ'লোঁ । দেখিলোঁ ,সকলোৱে গোল হৈ বহি আছে । ওচৰত গৈ পোৱাত সুৰভিয়ে ক'লে --বহা বহা , কি কৰি আছিলা ? ইয়াত তোমাৰ বাবেই আমি ৰৈ আছোঁ ।
" এনেই ৰোমতে বহি আছিলোঁ । "
" তোমালোক দুজনে আজি বৰকৈ কথা পাতা নাই যে কি হ'ল নো ? প্ৰথমে কোনে ক'ব , নিৰ্জুমণিয়ে নে তুমি ? "
" মই মাতিছোঁ নহয় । কিন্তু কাইলৈৰ পৰাহে তাইক নামাতো বুলি কৈছোঁ । "
" কিয় ?" ---ৰেণুমনিয়ে আৰ্তনাদ হৈ মাত দিলে । বাকীসকলেও মোৰ চকুলৈ চালে ।
" তোমালোকে জানিও নাজানাৰ ভাওঁ ধৰিছাঁ । হয়তো বহুত দিন হোৱা বাবে পাহৰিয়ে গ'লা চাগে , মোৰ সপোনবোৰ কথা । "--- নিৰ্জুমণিৰ ফালে চাই লাহেকৈ কথাবোৰ ক'লোঁ ।
" সপোনৰ লগত কি সম্পৰ্ক আছে , ইয়াক মাতা নামাতাক লৈ ।" ---- মাজনিয়ে সোধে ।
বলিনে ক'লে -" মাজনি , তুমি নুবুজিবা এইবোৰ বহুত কথা । তাতে বহুত পুৰণি । তোমাৰ মনত নাই চাগে , এই ঘটনাটোৰ কথা । নিৰ্জুমণিয়ে বাৰু নাজানে । "
" ময়ো নাজানোঁ । কোৱা চোন কথাটো কি ? "
" মিণ্টুৱে আমাৰ আগতে প্ৰতিজ্ঞা লৈছিল যে জীৱনত সোপনৰ ভাইটি আৰু বন্ধুক লগ নোপোৱালৈকে কোনো ছোৱালীৰ লগত প্ৰেম নকৰে আৰু বিয়া নাপাতে । ভালদৰে পঢ়া-শুনা কৰিব । এই প্ৰতিশ্ৰুতিটো জানোঁ আমিয়েই ল'বলৈ কোৱা নাছিলোঁ । "
" বন্ধুজনৰ সপোনটো কোৱা দিনাখন মই আছিলোঁ কিন্তু ভাইটিৰ সপোনটোৰ কথা কওঁতে মই নাছিলোঁ চাগে । মনত পৰা নাই । বাৰু সপোনটো আজি আকৌ ক'বা নে ? ময়ো শুনিম আৰু নিৰ্জুমণিয়েও শুনিব । আজি অন্তিম দিন বুলি ধৰি লোৱা । কোনো দিনেই আৰু আজিৰ পৰা এনেদৰে আমি মেল পাতি নবহোঁ ।"
সকলোৱে এক স্বৰত কৈ উঠিল , --" আকৌ এবাৰ ভাইটিটিৰ সপোনটোৰ কথাখিনি কোৱা চোন । আমি একেবাৰে সৰু কাললৈ গুচি যাওঁ । মনটো ভাল লাগিব দিয়া ।"
মই নিৰ্জুমণিৰ চকুলৈ চাইছিলোঁ । তাইয়ো মোৰ চকুলৈ চাই পঠিওৱাত মই তল মূৰ কৰি দিছিলোঁ ।
" কোৱা যদি সোনকালে কোৱা । সময় নাই বেছি । নজনা কিছু কথা জানিবলৈ পাৰিম ।"--নিৰ্জুমণিয়ে শুৱলা কণ্ঠৰে মাত দিয়ে ।
বিৰতিৰ সময়ত অন্তিম দিনৰ বাবে আমাৰ দলটোৱে এক লগ হৈ ফিল্ডত বহিছিলোঁ । ভাবিলোঁ , নিৰ্জুমনিয়েও শুনিবলৈ বিচাৰিছে যেতিয়া কৈ দিওঁ । অন্তত মোৰ মনৰ কথাখিনি বুজি পাব ।
ভাইটিৰ কথা ক'লেই মোৰ মনলৈ তাৰ ছবিটিয়েই ভাঁহি আহে । কি ভাল লাগিছিল সেই মুহূৰ্তকণত যি ক্ষণত দুয়োৱে সেউজ পৃথিৱীৰ বিনন্দীয়া সৌন্দৰ্যত বিলিন হৈ পৰিছিলোঁ। মনত পৰিলেই সপোনৰ সমগ্ৰ দৃশ্যবোৰ জলজল পটপটকৈ চকুৰ আগত উজ্জ্বলি উঠে । সেইবাবে ভাইটিটিক দেখা সপোনটি ক'বলৈ ক'লে মোৰ মনটো আনন্দত মতলীয়া হয় ।
" ঠিক আছে হ'ব বাৰু কৈছোঁ শুনা ---মই এটা কোঠাত অকলে বহি আছিলোঁ । সেই কোঠাটোলৈ এজন মৰম লগা ভাইটি সোমাই আহিল । ভাইটিৰ গা বৰণ মুগা বৰণীয়া , ধৰা যোগেশ্বৰৰ দৰে ছালৰ ৰং। ভাইটিটোৱে আহি মোৰ কাষত বহিল । বয়স চাৰি বছৰৰ মানেই হ'ব। কথা কিন্তু বহিয়া কয়। কথাবোৰ বৰ মৰম লগা । মোৰ ওচৰত আছিল এটা ফল-মূলৰ খৰাহী । তাত আছিল পকা কল, আপেল আৰু কমলা । ভাইটিটোৱে আহি মই বহি থকা বেঞ্চখনতে বহিল । মই খৰাহীটোৰ পৰা খাবলৈ হাতত এটা কল লৈ আছিলোঁ । ভাইটিজনে মোৰ হাতৰপৰা কলটো কাঢ়ি লৈ বাকলি গুচাই খাই পেলালে । মই সোধিলোঁ , " তুমি কিয় মোৰ কলটো ল'লা ? খৰাহীত ইমানবোৰ আছে দেখা নাই নেকি ? "
উৎফুল্লিত মুখখনত এটি হাঁহি বিৰিঙাই ক'লে - " তোমাৰ হাতত থকা কলটো খাই বহুত ভাল লাগিল । এইবোৰ খোৱাহেঁতেন , ইমান ভাল নালাগিলহেঁতেন ।"
মই নিৰৱ শ্ৰোতা হৈ পৰিলোঁ । মুখৰ পৰা একো শব্দ নিগৰিত নহ'ল। মই তাৰ মুখলৈ চাই ৰ'লোঁ । ভাবিলোঁ , পোৱালি কম নহয় । এনে সময়তে ভাইটিজনে খৰাহীৰ পৰা দুটা কমলা বাছি হাতত লয়। তাৰে এটা মোক দিলে , আৰু আনটো সি খাবলৈ গুচালে । ময়ো কমলাটো খাবলৈ বাকলিবোৰ গুচালোঁ। গুচাই শেষ কৰি ককমাইনা ভাইটিটিৰ হাতলৈ চাই পঠালোঁ। দেখিলোঁ কমলাটো গুচাই ৰৈ আছে । মৰম লগা দেৱতা নয়নযুৰি মোৰ চকুত থৈ ক'লে -" তোমাৰ কমলাটো মোক দিবা নেকি ? মোৰটো তোমাক দিম ।"
মই ভাবিলোঁ তাৰটো বেয়া চাগে , সেইবাবে মোৰটো বিচাৰিছে। মই তাৰফালে চাওঁতে সি মোৰ হাতৰপৰা টপৰাই কমলাটো কাঢ়ি ল'লে । মই উত্তৰ দিয়া পৰিৱৰ্তে প্ৰশ্নহে সোধাৰ সুবিধা পালোঁ । ক'লো " তুমি কিয় মোৰ কমলাটো কাঢ়ি ল'লা ? খৰাহীত আৰু ভাল কমলা আছে নহয় ।"
" তুমি ভুলকৈ মনত ভাবিছাঁ । মোৰ কমলাটো বেয়া নহয়, দাদা । মানে মায়ে কৈছিল-খোৱা বস্তুত আৰু সকলো বস্তুতে মৰম থাকে । দুজনৰ মাজত খোৱা বস্তু সলাই খালে হেনো মৰমবোৰ এডাল চিঙিব নোৱাৰা ৰচিৰ দৰে টান হৈ পৰে আৰু মৰম বাঢ়ে । মায়ে কয় সেয়াই হেনো মৰম । সেইবাবে মই সলাই খাব খুজিছোঁ ।তোমাক মৰম দিব খুজিছোঁ । কি ভাবিছা ? কমলাটো দিবা নে নিদিয়া ? যদি তোমাৰ আপত্তি আছে নিশ্বয় ঘূৰাই দিম ।"
মোৰ মনত এনে ভাৱ উদ্ভৱ হৈছিল পোৱালিটোৱে বৰ কথা পেটপেটাই দেখোন । কথাত চতুৰ । মৰম লগা মাতবোৰ বৈকুণ্ঠপুৰীৰ পৰা ভাহি অহা সদৃশ দেখোন । ইমান মৰমেৰে খুজিছে যেতিয়া দি দিওঁ । মনত আনন্দ পাব । এনেধৰণৰ কথাবোৰ ভাবি থাকোঁতেই ভাইটিজনে মোৰ হাতত তাৰ কমলাটো দিলে।
ক'লে : " খোৱাঁ । চিন্তা নকৰিবাঁ । ভাল হয় । বেয়া বস্তু কেতিয়াও নিদিওঁ , দাদা । মই আপোনাৰটো খালোঁৱেই চাওঁক ।"
মই তাৰ কথাবোৰত মুগ্ধ হৈ পৰিছিলোঁ । প্ৰত্যক্ষ কৰি আছিলোঁ তাৰ কোমল ওঁঠ দুটালৈ । ওঁঠ দুটা মেল খালেই জিলিকি উঠিছিল ৰূপালী দন্ত দুপাৰী । অমৃত সনা বচনবোৰে মোক এক কল্পনাৰ জগতলৈ লৈ গৈছিল । মনত কল্পনা কৰিছিলোঁ --- দাঁতকেইটা চাগে গাখীৰ খোৱা দাঁতেই । দেখাত ককমাইনা । ককমাইনা ল'ৰাক দেখোন ওঁঠ চেপিলেই গাখীৰ ওলাই বুলি কয় , তাৰ ওঁঠ দুটা চেপি চাওঁ নেকি ? ওলাই নে নোলায় ? ইমান মৰম লগাকৈ ক'বলৈ বাৰু ইমান সৰুতে ক'ত শিকিলে ? তাৰ তুলনাত দেখোন মই নিচেই নগণ্য । মনে তাক সাৱটি ধৰি কোলাত বহাই কোমল গাল দুখনত পিটিকি চাবলৈ সাবিয়াস কৰিছিল ।
মনৰ জগতখনত সোমাই কল্পনা কৰি থাকোঁতে কমলাটো খাবলৈ পাহৰিয়েই গৈছিলোঁ । সি আহি একেবাৰে ওচৰত বহিলহি । মোৰ হাত খনত ধৰি মুখলৈ কমলা ফোটটো নি কয় খোৱা আৰু খলখলাই হাঁহিবলৈ ধৰিছিল । মই লজ্জাবোধ কৰি তল মূৰ কৰিছিলোঁ ।
" দাদা , কথা এটা কওঁ দেই । "
" কি কথা ক'বা নো ? "
" ৰ'বা কৈছোঁ , তুমি প্ৰথমে মোৰ ফালে চোৱা । তুমি মোক মৰম কৰিবা নে ? "
" মই মৰম কৰিবই নাজানোঁ ? "
মিচিকীয়াই হাঁহি ক'লে , সময়ে সকলো দি যায় । মায়ে কয় ল'ব আৰু দিব জানিলে হয় । সময়ে সকলো শিকাই যায় । সেই শিকনিৰে জীৱনৰ ভেঁটি গঢ়িব পাৰি । জনা -নজনা , পোৱা -নোপোৱাৰ মাজতে আমি বোলে বাস কৰোঁ । এই বাস কৰা সময়তে যি আন্তৰিকতাৰ আদান-প্ৰদান ঘটে সেয়াই মৰম । ধৰা , এতিয়া তুমি মোৰ কথা মনোযোগ দি শুনিছা , মই আগ্ৰহেৰে তোমাক কৈ আছোঁ , এয়া তোমাৰ মোৰ প্ৰতি থকা মৰম আৰু তোমাৰ প্ৰতি থকা মোৰ চেনেহ । বিশেষ আৰু নাজানোঁ , ইমানেই জানোঁ যে মা-পাপায়ে মোক নামাৰে , মোক এৰি একো বস্তু নাখায় , মোক কোলাত তুলি চুমু (চুমা) দিয়ে । এয়াই মা-পাপাই মোক মৰম কৰা বুজায় । আৰু কি জানা মা-পাপাই মোৰ সকলো কথা শুনে । তুমিও যদি মোৰ কথাবোৰ শুনা , মোক নকন্দুৱা , মই জানিম তুমি মোক মৰম কৰা ।
" হয় নেকি ? বহুত কথা জানা দেখোন ককমাইনাটো । চাওঁ এইফালে আহাঁ ।" --মই তাৰ কথাবোৰত আকৰ্ষিত হৈ হাত দুখন তাৰ ফালে মেলি দি ক'লোঁ । মনটোৱে তাক কোলাত বহাই চুম্বন দিবলৈ মনস্থ কৰিছিল ।
" ওহোঁ , নাযাওঁ , প্ৰথমে একো নকৰোঁ কোৱাঁ । শপত লোৱা । তুমি মোৰ সকলো কথা শুনিবা । তেতিয়াহে যাম । "---হাঁহি হাঁহি চকুৰ চেলাউৰি ওপৰ-তল কৰি কৰি কথাবোৰ কৈ গৈছিল । সেই অভিনয়ে মোৰ হৃদয়ত আনন্দৰ জোৱা তুলিছিল । অভিনয়ৰ দৃশ্যবোৰ ভাল লাগিছিল চায় ।
" হ'ব , আহা একো নকৰোঁ । "
" শপত যে দিয়া নাই ।"
" ঠিক আছে , শপত লৈছোঁ একো নকৰোঁ ।"
কথাষাৰ শুনিয়েই দৌৰি আহি মোক গাপোট মাৰি ধৰিলহি । মই তাক দাঙি কোলাত ল'লোঁ । কোমল দেহাটো মোৰ শৰীৰত স্পৰ্শ কৰাত মনৰ বেদনাবোৰ সুখ হৈ পৰিছিল । ভাইটিজনে দুয়োখন হাতে মোৰ দুখন গালত ধৰি ওঁঠ দুটাৰ ওচৰলৈ আনি দুখন গালত দুটা আৰু কপালত এটা চুমা দিছিল ।
" তিনিটা চুমু দিলা যে কিয়নো ???? "
" কিয় ? বেয়া পাইছাঁ ? "
" নাই পোৱা । মানে কাৰণটোহে বুজা নাই ।"
" ব্ৰক্ষ্মা , বিষ্ণু , মহেশ্বৰ তিনিওৰ নামত তিনিটি চুমু দিলোঁ । তুমি মোৰ বাবে এই তিনিও গৰাকীৰ সমতুল্য । তুমি মোৰ প্ৰাণৰো প্ৰাণৰ , কলিজাৰ তেজ । মায়ে কয় আপোনবোৰ তিনিটি চুমাৰ অধিকাৰী । সেয়ে দিলোঁ । তুমি মোক নিদিয়া (অভিমানি মনেৰে চকু দুটা ধেলা কৰি লাহেকৈ মাত দিয়ে ) । "
" কিয় নিদিম , নিশ্বয় দিম । " --- মই কথাৰ অন্তত তাৰ দুগালত দুটা আৰু কপালত এটা চুমা দিলোঁ । তাক কোলাত লৈ কোঠাৰ বাহিৰলৈ ওলাই গ'লোঁ ।
" মোক নমাই দিয়া চোন , দাদা ।" --চোতালত পৰি থকা ৰবাব টেঙাটো দেখি সি চিঞৰি উঠিল ।
" কিয় ? "
"সৌটো কি হয় , চাওঁগৈ ।"
" ৰবাব টেঙা হয় ।"
মই কোলাৰ পৰা নমাই দিলোঁ । দৌৰি গৈ টেঙাটো হাতত তুলি ল'লে । চোতালৰ সোঁ-মাজলৈ আহি ভৰিৰ বুঢ়া আঙুলিৰে এডাল আঁচ টানি তাৰ ওপৰত টেঙাটো থ'লে । টেঙাটোৰ ওচৰৰ পৰা কিছু দূৰ পাছলৈ গৈ এঠাইত ৰ'ল । সেই ঠাইৰ পৰা দৌৰি আহি টেঙাটো গুৰ মাৰি পঠিয়ায়। বহু দূৰৈত ওফৰি পৰা দেখি আনন্দত চিঞৰি উঠে ।
ভাইটিটিৰ আনন্দৰ ধ্বনিৰ লগতে ভাঁহি আহিছিল আন এটি কণ্ঠ --" বেটা , আহাঁ যাবলৈ পলম হৈছে ।" এইটো কণ্ঠই মোৰ সুখেৰে পৰিপূৰ্ণ হৈ থকা হিয়াখনত বিষাদক আসন পাৰি দিছিল । ভাইটিটিক বিদায় দিয়া মানসিকতা মোৰ নাছিল ।
" মায়ে মাতিছে দাদা । ঘৰলৈ যাবলৈ হ'ল । মই যাওঁ হাঁ । আকৌ লগ পাম । মোক পাহৰি নাযাবা কিন্তু । "
" ৰ'বা অকণমান । " --মই ওচৰ চাপি গৈ ক'লোঁ , " অলপ সময় আৰু থাকিব নোৱাৰিবা ।"
" ওহোঁ , মায়ে মাতিছে নহয় । দেৰি হ'লে আকৌ ঘৰলৈ যাবলৈ বাছ নাপাম নহয় । তুমি দুখ কৰিছা ন ? দুখ নকৰিবা , মই তোমাৰে ভাইটি । আকৌ লগ পামেই । তুমি মোৰ কথা শুনিম কৈছিলা নহয় । মই তোমাক কেইটামান কথা কৈ যাওঁ , তুমি কথাকেইটা মানি চলিম বুলি কথা দিয়া । আকৌ শপত লোৱা ।"
" শপত লৈছোঁ , কোৱা ককমাইনাটো । মোৰ চুমুটো । "
" মোক চুমু বুলি মাতিলা যে ? মোৰ নাম চুমু নহয়, নহয় । "
" কিয় বেয়া পাইছা ? চুমু বুলি মাতিলে বেয়া পাবা নেকি ? তুমি মোক প্ৰথম চুমু দিছা । সেইবাবে তোমাক চুমু বুলি মাতিছোঁ । "
" নাই পোৱা , নাপাওঁ । তুমি মোক যি নামাৰে মাতিবলৈ ইচ্ছা কৰা , মাতিব পাৰা ।"
" ধন্যবাদ , মোৰ চুমুটো "
" ওম , ঠিক আছে দাদা । এতিয়া শুনা ---- তুমি কেতিয়াও বেয়া বস্তু নাখাওঁ আৰু ভালকৈ পঢ়িম বুলি কোৱাঁ । মায়ে মোক সদায় বেয়া বস্তু নাখাবলৈ আৰু ভাল দৰে পঢ়িবলৈ কৈ থাকে । ময়ো তোমাক কৈছোঁ । মোক লগ নোপোৱালৈকে কাকো ভাল নাপাওঁ বুলি কোৱাঁ । আমাৰ পেহীয়ে ফোনত তাৰ লগৰ জনৰ লগত কথা পাতিলেই এনেদৰে কয় । ময়ো আজি তোমাক কৈছোঁ । আৰু কি কয় --জানাঁ , কয় , তোমাক খুব ভাল পাই পেলাইছোঁ , তোমাক সদায় কাষত বিচাৰোঁ । দাদা তোমাকো মোৰ খুব ভাল লাগিছে । ময়ো সদায় তোমাৰ লগতে থাকিব বিচাৰোঁ । "
" কথাত তোমাক তল পেলাব নোৱাৰোঁ , চুমু । হ'ব দিয়া । তোমাৰ তিনিওটা কথাই তোমাক লগ নোপোৱালৈকে সম্ভৱ হ'লে আজীৱন মানি চলিম ।"
" চাওঁ এইফালে আহাঁ । এক দুই তিনি । এতিয়া যাওঁ হাঁ । নহ'লে মায়ে আহি ইয়াত ওলাবহি । "
এক দুই তিনি বুলি গণণা কৰি দুগালত দুটা আৰু কপালত এটা চুমা দিছিল । আৰু এতিয়া যাওঁহা বুলি কৈ গালত দুয়োখন হাতে পিটিকি গুচি গৈছিল । মই নিৰৱ হৈ চাই ৰ'লোঁ । মনত ভাবি থৈছিলোঁ নামটো সোধিম , কিন্তু সোধা নহ'ল । সি গৈ নঙলা মুখত পালেগৈ ।
উভটি চাই ক'লে --" মন মাৰি নাথাকিবা । "
" অ' , তোমাৰ নামটো ? " -- মোৰ মুখৰ পৰা আপুনা -আপুনি ওলাই গ'ল ।
" নামে পৰিচয় নিদিয়ে নহয় কামেই পৰিচয় । ধৰি ল'বা ফুল আৰু সূৰুযৰ সমাৰ্থক নাম , ঔহ! আকাশ , চোৱা সূৰুযে মেলানি মাগিছে । মনত ৰাখিবা একেলগে বস্তু খালে মোৰ ভাগটো তোমাৰ , তোমাৰ ভাগটো মোৰ । মই তোমাক খুৱাই দিম , তুমিও মোক খুৱাই দিব লাগিব । তুমি বিচৰা সকলো গুণেই মোৰ ওচৰত পাবা । এতিয়া যাওঁ , দেৰি হৈছে । বাই বাই ।" --- চিঞৰি চিঞৰি নঙলা মুখৰ পৰা কৈ গ'ল । মোৰ সপোনৰ জগতখনো হেৰাই গ'ল । বাস্তৱ জগতত চকু মেলি দেখিলোঁ নিৰ্জন ৰাতি । ঘৰৰ সকলোৱে টোপনিত নিটাল মাৰি আছে । বিচনাৰ কাষতে থকা চাকিটো জ্বলালোঁ আৰু এখন বহী লৈ কাঠপেঞ্চিলডালৰে লিখি থ'লোঁ স্বপ্নৰ গোটেই থকাবোৰ । বাৰ আছিল বৃহস্পতিবাৰ । বৰ্ষ আছিল ১৯৯৬ ।
তোমালোকে নিশ্বয় বুজি পাইছা এতিয়া মই বৃস্পতিবাৰে কিয় ব্ৰত থাকোঁ । বহুত আশাৰে বাট চাই চাই দিনবোৰ পাৰ কৰিছোঁ , এদিন নহয় লগ পামেই বুলি । জীৱন সোঁতত ভাল লগা বহু বস্তুকে এৰি যাব লগা হৈছে । মোৰ প্ৰতিজ্ঞা নিৰৰ্থক হ'বলৈ নিদিওঁ । মোৰ গাত শকতি থকালৈকে প্ৰতিজ্ঞা ৰাখিম । কথাবোৰ কৈ থাকোঁতেই বিৰতি কলাংশৰ অন্ত পৰা ঘণ্টাৰ টং টং টং শব্দ আহি আমাৰ কাণত পৰিল ।
" ভাল লাগিল শুনি । এতিয়া শ্ৰেণীকোঠালৈ যাবলৈও হ'ল । আজিৰ পৰা আমি এনেদৰে লগ নাখাওঁ । সকলোৱে নিজে নিজে পঢ়াত মনোযোগ দিব লাগে । এতিয়া যাওঁ বৈ ।" ---মাজনিয়ে কথাখিনি কৈ থিয় হ'ল । লগে লগে বাকীসকলো থিয় হৈ ইটোৱে - সিটোক , সিটোৱে-ইটোক ক'লে ব'লা যাওঁ ।
মই যাবলৈ লওঁতে নিৰ্জুমণিয়ে মোৰ বাঁও-হাতত ধৰি টানি কয় , " ৰ'বা কথা আছে । তুমি সপোনৰ ভাইটিটিৰ বাবে মোক এৰিছা । চাবা , এদিন তুমিও কান্দিবা তোমাৰ ভাইটিক লৈ , যি দিনা তোমাৰ কথা ভাবিবলৈ তোমাৰ ভাইটিজনৰ সময় নহ'ব । তোমাকে অভদ্ৰামি কৰি যি দিনা সমাজত তোমাক তল মূৰ কৰোৱাব । সেই দিনাখন নিশ্বয় বুজিবা ভাল পোৱা কি বস্তু । তোমাৰ কথা নুশুনিব, বুজিবা সেইদিনাই যাৰ বাবে বছৰ বছৰ তুমি অপেক্ষা কৰি থাকিবা আৰু তোমাৰ আপোন হৈও তোমাক কিমান আঘাত দিব যেতিয়াই বুজিবা তেতিয়াই মোৰ হৃদয়খনতো লগা দুখবোৰ বুজিবা ।তুমি চকুলো টুকিবা সি হাঁহিব । তুমি দুখত ভাত নাখাবা ,কিন্তু সি পৰম সুখেৰে খাব ।"
নিৰ্জুমণিয়ে কোৱা এই কথাবোৰে কিন্তু মোৰ মনত বিন্ধিছিল । মনত ক্ৰোধো জাগি উঠিছিল । কিন্তু বিবেকে ক্ৰোধক বুজাইছিল নালাগে দিয়া , বাদ দিয়া । তাইৰ ভগ্ন হৃদয়খন কি অৱস্থাত আছে তুমি বুজিবলৈ প্ৰয়াস কৰাঁ । কথাতেই জানোঁ ধৰিব পৰা নাই , মাজে মাজে দেখোন তোমালোকৰ মিলনৰে কামনা কৰিছে । হয়তো এবাৰ-দুবাৰ নিজকে দুখত ডুবি নিয়ন্ত্ৰণ কৰিব নোৱাৰে চাগে । তেতিয়াই এনেবোৰ কথা মুখৰপৰা ওলাই পৰে ।খং গৈ মূৰৰ চুলিৰ আগত পায়গৈ , যেতিয়াই মোৰ হৃদয়ৰ মানুহবোৰৰ বিপক্ষত কোনোবাই বিৰোধ মত দিয়ে । কিন্তু নিৰ্জুমণিয়ে মোৰ ভাইটি-বন্ধুৰ বিষয়ে বেয়াকৈ ক'লেও মনক বিবেকে বুজাই আঘাত, বেদনা আৰু ক্ৰোধবোৰ মুচন কৰিছিল ।
স্কুল ছুটীৰ পাছত ঘৰলৈ আহিলোঁ । পুৱা স্কুললৈ যাওঁতে ভাতৰ কথা মনতেই নপৰিল । মাথোঁ মনত আছিল নিৰ্জুমণিৰ চিন্তা । স্কুলৰ পৰা আহি ভাইটিয়ে মোৰ চকুৰ সম্মুখতে ভাত খাই আছিল যদিও মোৰ ভাতলৈ মনতে পৰা নাছিল । মনত মাথোঁ ভৰি আছিল নিৰ্জুমণিক হেৰুৱাৰ বেদনাবোৰ । নিজৰ ওপৰতে খং উঠিছিল । মই কিয় ইমান মূৰ্খ । সপোন জানোঁ কেতিয়াবা বাস্তৱত ৰূপান্তৰিত হ'ব পাৰে । অতীতৰ কথাবোৰ ৰোমন্থন কৰি কৰি মাটিত ঢাৰিখন পাৰি শুই আছিলোঁ । দুচকুৰে চকুলো বৈ গাৰুটো তিতি গৈছিল । কিন্তু চিঞৰি কান্দা নাছিলোঁ ।
ডাঙৰ বাইদেউৱে আহি ক'লে , "চুনু , আজি খাবলৈ একো নাই , ৰাতি সোনকালে ভাত বাঢ়ি দিম । গৰুকেইটা লৈ আহগৈ যা ।"
বাইদেউৱে ভাতৰ কথা কোৱা লগে লগে মোৰ ভোক অনুভৱ হৈছিল । মোৰ চকুৰ আগতে ভাইটিয়ে ভাত খাই আছিল ,কিন্তু মোক বাইদেউৱে ভাত নাই বুলি কোৱা কথাষাৰে নিতৌ মোৰ ওপৰত চলি থকা অত্যাচাৰৰ দৰে আজিও এয়া এক বুলি মনত ভাবিলোঁ । মনতে নিজকে ধিক্কাৰ দিলোঁ -- চিঃ নিলাজ । নিজৰে একো অস্তিত্ব নাই । দুবেলা দুহাজ খাবলৈ নোপোৱা ভিক্ষাৰীটো । নিশা শুবলৈ ঠাই নথকা অঘৰীটো , প্ৰেম কৰ' , ছোৱালী ভাল পাৱ , লাজ নালাগে । নিজৰেই পৰিচয় নাই , তই কোন ? পিতৃ-মাতৃ, পৰিয়াল -পৰিজনৰ দ্বাৰা নিন্দিত এক অৰ্থহীন মানুহ তই । "
আত্ম সমালোচনাৰ বশৱৰ্তী হৈ মই ঢাৰিৰ পৰা উঠি এৰালি গৰুকেইটা ঘৰলৈ অনাৰ উদ্দেশ্যে পথাৰলৈ ওলাই গ'লোঁ । পথাৰৰ মাজত গৈ নিৰ্জনতাত অকলে অকলে বহি চিঞৰি চিঞৰি কান্দিলোঁ ,য'ত মোৰ কান্দোন শুনিবলৈ পথাৰত চৰি থকা গৰুকেইটা আৰু নৰাবোৰৰ বাহিৰে একো নাছিল । ধাৰাসাৰে বৈ আহা চকুলোক এবাৰো হাতেৰে মঁচিবলৈ ইচ্ছা নকৰিলোঁ । চিঞৰি চিঞৰি কৈছিলোঁ -- নিৰ্জুমণি , তোমাক হেৰুৱাব নুখুজোঁ , তোমাক মই সঁচাকৈ বহুত ভাল পাওঁ । তোমাৰ সমান মোক বাস্তৱিক জীৱনত কোনোৱে মৰম কৰা নাই । কিন্তু মই কি কৰোঁ । মই কি কৰিছোঁ একোৱেই গম পোৱা নাই । অন্তিম বিদায় তুমি মোক এনেকৈ নিদিবা । মই নোৱাৰিম জীৱনটো কটাবলৈ । মোৰ জীৱনটোত কেৱল দুখ দুখেই নিৰ্জুমণি । তুমি নাজানা , নুবুজা আৰু কেতিয়াও বুজি নাপাবা । মই কিয় ? কিয় ? এনেকুৱা কিয় ?
======@@@@@@=======$$$$$=======$
No comments:
Post a Comment