এটি মধুৰ পল - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Saturday, May 30, 2020

এটি মধুৰ পল


পলকতে সমাগত হ'ল
এটি মধুৰ পল
তুমি খিলখিলাই হাঁহিলা,
ময়ো খিলখিলাই তোমাৰ সতে ৰ'লোঁ
জেপৰ  পৰা ওলিয়াই অনা
বুনিয়া ভুজিয়া মটনৰ  সোৱাদ ল'লোঁ ।
কি যে মধুৰ আছিল সেই মূহুৰ্তবোৰ
হৃদয়ৰ নিভাঁজ কোণত দলিছা পাৰি ৰৈ গ'ল। 
আজি জাগিছে সেই স্মৃতি কেঁচা ঘাঁ লগা কলিজাত
দুখ-সুখৰ সমান্তৰালকৈ ৰোমন্হন কৰিছোঁ
কৈছোঁ----"তুমি  সুখী হোৱা ,
ভগৱানে তোমাৰ  মনোবাঞ্চা পূৰণ কৰক।"

জীপাল হৈ আছে মোৰ কলিজাটোত
তুমি বোলোৱা মৌসনা মাতষাৰি-----
" আজি  মোৰ জন্মদিবস
আজি মই এঘাৰ বছৰত  ভৰি  দিছোঁ ।"
কিন্তু, আজি নাই সেই মিঠা মিঠা বুনিয়া-ভুজীয়া
আছে জানোঁ মোৰ কাষত তোমাৰ মধুৰ মাতষাৰি ।
সেয়া আছিল জীৱনৰ এক পলকতে আহা
পাখী লগা সময়ৰ সতে  পাখী মেলি উৰি যোৱা
এক নিভাঁজ দৃশ্য
কিন্তু -----
জীৱনৰ একৈশ বছৰীয়া জন্মদিবাত সমাগত হোৱা
প্ৰতিটো মূহুৰ্তই দশোদিশত তোমাক সুখানন্দ সাফল্যময়ী কৰক
এয়াই মোৰ অতীত স্মৃতিৰ সতে বৰ্তমানৰ কামনা  ।

No comments:

Post a Comment

Post Top Ad

Your Ad Spot