দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA: টোকা

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Showing posts with label টোকা. Show all posts
Showing posts with label টোকা. Show all posts

Sunday, November 3, 2019

শংকৰদেৱৰ নাটকৰ ওপৰত এটি টোকা

9:16 AM 0
মহাপুৰুষ শংকৰদেৱ
    চিৰনমস্য মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম হৈছিল ১৪৪৯ চনত বৰদোৱাৰ আলিপুখুৰিত ।তেৰাৰ পিতৃ - মাতৃৰ নাম আছিল  কুসুম্বৰ ভূঞাঁ আৰু সত্যসন্ধা ।সৰুকালতে পিতৃ-মাতৃ ঢোকোৱাত  বুঢ়ীমাক খেৰসুতীয়ে শংকৰদেৱক তুলিতালি ডাঙৰ -দীঘল  কৰে।তেখেতে শংকৰদেৱক মহেন্দ্ৰ কন্দলিৰ টোললৈ বাৰ বছৰ বয়সত শিক্ষা গ্ৰহণৰ বাবে প্ৰেৰণ কৰে।শংকৰদেৱে বৰ্ণমালা শিকিয়েই কোনো স্বৰবৰ্ণৰ মাত্ৰা  ব্যৱহাৰ নকৰাকৈ 'কৰতল কমল কমল দল নয়ন" নামেৰে এটি কবিতা ৰচনা কৰে। ।
           অসমীয়া নাট্যসাহিত্য শংকৰদেৱৰ কাপৰ পৰাই অংকুৰণ ঘটে।সেয়ে তেৰাক অসমীয়া নাট্যসাহিত্যৰ  পিতৃ বুলি আখ্যা দিয়া হয়।তেৰাই  ১৪৮১ চনৰ পৰা ১২ বছৰ ধৰি প্ৰথমবাৰ তীৰ্থযাত্ৰা কৰি ঘূৰি আহি বৰদোৱাত প্ৰথমখন  সংলাপবিহীন নাট 'চিহ্নযাত্ৰা ' ৰচনা কৰে ।এই নাটখন চাৰি দিন সাত ৰাতি অভিনয় কৰাইছিল । পৰৱৰ্তী সময়ত তেৰাই ৬খন নাট ৰচনা কৰে। তেৰাই মাজুলীৰ বেলগুৰিত 'পত্নীপ্ৰসাদ',কামৰূপৰ পাটবাউসীত 'কালিয়দমন ', 'কেলিগোপাল' ','ৰুক্মিণী হৰণ', 'পাৰিজাত-হৰণ',আৰু  ১৯৪০শক অৰ্থাৎ ১৫৬৮ চনত কোচবিহাৰত চিলাৰায় ওৰফে শুক্লধ্বজৰ অনুৰোধক্ৰমে 'ৰামবিজয় ' নাট ৰচনা কৰে ।
     শংকৰদেৱৰ প্ৰথম নাটৰ ক্ষেত্ৰত পণ্ডিতসকলৰ দ্বিমত পোৱা  যায় যদিও তেৰাৰ 'পত্নীপ্ৰসাদ' নাটখনকে প্ৰথম আসমীয়া সাহিত্যৰ নাট বুলি কোৱা হয়। 'পত্নীপ্ৰসাদ' আৰু 'কালিয়দমন' দুয়োখন নাটৰে মূল ভাগৱতৰ দশম স্কন্ধৰ ।'পত্নীপ্ৰসাদ'ত শান্ত ৰস আৰু কালিয়দমনত বীৰ ,ভয়ানক আৰু কৰুণ ৰসৰ সমাৱেশ ঘটিছে ।ড.মহেশ্বৰ  নেওগে 'পত্নীপ্ৰসাদ'  নাটখনক এখন পূৰ্ণাংগ নাট নহয় বুলি মত প্ৰকাশ কৰিছে (পৃষ্ঠা:৯১,আসমীয়া সাহিত্য ৰূপৰেখা, ড.মহেশ্বৰ নেওগ)।
        'কেলিগোপাল ' নাট ভাগৱতৰ 'ৰাসপঞ্চাধ্যায়'ৰ ভেঁটিত ৰচিত।'কেলিগোপাল 'নাটত শৃংগাৰ ৰসৰ প্ৰাধান্য দেখা যায় । 'ৰুক্মিণী  হৰণ' নাটৰ  মূল হ'ল ভাগৱত ,হৰিবংশ আৰু বিষ্ণুপুৰাণ ।এই নাটখনেই শংকৰদেৱৰ নাটসমূহৰ ভিতৰত কলেবৰ ।'ৰুক্মিণী হৰণ 'ত বীৰ, হাস্য আৰু  শৃংগাৰ  ৰসৰ প্ৰধান্য দেখা যায় ।'পাৰিজাত হৰণ'ৰ  বিষয়বস্তু 'হৰিবংশ' আৰু 'ভাগৱত পুৰাৰণ'ৰ পৰা লোৱা  হৈছে । 'পাৰিজাত হৰণ'ত হাস্য, কৰুণ আৰু বীৰ ৰসৰ উচিত সমাৱেশ ঘটিছে।
 সমালোচকসকলে নাট্যগুণৰলৈ লক্ষ্য ৰাখি 'পাৰিজাত হৰণ' নাটখনক শংকৰদেৱৰ শ্ৰেষ্ঠ নাট বুলি কৈছে ।
          'ৰামবিজয় ' শংকৰদেৱৰ শেষ নাট ।'ৰামবিজয়'ৰ কথাবস্তু বালকাণ্ড বা আদিকাণ্ড  ৰামায়ণৰ পৰা লোৱা হৈছে । ইয়াৰ  প্ৰধান  ৰস  বীৰ ।এই নাটখন জীৱনৰ শেষকালত কোচৰজা শুক্লধ্বজৰ অনুৰোধক্ৰমে কোচবিহাৰত ৰচনা কৰিছিল ।
         ড.সত্যেন্দ্ৰনাথ শৰ্মাই অংকীয়া নাটবোৰত গীতৰ প্ৰাধান্য বেছি বাবে অংকীয়া নাটবোৰক 'গীতনাট্য' বুলি আখ্যা দিয়ে ('অসমীয়া সাহিত্যত দৃষ্টিপাত', পৃষ্ঠা ১৩৪,ড.হেমন্ত কুমাৰ শৰ্মা ) । অংকীয়া নাটৰ শ্লোকখিনিৰ ভাষা সংস্কৃত, বাকীবোৰ ব্ৰজাৱলী বা ব্ৰজবুলি  ।
           
Read More

শংকৰদেৱৰ নাটকৰ (অংকীয়া নাট)

9:11 AM 0
মহাপুৰুষ শংকৰদেৱ
    চিৰনমস্য মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম হৈছিল ১৪৪৯ চনত বৰদোৱাৰ আলিপুখুৰিত ।তেৰাৰ পিতৃ - মাতৃৰ নাম আছিল  কুসুম্বৰ ভূঞাঁ আৰু সত্যসন্ধা ।সৰুকালতে পিতৃ-মাতৃ ঢোকোৱাত  বুঢ়ীমাক খেৰসুতীয়ে শংকৰদেৱক তুলিতালি ডাঙৰ -দীঘল  কৰে।তেখেতে শংকৰদেৱক মহেন্দ্ৰ কন্দলিৰ টোলৰলৈ বাৰ বছৰ বয়সত শিক্ষা গ্ৰহণৰ বাবে প্ৰেৰণ কৰে।শংকৰদেৱে বৰ্ণমালা শিকিয়েই কোনো স্বৰবৰ্ণৰ মাত্ৰা  ব্যৱহাৰ নকৰাকৈ 'কৰতল কমল কমল দল নয়ন" নামেৰে এটি কবিতা ৰচনা কৰে। ।
           অসমীয়া নাত্যসাহিত্য শংকৰদেৱৰ কাপৰ পৰাই অংকুৰণ ঘটে।সেয়ে তেৰাক অসমীয়া নাত্যসাহিত্যৰ পিতৃ বুলি আখ্যা দিয়া হয়।তেৰাই  ১৪৮১ চনৰ পৰা ১২ বছৰ ধৰি প্ৰথমবাৰ তীৰ্থযাত্ৰা কৰি ঘূৰি আহি বৰদোৱাত প্ৰথমখন  সংলাপবিহীন নাট 'চিহ্নযাত্ৰা ' ৰচনা কৰে ।এই নাটখন চাৰিদিন সাত ৰাতি অভিনয় কৰাইছিল । পৰৱৰ্তী সময়ত তেৰাই ৬খন নাট ৰচনা কৰে।তেৰাই মাজুলীৰ বেলগুৰিত 'পত্নীপ্ৰসাদ',কামৰূপৰ পাটবাউসীত 'কালিয়দমন ','কেলিগোপাল','ৰুক্মিণী হৰণ',পাৰিজাত-হৰণ',আৰু  ১৯৪০শক অৰ্থাৎ ১৫৬৮ চনত কোচবেহাৰত চিলাৰাই ওৰফে শুক্লধ্বজৰ অনুৰোধক্ৰমে 'ৰামবিজয় ' নাট ৰচনা কৰে ।
     শংকৰদেৱৰ প্ৰথম নাটৰ ক্ষেত্ৰত পণ্ডিতসকলৰ দ্বিমত পোৱা  যায় যদিও তেৰাৰ 'পত্নীপ্ৰসাদ' নাটখনকে প্ৰথম আসমীয়া সাহিত্যৰ নাট বুলি কোৱা হয়। পত্নপ্ৰসাদ আৰু কালিয়দমন দুয়ো খন নাটৰে মূল ভাগৱতৰ দশম স্কন্ধৰ ।পত্নীপ্ৰসাদত শান্ত ৰস আৰু কালিয়দমনত বীৰ ,ভয়ানক আৰু কৰুণ ৰসৰ সমাৱেশ ঘটিছে ।ড.মহেশ্বৰ  নেওগে পত্নীপ্ৰসাদ নাটখনক এখন পূৰ্ণাংগ নাট নহয় বুলি মত প্ৰকাশ কৰিছে (পৃষ্ঠা:৯১,আসমীয়া সাহিত্য ৰূপৰেখা, ড.মহেশ্বৰ নেওগ)।
        'কেলিগোপাল ' নাট ভাগৱতৰ 'ৰাসপঞ্চাধ্যায়'ৰ ভেঁটিত ৰচিত।'কেলিগোপাল 'নাটত শৃংগাৰ ৰসৰ প্ৰাধান্য দেখা যায় ।

Read More

Post Top Ad

Your Ad Spot