Pages

Pages

Monday, August 10, 2020

আকৰীজনী

আকৰিজনী
   
আহ ! কি যে কোৱা ?
ৰ'বা চোন  --
চাওঁ  এইফালে  চোৱা ।
দেখিছে নে মোক  অপৰাধী যেন  ?
দেখা নাই নিশ্চয়  !
কিয়নো দেখিব ?
আকৰীজনী------
মই তোমাক  কেঁচা ঘাম  মাটিত পৰাকৈ  ভাল পাওঁ ।

ধেইট , আকৰীজনী 
তোমাক ব'হাগীৰ  ভূষণ  নিদিলোঁ বুলিয়েই
মই জানো অপৰাধী ।
প্ৰকৃতিয়ে ভূষণ সলাইছে  , চৌদিশত সৌন্দৰ্য্য  বাঢ়িছে
জানিছোঁ তোমাৰো প্ৰয়োজনীয়তা আছে
আমাৰোতো তাতোকৈ  সুন্দৰ  ভূষণ আৰু সৌন্দৰ্য্যতা 
তোমাৰ মোৰ হৃদয়ত আছে ।

আকৰীজনী  হ'ব দিয়া -------
আজি নাই  কাইলৈ আহিব
যন্ত্ৰণাৰ সময়বোৰ পাখি মেলি  দিগন্তলৈ উৰি যাব ।
সৌ আকাশনলৈ চোৱা -----
কলা ডাঁৱবোৰ শুভ্ৰ ডাঁৱৰত লীন গৈছে ।
আমাৰ  যন্ত্ৰণাবোৰো  শান্তনাত লীন যাব ।

সোণ ৰূপ  হিৰা মুকুটা  ঘৰ-বাৰী  ইত্যাদি ইত্যাদি
তুমিতো জানাই ,  এইবোৰ দুদিনীয়া
চিৰযুগমীয়া সম্পদেই আছে আমাৰ
অক্ষয়ী বিশ্বাস ।
বিশ্বাসেই  বল   প্ৰেৰণাই  শক্তি 
মৰমে বিষাদৰ  ঔষধ
এই সকলোবোৰ  সম্পদেই
দেখোন আমাৰ আছে 
তাতোকৈ অধিক শ্ৰেষ্ঠনো  কি   ?

আকৰীজনী  মোৰ
ভাল পোৱা  বিশ্বাস   প্ৰেৰণাৰ  তুমি  গৰাকীনী
মোৰ বিশাল সম্পদৰ ৰাজপটেশৰী তুমি ।
সম্পদতনো কি সুখ আছে
বৈকুণ্ঠৰ সুখ তোমাৰ কোলাতেই পাওঁ
তোমাৰ মধুৰ মাততে  মই  প্ৰাণ পাওঁ ।

No comments:

Post a Comment