যুৱ উচ্ছৃঙ্খলতাৰ কাৰকসমূহ: ক) ত্রুটিপূর্ণ শিক্ষা ব্যৱস্থা:বর্তমান আমাৰ দেশত যিবোৰ শিক্ষা ব্যৱস্থা আছে সেইবোৰ সম্পূৰ্ণভাৱে দোষমুক্ত নহয়।সকলো ছাত্র ছাত্রীয়ে সমানে সুবিধা লৈ শিক্ষা লাভ কৰিব নোৱাৰে। সৰহভাগেই অতি নিম্ন পৰ্যায়ৰ শিক্ষানুষ্ঠানত পঢ়া-শুনা কৰিবলগীয়া হৈছে।বহুতেই থকা ঠাইৰ অসুবিধাৰ পৰা ভূগিবলগীয়া হৈছে।পুথিঘৰ, পৰীক্ষাগাৰ, পুথি ভঁৰাল, ছাত্র-ছাত্রী নিবাস , জিৰণী ঘৰ , খেলা ঠাই আদি অনেকখিনি সুবিধাৰ পৰা ছাত্ৰ-ছাত্ৰীসকল বঞ্চিত হৈ থাকিব লাগে। এনেধৰণৰ সমস্যাই উঠি অহা ল'ৰা-ছোৱালীৰ মনত সমাজ ব্যৱস্থাৰ প্ৰতি বিদ্ৰোহৰ ভাৱ জন্ম দিয়ে। দ্বিতীয়তে,আমাৰ ইয়াৰ পৰীক্ষা ব্যৱস্থা বহু পৰিমাণে ত্রুটিযুক্ত।এই পদ্ধতিৰে ল'ৰা-ছোৱালীৰ প্ৰকৃত জ্ঞান আৰু প্ৰতিভা নিৰ্ণয় কৰিব নোৱাৰি।ল'ৰা-ছোৱালীবিলাকেও ভাবিবলৈ বাধ্য হৈছে যে পৰীক্ষাৰ ফলাফলটো ভাগ্যৰ কথা।তৃতীয়তে,শিক্ষা লাভৰ বাবে যিখিনি সা-সুবিধা লাগে সেইখিনিৰো অভাৱ। বিভিন্ন ক্ষেত্রত প্রতিভা বিকাশৰ বাবে যিখিনি সুবিধা লাগে সেইখিনিৰ পৰাও বহু ল'ৰা-ছোৱালী বঞ্চিত হ'বলগীয়া হৈছে। এনে অৱস্থাই তেওঁলোকৰ মনত হতাশ, বিদ্রোহ, ভৱিষ্যত জীৱনৰ প্ৰতি উদাসীন ভাৱ আদি ঋণাত্মক চিন্তা আনি দিয়ে। কর্মসংস্থানৰ অভাৱ : কর্মসংস্থানৰ অভাৱৰ বাবে বহু ল'ৰা-ছোৱালী হতাশগ্রস্ত হৈ পৰে। বিশেষকৈ যিসকলে বৃত্তিমূলক শিক্ষা লাভ কৰিব পৰা নাই তেওঁলোকে পঢ়ি থকা অৱস্থাতেই নিজৰ ভৱিষ্যত কৰ্মসংস্থানৰ বাবে চিন্তা কৰিবলগীয়া হয়। এনে চিন্তাই যুৱকসকলৰ মনত বিৰূপ প্রতিক্ৰিয়াৰ সৃষ্টি কৰাটো স্বাভাৱিক হৈ পৰে। সামাজিক প্ৰমূল্যৰ দূৰত্ব : সাম্প্রতিক কালত অগ্রজ পুৰুষসকলে পৰম্পৰা ৰক্ষা কৰি বৰ্তমান কালত জীয়াই থাকি সমস্যাৰ সমাধান বিচাৰে।কিন্তু অনুজসকলে বিচাৰে ব্যক্তি স্বাধীনতা।এইদৰে বিভিন্ন ক্ষেত্রত অগ্রজ আৰু উত্তৰ পুৰুষৰ মাজত সামাজিক প্ৰমূল্যৰ ক্ষেত্ৰত সংঘাতে দেখা দিছে।তদুপৰি বৰ্তমান সমাজবোৰত কোনো এটা স্পষ্ট আৰু নির্দিষ্ট সামাজিক প্রমূল্য বা ভাৱাদর্শ নাই যিটোক যুৱ সমাজে গ্রহণ কৰি তেওঁলোকৰ কাৰ্যপন্থা নির্ণয় কৰিব পাৰে।সমাজত অনেক অগ্রজ নেতাই নীতি আদৰ্শৰ কথা কয় যদিও দুর্নীতিত লিপ্ত হয়।এনে স্ববিৰোধী কথা আৰু কামে যুৱ মানসিকতাক অস্থিৰ কৰি তোলে।
ৰাজনৈতিক কাৰণ : সাম্প্রতিক কালত বিভিন্ন দেশত চলি থকা সকলো ৰাজনৈতিক পদ্ধতিয়ে নিজে গণতান্ত্রিক বুলি দাবী কৰে। কিন্তু সেই গণতান্ত্রিক দেশতেই অনেক ধৰণৰ শোষণ, দমন, অন্যায়-অবিচাৰ আদি সদায়ে ঘটি আছে। সকলোতে ধনেই ধর্ম হৈ আছে আৰু ধনৰ বলত শোষণ আৰু শাসন চলিছে যাৰ প্ৰতিকাৰৰ বাবে যুৱ বিদ্ৰোহৰ সৃষ্টি হয়।
প্রশাসনত দুর্নীতি :বর্তমান কালত বহুসময়ত প্রশাসনত দুর্নীতিয়েই নীতি হৈ পৰা পৰিলক্ষিত হয়। লিপিবদ্ধ কৰি ৰখা বিধি, অনুবিধি সকলো এফালে থৈ ৰাইজৰ টকা যিকোনো প্ৰকাৰে আত্মসাৎ কৰাতহে অনেক কৰ্মচাৰীয়ে গুৰুত্ব দিয়ে আৰু এনে কাৰ্য বাধা দিবলৈ কোনো নোহোৱাৰ দৰে। দুর্নীতিমূলক কার্যকলাপ যদি দৈনন্দিন ঘটনা হয় তেন্তে যুৱকসকলে প্রশাসনৰ প্ৰতি আস্থা হেৰুৱাই বিদ্রোহী হৈ পৰা দেখা যায়। তেওঁলোকে কৰা আন্দোলনত কেতিয়াবা উশৃঙ্খলতাই দেখা দিয়ে। শিক্ষানুষ্ঠানৰ প্ৰশাসন : বিভিন্ন কাৰণত কিছুমান শিক্ষানুষ্ঠানৰ প্রশাসনো আদৰ্শৰ পৰা বিচলিত হৈ দুর্নীতি, অনিয়ম আৰু অবিচাৰত লিপ্ত হোৱা দেখা যায়। এনে ধৰণৰ অসুস্থ পৰিৱেশে স্বাভাৱিকতে যুৱ মানসিকতাত বিরূপ প্রতিক্রিয়াৰ সৃষ্টি কৰে আৰু কেতিয়াবা ছাত্রই এনে কাৰ্য্যৰ প্ৰতিবাদ কৰোতে উশৃঙ্খলতাৰ সৃষ্টি হয়। নিবনুৱা সমস্যা : নিবনুৱা সমস্যা দিনক দিনে বৃদ্ধি পাই অহাত বহু ল'ৰা-ছোৱালী নিবনুৱাহৈ থাকবি লগা হোৱাত তেওঁলোকৰ মনত হতাশা, বিদ্রোহ, ভৱিষ্যত জীৱনৰ প্ৰতি উদাসীন ভাৱ আদি ঋণাত্মক চিন্তাই গা কৰি উঠিছে। গতিকে নিবনুৱা অৱস্থাইও যুৱ উশৃঙ্খলতাত বৰঙণি যোগাইছে। অপৰাধমূলক কাম : পৃথিৱীৰ সকলো দেশতেই যুৱকসকলৰ মাজত অপৰাধকাৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি হোৱা দেখা গৈছে।নগৰ-চহৰ আনকি গাওঁবোৰতো নানা ধৰণৰ অপৰাধমূলক কামত অনেক যুৱক লিপ্ত হোৱা দেখা গৈছে।সামাজিক উদ্ভণ্ডালি, চুৰি, ডকাইতি, প্রবঞ্চনা আদি অপৰাধমূলক কাম সাধাৰণ ঘটনাত পৰিণত হৈছে। নিচাযুক্ত ঔষধৰ অপব্যৱহাৰ : নিচাযুক্ত ঔষধৰ অপব্যৱহাৰ বৰ্তমান যুৱ সমাজত ব্যাপক হোৱা দেখা গৈছে। অসাধু আৰু সমাজ বিৰোধীলোকে নিচাযুক্ত দ্রব্য সমাজত বিয়পাই পেলাইছে।এনে দ্ৰব্যৰ ফলত বহু যুৱকৰ জীৱন ধ্বংস হৈছে।যুৱ উশৃঙ্খলতাৰ এটা প্ৰধান কাৰণ এনে নিচাযুক্ত দ্ৰব্যৰ ব্যাপক প্রচলন। সমস্যা সমাধান : যুৱ সমস্যা এক অন্যতম সামাজিক সমস্যা। সামাজিক সমস্যা বহুমুখী আৰু জটিল। এই সামাজিক সমস্যাৰ কাৰণ বিলাক ভালদৰে বিশ্লেষণ কৰি সমাধান সূত্ৰ উলিয়াব পাৰি। ওপৰোক্ত কাৰণৰ উপৰিও অন্য বহু পৰিস্থিতিয়ে যুৱকসকলৰ মনত হতাশা, ক্ষোভ আৰু বিদ্ৰোহৰ ভাৱ ৰোপণ কৰে আৰু সেইবোৰেই সময়ত আন্দোলন ৰূপে প্রকাশ পায় ।
যুব আন্দোলনৰ কাৰণসমূহৰ ওপৰত প্ৰতিষ্ঠিত সিদ্ধান্তসমূহ : যুৱ আন্দোলনৰ কাৰণসমূহ ওপৰত প্ৰতিষ্ঠিত সিদ্ধান্তক দুই প্ৰকাৰে ভাগ কৰা হৈছে -- (ক) মনস্তাত্ত্বিক আৰু (খ) সমাজশাস্ত্রীয় । মনস্তাত্ত্বিক সিদ্ধান্ত আকৌ দুই প্ৰকাৰৰ -(ক) অসন্তোস সিদ্ধান্ত : এই সিদ্ধান্তৰ মতে যুৱ আন্দোলনবিলাকৰ উৎস হৈছে যুৱকসকলৰ মাজত ক্রমাগত বৃদ্ধি পোৱা অসন্তুষ্টিৰ ভাৱ। নিযুক্তিৰ অভাৱ আৰু ভৱিষ্যত অনিশ্চয়তাৰ ভাৱে যুৱক-যুৱতীসকলৰ মনত অসন্তোষ ভাৱৰ সৃষ্টি কৰে। (খ) ব্যক্তিগত বিসঙ্গতিৰ সিদ্ধান্ত :ব্যক্তিগত বিসঙ্গতি সিদ্ধান্তৰ মতে যেতিয়া কোনো ব্যক্তিয়ে কৃতকার্যতা লাভ কৰিব নোৱাৰে তেতিয়া আন্দোলনৰ পথ লয়। হ'ফাৰৰ মতে যিসকলে জীৱনত বিৰক্তি পায়, যি সকল অযোগ্য, যিসকলে তেওঁলোকৰ জীৱনৰ প্ৰতি গুৰুত্বভাৱে অসন্তুষ্টি প্রকাশ কৰে সেই সকলেই আন্দোলনত ভাগ লয়। তেওঁলোকে আন্দোলনৰ কাৰ্যপন্থাৰ মাধ্যমেদি এওঁলোকৰ শূণ্য জীৱনত নতুন অর্থ বিচাৰি পায়।
সমাজশাস্ত্রীয় সিদ্ধান্ত দুই প্ৰকাৰৰ :ক) আপেক্ষিক বঞ্চনা সিদ্ধান্ত: আপেক্ষিক বঞ্চনা সিদ্ধান্তটো ১৯৪৯ চনত ষ্টাউফাৰে উদ্ভাৱন কৰিছিল। এটা সমূহৰ অসন্তোষ, বঞ্চনা আৰু আপেক্ষিক বঞ্চনাৰ যোগেদি এই সিদ্ধান্তটো যুক্তিসংগতভাৱে আলোচনা কৰিব পাৰি।(খ) সম্পদ প্রস্তুতি সিদ্ধান্ত : সম্পদ প্রস্তুতিৰ সিদ্ধান্তই যুৱ আন্দোলনৰ কাৰণসমূহ বিশ্লেষণ কৰাৰ পৰিৱৰ্তে এই যুৱ আন্দোলনৰ কৌশলসমূহৰ ওপৰতে গুৰুত্ব দিছে। উইলচন, মেককাঠী আৰু ৱালছ আদি পণ্ডিত সকলে মতপোষণ কৰিছে যে ওজৰ-আপত্তি, অসন্তোষ আদিৰ অবিহনে খুব কম আন্দোলনহে হয়। কিন্তু সেই ওজৰ আপত্তিবিলাকক কাৰ্যকৰী আন্দোলনৰ পথলৈ আনিবৰ বাবে প্ৰস্তুতিৰ প্ৰয়োজন।
No comments:
Post a Comment