দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA: দশম শ্ৰেণী অসমীয়া

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Showing posts with label দশম শ্ৰেণী অসমীয়া. Show all posts
Showing posts with label দশম শ্ৰেণী অসমীয়া. Show all posts

Tuesday, December 3, 2024

মই অসমীয়া (কবিতা )

7:55 PM 0
পাঠ্যপুথিৰ প্ৰশ্নৱালী:
১)চমু উত্তৰ দিয়া:
ক)চৈয়দ আব্দুল মালিকৰ কবিতা পুথি  এখনৰ নাম লিখা ।
উত্তৰ :চৈয়দ আব্দুল মালিকৰ কবিতা পুথি  এখনৰ নাম হ'ল বেদুইন।
খ)মোগলসকলে অসমৰ ক'ত ভৰি দিছিল?
উত্তৰ:মোগলসকলে অসমৰ সেউজীয়া দূবৰিৰ বনত দিছিল ।
গ)অসমৰ হেংদাং ক'ত জিলিকিছিল ?
উত্তৰ: অসমৰ হেংদাং সমৰ থলীত জিলিকিছিল ।
ঘ) অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল  ?
উত্তৰ: অসমীয়াসকলে ম'হৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল ।
ঙ)অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সজাইছিল  ?
উত্তৰ:অসমৰ স্বৰ্গদেৱে হাঁহ-কণী আৰু চাউলেৰে দেউল সজাইছিল ।

2)'অসমৰ হেংদাং জিলিকিল
    দুৰৰ পূৰ্ণ আলোকত '----------কথাখিনিৰ তাৎপৰ্য  ব্যাখ্যা কৰা ।
উত্তৰ: উপৰোক্ত কবিতাফাঁকিৰ যোগেদি  কবিয়ে অসমীয়া জাতিৰ গৌৰৱময়  স্বদেশপ্ৰীতি আৰু  বীৰত্বৰ কথা বৰ্ণনা কৰিছে ।
           মোগলসকলে অসমক অনায়াসেৰে জয় কৰা তৃষা লৈ অসমৰ লুইতৰ পাৰৰ মিনকৰা সেউজীয়া দূবৰিৰ বনত ভৰি  দি অসমৰ বীৰ - বীৰংগনাৰ অদম্য স্বদেশপ্ৰীতি  আৰু  বীৰত্ব দেখি বিস্মিত হৈ পৰিছিল ।অসমীয়া পুৰুষ-মহিলাই  অসম মাতৃৰ সন্মান আৰু  স্বাধীনতা ৰক্ষাৰ  বাবে হাতে -হাতে অস্ত্ৰ-শস্ত্ৰ, হেংদাং  লৈ সমৰ থলীত ৰণচণ্ডী হৈ নিজৰ প্ৰাণ আহুতি দিবলৈ উপস্থিত হৈছিল । অসমীয়া  পুৰুষ-তিৰোতাৰ হাতত থকা হেংদাং  দুপৰীয়া পূৰ্ণ  আলোকত  জিলিকি উঠিছিল ।অসমীয়া পুৰুষ- তিৰোতাৰ  এনে অনিৰুদ্ধ  স্বদেশপ্ৰীতি  দেখি মোগলসকল  হতচকিত  হৈ বিবুদ্ধিত  পৰিছিল ।
Read More

Wednesday, August 21, 2019

জিকিৰ

8:55 PM 0
১)জিকিৰৰ ৰচক কোন ?
উত্তৰ: জিকিৰৰ ৰচক  আজান ফকিৰ ।
২) আজান  ফকিৰ প্ৰকৃত নাম কি ?
উত্তৰ: আজান ফকিৰ প্ৰকৃত নাম  হ'ল হজৰত চাহ মিলন ।
৩)জিকিৰবোৰক  কিহৰ লগত  তুলনা কৰিব পাৰি ?
উত্তৰ: জিকিৰবোৰক হিন্দুৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতিমূলক গীতৰ লগত তুলনা কৰিব পাৰি ।
৪) 'জিকিৰ ' শব্দটো কি শব্দৰ পৰা ওলাইছে?
উত্তৰ: 'জিকিৰ ' শব্দটো আৰবী ভাষাৰ 'জিকৰ' শব্দৰ পৰা  ওলাইছে ।
৫)  জিকিৰ কাক বোলে ?
উত্তৰ: ইছলাম ধৰ্মৰ তত্ব, আদৰ্শ আৰু আচাৰ-নীতিৰ মৌলিক ভাৱ-চিন্তা প্ৰকাশক  তথা ভক্তিমূলক গীতসমূহকে জিকিৰ বুলি  কোৱা  হয় ।
৬) 'মুনিন'  শব্দৰ অৰ্থ কি  ?
উত্তৰ: 'মুনিন ' শব্দৰ অৰ্থ  হ'ল বিশ্বাসী  মুছলমান।
৭) 'ৰহম' শব্দৰ অৰ্থ কি  ?
উত্তৰ: 'ৰহম' শব্দৰ অৰ্থ হ'ল  'দয়া ' ।
৮) জিকিৰ মূলভাৱ লিখাঁ ।
উত্তৰ: আজান ফকিৰৰ দ্বাৰা  ৰচিত 'জিকিৰ 'গীতটিৰ মাজেৰে আল্লাৰ স্বৰূপ,মন তথা আত্মাৰ প্ৰকৃতি আৰু  আল্লাক  লাভ কৰাৰ পথ দাঙি ধৰা হৈছে ।
        গীতিকাৰে আল্লাক দয়াৰ অধিকাৰী বুলি সম্বোধন কৰি তেওঁক নিৰাপদে সংসাৰ সমুদ্ৰ  পাৰ কৰি নিবলৈ আল্লাৰ  ওচৰত  মিনতি কৰিছে । তেওঁৰ  নিজৰ অস্হিৰ মনক আল্লাৰ নাম স্মৰণ কৰিবলৈ আৰু গুৰুৰ চৰণত শৰণ ল'বলৈকো আহ্বান জনাইছে । যিদৰে পানীত তৃষ্ণাৰ গুণ আৰু জুইত জাৰ দূৰ কৰিব পৰা গুণ নিহিত  হৈ থাকে, ঠিক সেইদৰে এজন প্ৰকৃত মুছলমানৰ অন্তৰতো ভগৱানৰ দূত বিৰাজ মান হৈ থাকে বুলি গীতিকাৰে কৈছে ।কিন্তু  পানীৰ পিয়াহত আতুৰ জনে  পানীৰ অস্তিত্ব আৰু জ্বাৰত কঁপি থকা জনে জুইৰ অস্তিত্ব কথা নাজানিলে তেওঁৰ তৃষ্ণা আৰু জাৰৰ  কঁপনি দূৰ কৰিবলৈ প্ৰয়োজনীয় বস্তুক  হাবাথুৰি খালেও বিচাৰি নাপায় ।ঠিক তেনেদৰে  মায়াত আৱদ্ধ মানুহে নিজৰ  হৃদয়তে বিৰাজ মন হৈ থকা ভগবানক চিনি নাপায় মক্কা, তিৰবেনি আদি ঠাইত ভগবানক বিচাৰি হাবাথুৰি খায়।মানুহৰ  আত্মা  সঁজাত বন্দী হৈ থকা এটা মইনা চৰাইৰ সদৃশ ।সামান্য সুৰুঙা পালেই  সঁজাৰ মইনা  হাবিলৈ  উৰি গুচি  যায় ।একেদৰে আত্মায়ো কোনো এক মূহুৰ্তত মানৱ দেহ ত্যাগ কৰি গুচি  যায় ।আত্মাই দেহ পৰিত্যাগ কৰাৰ পাছত মানুহৰ দেহটোৰ বিলাই নোহোৱা  হয় ।
     ওপৰোক্ত সাবলিল বৰ্ণনাখিনিয়েই  হৈছে  জিকিৰ  গীতটিৰ মূলভাৱ ।
Read More

মুক্তি মংগল ভটিমা

8:30 PM 0
১) চমুকৈ  উত্তৰ দিয়া ।
ক)  'দৈৱকী উদৰে উদয় যোহি দেৱা '
---------ইয়াত  'যোহি  দেৱা' বুলি  কাক কৈছে ?
উত্তৰ: ইয়াত  যোহি  দেৱা ' বুলি কৃষ্ণক কৈছে ।
খ) 'কংসক ধ্বংসল প্ৰাণ '--‐--- কংসৰ প্ৰাণ কোনে  ধ্বংস কৰিলে ?
উত্তৰ:কংসৰ প্ৰাণ কৃষ্ণই ধ্বংস কৰিলে ।
গ) শঙ্খচূড়ক কোনে  বধ  কৰিলে  ?
উত্তৰ  : শঙ্খচূড়ক কৃষ্ণই বধ কৰিলে ।
ঘ) শ্ৰীৰাম ৰাইৰ প্ৰকৃত নাম কি  ?
উত্তৰ  :  শ্ৰীৰাম ৰাইৰ প্ৰকৃত নাম  হ'ল জগতানন্দ ।
ঙ)  দেৱতাৰ  ভিতৰত কাক শ্ৰেষ্ঠ বুলি  কৈছে  ?
উত্তৰ: দেৱতাৰ  ভিতৰত  কৃষ্ণক শ্ৰেষ্ঠ বুলি কৈছে ।
চ) মুক্তি মংগল ভটিমাটি কোনখন নাটৰ পৰা  লোৱা  হৈছে ?
উত্তৰ  : মুক্তি মংগল ভটিমাটি শংকৰদেৱৰ ' কালিয় দমন ' নাটখনৰ পৰা  লোৱা  হৈছে ।
ছ) অংকীয়া  নাটত মুক্তি মংগল ভটিমা কোনে  পাঠ কৰে ?
উত্তৰ: অংকীয়া নাটত মুক্তি মংগল ভটিমা নাটৰ সূত্ৰধাৰে পাঠ কৰে ।
জ) বৰগীতৰ জন্মদাতা কোন  ?
উত্তৰ  :  বৰগীতৰ জন্মদাতা হ'ল  মহাপুৰুষ  শ্ৰীমন্ত শংকৰদেৱ  ।
ঝ) শংকৰদেৱৰ প্ৰথম বৰগীতটিৰ নাম কি ?
উত্তৰ : শংকৰদেৱৰ প্ৰথম বৰগীতটিৰ নাম  হ'ল ' মন মেৰি চৰণেহি লাগু '।
ঞ) শংকৰদেৱে কেইখন নাট ৰচনা কৰিছিল  আৰু  কি কি ?
উত্তৰ:  শংকৰদেৱে  ছয়খন নাট ৰচনা কৰিছিল ।সেইকেইখন  হ'ল--
১) পত্নীপ্ৰসাদ
২) কালিয়দমণমন
৩) কেলিগোপাল
৪) ৰুক্মিণীহৰণ
৫) পাৰিজাতহৰণ
৬)  ৰামবিজয় ।
ট) শংকৰদেৱৰ  প্ৰথম নাটখনৰ নাম কি ?
উত্তৰ: শংকৰদেৱৰ প্ৰথম নাটখনৰ নাম  হ'ল পত্নীপসাদ ।
ঠ) শংকৰদেৱৰ অন্তিম  নাটখনৰ  নাম  কি  ?
উত্তৰ  : শংকৰদেৱৰ  অন্তিম  নাটখনৰ  নাম  হ'ল ৰামবিজয় ।
ড) শংকৰদেৱে  প্ৰৱৰ্তন কৰা  ধৰ্মটোৰ  নাম  কি ?
উত্তৰ: শংকৰদেৱে  প্ৰৱৰ্তন  কৰা ধৰ্মটোৰ নাম হ'ল বৈষ্ণৱ  ধৰ্ম ।
ঢ) শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ  কি ?
উত্তৰ: শংকৰদেৱৰ জীৱনৰ কীৰ্তিস্তম্ভ হ'ল কীৰ্তনঘোষা ।
2)  মুক্তি মংগল ভটিমাটিত উল্লেখ থকা অনুসৰি  কৃষ্ণই  বধ কৰা  অসুৰ কেইটাৰ নাম কি কি ?
উত্তৰ: মুক্তি মংগল ভটিমাটিত উল্লেখ থকা অনুসৰি  কৃষ্ণই  বধ কৰা  অসুৰ কেইটাৰ নাম হ'ল -   অঘ ,বক , ধেনুক, কেশী  ,অৰিষ্টক, মুষ্টিক, শংঙ্খচূড় আদি ।
৩) সোহি  জগত গুৰু    তেৰি সততে কৰু
                     মুকুতি  মংগল বিধান ।
     -------- ইয়াত  জগত  গুৰু বুলি  কাক  কৈছে  ? জগত গুৰুজনাৰ  গুণানুকীৰ্তন ভটিমাটিত কেনেদৰে কৰা  হৈছে  তোমাৰ  কথাৰে লিখা ।
উত্তৰ: ইয়াত  জগত গুৰু বুলি কৃষ্ণক কৈছে ।
      ভটিমাটিত জগত গুৰু কৃষ্ণক সকলো দেৱতাতকৈ শ্ৰেষ্ঠ বুলি প্ৰশস্তি কৰিছে ।তেওঁ  দৈৱকীৰ  গৰ্ভত  জন্মধাৰণ কৰি ভকতসকলক অসুৰসকলৰ পৰা উদ্ধাৰ কৰে ।তেওঁৰ  নাম উচ্চাৰি পাপিসকলে  পাপাৰ  মূল উভালে আৰু  তেওঁৰ  নাম  উচ্চাৰিলেই  অধম,ব্যাধ আৰু ঋষি-মুণিসকলে এক হৈ পৰে ।তেওঁৰ  পাদপল্লৱত শৰণাপন্ন হৈ এই ভৱ সংসাৰ পাৰ হ'ব পাৰি ।তেওঁ দেৱতাৰ উপৰিও দেৱতা আৰু তেওঁৰ নাম কৰ্ম-ধৰ্মতকৈও ওপৰত বুলি ভটিমাকাৰে উল্লেখ কৰিছে।
          ওপৰত উল্লেখ কৰা ধৰণে ভটিমাটিত জগত গুৰু কৃষ্ণৰ গুণানুকীৰ্তন  কৰা  হৈছে ।
Read More

Post Top Ad

Your Ad Spot