কৃষক সমাজৰ বৈশিষ্ট্য বা চৰিত্ৰ:(ক)কৃষি নিৰ্ভৰশীলতা ভাৰতীয় কৃষক সমাজৰ এটা মূল বৈশিষ্ট্য। ইয়াৰ সৰহ সংখ্যক লোকেই কৃষি কাৰ্য্যৰ লগত জড়িত।গ্রাম্য অঞ্চলত বসবাস কৰা লোকসকলৰ জীৱন-নিৰ্বাহৰ প্রধান অৱলম্বন হৈছে কৃষি। খ)যৌথ পৰিয়াল পদ্ধতি কৃষক সমাজৰ আন এটা প্রধান বৈশিষ্ট্য। যিহেতু কৃষিক্ষেত্ৰত বেছি শ্ৰমিকৰ প্ৰয়োজন হয়, তেনে ক্ষেত্ৰত যৌথ পৰিয়াল ব্যৱস্থাই কৃষিকৰ্মত শ্ৰমিকৰ যোগান ধৰে।পৰিয়ালৰ লোকসকল একেলগে থাকি কৃষি উৎপাদনত মনোনিৱেশ কৰে। গ)পৰম্পৰাগত কৃষক সমাজৰ আন এটা চৰিত্ৰ হৈছে ভাগ্যবাদিতা।আধুনিক উন্নত উৎপাদন কৌশলৰ প্ৰতি অজ্ঞ কৃষক সমাজে কৃষি কার্যত সততে অনুকূল প্রাকৃতিক অৱস্থাৰ বাবে অপেক্ষা কৰা দেখা যায়। ঘ)কৃষক সমাজৰ শ্রমবিভাজন পদ্ধতি সৰল প্ৰকৃতিৰ,অৰ্থাৎ বয়স আৰু লিঙ্গৰ ভিত্তিতেই শ্রমবিভাজন কৰা হয়।প্ৰতিটো কৃষক পৰিয়ালত পুৰুষ আৰু মহিলাৰ মাজত একেটা নির্দিষ্ট শ্রমবিভাজন পদ্ধতি দেখা যায়।পুৰুষ আৰু মহিলাৰ মাজত বয়স অনুসৰি শ্রমবিভাজন হৈ থাকে। ঙ)কৃষক সমাজত ভূমিৰ পৰিসৰৰ ওপৰত পৰিয়ালৰ অৰ্থনৈতিক অৱস্থা নিৰ্ভৰ কৰে।সেয়েহে কৃষক সমাজত কৃষকসকলৰ সামাজিক জীৱনো ভূমিৰ পৰিমাণৰ লগত বহুখিনি জড়িত হৈ থাকে। চ) কৃষক সমাজৰ ধৰ্মৰ লগত এক ওতঃপ্রোত সম্পর্ক দেখা যায়। কৃষি কাৰ্য্য আৰম্ভ কৰাৰ পৰা সামৰালৈকে কৃষকসকলে বিভিন্ন ধৰণৰ ধৰ্মীয় উৎসৱ আদি পালন কৰে। পৰম্পৰাগতভাৱে কৃষক সমাজত প্রচলিত লোকবিশ্বাস আৰু লোকপ্ৰথাৰ ওপৰত ভিত্তি কৰিয়েই এনেধৰণৰ কাৰ্যকলাপ সম্পাদন কৰে। পৰিয়াল উৎপত্তি আৰু ক্রমবিকাশ সম্পর্কে আমি তিনিটা প্রধান সিদ্ধান্ত দেখিবলৈ পাওঁ যেনে- (১) যৌন সাম্যবাদ, (২) পিতৃ প্রধান সিদ্ধান্ত আৰু (৩) মাতৃ প্রধান সিদ্ধান্ত।
(১) যৌন সাম্যবাদ : যৌন সাম্যবাদ সিদ্ধান্তৰ পৃষ্ঠপোষক হ'ল মার্কিন যুক্তৰাজ্যৰ নৃতত্ত্ববিদ এল.এচ. মর্গান। মর্গানৰ মতে আদিম অৱস্থাত যিকোনো তিৰোতাৰ সৈতে যিকোনো পুৰুষে যৌন সম্বন্ধ ৰাখিব পাৰিছিল। পতি বা পত্নী হিচাপে বিবেচনা কৰা হোৱা নাছিল। সেইদৰে সন্তান সকলৰ প্ৰকৃত পিতৃ-মাতৃ কোন এই বিষয়ে কোনো জ্ঞান নাছিল। সেই হেতুকে বয়সীয়াল সকলো ব্যক্তিকে পিতৃ বা মাতৃ হিচাপে সম্বোধন কৰিছিল আৰু নিম্ন বয়স্ক ব্যক্তিকেই প্রাপ্ত বয়স্কসকলে সন্তান হিচাপে জ্ঞান কৰিছিল।যৌন সাম্যবাদ ব্যৱস্থাৰ পৰা ক্ৰমে একে গৰাকী মাতৃৰ সন্তানসকলৰ মাজত বিয়া হৈ একোটা গোটৰ সৃষ্টি হ'ল।ইয়াৰ পৰাই আকৌ এক নির্দিষ্ট সংখ্যক পুৰুষ সমষ্টিৰ যৌন মিলন নিয়মীয়াভাৱে সংঘটিত হ'বলৈ ল'লে। ইয়াৰ পিছত ক্ৰমাৎ সমষ্টিৰ স্ত্রী-পুৰুষৰ সংখ্যা কমি গৈ এহাল পুৰুষ আৰু স্ত্ৰীৰ মাজতেই নিয়মীয়া যৌন মিলন গঢ়ি উঠিল যিটো পদ্ধতিৰ ফলত মানৱ সমাজৰ মাজত সংঘটিত পৰিয়াল প্রথাই বিকাশ লাভ কৰিলে। আদিম অৱস্থাত মানুহে কেনেধৰণে যৌন আৰু পাৰিবাৰিক সম্বন্ধ লৈ জীৱন-ধাৰণ কৰিছিল সেই বিষয়ে এতিয়াও কোনো প্রমাণিত তথ্যপাতি উদ্ধাৰ কৰিব পৰা হোৱা নাই। মর্গানে তেওঁৰ যৌন সাম্যবাদৰ সিদ্ধান্ত পুৰণি কালত কিছুমান সমাজত মাননীয় অতিথিক নিজৰ পত্নীক যৌন মিলনৰ বাবে আগবঢ়াই সৎকাৰ কৰা, উৎসৱ-পাৰ্বনত নিজৰ পত্নীক আনৰ পত্নীৰ লগত সাল-সলনি বা অবাধে যিকোনো তিৰোতাৰ লগত যৌন সংগম কৰা আদি প্ৰথাৰ ওপৰত ভিত্তি কৰি গঢ়ি তুলিছে; কিন্তু পৃথিৱীৰ আদিম প্ৰকৃতিৰ বহুতো সমাজত এনেধৰণৰ প্ৰথা দেখিবলৈ পোৱা নাযায়। তদুপৰি নিজৰ পত্নীক আনৰ যৌন মিলনৰ বাবে আগবঢ়াই দিলেও নিয়মীয়া বিবাহ আৰু সংগঠিত পৰিয়াল পদ্ধতি থাকিব পাৰে।গতিকে যৌন সাম্যবাদেই মানৱ সমাজৰ পৰিয়াল পদ্ধতিৰ প্রথম পদক্ষেপ বুলি ধাৰণা কৰিব নোৱাৰি। (২) পিতৃ প্রধান সিদ্ধান্ত : সমাজতত্ত্ববিদ ই.এ. ৱেষ্টাৰমাৰ্কৰ মতে সংগঠিত পৰিয়াল সৃষ্টি হয় পুৰুষৰ আত্মগৌৰৱবোধ, ঈর্ষা আৰু লগতে সম্পত্তিৰ বিষয়ে থকা মানুহৰ ধাৰণাৰ ফলত।সাধাৰণতে পুৰুষে নিজৰ বিক্ৰমৰ দ্বাৰা যিকোনো সম্পদ নিজৰ একচেটিয়া কর্তৃত্বৰ ভিতৰত ৰাখিবলৈ ভাল পায় আৰু যিকোনো সম্পদ আহৰণ কৰিব পাৰিলে গৌৰৱবোধ কৰে।লগতে নিজৰ সম্পদ আন এজন সমকক্ষীক ভোগ কৰিবলৈ দিয়াটো বাঞ্ছা নকৰে।পুৰুষে নিজৰ তিৰোতাক একচেটিয়া সম্পদ হিচাপে লাভ কৰিবলৈ প্ৰয়াস কৰাটো পুৰুষৰ বাবে এটা স্বাভাৱিক কথা। সেইকাৰণে পুরুষে তিৰোতাক নিজৰ একচেটিয়া সম্পদ হিচাপে গ্রহণ কৰি সেই তিৰোতাৰ লগত নিয়মীয়াভাৱে যৌন সম্বন্ধৰ দ্বাৰা পৰিয়াল প্রতিষ্ঠা কৰে।এই সিদ্ধান্তক একেবাৰে শুদ্ধ বুলি ধৰি ল'ব নোৱাৰি।কাৰণ এতিয়াও বহুত সমাজত মাতৃপ্রধান পদ্ধতি দেখিবলৈ পোৱা যায়।আধুনিক জনজাতীয় সমাজত মাতৃ প্রধান পৰিয়াল পদ্ধতিয়ে সমাজত প্রধান ভূমিকা লোৱা দেখা গৈছে।পুৰুষেই যদি আদিতে পৰিয়ালৰ প্ৰতিষ্ঠাপক হ'লহেতেনে, তেতিয়াহ'লে মাতৃ প্রধান পৰিয়াল পদ্ধতি সমাজত দেখিবলৈ পোৱা নগ'লহেতেন ।সেই বুলি পিতৃ- প্রধান সিদ্ধান্তক একেবাৰে ভূল বুলি ক'ব পৰা নাযায়।ৱেষ্টাৰমার্কে বর্ণনা কৰা পুৰুষৰ স্বভাৱৰ সত্যতাক আমি অস্বীকাৰ কৰিব নোৱাৰো।সেই কাৰণে পুৰুষৰ এই স্বভাৱৰ ফলত পিতৃ-প্রধান পৰিয়াল সংগঠিত হোৱাটো অস্বাভাৱিক হ'ব নোৱাৰে।উদাহৰণস্বৰূপে, ৰোমানত আৰু ভাৰতবৰ্ষত এই প্ৰকাৰৰ পৰিয়াল পদ্ধতি দেখিবলৈ পোৱা যায়। (৩) মাতৃ-প্রধান সিদ্ধান্ত : মার্কিন যুক্তৰাষ্ট্ৰৰ অন্যতম বিশিষ্ট সমাজতত্ত্ববিদ আৰ, ব্রিফাল্টৰ মতে মাতৃক কেন্দ্ৰ কৰিহে মানৱ সমাজত পৰিয়াল বিকাশ সাধিত হয়। পুৰণি কালত পুৰুষে যিকোনো তিৰোতাৰ লগত যৌন সম্বন্ধ ৰাখিছিল। ফলত সন্তানৰ প্ৰকৃত পিতৃ কোন সেইটো কোনেও নাজানিছিল, কিন্তু মাতৃৰ সম্পৰ্কে সন্দেহৰ থল নাছিল। জন্ম হোৱাৰ পিছৰ পৰাই সন্তানে মাতৃৰ কোলাত ডাঙৰ দীঘল হৈছিল। তাৰ উপৰিও সন্তানক শিশু অৱস্থাৰ পৰাই বাল্য অৱস্থালৈ সকলো প্ৰকাৰৰ প্রতিপালন কৰাটো নিতান্ত অপৰিহাৰ্য হৈ পৰে। সন্তানৰ প্ৰতিপালন মাতৃয়ে ল'বলগীয়া হয়। গতিকে মাতৃক কেন্দ্ৰ কৰি পৰিয়াল গঢ়ি উঠাটো অস্বাভাৱিক হ'ব নোৱাৰে। ব্ৰিফাল্টে তেওঁৰ এই সিদ্ধান্তব প্রমাণ স্বৰূপে জনজাতীয় সমাজ কিছুমানত মাতৃপ্রধান পৰিয়াল পদ্ধতিৰ কথা উল্লেখ কৰিছে। মাতৃ-প্রধান সমাজত মাতৃৰ স্থান পুৰুষতকৈ উর্দ্ধত। মাতৃ প্রধান পৰিয়ালত পতিয়ে পত্নীৰ স্থায়ী ঘৰলৈ আহিব লাগে। সমালোচকসকলৰ মতে মাতৃক কেন্দ্ৰ কৰি পৰিয়াল পদ্ধতি গঢ়ি উঠাৰ সম্ভাৱনা স্বীকাৰ কৰিব নিবিচাৰে। যিহেতুকে পৃথিৱীৰ অধিকাংশ মানৱ সমাজতে পিতৃ প্রধান পৰিয়াল পদ্ধতি প্রচলিত হৈ থকা দেখা যায়। আদিম মহাকাব্য ৰামায়ণ আৰু মহাভাৰতত তিৰোতাক হৰণ কৰি পুৰুষৰ কর্তৃত্বাধীন কৰি ৰখাৰ দৃষ্টান্ত পৰিলক্ষিত হয়। গতিকে এইটো অনুমান কৰিব পাৰি যে পুৰুষে তিৰোতাক একচেতিয়া সম্পত্তি হিচাপে ব্যৱহাৰ কৰিছিল। এইসকল সমালোচকে পুৰুষক কেন্দ্ৰ কৰি পৰিয়াল গঢ়ি উঠাটোহে স্বীকাৰ কৰিব বিচাৰে।
এই তিনিওটা সিদ্ধান্তৰ ভিতৰত বহুখিনি আসোঁৱাহ আছে যদিও প্রত্যেকটোৰে গুৰুত্ব নোহোৱা নহয়। কিছুমান সমাজত মাতৃক কেন্দ্ৰ কৰি আৰু অন্য কিছুমানত সমাজত হয়তো পিতৃক কেন্দ্ৰ কৰিয়েই পৰিয়াল গঢ়ি উঠিছিল। পৰিয়ালৰ উৎপত্তি আৰু ক্রমবিকাশত তিনিটা প্রধান অৱস্থা নিহিত হৈ আছে।সেই অৱস্থাবোৰ হ’ল মানুহৰ সহজাত যৌন লিস্পা, সন্তান জন্ম দিয়া, জীৱিকা আৰু নিৰাপত্তাৰ প্ৰয়োজনীয়তা ।
১.২.৩ জনজাতীয় সমাজৰ সাম্প্ৰতিক পৰিবৰ্তনৰ ধাৰা: পৰিৱৰ্তন হৈছে প্ৰকৃতিৰ নিয়ম। সমাজ পৰিৱৰ্তনৰ লগে লগে সামাজিক সম্বন্ধৰ পৰিৱৰ্তন ঘটিছে। অৱশ্যে সকলো সমাজৰ পৰিবৰ্তন একে নহয়। কোনো সমাজৰ পৰিৱৰ্তনৰ গতি ক্ষীপ্ৰ আৰু কোনো সমাজৰ পৰিবৰ্তনৰ গতি মন্থৰ। যদিও জনজাতীয় সমাজৰ পৰিবৰ্তনৰ গতি মন্থৰ তথাপি ই পৰিবৰ্তনৰ হাত সাৰিব পৰা নাই।জনজাতীয় সমাজৰ পৰিবৰ্তনৰ ফলস্বৰূপে জনজাতীয় সমূহবোৰে ক্ৰমে প্রাচীন জীৱন-যাপন প্রণালী পৰিত্যাগ কৰি আধুনিক সভ্যতা আৰু সংস্কৃতিৰ ফালে গতি কৰিছে।বৰ্তমান সময়ত জনজাতীয় সমাজত শিক্ষাই প্ৰসাৰতা লাভ কৰিছে। কিছুবছৰৰ আগলৈকে জনজাতীয় লোকসকল শিক্ষাৰ ক্ষেত্ৰত অতি পিছপৰি আছিল। বর্তমান সময়ত তেওঁলোকৰ মাজত শিক্ষাৰ প্ৰসাৰ ঘটিছে। বহুতো জনজাতিয়ে তেওঁলোকৰ পুৰণি সাজপাৰ পৰিত্যাগ কৰি আধুনিক সাজপোচাক গ্রহণ কৰিছে।গৃহনির্মাণ আৰু খাদ্য আদিৰ ক্ষেত্ৰত বহুতো পৰিবৰ্তন হৈছে। বহুতো জনজাতীয় লোকে তেওঁলোকৰ প্ৰাচীন ধর্ম ত্যাগ কৰি বৌদ্ধ, হিন্দু আৰু খ্ৰীষ্টান ধর্ম গ্রহণ কৰিছে।তেনেদৰে বিবাহৰ ক্ষেত্ৰতো পৰিবৰ্তনে দেখা দিছে। জনজাতীয় সমাজত বহুপত্নী বিবাহৰ ঠাইত এক পতি-পত্নী বিবাহ প্রচলন হৈছে। পৰিয়াল সংৰচনাৰ ক্ষেত্ৰতো বহুতো পৰিবৰ্তন ঘটা দেখিবলৈ পোৱা গৈছে। পৰম্পৰাগত যুটীয়া পৰিয়ালৰ ঠাইত একক পৰিয়াল পদ্ধতি প্রবর্তন হৈছে। মাতৃপ্রধান পৰিয়ালৰ ঠাইত পিতৃপ্রধান পৰিয়াল ব্যৱস্থাৰ প্ৰচলন হৈছে। ইয়াৰ উপৰিও অর্থনীতিৰ ক্ষেত্ৰতো জনজাতিসকলৰ মাজত পৰিৱৰ্তন ঘটিছে।বহুতো জনজাতিয়ে চিকাৰ, মাছধৰা, পশুপালন ইত্যাদি বৃত্তি ত্যাগ কৰি কৃষি কাৰ্য আৰু অন্যান্য আধুনিক বৃত্তি গ্রহণ কৰিছে। পৰিবেশৰ ভাৰসাম্যতাৰ প্রতি লক্ষ্য ৰাখি ঝুমখেতিৰ পৰিবৰ্তে জনজাতীয় সমাজত বর্তমান স্থায়ী পদ্ধতিৰে খেতি কৰিবলৈ লৈছে। বজাৰ ব্যৱস্থাত বিনিময় প্রথাৰ বিলুপ্তি ঘটি মুদ্রা ব্যৱস্থাৰ প্রৱর্তন হৈছে।
No comments:
Post a Comment