শংকৰদেৱৰ কাব্যৰ ওপৰত এটি টোকা - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Tuesday, November 5, 2019

শংকৰদেৱৰ কাব্যৰ ওপৰত এটি টোকা


শংকৰদেৱৰ কাব্যৰ ওপৰত এটি টোকা

মহাপুৰুষ শংকৰদেৱ
    চিৰনমস্য মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম হৈছিল ১৪৪৯ চনত বৰদোৱাৰ আলিপুখুৰিত ।তেৰাৰ পিতৃ - মাতৃৰ নাম আছিল  কুসুম্বৰ ভূঞাঁ আৰু সত্যসন্ধা ।সৰুকালতে পিতৃ-মাতৃ ঢোকোৱাত  বুঢ়ীমাক খেৰসুতীয়ে শংকৰদেৱক তুলিতালি ডাঙৰ -দীঘল  কৰে।তেখেতে শংকৰদেৱক মহেন্দ্ৰ কন্দলিৰ টোলৰলৈ বাৰ বছৰ বয়সত শিক্ষা গ্ৰহণৰ বাবে প্ৰেৰণ কৰে।শংকৰদেৱে বৰ্ণমালা শিকিয়েই কোনো স্বৰবৰ্ণৰ মাত্ৰা  ব্যৱহাৰ নকৰাকৈ 'কৰতল কমল কমল দল নয়ন" নামেৰে এটি কবিতা ৰচনা কৰে। ।শংকৰদেৱে গুৰু মহেন্দ্ৰ কন্দলীক  অপ্ৰমাদী কবি বুলি আখ্যা দিছিল । তেৰাৰ ১৯৬৮ চনত অৰ্থাৎ  ১৪৯০ শকত দেহাৱসান ঘটে ।
           শংকৰদেৱে অসমীয়া সাহিত্যৰ ভঁড়াললৈ ৬খন কাব্য অৱদান আগবঢ়াইছিল ।সেইকেইখন হ'ল 'হৰিচন্দ্ৰ উপাখ্যান ' 'ৰুক্মিণী হৰণ কাব্য, বালিছলন, অমৃত মথন আৰু অজামিল উপাখ্যান আৰু কুৰুক্ষেত্ৰ।
             হৰিশ্চন্দ্ৰ উপাখ্যান হ'ল শংকৰদেৱৰ প্ৰথম ৰচনা । 'হৰিচন্দ্ৰ উপাখ্যান'খনি শংকৰদেৱৰ ছাত্ৰৰশালিতে ৰচিত ।'হৰিচন্দ্ৰ  উপাখ্যান ' আৰু  'ৰুক্মিণী হৰণ ' কাব্য দুখন শংকৰদেৱৰ ডেকা কালৰ ৰচনা ।'হৰিচন্দ্ৰ উপাখ্যান'ৰ বিষয়বস্তু মাৰ্কণ্ডয় পুৰাণ আৰু 'ৰুক্মিণী হৰণ কাব্য'ৰ বিষয়বস্তু ক্ৰমে 'হৰিবংশ তথা ভাগৱত পৰাণৰপৰা লোৱা হৈছে ।আনহাতে, 'অমৃত মথন', কুৰুক্ষেত্ৰ কাব্য' ,'বালিছলন' ,'অজামিল উপাখ্যান ' আদি ক্ৰমে 'ভাগৱতৰ অষ্টম স্কন্ধৰ ৫ম -১৩শ অধ্যায়' ,'ভাগৱতৰ দশম স্কন্ধৰ ৮২-৮৫ অধ্যায় ', 'ভাগৱতৰ  অষ্টম স্কন্ধ' আৰু  'ভাগৱতৰ ষষ্ঠ স্কন্ধৰ'ৰপৰা বিষয়বস্তু  গ্ৰহণ কৰা হৈছে ।
           
           

No comments:


No comments:

Post a Comment

Post Top Ad

Your Ad Spot