Pages

Pages

Monday, August 10, 2020

মই গাঁৱলীয়া

মই গাঁৱলীয়া
   

মই  ভবাই নাছিলো
মই গাঁৱলীয়া
মই  মাথোঁ জানিছিলোঁ  মই  মানুহ ।
এল পি স্কুলটো কোনোৱে নক'লে
মই  গাঁৱলীয়া ধোদৰ পচলা ।

হাইস্কুলৰ  পাঠ পঢ়িলোঁ
সহপাঠীৰ লগত  এখন বেঞ্চতে বহি  দিন কটালোঁ ।
তথাপিও  কোনোৱে নজনালে
মই  গাঁৱলীয়া  বোকাৰ পুতলা ।

কৈশোৰ এৰি যৌৱনত  কলেজলৈ গ'লোঁ
এখন বেঞ্চতে  একেটা কেণ্টিঙতে  বহি মজা ল'লো
দেশ-বিদেশৰ  পৰম্পৰা শিকিলোঁ
তেতিয়াও কোনেৱেও  নক'লে  মোক
ধেঙৰ গাঁৱলীয়া কেঁকোৰা নাঙল  ধৰা জাত   ।

আজি শিমলু কঁপাহত বহি ক'ৰ পৰা আহিল
মুখা পিন্ধা এই ভদ্ৰবৃন্দ
চৰকাৰী চাকৰি নথকা বাবেই হৈ  ৰ'ল
গাঁৱলীয়া সকল অভদ্ৰ ।

নাই দয়া নাই নম্ৰতা  নাই  সহনশীলতা
তথাপিও  সম্পদশালীসকল হেনো ভদ্ৰ ।
ইজনে সিজনক ঠগ-বাজ কৰা
মুগ্ধ পোছাক পিন্ধা  সকল  হেনো  ভদ্ৰ ।

কোন অভদ্ৰ  ?
খাটি খোৱা মানুহক প্ৰৱঞ্চনা কৰা 
শিক্ষিত  সকল নে  বিশ্বাসত ডুবা সকল ?
আৰু  প্ৰশ্ন  উদয় হয়
অৰ্ধ পোছাক পিন্ধা যুৱতি সকল নে  মেখেলা-ছাঁদৰ  পৰিধিতা সকল ?
বৃদ্ধ-বৃদ্ধা জ্যেষ্ঠক  শ্ৰদ্ধা কৰা  বোকাৰ পুতলা সকল নে
  লঠিয়াই উলিয়াই দিয়া দামি পোছাক পৰিধিতসকল ।

কোনজন  নৰ পিশাচ  ?
কেঁকোৰা নাঙলেৰে ধৰা  সেউজী  কৰা জন নে
চলাহী ভাষাৰে প্ৰলোভন দি লুটোতা জন ?

ধোদৰ পচলা , বোকাৰ পুতলা হ'লেও  নহয়  নৰখাদক
সঁচা হৃদয় কথা  মানৱতাৰ বাহক ।
নাঙল ধৰা জাতো শিক্ষিত  ভদ্ৰলোক
চাকৰি নহ'লেও  অধীনৰ মুক্ত ।

দামি পোছাক পিন্ধিলেই নহয়  চহকী
গাড়ী অট্টালিকা থাকিলেই নহয়  ভদ্ৰতাৰ গৰাকী
ভদ্ৰতাৰ  ফল নম্ৰতা আৰু  কৰ্মত 
শিক্ষিত  ফল  কাগজ কলম আৰু  প্ৰমাণপত্ৰত ।

শিক্ষিত  হ'লেই  নহয়  ভদ্ৰ
নাথাকিবও  পাৰে তাৰ  জ্ঞানৰ তত্ব ।
হ'ব পাৰে গাঁৱলীয়া  ভুতুৱা
তথাপিও  সাঁচি ৰাখে   মানৱীয়তা ।
এয়াই গাঁৱলীয়া বাপটি  সাহোন
সকলোৱে জিনিব পৰা মুকুটা বিভূতি  ।

No comments:

Post a Comment