দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA: দ্বাদশ শ্ৰেণী ( অসম ৰাজ্যিক মুক্ত বিদ্যালয় )

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Showing posts with label দ্বাদশ শ্ৰেণী ( অসম ৰাজ্যিক মুক্ত বিদ্যালয় ). Show all posts
Showing posts with label দ্বাদশ শ্ৰেণী ( অসম ৰাজ্যিক মুক্ত বিদ্যালয় ). Show all posts

Tuesday, July 30, 2024

" নাৱৰীয়া " কবিতাটিৰ মূলভাৱ লিখা ।

9:19 PM 0
বিষয়  : নাৱৰীয়া  
শ্ৰেণী       : দ্বাদশ  ( অসম ৰাজ্যিক মুক্ত বিদ্যালয়) 

(১)" নাৱৰীয়া " কবিতাটিৰ  মূলভাৱ  লিখা  ।   

উত্তৰ   : বনফুল কবি যতিন্দ্ৰনাথ দুৱাৰাৰ “আপোন সুৰ” কবিতা পুথিৰ পৰা সংগ্ৰহ কৰা “নাৱৰীয়া(ক) কবিটাটিত কবিৰ প্ৰকৃতিপ্ৰীতি সুন্দৰকৈ প্ৰকাশ পাইছে। 

পশ্চিম আকাশত বেলিটিয়ে মেলানি মেলোতে “আধা পোহৰ আধা ছায়াই” পৃথিৱীৰ গছ-গছনিক আৱৰি ধৰিছে । আকাশত তৰাবোৰৰ চিকমিকনি দেখা পোৱা গৈছে আৰু মলয়া বতাহে মিলনৰ সুৰ আকাশে আকাশে বিলাই ফুৰিছে। এনে সময়তে নদীৰ পাৰত থকা ফুলনিৰ মাজত যেন কবিৰ কল্পনাৰ মোহময়ী নাৰী মালতীক দেখা গৈছে। আনন্দ মনেৰে তাই ফুলৰ মাজত খেলিছে। হঠাতে মালতীৰ কাণত পৰিল কোনো নাৱৰীয়াৰ মধুৰ কণ্ঠস্বৰ। তেওঁ নাৱৰীয়াৰ পৰিচয় সুধিলে। নাৱৰীয়াই দেশ-বিদেশ ঘূৰি ফুৰা পথিক বুলি নিজৰ পৰিচয় দিয়াত মালতীয়ে নাৱৰীয়াক ৰাতিটো মালতীৰ ঘৰতে কটাবলৈ অনুৰোধ কৰিলে। 

মালতীৰ অনুৰোধ ৰাখিব নোৱাৰি নাৱৰীয়াৰূপী কবিয়ে প্রকাশ কৰিছে যে তেওঁ ক্ষুদ্র প্রাণী, কাৰো আদৰ-আতিথ্যৰ যোগ্য নহয়। তেতিয়া মালতীয়ে কৈছে যে আন্ধাৰ পথত অকলে অকলে নাৱৰীয়াই গতি কৰাতো অনুচিত। তাৰ উত্তৰত নাৱৰীয়া ৰূপীকবিয়ে কৈছে যে তেওঁ অকলশৰীয়া নহয়। পশু-পক্ষী, গছ-লতা- এই সকলোবোৰ তেওঁৰ লগৰীয়া। মালতীয়ে কবিৰ অন্তৰত মানুহৰ মৰমে সৃষ্টি কৰা আশাৰ ছৱি ফুটি নুঠে নেকি বুলি সোধাত কবিয়ে কৈছে যে মানুহৰ ভাল পোৱা তেওঁ আৰু বিচৰা নাই। প্ৰকৃতিৰ সকলোটি তেওঁৰ আপোন যেতিয়া ধন- সোণৰো প্রয়োজন নাই। এই জীৱন দুদিনীয়া, গতিকে তেওঁক সাংসাৰিক সুখ-শান্তিও নালাগে। ৰাতি হ'লে নাৱৰীয়া ক'ত থাকে বুলি সোধা মালতীৰ প্ৰশ্নোত্তৰত নাৱৰীয়াই  নিজৰ পঁজা ঘৰ অথবা কোনোবা নিৰ্জন গছৰ  তলত তেওঁ স্বাধীনভাৱে বাস কৰে বুলি প্ৰত্যত্তৰ দিয়ে । ফাঁকি-ফুকা আৰু কঠোৰ শাসন নথকা প্রকৃতিয়ে তেওঁৰ আপোন ঠাই বুলি মালতীক অৱগত কৰে । নাৱৰীয়াৰূপী কবিৰ কথা শুনি মালতীৰ গালে-মুখে লাজৰ আভা ফুটি উঠিল। কিবা ক'ব খুজিও ক'ব নোৱাৰিলে। আৱেগে তাইৰ হৃদয় ওপচাই পেলালে। তেনেতে নাৱৰীয়াই বিদায় মাগিলে। মালতীয়ে তেতিয়া মাথোঁ নাৱৰীয়াক সুধিলে আকৌ তেওঁলোকৰ সাক্ষাৎ হ'বনে? নাৱৰীয়াই ক'লে যে তেওঁ সিপাৰত নিৰলে থাকে, মালতী থাকে ইপাৰত। ইপাৰত থাকি আমনি লাগিলে মালতীয়ে সিপাৰত শান্তি বিচাৰি গ'লে নাৱৰীয়া ৰৰূপী কবিক লগ পাব।
Read More

Post Top Ad

Your Ad Spot