দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

LightBlog

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Wednesday, January 1, 2025

সমাজ তত্ব

8:20 PM 0
প্রণালীগত পন্থাৰ সংজ্ঞা হ'ল-১) আৰ.এল. এককোফৰ মতে "প্রণালীগত পন্থা হ'ল কোনো সংহতিৰ আন্তঃসম্পৰ্ক আৰু পৰস্পৰ নিৰ্ভৰশীল উপাদান।"       (২) ক্ৰফ'ৰ্ড ৰ'বৰ মতে- "প্রণালী হ'ল কিছুমান উপাদানৰ প্ৰণালীগত সংগঠন যিয়ে এককভাৱে কাম কৰে।"                                                                 প্রণালীগত পন্থা বা অভিগমন হ'ল এনে এক প্রক্রিয়া, যি প্রক্রিয়াত কোনো শৈক্ষিক কার্যাসূচী ফলপ্রসূভাৱে রূপায়িত কৰিবলৈ প্রণালীবদ্ধাভাবে নিদ্দের্শনায়ক। প্রযুক্তিবিদ্যা প্ৰয়োগ কৰা হয়।                                
প্রণালীগত পন্থাৰ বৈশিষ্ট্যসমূহ হ'ল-                             (১) প্রণালীগত পন্থাত অন্তর্ভুক্ত হৈ থকা উপাদানসমূহ পাৰস্পৰিক সম্পৰ্কযুক্ত, পৰস্পৰ স্বাধীন আৰু ক্রিয়াশীল।                                                               (২) প্রণালীগত পন্থাৰ প্ৰতিটো পদ্ধতিৰ কিছুমান উপ-পদ্ধতিও আছে।                                                         (৩) প্রণালীগত পন্থাৰ বিভিন্ন অংশসমূহৰ সমষ্টিতকৈ ইয়াৰ সামগ্রিক অৱস্থা অতি গুৰুত্বপূর্ণ।                        (৪) প্রণালীগত পন্থাৰ প্ৰতিটো উপ-পদ্ধতিয়েই সামগ্রিক অৱস্থাৰ লগত সম্পর্কযুক্ত।                                        (৫) প্রণালীগত পন্থাৰ বিভিন্ন অংশসমূহৰ সমষ্টিতকৈ ইয়াৰ সামগ্রিক অৱস্থা অধিক গুৰুত্বপূর্ণ।                    (৬) প্রণালীগত পন্থাসমূহ সদায় নিৰ্ধাৰিত উদ্দেশ্যৰদ্বাৰা পৰিচালিত হয়।                                                        
 (৭) প্রণালীগত পন্থাসমূহৰ যোগেদি বিভিন্ন কাৰ্যৰ সামগ্রিক মূল্যায়ন কৰা হয়। শিকন শিক্ষণ প্রক্রিয়াত প্রণালীগত পন্থাৰ ছটা পর্যায় দেখা যায়। সেয়া হ'ল-     (ক) শিক্ষার্থীৰ প্ৰাৰম্ভিক আচৰণ:- এই পর্যায়ত শিক্ষাগ্রহণৰ বাবে নামভৰ্ত্তিৰ সময়ত শিক্ষার্থীৰ পূর্ব জ্ঞান-অভিজ্ঞতা আৰু কৌশলৰ বুজ লোৱা হয়। (খ)আচৰণমূলক ৰূপত উদ্দেশ্য নিৰ্ধাৰণ: এই পর্যায়ৰ শিক্ষার্থীৰ আচৰণমূলক ৰূপত শিক্ষাৰ উদ্দেশ্য গঠন কৰা হয়।                                                                  

(গ) যথোপযুক্ত পদ্ধতিৰ বাচনি: উদ্দেশ্য নির্ধাৰণ আৰু গঠন কৰাৰ পিচত শিক্ষণ পদ্ধতিব বাচনি কৰা হয়।  

 (ঘ) পাঠ্যসূচীৰ প্রয়োগ:শিক্ষাৰ লক্ষ্যত উপনীত হ'বৰ বাবে এই পর্যায়ত শিক্ষার্থীসকলৰ বাবে নির্ধাৰিত পাঠ্যসূচীৰ প্রয়োগ কৰা হয়।                                       

(ঙ) শিক্ষার্থীৰ বাবে শিকন অভিজ্ঞতা প্রস্তুত কৰা:  শিকন অভিজ্ঞতাৰ নিৰ্বাচনে শিক্ষার্থীক বাঞ্চিত আচৰণ অনুশীলন কৰাৰ সুযোগ নিশ্চিত কৰে আৰু উপযুক্ত পৰিৱেশ সৃষ্টি কৰে। ইয়াত শিক্ষার্থীয়ে সমস্যা সমাধানৰ বাবে বিষয়বস্তুটো বুজি উঠাৰ লগতে বিশ্লেষণাত্মক চিন্তন ক্ষমতাৰো বিকাশ সাধন কৰে।                          
 (চ) মূল্যায়ন: এনে ব্যবস্থাই পাঠসূচী প্রস্তুতকাৰকক সামগ্রিক পদ্ধতিটোৰ গুৰুত্ব উপলব্ধি কৰাত সহায় কৰে।






প্রণালীগত পন্থাত এজন শিক্ষকে নিম্নোক্ত ভূমিকা গ্রহণ কৰা উচিত----  
(১)শিক্ষণ পদ্ধতিৰ প্ৰাৰম্ভিক আচৰণক পুংখানুপংখকৈ পৰিমাপন কৰা। 
(২) শিক্ষণীয় বিষয়বস্তু সম্পৰ্কীয় তথাসমূহ সংগ্ৰহ কৰা। (৩)শিক্ষণীয় কার্যসূচীৰ উদ্দেশ্যসমূহ বিশ্লেষণ কৰা।(৪)শিকন উদ্দেশ্যক বিশ্লেষণ কৰি সুসংজ্ঞাবদ্ধ শিকন কার্যত পৰিণত কৰিবলৈ চেষ্টা কৰা।
(৫) শিক্ষণীয় বিষবস্তু সম্পৰ্কীয় তথ্যসমূহ সংগ্ৰহ কৰাত এজন দক্ষ শিক্ষকে কৃপণালি নকৰা।
(৬)শিক্ষক, শিক্ষার্থী উভয়ৰে আকাংক্ষিত লক্ষ্যস্থানত উপনীত হ'বৰ বাবে একোজন দক্ষ শিক্ষকে শিক্ষণীয় বিকল্প মাধ্যম সম্পর্কেও চিন্তা কৰে। 
(৭) সঠিক দিশত নির্ধাৰিত শিক্ষণীয় কাৰ্যসূচীৰ উদ্দেশ্যসমূহ বিশ্লেষণ কৰে। 

(৮)বিভিন্ন কৌশল, প্রক্রিয়া আৰু উপকৌশলসমূহৰ সম্পৰ্কে আলোচনা কৰা।

(৯) বিভিন্ন কর্ম আঁচনি প্রস্তুত কৰি শিক্ষণ পদ্ধতিক অধিক সজীৱ আৰু সক্রিয় কৰি ৰাখিবলৈ যত্ন কৰে।

(১০)শিক্ষার্থীৰ উপযুক্ত সহাঁৰিৰ তথ্যসমূহ উদ্দেশ্য প্রনোদিতভাৱে প্রণালীবদ্ধাভাৱে সংগ্ৰহ কৰি ৰাখে।

(১১) সহাঁৰি নাইবা প্রতিপুষ্টিৰ ওপৰত ভিত্তি কৰিয়েই কেতিয়াবা প্রয়োজনবোধক শিক্ষণ পদ্ধতিৰ উপকৌশল আৰু প্ৰক্ৰিয়াসমূহৰ সংশোধন ঘটাবলৈ চেষ্টা কৰে।

(১২) পৰিৱৰ্তিত পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষার্থীৰে পৰিবৰ্তনীয় আচৰণক প্ৰাৰম্ভিক আচৰণৰ সৈতে তুলনা কৰি শিক্ষণ পদ্ধতিৰ ফলপ্ৰসূতা পৰিমাপন কৰিবলৈ চেষ্টা কৰে।

(১৩) শিক্ষার্থীৰ প্রয়োজনীয়তাৰ ওপৰত লক্ষ্য ৰাখি প্রণালীবদ্ধ শিক্ষণ পদ্ধতি তৈয়াৰ কৰিবলৈ যত্ন কৰে।           
              
প্রণালীগত পন্থাৰ বিভিন্ন স্তৰসমূহ হ'ল-                    (১)শিক্ষণীয় উদ্দেশ্য চিহ্নিতকৰণ: এই স্তৰত  শিক্ষণীয় বিষয়ৰ উদ্দেশ্যসমূহ সঠিকভাৱে শিক্ষাৰ্থীৰ  বয়স,  মানদণ্ড আৰু স্তৰ অনুযায়ী  নিৰ্বাচন  কৰি  শিক্ষাদান কৰা  ব্যৱস্থা  কৰা  হয়  ।

(2) শিক্ষণকার্যৰ বিশ্লেষণ:  এই স্তৰত  শিক্ষণীয়  বিষয়বস্তুক বিশ্লেষণ কৰি শিক্ষণীয় বিষয়বস্তুৰ সমস্যা  সম্পৰ্কে  সঠিক  জ্ঞান  লাভ কৰাৰ  প্ৰচেষ্টা  কৰা  হয় । 

(৩)পৰিস্থিতি বিশ্লেষণ : এই স্তৰত  শিক্ষাৰ্থীৰ উপযোগী  শিক্ষামূলক নিৰ্দেশনা তৈয়াৰ কৰিবৰ বাবে শিক্ষাৰ্থীৰ বৈশিষ্ট্য নিৰ্ণয়  কৰা হয় ।  

(৪)উপযুক্ত পৰিচালনা ব্যৱস্থা : এই স্তৰত উপযুক্ত  পৰিচালনা ব্যৱস্থাৰ দ্বাৰা এটা বিষয়ৰ পাঠ পৰিচালনাৰ দায়িত্ব  একাধিক  শিক্ষকৰ মাজত দিয়া  হয় ।

(৫) উদ্দেশ্যৰ প্রত্যক্ষণ আৰু উপলব্ধি : এই স্তৰত শিক্ষণৰ প্ৰান্তীয় আৰু সামৰ্থমূলক উদ্দেশ্য ভালদৰে  প্ৰত্যক্ষণ আৰু উপলব্ধি  কৰাত  গুৰুত্ব  দিয়া হয় ।

(৬) উদ্দেশ্যে  অৰ্জন কৰাৰ কার্যকাৰিতাৰ মূল্যায়ন:  শিক্ষাৰ্থীৰ শিকন অভিজ্ঞতা, প্ৰাসঙ্গিকতা, নিৰ্ধাৰিত জ্ঞান  অৰ্জনৰ ক্ষমতা ইত্যাদিৰ ওপৰত গুৰুত্ব ৰাখি উদ্দেশ্য অৰ্জন কৰাৰ কাৰ্যকাৰিতাৰ মূল্যায়ন কৰাটো অতি  প্ৰয়োজন ।

 (৭) প্রয়োজনীয় উৎস সম্পর্কে অনুসন্ধান: এই স্তৰত  শিক্ষাদানৰ  প্ৰয়োজনীয় উৎসসমূহ  ,যেনে- পৰিৱেশ  , মানৱ-সম্পদ, আৰ্থিক,  প্ৰযুক্তি  ইত্যাদি  স্থিৰ  কৰা হয় ।     
(৮) শিক্ষণ-পদ্ধতি নির্ধাৰণ : শিক্ষণ-শিকন প্রক্রিয়াক ফলপ্রসূ আৰু শিক্ষার্থীসকলৰ শিক্ষণ অভিজ্ঞতাক কাৰ্যকৰী কৰি তুলিবলৈ উপযুক্ত শিক্ষা পদ্ধতি নির্ধাৰণ কৰা হয়।  

(৯)খচৰা পৰিকল্পনা প্রস্তুত :এই স্তৰত শিক্ষাদানৰ উৎস আৰু পদ্ধতিসমূহ  কেনেদৰে প্ৰয়োগ কৰিব পৰা  যাব সেই বিষয়ে এটি  খচৰা পৰিকল্পনা প্ৰস্তুত কৰা হয় । 

(১০)খচৰা পৰিকল্পনা প্রয়োগ : এই স্তৰত প্ৰস্তুত খচৰাক এডল  নিৰ্বাচিত স্থানীয়  শিক্ষাৰ্থীৰ  ওপৰত প্ৰয়োগ কৰি ইয়াৰ  কাৰ্যকাৰিতা, সুবিধা  আৰু  অসুবিধাসমূহ নিৰ্ণয় কৰা হয় । 

(১১) ফলাফল বিশ্লেষণ : ফলাফল বিশ্লেষণৰ ওপৰত ভিত্তি কৰিয়েই প্রতিটো স্তৰৰ মূল্যায়ন কৰাৰ লগতে খচৰা পৰিকল্পনাৰ কোনো পৰিৱৰ্তনৰ প্রয়োজনীয়তা আছেনে নাই তাক নির্ধাৰণ কৰা হয়।

(১২) প্রয়োগ আৰু পুনঃ প্রয়োগ : এই স্তৰত নতুন নির্দেশমূলক পৰিকল্পনাৰ তৈয়াৰ কৰা হয়। এনেদৰে পুন: পুন: মূল্যায়নৰ জৰিয়তে নতুন পৰিকল্পনাক এক উৎকৃষ্ট নিদ্দের্শনামূলক পৰিকল্পনাৰূপে গৃহীত হয়। ফলত প্রয়োগ আৰু আৰু পুন:প্ৰয়োগৰ জৰিয়তে প্ৰণালীগত পন্থাত নির্দেশনা দান প্রক্রিয়াই এক নিখুঁত ৰূপ লাভ কৰিবলৈ সক্ষম হয়। 






প্রণালীগত পন্থাৰ সুবিধাসমূহ:   
 (১) শিক্ষাৰ ক্ষেত্ৰত বাঞ্চিত পৰিৱৰ্তন  সাধিবলৈ গ্রহণ কৰা পৰিকল্পনাত এক ধাৰণামূলক গাঁঠনি তৈয়াৰ কৰে।  
(২) শিক্ষাৰ লক্ষ্যত উপনীত হ'বৰ বাবে ব্যৱহহৃত সম্পদমূলক সামগ্রীসমূহৰ উপযুক্ততা নিধাৰণ কৰাত সহায় কৰে।

(৩) অবিৰত মূল্যায়নৰ সহায়ত শিক্ষার্থীয় বাঞ্চিত আচৰণ পৰিৱৰ্তন কৰাত সহায় কৰে। 

(৪) শিক্ষাৰ নির্দিষ্ট উদ্দেশ্যত উপনীত হ'বৰ বাবে ব্যৱহৃত সম্পদসমূহৰ চাহিদা, তাৰ উৎস আৰু আন সুযোগ-সুবিধাসমূহৰ পৰিমান, প্রয়োজন হোৱা সময় আৰু অন্যান্য দিশ নির্ধাৰণ কৰাত সহায় কৰে।

(৫) শিক্ষাৰ নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'বৰ বাবে শিক্ষণ-শিকন প্রক্রিয়াত ব্যৱহৃত উন্নত প্রযুক্তিৰ যন্ত্রপাতি, মাধ্যম আৰু মানৱসম্পদ এই তিনিওটা দিশৰ মাজত উপযুক্ত সম্বন্ধ স্থাপন কৰাত সহায় কৰে।                    

(৬) শিক্ষার্থীৰ শিক্ষণ কার্য ফলপ্রসূ কৰি শিক্ষা প্ৰক্ৰিয়াৰ সফলতা আনিবৰ বাবে বিভিন্ন উপাদানসমূহৰ প্ৰণালীবদ্ধ আৰু সু শৃংখলিত উপস্থাপনত প্রণালীগত পন্থাই সহায় কৰে।
  
এটা প্রণালী সংগঠিত হ'বৰ কাৰণে প্রয়োজনীয় উপাদানমূহ হ'ল-
(১)শিক্ষাৰ উদ্দেশ্যসমূহ চিনাক্তকৰণ আৰু বিশ্লেষণ।

(২)বিভিন্ন শিক্ষণ সামগ্রী আৰু পদ্ধতি নির্বাচন (৩)শিক্ষার্থী 
 (৪) শিক্ষক  
(৫) শিক্ষণীয় বিষয় 
(৬)শিক্ষণ পৰিৱেশ
 (৭)শিক্ষণ কৌশল আৰু মাধ্যম 
(৮)গঠনমূলক আৰু সামগ্রিকভাবে মূল্যায়ন পৰিচালনা (৯) সঁহাৰি  
(১০) প্রয়োগ আৰু পুনঃপৰীক্ষণ।

Read More

Tuesday, December 3, 2024

মই অসমীয়া (কবিতা )

7:55 PM 0
পাঠ্যপুথিৰ প্ৰশ্নৱালী:
১)চমু উত্তৰ দিয়া:
ক)চৈয়দ আব্দুল মালিকৰ কবিতা পুথি  এখনৰ নাম লিখা ।
উত্তৰ :চৈয়দ আব্দুল মালিকৰ কবিতা পুথি  এখনৰ নাম হ'ল বেদুইন।
খ)মোগলসকলে অসমৰ ক'ত ভৰি দিছিল?
উত্তৰ:মোগলসকলে অসমৰ সেউজীয়া দূবৰিৰ বনত দিছিল ।
গ)অসমৰ হেংদাং ক'ত জিলিকিছিল ?
উত্তৰ: অসমৰ হেংদাং সমৰ থলীত জিলিকিছিল ।
ঘ) অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল  ?
উত্তৰ: অসমীয়াসকলে ম'হৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল ।
ঙ)অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সজাইছিল  ?
উত্তৰ:অসমৰ স্বৰ্গদেৱে হাঁহ-কণী আৰু চাউলেৰে দেউল সজাইছিল ।

2)'অসমৰ হেংদাং জিলিকিল
    দুৰৰ পূৰ্ণ আলোকত '----------কথাখিনিৰ তাৎপৰ্য  ব্যাখ্যা কৰা ।
উত্তৰ: উপৰোক্ত কবিতাফাঁকিৰ যোগেদি  কবিয়ে অসমীয়া জাতিৰ গৌৰৱময়  স্বদেশপ্ৰীতি আৰু  বীৰত্বৰ কথা বৰ্ণনা কৰিছে ।
           মোগলসকলে অসমক অনায়াসেৰে জয় কৰা তৃষা লৈ অসমৰ লুইতৰ পাৰৰ মিনকৰা সেউজীয়া দূবৰিৰ বনত ভৰি  দি অসমৰ বীৰ - বীৰংগনাৰ অদম্য স্বদেশপ্ৰীতি  আৰু  বীৰত্ব দেখি বিস্মিত হৈ পৰিছিল ।অসমীয়া পুৰুষ-মহিলাই  অসম মাতৃৰ সন্মান আৰু  স্বাধীনতা ৰক্ষাৰ  বাবে হাতে -হাতে অস্ত্ৰ-শস্ত্ৰ, হেংদাং  লৈ সমৰ থলীত ৰণচণ্ডী হৈ নিজৰ প্ৰাণ আহুতি দিবলৈ উপস্থিত হৈছিল । অসমীয়া  পুৰুষ-তিৰোতাৰ হাতত থকা হেংদাং  দুপৰীয়া পূৰ্ণ  আলোকত  জিলিকি উঠিছিল ।অসমীয়া পুৰুষ- তিৰোতাৰ  এনে অনিৰুদ্ধ  স্বদেশপ্ৰীতি  দেখি মোগলসকল  হতচকিত  হৈ বিবুদ্ধিত  পৰিছিল ।
Read More

Tuesday, July 30, 2024

'কলিকতাত যাত্রা' নামত পাঠটিত লেখক পদ্মনাথ গোহাঁঞি বৰুৱাই কলিকতাৰ গমনৰ অভিজ্ঞতা

9:23 PM 0
বিষয়। : 'কলিকতাত যাত্রা' নামত পাঠটিত লেখক পদ্মনাথ গোহাঁঞি বৰুৱাই কলিকতাৰ গমনৰ অভিজ্ঞতা

শ্ৰেণী   : দ্বাদশ শ্ৰেণী  ( অসম ৰাজ্যিক মুক্ত বিদ্যালয় ) 

১) 'কলিকতাত যাত্রা' নামত পাঠটিত লেখক পদ্মনাথ গোহাঁঞি বৰুৱাই কলিকতাৰ গমনৰ অভিজ্ঞতা কেনেদৰে আগবঢ়াইছে, নিজৰ ভাষাত বুজাই লিখা।

 উত্তৰ :  'নগা পর্বতীয়া জিলা’ৰ পৰা ১৮৯০চনত এণ্ট্ৰন্স পৰীক্ষাত উত্তীর্ণ হোৱা প্রথম ছাত্র পদ্মনাথ গোহাঁইবৰুৱাই পৰীক্ষাৰ ফল লাভ কৰা পাছতে ঘাই ঘৰ লক্ষ্মীমপুৰৰ পৰা  পালি ঘৰ শিৱসাগৰলৈ যাত্রা কৰিছিল। শিৱসাগৰত কিছুদিনথকাৰ  পাছত উচ্চ শিক্ষাৰ বাবে লক্ষ্মীনাথ বেজবৰুৱা , বসন্ত কুমাৰ গোস্বামী আৰু  দ্বাৰকেশ্বৰ শর্মাৰ সৈতে জাহাজেৰে কলিকতালৈ যাত্রা কৰিছিল। 

গোহাঁঞি বৰুৱাদেৱে  শিৱসাগৰৰ পৰা দোকমোকালিতে হাতিৰে যাত্রা কৰি দিচাংমুখৰ ঘাটত  উপস্থিত হৈছিলগৈ। এই যাত্রাত তেখেতক মৌ-চেপা বৰষুণে  তিৰাই জুৰুলি-জুপুৰি কৰি পেলাইছিল। তদুপৰি তেখেতৰ পেটাৰি, শর্য্যা-পাটী, গাৰ কাপোৰ-কানি সমুদায় তিতি জপ্- জেপীয়া হৈছিল। এনে অৱস্থাৰ বাবে তেখেতে দুখত বুৰ গৈছিল। কিন্তু এজন বুঢ়া সহ-যাত্রীয়ে তেখেতক যাত্রা শুভ বুলি বক্তব্য আগঢ়বাই তেখেতক শান্তনা দিছিল। তেখেতে জাহাজত সদাগৰ হৰিবিলাস আগৰৱালাৰ লগত সাক্ষাৎ হয়।

দূৰাতি তিনি দিবষ অন্তত তেখেতে আবেলি ৪ বজাত গোৱালেণ্ড ঘাটত উপস্থিত হয় । ইয়াৰ পাছত তাৰ পৰা ঘোঁৰা গাড়ীৰে  অসমীয়া ছাত্ৰৰ বহা বিচাৰি বিচাৰি শেষত মিজাপুৰ ষ্ট্ৰীটলৈ গৈ বেণুধৰ ৰাজখোৱাহঁতে থকা ছত্রা বহাত উঠিলছিলগৈ। 

গোহাঁঞি বৰুৱাদেৱে  উচ্চ শিক্ষাৰ বাবে প্রথমে ৰিপন কলেজত লেটিন সাহিত্য বিষয়টো 'দুৱলীয়া সাহিত্য' হিচাপে লৈ এফ. এ. শ্রেণীত নামভর্তি কৰিছিল। কিন্তু এই বিষটোৰ শিক্ষা ৰিপন কলেজত সুকলমে লাভ কৰিব নোৱাৰিলে । সেয়েহে লেটিন শিক্ষাৰ ভাল ব্যৱস্থা থকা চেন্ট জেভিয়ার্চ কলেজত তেওঁ নামভৰ্তি কৰিছিল। ইয়াতো তেওঁ অন্যান্য ছাত্রৰ সমানে আগুৱাব  নোৱাৰি  জেনেৰেল এছেম্বলি ইনষ্টিটিউচন কলেজত সংস্কৃত বিষয়টি লৈ পরীক্ষা দিবলৈ সাজু হৈছিল। কিন্তু ইউনিভাৰচিটিৰ কর্তৃপক্ষই তেওঁক উপস্থিতিৰ হাৰ কম হোৱা কাৰণে এফ.এ. পৰীক্ষাত বহাৰ অনুমতি দিয়া নাছিল। ইয়াৰ পাছত তেখেতে বন্ধুসকলৰ পৰামর্শ অনুসৰি আইন শিক্ষাৰ ক্লাছত মনোযোগ দিছিল ।কিন্তু বয়স কম হোৱাৰ কাৰণে বহু চেষ্টা কৰাৰ অন্ততো তেওঁ আইনৰ পৰীক্ষাত বহিবলৈ অনুমতি পোৱা নাছিল ।তেখেতৰ মনোবল ভাগি পৰিল আৰু কলিকতাত পঢ়াৰ মানসিকতাক বাদ দি গৰম বন্ধত ঘৰলৈ উভতি আহিছিল আৰু তেখেতে আহোঁতে তেখেতৰ কলিকতীয়া ৰচনা ৰাজিসমূহক লগত লৈ আহিছিল আৰু পৰৱৰ্তী জীৱনত কলিকতীয়া অভিজ্ঞতাক কামত খটুৱাই অসমীয়া ভাষা জননীৰ সেৱা কৰিবলৈ সংকল্পবদ্ধ হৈছিল ।

এনেদৰে পদ্মনাথ গোহাঁইবৰুৱাৰ  কলিকতীয়া ভ্ৰমণৰ যাত্ৰা অন্ত পৰিছিল ।
Read More

" নাৱৰীয়া " কবিতাটিৰ মূলভাৱ লিখা ।

9:19 PM 0
বিষয়  : নাৱৰীয়া  
শ্ৰেণী       : দ্বাদশ  ( অসম ৰাজ্যিক মুক্ত বিদ্যালয়) 

(১)" নাৱৰীয়া " কবিতাটিৰ  মূলভাৱ  লিখা  ।   

উত্তৰ   : বনফুল কবি যতিন্দ্ৰনাথ দুৱাৰাৰ “আপোন সুৰ” কবিতা পুথিৰ পৰা সংগ্ৰহ কৰা “নাৱৰীয়া(ক) কবিটাটিত কবিৰ প্ৰকৃতিপ্ৰীতি সুন্দৰকৈ প্ৰকাশ পাইছে। 

পশ্চিম আকাশত বেলিটিয়ে মেলানি মেলোতে “আধা পোহৰ আধা ছায়াই” পৃথিৱীৰ গছ-গছনিক আৱৰি ধৰিছে । আকাশত তৰাবোৰৰ চিকমিকনি দেখা পোৱা গৈছে আৰু মলয়া বতাহে মিলনৰ সুৰ আকাশে আকাশে বিলাই ফুৰিছে। এনে সময়তে নদীৰ পাৰত থকা ফুলনিৰ মাজত যেন কবিৰ কল্পনাৰ মোহময়ী নাৰী মালতীক দেখা গৈছে। আনন্দ মনেৰে তাই ফুলৰ মাজত খেলিছে। হঠাতে মালতীৰ কাণত পৰিল কোনো নাৱৰীয়াৰ মধুৰ কণ্ঠস্বৰ। তেওঁ নাৱৰীয়াৰ পৰিচয় সুধিলে। নাৱৰীয়াই দেশ-বিদেশ ঘূৰি ফুৰা পথিক বুলি নিজৰ পৰিচয় দিয়াত মালতীয়ে নাৱৰীয়াক ৰাতিটো মালতীৰ ঘৰতে কটাবলৈ অনুৰোধ কৰিলে। 

মালতীৰ অনুৰোধ ৰাখিব নোৱাৰি নাৱৰীয়াৰূপী কবিয়ে প্রকাশ কৰিছে যে তেওঁ ক্ষুদ্র প্রাণী, কাৰো আদৰ-আতিথ্যৰ যোগ্য নহয়। তেতিয়া মালতীয়ে কৈছে যে আন্ধাৰ পথত অকলে অকলে নাৱৰীয়াই গতি কৰাতো অনুচিত। তাৰ উত্তৰত নাৱৰীয়া ৰূপীকবিয়ে কৈছে যে তেওঁ অকলশৰীয়া নহয়। পশু-পক্ষী, গছ-লতা- এই সকলোবোৰ তেওঁৰ লগৰীয়া। মালতীয়ে কবিৰ অন্তৰত মানুহৰ মৰমে সৃষ্টি কৰা আশাৰ ছৱি ফুটি নুঠে নেকি বুলি সোধাত কবিয়ে কৈছে যে মানুহৰ ভাল পোৱা তেওঁ আৰু বিচৰা নাই। প্ৰকৃতিৰ সকলোটি তেওঁৰ আপোন যেতিয়া ধন- সোণৰো প্রয়োজন নাই। এই জীৱন দুদিনীয়া, গতিকে তেওঁক সাংসাৰিক সুখ-শান্তিও নালাগে। ৰাতি হ'লে নাৱৰীয়া ক'ত থাকে বুলি সোধা মালতীৰ প্ৰশ্নোত্তৰত নাৱৰীয়াই  নিজৰ পঁজা ঘৰ অথবা কোনোবা নিৰ্জন গছৰ  তলত তেওঁ স্বাধীনভাৱে বাস কৰে বুলি প্ৰত্যত্তৰ দিয়ে । ফাঁকি-ফুকা আৰু কঠোৰ শাসন নথকা প্রকৃতিয়ে তেওঁৰ আপোন ঠাই বুলি মালতীক অৱগত কৰে । নাৱৰীয়াৰূপী কবিৰ কথা শুনি মালতীৰ গালে-মুখে লাজৰ আভা ফুটি উঠিল। কিবা ক'ব খুজিও ক'ব নোৱাৰিলে। আৱেগে তাইৰ হৃদয় ওপচাই পেলালে। তেনেতে নাৱৰীয়াই বিদায় মাগিলে। মালতীয়ে তেতিয়া মাথোঁ নাৱৰীয়াক সুধিলে আকৌ তেওঁলোকৰ সাক্ষাৎ হ'বনে? নাৱৰীয়াই ক'লে যে তেওঁ সিপাৰত নিৰলে থাকে, মালতী থাকে ইপাৰত। ইপাৰত থাকি আমনি লাগিলে মালতীয়ে সিপাৰত শান্তি বিচাৰি গ'লে নাৱৰীয়া ৰৰূপী কবিক লগ পাব।
Read More

'বিশ্বখনিক'ৰ কবিতাটিৰ মূলভাৱ লিখা।

9:17 PM 0
বিষয়  : বিশ্বখনিকৰ 
শ্ৰেণী   :  দ্বাদশ  ( অসম ৰাজ্যিক মুক্ত বিদ্যালয়)

(১) 'বিশ্বখনিক'ৰ কবিতাটিৰ মূলভাৱ লিখা।                           

 উত্তৰঃ:  কবি মফিজুদ্দিন আহমদ হাজৰিকাৰ বিশ্ব খনিকৰ' কবিতাটিৰ যোগেদি পৰমশক্তি  পৰমেশ্বৰৰ স্বৰূপ বর্ণনা কৰিছে।

কবিৰ মতে এই বিশ্ব ব্রহ্মাণ্ডত পৰমেশ্বৰৰ  বাহিৰে একোৰে অস্তিত্ব নাই। তেওঁক চাক্ষুস দৃষ্টিৰে কোনেও দেখা নাপায় যদিও তেওঁ সকলোতে বিৰাজমান। তেৱেঁই এই সংসাৰৰ সকলোকে পরম আত্মীয়তাৰে বান্ধি ৰাখিছে। তেওঁৰ কৃপাতেই আকাশত শূণ্যতে থকা নক্ষত্র, গ্রহ, তৰা, বেলি, জোন আদি আটাইবোৰ আলাসতে ইটোৱে সিটোৰ লগত টা টনি কৰি বর্তি আছে। ল'ৰা-তিৰোতা, আই-ভাই সকলোকে লৈ মরু জগতত মানুহেও একো একোখন সংসাৰ তেওঁৰ কৃপাতে তৰিছে। সেয়েহে তেওঁৰ মহিমা অপাৰ। একোখিলি গছৰ পাততো তেওঁৰ নামত বহুত চিন থাকে। গছবোৰেও বীনা বাই তেওঁর মহিমা কথাক বাখনে । তেওঁ সকলোতে বিৰাজমান। কিন্তু তেওঁক কোনেও দেখা নাপায়; কাৰণ তেওঁ মায়াৰ ওৰণিৰে মুখ ঢাকি থাকে। মায়াৰ ওৰণিৰে মুখ ঢাকি থকা বাবেই তেওঁক খেপিয়ালেও পোরা নাযায় আৰু ক'তো চিন-চাব ধৰা নপৰে। তেৱেঁই সত্বঃ, ৰজঃ আৰু তমঃ এই তিনি গুণৰ  মাজেৰে পৃথিবীৰ সকলো বস্তুতে স্থিতি লৈ আছে। কিন্তু তেওঁ এই সকলো গুণৰ ওপৰত আৰু ইয়াৰ নিয়ন্তা।তেওঁ বিশ্বব্রহ্মাণ্ডৰ স্বামী আৰু মহাজন। সেয়ে যেনিয়েই আমাৰ চকু যায়, সকলোতে তেওঁৰ দয়া-মৰম বৰষা দেখা পাওঁ। তেওঁৰ কৃপাতে কুঁহি গজালি এটিও শেষত এজোপা প্রকাণ্ড গছত পরিণত হয়; নিচেই কেঁচুৱা এটিও তেজাল ডেকা হৈ মাক-বাপেকৰ অহংকাৰ আৰু আনন্দ বঢ়ায়। সেয়েহে কবিয়ে কৈছে যে তেৱেঁই মানী, তেৱেঁই মান, তেৱেঁই দানী, তেৱেঁই দান, তেৱেঁই কাম, কর্মী, খেতি, খেতিয়ক, জ্ঞানী, জ্ঞান, তীখা, শান, ধর্ম, ধর্মী, বুধি-বুঝিয়ক, পানী, মাছ, যোগী, তপস্বী , বাজীকৰ, ধনী, ধন, গোমোস্তা, মহাজন, কাৰিকৰ, অর্থাৎ তেৱেঁই সকলো; তেওঁ বিশ্বখনিকৰ । তেৱেঁই অন্তর্যামী সর্বজ্ঞান, বিশ্ব-আত্মা প্রাণ আৰু সর্ব-ব্যাপী সর্ব শক্তিমান।

গতিকে দেখা যায় যে, পৰমেশ্বৰৰ পৰম শক্তিৰ সর্বব্যাপক, সর্বশক্তিমান আৰু অন্তর্ঘামী সত্তাৰ উপলব্ধিয়েই কবিতাটিৰ মূলভাৱ ।
Read More

‘কুকুৰ’ প্ৰতীকটোৱে কবিয়ে প্ৰকৃততে কি ক’বলৈ বিচাৰিছে লিখা ।

9:08 PM 0
বিষয়    :      কুকুৰ 
শ্ৰেণী    : দ্বাদশ  ( অসম ৰাজ্যিক মুক্ত বিদ্যালয়)
 ১) ‘কুকুৰ’ প্ৰতীকটোৱে কবিয়ে প্ৰকৃততে কি ক’বলৈ বিচাৰিছে  লিখা  ।

 উত্তৰ  :  কবি অমূল্য বৰুৱাই ‘কুকুৰ’ প্ৰতীকটোৰ যোগেদি প্ৰকৃততে শ্ৰেণী বৈষম্যৰ আধাৰত মানুহক প্ৰতিনিধিত্ব কৰিছে ।কবিয়ে মানুহক কুকুৰৰ লগত  তুলনা কৰি দুটা শ্ৰেণীত ভাগ কৰিছে ।এচামক নিম্ন বংশজাত আৰু আন চামক উচ্চ বংশজাত বুলি বৰ্ণনা কৰিছে ।

নিম্ন বংশজাত কুকুৰ চামৰ অৱস্থা দুখ লগা ।জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় নিম্নতম সামগ্ৰীখিনিৰো অভাৱ ।এই চাম কুকুৰৰ মুখত পোৱা যায়  অৰ্ৱজনাৰ পৰা উলিয়াই অনা একোডোখৰ ৰসহীন আৰু জাত-পাতৰ বিচাৰ নোহোৱা হাঁড়।আকৌ কোনোটোৰ মুখত দেখা যায় ফটা জোতাৰ লেটেকা চামৰা ।এই চাম কুকুৰৰ বহুতৰে আকৌ চুৱা পাতনিত পেলাই দিয়া  ভাতৰো অভাৱ দেখা যায় ।এই চাম কুকুৰে ক্ষুধা যন্ত্ৰণাৰ নিবাৰণৰ বাবে অহৰহ সংগ্ৰামত ব্যস্ত থাকিবলগীয়া হোৱা বাবে সিহঁতে “অহিংসাই পৰম ধৰ্ম “ এই বাণীকো পাহৰি গৈ হিংসাশ্ৰয়ী জীৱন কটাব লগীয়া হয় ।সেয়েহে যুধিষ্ঠিৰ লগত যোৱা কুকুৰটোৰ দৰে স্বৰ্গাৰোহণৰ আশা কৰি ধৰ্ম যাত্ৰা কৰাৰ মৰসাহ সিহঁতৰ নাথাকে ।এই চাম কুকুৰে ক্ষুধাৰ যন্ত্ৰণা আৰু লোভৰ বাসনাত নিৰস হাঁড় আৰু লেটেকা চামৰাতো বিচাৰি পায় ৰস আৰু প্ৰটিনৰ কোমলতা ।সিহঁতৰ জীৱন ধাৰণৰ এই পদ্ধতিয়ে সৃষ্টিৰ আনাদিৰ কালৰ পৰা চলি অহা “খাবৰ বাবে আমি জীয়াই আছোঁ নে জীয়াই থাকিবৰ বাবে খাই আছোঁ ।“ –এই পুৰণি প্ৰশ্নটিক অধিক জটিল কৰি তোলে কাৰণ সিহঁতক ‘খোৱা, পিয়া, ফুৰ্তি কৰা’ অৰ্থাৎ আনন্দময় জীৱন কটাবলৈ যিবোৰ আহিলা প্ৰয়োজন, সেইসকলোবোৰ সিহঁতৰ অভাৱ । সিহঁতে জীয়াই থাকিবৰ বাবে যি খাদ্য খায়,  সিও হ’ল মহামাৰীৰ বীজ অৰ্থাৎ জীয়াই থাকিবলৈ সিহঁতে যি খায় তাতেই নিহিত  হৈ থাকে সিহঁতৰ মৃত্যু ।সেয়ে সিহঁত নিৰুপায়,  সিহঁত নিজেই  নিজৰ মৃত্যুক  আমন্ত্ৰণ কৰি আনে ।সেইবাবেই সিহঁতৰ বাবে এই জটিল প্ৰশ্ন আজি অৰ্থহীন ।কুৰি শতিকাৰ সভ্যতাৰ নিলাজ হাতৰ চেকা সিহঁতৰ প্ৰত্যেকৰে কপালত সনা আছে ।এই খাবলৈ নোপোৱা দলটোৱেই শোষক ৰূপী প্ৰভুসকলৰ ঐশ্বৰ্যৰ চন্দুকটোৰ ৰাতিৰ আন্ধাৰৰ গোপণ ৰখীয়া আৰু বাহ্যিক সমাজত ইহঁতৰ মূল্য পুতৌলগা, ইহঁত হৈ পৰে ঘৃণিত আৰু আনৰ উপহাসৰ পাত্ৰ কবিয়ে এই নিম্ন জাতবংশৰ কুকুৰ চাম অৰ্থাৎ নিম্ন শ্ৰেণীৰ মানুহবোৰ আধুনিক সভ্যতাৰ শোষক শ্ৰেণীয়ে কৰা শোষণ আৰু নিষ্পেষণৰ বাবেই সৃষ্টি হৈছে বুলি কৈছে । 

এই  সমাজখনৰ উচ্চ বংশজাত কুকুৰৰ দলটো হ’ল খাবলৈ পোৱা কুকুৰ ।এওঁলোকৰ জীৱন বিলাসী জীৱন ।এওঁলোকৰ খাদ্য অভাৱ নাই ।এই চাম মানুহে যি আৰামদায়ক,  বিলাসীপূৰ্ণ  সভ্যতাৰ অংশীদাৰ হৈছে তাৰ গুৰিতে আছে নিম্ন শ্ৰেণীৰ শ্ৰমজীৱী মানুহক কৰা শোষণ,  নিষ্পেষণ । নিম্ন বা শোষিত শ্ৰেণীৰ সুবিধা কাঢ়ি আনি এই চামে বিলাসী সভ্যতাৰ সৃষ্টি কৰিছে আৰু অনুক্ৰমে সমাজত দুখীয়া শ্ৰেণীটোৰ ক্ষুধাৰ বৰ্বৰতাৰ জন্ম দিছে । 

গতিকে দেখা যায় যে প্ৰতীকধৰ্মী “কুকুৰ” কবিটাটিত কবিয়ে জীৱন ধাৰণৰ পাৰ্থক্য থাকিলেও সমাজৰ দুয়ো শ্ৰেণীৰ মানুহকেই “কুকুৰ” বুলি সম্বোধন কৰিছে ।
Read More

"আঘোণৰ কোঁৱলী " কবিতাটিৰ মূল ভাৱ লিখা ।

9:04 PM 0
বিষয়  :   আঘোণৰ কোঁৱলী  

শ্ৰেণী  :  দ্বাদশ  
(১)  "আঘোণৰ কোঁৱলী " কবিতাটিৰ মূল ভাৱ লিখা ।  
2024  (অসম  ৰাজ্যিক মুক্ত বিদ্যালয়) 

উত্তৰ  : কেশৱ মহন্তৰ “আঘোণৰ কোঁৱলী’ কবিটাটিত আঘোণৰ পথাৰৰ সোণবৰণীয়া ধানৰ মনোমোহা পৰিৱেশৰ মাজত নিভাঁজ প্ৰেমৰ সন্ধান আৰু আঘোণৰ কোঁৱলীয়ে বাট ভেটি প্ৰেমৰ পথত আমনি কৰাত কবি অন্তৰৰ যি বিষাদবোধ, তাৰ সহজ-সৰল প্ৰকাশ ঘটিছে । 

আঘোণৰ পথাৰত কবিয়ে যাত্ৰা কৰিছে ।কিন্তু ডাঠ কুঁৱলীয়ে ঘেৰি থকা কাৰণে বাট-পথ দেখা পোৱা নাই ।কুঁৱলী নথকা  হ’লে কবিয়ে বিস্তীৰ্ণ আঘোণৰ পথাৰত পতা সোণ-বৰণীয়া ধানৰ আঁচলবোৰৰ লগতে লিহিৰি লিহিৰি ঢেৰ আঙুলিৰে মুঠি মাৰি  চিকমিক কাচিৰে কাচকাচ শব্দ কৰি খৰকৈ ধান কাটি থকা, মূৰত খোপা বন্ধা দাৱনীসকলকো দেখা পালেহেঁতেন । 

আঘোণৰ  ডাঠ কুঁৱলীয়ে  আমনি নকৰাহেঁতেন কবিয়ে ওপৰলৈ মূৰ তুলিবলৈ সময় নোপোৱা আৰু লঘু পৰিহাসময় হাঁহিৰে মুখৰিত কৰি তোলা আঘোণৰ সোণালী পৰিৱেশটিত কবিৰ প্ৰেয়সী সেউতিও আছে নেকি অলপ দূৰৰ পৰা নোচোৱাৰ ভাও দি চাব পাৰিলেহেঁতেন । তামোলৰ পিকেৰে ওঁঠ ৰঙা কৰি ডালিমগুটীয়া দাঁত উলিয়াই  কাৰোবাক  হাঃ বুলি  ঠেলা মাৰি খাল খিলাই হাঁহা দাৱনীজাকৰ মাজত কবিৰ সোতৰ বছৰীয়া প্ৰেয়সী সেউতিও আছে নেকি বুলি জানিবলৈ কবিয়ে ডাঠ কুঁৱলী মাজেৰে নিৰীক্ষণ কৰিছে । 

সোণালী শস্যৰে পৰিপূৰ্ণ আঘোণৰ পথাৰত কবিয়ে  দাৱনীসকলৰ অসীম কামৰ উন্মাদ পাইছে ।আঘোণৰ পথাৰত দাৱনীসকলৰ সোণোৱালী শস্য চপোৱাৰ কাম আছে বুলি কৈছে। দাৱনীসকলে  মুঠি মুঠি কৰি ধান কাটি ডাঙৰি বান্ধিবলৈ ধানৰ মুঠি যোগাৰ কৰা কাম আছে বুলি কৈছে । আঘোণৰ আকাশেৰে কোনোবা বিললৈ জাক পাতি উৰি যোৱা বন-হাঁহ জাকে প্ৰাণচঞ্চল আৰু কৰ্মব্যস্ত  দাৱনী আৰু ডেকাসকলৰ মনত প্ৰেমৰ অনুৰাগ জাগি তোলে। তেওঁলোকৰ মনবোৰো প্ৰেমৰ ৰাগিত মতলীয়া হৈ প্ৰেমিক-প্ৰেমিকাৰ ওচৰলৈ উৰা মাৰে । 

আঘোণৰ  ঘন কুঁৱলীৰ বাবে কবিয়ে সেউতিক বিচাৰি নাপালে ।সেউতীয়ে দোৱা  ধানৰ  ডাঙৰি বান্ধিম বুলি কবিয়ে আশাৰে তোলা তৰা-জৰী তোলাতে থাকিল। কবিক বৌৱেকে সেউতিৰ কথা কৈছিল,  কিন্তু সেউতিক কবিৰ কথা ক’লে নে নাই কবিয়ে নাজানিলে । 

আঘোণৰ কুঁৱলীৰ  মাজত সোণালী ধাননি আৰু কৰ্মব্যস্ত দাৱনীবোৰৰ লগতে কবিৰ প্ৰেয়সী সেউতিও হেৰাই গ’ল ।সেউতিৰ সতে কবিয়ে  ডাঙৰি বন্ধাৰ হেঁপাহতো চেঁচা পানী পৰিল। কবিৰ মন বিষাদেৰে ভৰি পৰিল ।
Read More

জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘শোণিত কুঁৱৰী’ নাটকৰ চিত্ৰলেখা চৰিত্ৰটো ব্যাখ্যা আগবঢ়োৱা ।

8:59 PM 0
(১) জ্যোতিপ্ৰসাদ  আগৰৱালাৰ ‘শোণিত কুঁৱৰী’ নাটকৰ চিত্ৰলেখা চৰিত্ৰটো ব্যাখ্যা  আগবঢ়োৱা । ( ASOS ,2024 ) 

   উত্তৰ  : জ্যোতিপ্ৰসাদ  আগৰৱালাৰ ‘শোণিত কুঁৱৰী’ নাটকৰ এটি  মনোৰম চৰিত্ৰ  হৈছে  চিত্ৰলেখা  । চিত্ৰলেখা  বাণাসুৰৰ মন্ত্ৰী কুম্ভাণ্ডৰ জীয়াৰী তথা ঊষাৰ সখীয়েক । সখী হিচাপে চিত্ৰলেখা ঊষাৰ অভিন্নহৃদয়া । সখীগত প্ৰাণা চিত্ৰলেখা মায়াবিদ্যাত পাৰদৰ্শী, চিত্ৰবিদ্যাত সুদক্ষতা, সংগীত বিদ্যাত পাৰ্গত, নৃত্যপটিয়সী আৰু কলা-কুশলী ।চিত্ৰলেখা ঊষা-অনিৰুদ্ধৰ মিলনদূতী । 

“শোণিত কুঁৱৰী “ নাটকখনিৰ আৰম্ভণিৰ পৰাই চিত্ৰলেখা চৰিত্ৰটো অপৰিহাৰ্য ৰূপে দেখা দিছে ।প্ৰথম অংকত বাণৰ ইচ্ছা অনুসৰি চিত্ৰলেখাই “পদুমকলি” নৃত্য প্ৰদৰ্শন কৰিছে ।ইয়াৰ যোগেদি চিত্ৰলেখা এগৰাকী নৃত্যকুশলী হিচাপে পৰিচিত হয়।তাৰ পাছত ঊষা আৰু আন আন সখীসকলৰ লগত চিত্ৰলেখাই ৰাংঢালী গাভৰুৰূপে ৰং-ধেমালি কৰিছে , ঠাট্টা-মস্কৰা কৰিছে , মনৰ আনন্দত নাচিছে আৰু গাইছে । আনহাতে,  ঊষাক অগ্নিগড়ত নিৰ্বাসন দিয়াত অভিন্নহৃদয়া। চিত্ৰলেখাও ঊষাৰ সৈতে অগ্নিগড়ত থাকিবলৈ লৈছে ।চিত্ৰলেখা ঊষাৰ দুখত দুখী আৰু ঊষাৰ সুখত সুখী । সেইবাবে তাই ঊষাই যেতিয়াই নাচিবলৈ আৰু গাবলৈ কয় তেতিয়াই  তাই ঊষাৰ আনন্দৰ বাবে নাচ-গান কৰে। উষাই সপোনৰ স্বামীক বাস্তৱত বিচাৰি নাপায় সাহাকাৰ কৰোঁতে চিত্ৰলেখাই ঊষাক বুজনি দি শেষত প্ৰাণসমা সখী ঊষাৰ সন্তুষ্টিৰ বাবে সপোণত দেখা  স্বামীক বিচাৰি আনি দিম বুলি অংগীকাৰ কৰে। সেয়ে  সপোনৰ স্বামীক চিনাক্ত কৰাৰ বাবে চিত্ৰলেখাই দেৱতা-দানৱ-মানৱ-কিন্নৰ কুমাৰসকলৰ চিত্ৰ ভূৰ্জপত্ৰত আঁকি দেখুওৱায়। ঊষাই অনিৰুদ্ধৰ চিত্ৰখন দেখা পাই চঞ্চল হৈ পৰিল আৰু  লাজতে ওৰণিৰে মুখ ঢাকিলে ।এই ক্ষেত্ৰত  চিত্ৰলেখাৰ পাৰদৰ্শিতা প্ৰকাশ  পাইছে । 

চিত্ৰলেখাই ঊষাৰ  মনোকামনা পূৰণৰ বাবে অনিৰুদ্ধক আনিবলৈ অকলে দ্বাৰাকালৈ গমন কৰে ।তাই দ্বাৰাকাত চিত্ৰ-বিক্ৰেতা বালকৰ ছদ্মবেশ ধাৰণ কৰি প্ৰৱেশ কৰে  আৰু  সুযোগ বুজি অনিৰুদ্ধৰ কাষ চাপে ।কৌশলেৰে চিত্ৰলেখাই  অনিৰুদ্ধক ঊষাৰ ছবিখিনি দেখুৱাত ঊষাৰ চিত্ৰপট দেখি অনিৰুদ্ধ ব্যাকুল হৈ ঊষাৰ বিষয়ে জানিবলৈ ব্যগ্ৰ হৈ পৰে।চিত্ৰলেখাই  নিজৰ পৰিচয়  দি অনিৰুদ্ধক কয় যে ছবিখন শোণিতপুৰ ৰাজ্যৰ ৰজা বাণাসুৰৰ জীয়াৰী আৰু  অনিৰুদ্ধৰ প্ৰণয়প্ৰাৰ্থী আৰু চিত্ৰলেখাই অনিৰুদ্ধক নিবলৈ দ্বাৰাকালৈ আহিছে ।অনিৰুদ্ধই চিত্ৰলেখাক নিজৰ পৰিচয় প্ৰমাণ কৰিবলৈ কোৱাত চিত্ৰলেখাই অসামান্য গীত-নৃত্য পৰিৱেশন কৰি অনিৰুদ্ধক পতিয়ন নিয়াইছিল ।অৱশেষত চিত্ৰলেখাই  অনিৰুদ্ধক দ্বাৰকাৰ পৰা অগ্নিগড়লৈ আনি ঊষা আৰু অনিৰুদ্ধৰ মিলন ঘটায় আৰু চিত্ৰলেখাৰ পৌৰোহিত্যত দুয়োৰ মাজত গন্ধৰ্ব বিবাহ সম্পন্ন হয়।ইয়াত চিত্ৰলেখাৰ সাহসিকতাৰ এক অন্যতম পৰিচয় প্ৰকাশ ঘটিছে । 


এনেদৰে আলোচনা কৰিলে দেখা যায় যে চিত্ৰলেখা চৰিত্ৰটো ত্যাগৰ আদৰ্শৰে নিৰ্মিত ।এই চৰিত্ৰটোৰ  মাজেৰে ত্যাগৰ মহানতা তথা উদাৰতা প্ৰকাশ পাইছে ।সখীয়েকৰ মনোকামনা পূৰণ আৰু সন্তুষ্টিৰ বাবে চিত্ৰলেখাই নিজৰ দুখ-বেজাৰ, বিপদ-আপদৰ কথা নাভাবি প্ৰকৃত সখীৰ কৰ্তব্য পালনত ব্ৰতী হৈছে ।নিঃস্বাৰ্থভাৱে এনে কৰ্তব্য পালন কৰা নাৰী চৰিত্ৰৰ সংখ্যা বৰ কম।নাটকখনিৰ সামৰণিত চকুলো মচি মচি অথচ আনন্দ মনেৰে সখীয়েক ঊষাক চিত্ৰলেখাই বিদায় দিছে ।নিজৰ দুখ ঢাকি ৰাখি আনৰ আনন্দৰ বাবে নিজকে বিলাই দিব পৰাতেই চিত্ৰলেখা চৰিত্ৰৰ মহত্ব প্ৰকাশ পাইছে ।
Read More

মৌলিক অধিকাৰ আৰু নিৰ্দেশাত্মক নীতিৰ মাজৰ পাৰ্থক্যসমূহ

8:43 PM 0
1)    মৌলিক  অধিকাৰ আৰু  নিৰ্দেশাত্মক নীতিৰ  মাজৰ পাৰ্থক্যসমূহ লিখা ।     
উত্তৰ  : মৌলিক  অধিকাৰ আৰু  নিৰ্দেশাত্মক নীতিৰ  মাজৰ পাৰ্থক্যসমূহ হ'ল ----

(১) মৌলিক  অধিকাৰসমূহ বাদযোগ্য, কিন্তু নিৰ্দেশাত্মাক নেতাবোৰো বাদযোগ্য  নহয় । 

(2) মৌলিক  অধিকাৰসমূহক সংবিধান নাগৰিকক ৰক্ষণা-বেক্ষণ দিয়াৰ উদ্দেশ্যেৰে সন্নিবিষ্ট কৰা হৈছে । কিন্তু  ৰাষ্ট্ৰ নিৰদেশাত্মক নীতিসমূহক সংবিধানত দেশৰ পৰা নিৰক্ষৰতা,  দৰিদ্ৰতা,  অজ্ঞতা,  সামাজিক বৈষম্য  আৰু  অৰ্থনৈতিক দুৰাৱস্থাৰ প্ৰতিকাৰকল্পে সন্নিবিষ্ট কৰা হৈছে । 

(3) মৌলিক অধিকাৰসমূহক চৰকাৰী কাৰ্যৰ ওপৰত কিছুমান সীমাবদ্ধতা আৰোপ কৰে,  কিন্তু  নিৰ্দেশাত্মাক নীতিসমূহে চৰকাৰী দায়িত্বৰ পৰিসৰ বৰ্ধিত কৰে । 

(4)  মৌলিক অধিকাৰ  ভেঁটি  হৈছে ব্যক্তিবাদ, কিন্তু  নিৰ্দেশাত্মাক নীতিৰ ভেঁটি  হৈছে সমাজবাদ ।

(5) মৌলিক অধিকাৰসমূহে ভাৰতবৰ্ষত ৰাজনৈতিক গণতন্ত্ৰৰ প্ৰচলন সূচনা কৰিছে । কিন্তু নিৰ্দেশাত্মাক নীতিৰ জৰিয়তে জনসাধাৰণক অৰ্থনৈতিক স্বাধীনতা দি ভাৰতবৰ্ষত ৰাজনৈতিক গণতন্ত্ৰৰ লগতে অৰ্থনৈতিক গণতন্ত্ৰ প্ৰতিষ্ঠাৰ চেষ্টা কৰা  হৈছে । 

(৬) মৌলিক অধিকাৰ কাৰ্যকৰীকৰণৰ কাৰণে কোনো নতুন বিধিৰ দৰকাৰ নহয়, কিন্তু নির্দেশক নীতিসমূহ কাৰ্যকৰী কৰিবলৈ চৰকাৰে নতুন বিধি প্রণয়ন কৰিবলগা হয়।

(৭) দেশত জৰুৰী অৱস্থা বাহাল থাকিলে কিছুমান মৌলিক অধিকাৰ বাতিল হয়, আদালতৰ জৰিয়তেও তেতিয়া সেই অধিকাৰক সাব্যস্ত কৰিব নোৱাৰি; কিন্তু জৰুৰী অৱস্থা বাহাল থাকিলে নির্দেশক নীতি বাতিল হৈ নাযায়। চৰকাৰে যিকোনো সময়তে এই নীতিসমূহক কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্রহণ কৰিব পাৰে। 

(৮) মৌলিক অধিকাৰ আৰু নিৰ্দেশক নীতিৰ মাজত সংঘাতৰ সৃষ্টি হ'লে, মৌলিক অধিকাৰেই অগ্ৰাধিকাৰ পায়।

Read More

লেখ বুলিলে কি বুজা ? লেখ কোনে জাৰি কৰিব পাৰে ?

8:39 PM 0

৪। লেখ বুলিলে কি বুজা?  লেখ কোনে জাৰি কৰিব পাৰে ? সেইবোৰ কি কি? 
উত্তৰ: নাগৰিকৰ মৌলিক অধিকাৰ উলংঘা হ'লে উচ্চতম ন্যায়ালয় বা উচ্চ ন্যায়ালয়ে  নাগৰিকৰ এই অধিকাৰ ৰক্ষনাবেক্ষণ বা সাব্যস্ত কৰাৰ কাৰণে কোনো আদেশ বা নিৰ্দেশ জাৰি কৰিব পাৰে। এই আদেশ বা নির্দেশকে লেখ বুলি কোৱা হয়। 
উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়সমূহে জাৰি কৰিব পৰে । 
উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়সমূহে জাৰি কৰা  লেখসমূহ হ’ল- 
(ক) বন্দী প্রত্যক্ষীকৰন 
(খ) পৰমাধিদেশ 
(গ) নিষেধাজ্ঞা 
(ঘ) কৈফিয়ৎ তলবী 
(ঙ) উৎপ্রেষণ।

Read More

Post Top Ad

Your Ad Spot