দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA: ৰাজনীতি বিজ্ঞান

দীচুচ শিক্ষণকেন্দ্ৰ DISHUS SHIKSON KENDRA

শিক্ষা, ভ্ৰমণ তথা বিভিন্ন বা-বাতৰি ।Education, traval and news

শিক্ষা, দৰ্শন,কাহিনী , স্থানীয় বা বাতৰি,

ads

উপস্থাপিত তথ্য

Post Top Ad

Your Ad Spot

Wikipedia

Search results

Showing posts with label ৰাজনীতি বিজ্ঞান. Show all posts
Showing posts with label ৰাজনীতি বিজ্ঞান. Show all posts

Tuesday, July 30, 2024

জাতীয়তা আৰু জাতিৰ সাদৃশ্য আৰু বৈসাদৃশ্য

7:59 PM 0


(2) জাতি আৰু জাতিয়তাৰ মাজৰ সাদৃশ্যসমূহ লিখা  ।
 উত্তৰঃ  জাতি আৰু জাতিয়তাৰ মাজৰ সাদৃশ্যসমূহ হ’ল 
(১) 'জাতি' আৰু 'জাতীয়তা' দুয়োটা শব্দ মূল লেটিন শব্দ (Natio) ৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হৈছে জন্ম বা বংশ। সেয়ে প্রথম অৱস্থাত দুয়োটা শব্দই একে বংশত জন্মগ্রহণ কৰা লোককে বুজাইছিল।
(২) বর্তমান জাতি আৰু জাতীয়তা দুয়োটা শব্দৰ অৰ্থৰ পৰিসৰ বৃদ্ধি পাইছে।
(৩) জাতি আৰু জাতীয়তাৰ উপাদানসমূহৰ ক্ষেত্রতো সামঞ্জস্য থকা দেখিবলৈ পোৱা যায়। বংশগত ঐক্য, ভাষাগত ঐক্য, ধর্মীয় ঐক্য, ভৌগোলিক অখণ্ডতা, অর্থনৈতিক প্রয়োজন, উমৈহতীয়া ইতিহাস আৰু ঐতিহ্য আদি জাতি আৰু জাতীয়তা উভয়ৰে উপাদান।
(৪) জাতি আৰু জাতীয়তা দুয়ো সাধাৰণ জনসমাজৰ দ্বাৰা গঠিত হয়।
(৫) জাতি গঢ়াৰ পথত জাতীয়তা হ'ল প্রধান পদক্ষেপ।
(3) জাতি আৰু জাতীয়তাৰ মাজত থকা পার্থক্যসমূহ লিখা ।
উত্তৰ  : জাতি আৰু জাতীয়তাৰ মাজত থকা পার্থক্যসমূহ হ'ল-            (ⅰ) জাতিয়ে ৰাজনৈতিক সংগঠনক বুজায়। কিন্তু জাতীয়তাৰ লগত ৰাজনৈতিক সংগঠন জড়িত নহয়।
(ii) জাতি হৈছে জনসাধাৰণৰ দ্বাৰা সংগঠিত এটা একতাবদ্ধ গোট। কিন্তু জাতীয়তা এটা মনস্তাত্বিক ধাৰণা।
(iii) জাতি সাংস্কৃতিক ধাৰণা নহয়। আনহাতে জাতীয়তা এটা সাংস্কৃতিক ধাৰণা।
(iv) জাতিৰ ভৌগোলিক পৰিসৰ সীমিত। কিন্তু জাতীয়তাবাদৰ ভৌগোলিক পৰিসৰ বিস্তৃত। 
(v) জাতি গঠনৰ বাবে সার্বভৌমত্বৰ প্ৰয়োজন। আনহাতে জাতীয়তাৰ বাবে সার্বভৌমত্বৰ প্ৰয়োজন নহয়। 
(vi) জাতি হৈছে জাতীয়তাৰ পৰৱৰ্তী স্তৰ।জাতীয়তা গঠনৰ পাচতহে জাতি গঠন হয়।
(vii) জনসমষ্টি আৰু অৰাজনৈতিক ঐক্যই জাতীয়তা গঠন কৰে। আনহাতে, জনসমষ্টি, জাতীয়তা আৰু ৰাজনৈতিক সচেতনতাই জাতি গঠন কৰে।

Read More

জাতীয়তা

7:48 PM 0
(১) জাতীয়তা বুলিলে কি বুজা? জাতীয়তাৰ উপাদানবোৰ লিখা।
 উত্তৰ:  জাতীয়তা শব্দটি লেটিন শব্দ 'নেচো' (Natus) ৰ পৰা আহিছে, যাৰ অর্থ হৈছে 'জন্ম হোৱা'।উমৈহতীয়া ভাষা, সাহিত্য, সংস্কৃতি,ভৌগোলিক, সান্নিধ্য আদিৰ মাজেৰে সচেতনভাৱে  ঐক্যবদ্ধ হৈ সমূহীয়া উদ্দেশ্য সাধনৰ লক্ষ্য আগত ৰাখি জন্ম হোৱা স্বতন্ত্রতাকে 'জাতীয়তা' বোলা হয়।
 জাতীয়তাৰ সংজ্ঞাঃ   জাতীয়তাৰ সম্পৰ্কে  ৰাজনীতিবিদসকলে নিজৰ নিজৰ  মত অনুসৰি ভিন ভিন ধৰণে আগবঢ়াইছে ।তাৰে কেইটামান তলত উল্লেখ কৰা হ’ল ।
 লর্ড ব্রাইচৰ মতে, জাতীয়তা হ'ল ভাষা, সাহিত্য, ধর্ম, ধ্যানধাৰণা, ঐতিহ্য, ঐক্যবোধ আদিৰ ভিত্তিত সংগঠিত হোৱা এখন জনসমাজ আৰু যিয়ে একে ধৰণে ঐক্যবদ্ধ হোৱা জনসমাজৰ পৰা নিজকে স্বতন্ত্র বুলি ভাবে।” 
ফিল্ডৰ মতে, জাতীয়তা বাস্তৱত হ'ল এটা জনসমষ্টি যি নিজৰ বাবে এখন স্বতন্ত্র ৰাষ্ট্র গঠন কৰাৰ আকাংক্ষা কৰে।”
ওপৰত উল্লেখ কৰা সংজ্ঞাৰ পৰা ক’ব পাৰি যে উমৈহতীয়া ভাষা, সংস্কৃতি, ধ্যান-ধাৰণা, ধর্ম, ঐতিহ্য, ঐক্যবোধ, লক্ষ্য আৰু উদ্দেশ্যেৰে নির্দিষ্ট ভৌগোলিক অঞ্চলত বসবাস কৰা নির্দিষ্ট জনসমষ্টিৰ মনত জাগ্রিত হোৱা এক মানসিক স্বতন্ত্র ধাৰণা।                                                           
জাতীয়তাৰ উপাদানসমূহঃ জাতীয়তাৰ উপাদানসমূহ তলত চমুকৈ আলোচনা কৰা হ’ল ।
 (১)উমৈহতীয়া ভৌগোলিক অৱস্থান: উমৈহতীয়া ভৌগোলিক অঞ্চলত বহুদিন ধৰি একেলগে বাস কৰাৰ ফলত সেই মানুহখিনিৰ মাজত আত্মীয়তা গঢ় লৈ উঠে আৰু ফলত একাত্মবোধক সৃষ্টি হয়। এই একাত্মবোধৰ ফলতেই জাতীয়তা সৃষ্টি হয়।
② উমৈহতীয়া বংশঃ উমৈহতীয়া বংশৰ লোকৰ মাজত ঐক্যবদ্ধ হোৱাৰ প্রৱণতা বেছি। এনে প্রৱণতাই সকলোকে একত্রিত কৰি জাতীয়তা সৃষ্টিত অৰিহনা যোগায়।
③ উমৈহতীয়া ভাষাঃ উমৈহতীয়া ভাষাই জনসমষ্টিৰ মাজত একতাৰ ভাৱ সৃষ্টি কৰি জাতীয়তা গঠনত সহায় কৰে। 
④ উমৈহতীয়া ধর্মঃ উমৈহতীয়া ধর্মই বিভিন্ন শ্রেনীৰ লোকক একতাৰ ডোলেৰে বান্ধি জাতীয়তাৰ ভাৱ সৃষ্টিত বিশিষ্ট বৰঙনি যোগায়।
 ⑤ উমৈহতীয়া কাৰনৈতিক গাঁঠনিঃ উমৈহতীয়া কাজনৈতিক গাঁঠনিয়ে জনসাধাৰণক  আইনৰ জৰিয়তে বান্ধি একতা ভাৱ সৃষ্টি কৰে। এনে একতাবোধৰ ফলস্বৰূপে জাতীয়তাৰ সৃষ্টি হয় ।

Read More

Post Top Ad

Your Ad Spot