নিঃসহায়
কিনো ঘটিছে কিয়নো ঘটিছে
নাই বিচাৰ্য্য ।
চৌদিশে আওঢালত কংক্ৰীট
কোনো হাতত লাঠি-জোং কোনো হাতত মাৰণাস্ত্ৰ
কৰ্ণত সমাগত হয়হি কৰুণ কন্দন।
এক স্বৰ জয় আই অসম
অন্য এক ভাৰত মাতা কী জয়
এফালে প্ৰতিকৃতি দহন , আকৌ আনফালে উন্নতিৰ শ্লোগান।
তাতেই কিছু কংক্ৰীটৰ মানৱ সমাগম।
কোনেৱে কয় মই অসম মাতৃৰ সন্তান
আকৌ কণ্ঠ ফালি ওলায়-- এই ৰক্ত মোৰ মাতৃৰ ৰক্ত ।
কিন্তু প্ৰতিকূলতাত অনুকূলৰ নিৰাশাই
সমীৰণত প্ৰাণ এৰি উৰে।
কি সুগন্ধিত , ক'ত হেৰাই যায়
জয় আই অসম ধ্বনি মুখৰিত সকল
প্ৰশ্ন উঠে মনত-- তেওঁলোক মানৱ নে দানৱ ?
এক নে দুই ?
যদি মানৱ , তেন্তে এক ।
মানৱেই যদি হয়
এখন তেজ মঙহৰ হৃদয়ৰ গৰাকী
মাতৃও নলয় নিঃসহায়ক সাবটি ।
27/07/2020(11:00-11:10 pm)
No comments:
Post a Comment