চুটিগল্পৰ বৈশিষ্ট্য - দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Wednesday, July 8, 2020

চুটিগল্পৰ বৈশিষ্ট্য

চুটিগল্পৰ বৈশিষ্ট্য:
   চুটিগল্পত তলৰ বৈশিষ্ট্যসমূহ পৰিলক্ষিত হয়।

  • হ্ৰস্বতা বা সংক্ষিপ্ততা:চুটিগল্পত কম পৰিসৰৰ মাজত বৰ্ণাঢ্য মানৱ জীৱনৰ কোনো এটা পৰিস্থিতিক ফুটাই তোলা হয়। চুটিগল্পই মানৱ জীৱনৰ বৈচিত্ৰপূৰ্ণ ঘটনাকসমূহক উন্মোচিত কৰে। ভাৱ, পৰিকল্পনা আৰু গঠন পদ্ধতিয়ে ইয়াৰ বিষয়বস্তুক সংক্ষিপ্ততা প্ৰদান কৰে।
  • আৰম্ভণি আকস্মিকতা আৰু পৰিসমাপ্তি নাটকীয়তা: চুটিগল্পৰ আৰম্ভণি আকস্মিকতা ।আকস্মিকতাই উৎকণ্ঠা সৃষ্টি কৰাৰ লগতে ব্যঞ্জনাৰ সৃষ্টি কৰি পৰিসমাপ্তি মধুৰ কৰি তোলে । আনহাতে,চুটিগল্পৰ পৰিসমাপ্তি নাটকীয়তা যাৰ ভাৱধাৰাৰ প্ৰৱাহ সামৰণিৰ পাছতো অব্যাহত থাকে ;অনুভৱ হয় শেষ হ'লেও যেন হোৱা নাই ।
  • লক্ষ্যৰ একমুখীতা: চুটিগল্পত মাত্ৰ এটা নিৰ্দিষ্ট বিষয়ক কেন্দ্ৰ কৰিয়েই গল্পটিক স্বাভাৱিক পৰিণতিৰ দিশে আগবাঢ়াই নিয়া হয়। সেয়েহে চুটিগল্পত ধাৰণাৰ ঐক্য আৰু ফলশ্ৰুতি একমুখী হয় আৰু ই পাঠকক নিবিড় ৰসঘন আবেদন এটাৰ যোগান ধৰিব পাৰে।
  • চিত্ৰধৰ্মী বৰ্ণনা: চিত্ৰধৰ্মী বৰ্ণনা চুটিগল্পৰ অন্য এক বৈশিষ্ট্য । ইংগিতধৰ্মি ভাষা চুটিগল্পৰ কথনভংগীৰ এটি প্ৰয়োজনীয় গুণ।কম পৰিসৰৰ ভিতৰতে চুটিগল্প এটাৰ চয়ন কৰিব লগা হোৱা বাবে ইয়াৰ ভাষা তীৰ্যক,তীব্ৰ আৰু ইংগিতধৰ্মি হোৱা প্ৰয়োজন। প্ৰতীকৰ ব্যৱহাৰে চুটিগল্পৰ প্ৰকাশভংগীক সূক্ষ্মতা তথা গভীৰতা প্ৰদান কৰে । ইয়াৰ ফলত চুটিগল্পৰ কলাসুলভ আবেদন বৃদ্ধি পায়। ইয়াৰ পটভূমিত চিত্ৰধৰ্মী বৰ্ণনা,প্ৰতীক অৰ্থ প্ৰয়োগ কৰিলে ই দুগুণ অৰ্থবহ হৈ উঠে ।
  • কাব্যধৰ্মিতা:চুটিগল্পৰ আন এটি বৈশিষ্ট্য হ'ল কাব্যধৰ্মিতা। ইয়াৰ ৰচনা পদ্ধতি কোমল আৰু আটিল।সেয়েহে ই ৰসঘন পৰিস্থিতি সৃষ্টি কৰি পাঠকক বিমল আনন্দ দিয়ে । চুটিগল্পত শব্দচয়ন,উপমা আদি অলংকাৰৰ প্ৰয়োগ,বৰ্ণনাত চিত্ৰধৰ্মিতা আদিৰ প্ৰয়োগৰ মাজেদি সূক্ষ্ম ব্যঞ্জনাদীপ্ত কৰি কাব্যিক মাধুৰ্যগুণবিশিষ্ট কৰি তোলা হয়।
  • ফলশ্ৰুতিৰ একময়তা:ফলশ্ৰুতিৰ একময়তা হ'ল চুটিগল্পৰ এটা শিল্পাদৰ্শ বৈশিষ্ট্য । লক্ষ্যৰ একমুখিতাৰে ই অনিবাৰ্য পৰিণতি। সকলোবোৰ ভাল চুটিগল্পৰে চূড়ান্ত ৰূপটো নিটোল। ইয়াৰ চৰিত্ৰ,কাহানি আৰু পৰিৱেশ কোনো কাৰো পৰা বিচ্ছিন্ন আৰু বিশিষ্ট অৱস্থাত নাথাকে। অৱশ্যে,এইবিলাকৰে কোনোবা এটা বিশেষ উপাদানে প্ৰাধান্য লভিলেও লভিব পাৰে।
  • পৰিস্থিতিৰ নিৰ্মাণ কৌশল: একোটা সংঘাতপূৰ্ণ পৰিস্থিতিয়ে চুটিগল্পৰ ভাৱ,তীব্ৰতা,উৎকণ্ঠাৰ প্ৰাবল্য আৰু চৰিত্ৰৰ মানসিক সংঘাত তীব্ৰতৰ কৰি তোলাত সহায় কৰে। ইয়াত এটা পৰিস্থিতিকহে ফুটাই তোলা হয়।প্ৰকৃততে যিবোৰ পৰিস্থিতিয়ে চৰিত্ৰৰ মনোজগতক উথলাই তুলিব পাৰে,চৰিত্ৰৰ মানসিক সংঘাত তীব্ৰতৰ কৰি তোলাত সহায়ক হ'ব পাৰে; তেনে পৰিস্থিতিয়েহে চুটিগল্পত ঠাই পায়।
  • চুটি বাক্য গাঁথনি: চুটিগল্পৰ লেখকে পাঠকক আকৰ্ষিত কৰাৰ লগতে চৰিত্ৰক প্ৰাণস্পৰ্শী কৰি তোলাৰ অৰ্থে চুটি চুটি বাক্যৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
  • জীৱনৰ অংশ বিশেষৰ চিত্ৰণ: চুটিগল্পত বাস্তৱ জীৱনৰ বিশেষ একোটা ঘটনাকহে উন্মোচিত কৰা হয় ।লেখকে সূক্ষ্ম শিল্প বুদ্ধিৰে মানুহে বাস্তৱ জীৱনৰ এছোৱাত অৱদমন কৰি লুকুৱাই ৰাখা ভাৱ,কল্পনা,আশা-আকাংক্ষা,কামনা,বাসনা আদি প্ৰবৃত্তিবোৰ দ্বন্দ্ব মাজেদি পোহৰলৈ আনে।সেয়ে হয়তো ব্ৰেণ্ডাৰ মেথিউজে কৈছে,"চুটিগল্প হ'ল এচকল জীৱন।

No comments:

Post a Comment

Post Top Ad

Your Ad Spot