দ্বিধা
নিস্তেজ নিস্তৱতাৰ মুহূৰ্তেকত
অবিনেশ্বৰ প্ৰাণে খলকণি দিয়ে--‐--‐
" আহা, ------- দণ্ড, পল,বিপল ,অনুপলৰহঁতে
পুলকিত দিবা সাজোঁ ।"
কিন্তু, --------------
বিনশ্বৰ শীৰলৰ মিচিকিয়া হাঁহিয়ে কয় ---------
'ইমান উদ্দীপিত নহ'বা --------
মই বিনশ্বৰ, ক্ষেন্তকৰ অতিথি
অৰতি সমাজৰ অৰণ্যৰোদন জীৱ ।"
দোমোজা দেহে-মনে নিত্যপ্ৰলয়ত ডুবে
বিহগীৰ চিৰচিৰণীত ঘুমতি এৰে
চিহ্ন অচিৰপ্ৰভাত অচিন্ত দিবা ভূমুকি মাৰে ।
No comments:
Post a Comment