মই গাঁৱলীয়া
মই ভবাই নাছিলো
মই গাঁৱলীয়া
মই মাথোঁ জানিছিলোঁ মই মানুহ ।
এল পি স্কুলটো কোনোৱে নক'লে
মই গাঁৱলীয়া ধোদৰ পচলা ।
হাইস্কুলৰ পাঠ পঢ়িলোঁ
সহপাঠীৰ লগত এখন বেঞ্চতে বহি দিন কটালোঁ ।
তথাপিও কোনোৱে নজনালে
মই গাঁৱলীয়া বোকাৰ পুতলা ।
কৈশোৰ এৰি যৌৱনত কলেজলৈ গ'লোঁ
এখন বেঞ্চতে একেটা কেণ্টিঙতে বহি মজা ল'লো
দেশ-বিদেশৰ পৰম্পৰা শিকিলোঁ
তেতিয়াও কোনেৱেও নক'লে মোক
ধেঙৰ গাঁৱলীয়া কেঁকোৰা নাঙল ধৰা জাত ।
আজি শিমলু কঁপাহত বহি ক'ৰ পৰা আহিল
মুখা পিন্ধা এই ভদ্ৰবৃন্দ
চৰকাৰী চাকৰি নথকা বাবেই হৈ ৰ'ল
গাঁৱলীয়া সকল অভদ্ৰ ।
নাই দয়া নাই নম্ৰতা নাই সহনশীলতা
তথাপিও সম্পদশালীসকল হেনো ভদ্ৰ ।
ইজনে সিজনক ঠগ-বাজ কৰা
মুগ্ধ পোছাক পিন্ধা সকল হেনো ভদ্ৰ ।
কোন অভদ্ৰ ?
খাটি খোৱা মানুহক প্ৰৱঞ্চনা কৰা
শিক্ষিত সকল নে বিশ্বাসত ডুবা সকল ?
আৰু প্ৰশ্ন উদয় হয়
অৰ্ধ পোছাক পিন্ধা যুৱতি সকল নে মেখেলা-ছাঁদৰ পৰিধিতা সকল ?
বৃদ্ধ-বৃদ্ধা জ্যেষ্ঠক শ্ৰদ্ধা কৰা বোকাৰ পুতলা সকল নে
লঠিয়াই উলিয়াই দিয়া দামি পোছাক পৰিধিতসকল ।
কোনজন নৰ পিশাচ ?
কেঁকোৰা নাঙলেৰে ধৰা সেউজী কৰা জন নে
চলাহী ভাষাৰে প্ৰলোভন দি লুটোতা জন ?
ধোদৰ পচলা , বোকাৰ পুতলা হ'লেও নহয় নৰখাদক
সঁচা হৃদয় কথা মানৱতাৰ বাহক ।
নাঙল ধৰা জাতো শিক্ষিত ভদ্ৰলোক
চাকৰি নহ'লেও অধীনৰ মুক্ত ।
দামি পোছাক পিন্ধিলেই নহয় চহকী
গাড়ী অট্টালিকা থাকিলেই নহয় ভদ্ৰতাৰ গৰাকী
ভদ্ৰতাৰ ফল নম্ৰতা আৰু কৰ্মত
শিক্ষিত ফল কাগজ কলম আৰু প্ৰমাণপত্ৰত ।
শিক্ষিত হ'লেই নহয় ভদ্ৰ
নাথাকিবও পাৰে তাৰ জ্ঞানৰ তত্ব ।
হ'ব পাৰে গাঁৱলীয়া ভুতুৱা
তথাপিও সাঁচি ৰাখে মানৱীয়তা ।
এয়াই গাঁৱলীয়া বাপটি সাহোন
সকলোৱে জিনিব পৰা মুকুটা বিভূতি ।
No comments:
Post a Comment