Pages

Pages

Sunday, August 9, 2020

মানৱ(কবিতা)

                      মানৱ

কোন তুমি ?  মই হ'লে একোৱেই নাজানোঁ
কিন্তু  জানোঁ তুমি মোৰ দৰেই তেজ মঙহৰ মানুহ  ।
তোমাৰ ভাষা আভোষণত চিনিবও নোৱাৰোঁ
হিন্দু  মুছলিম  শীষ  জৈন নে খ্ৰীষ্টান তুমি ?
মাথোঁ চিনি পাওঁ  এখন সঁচা হৃদয়ৰ 
তুমি এজন পুণ্য মানুহ ।

নাই  নাই  আৰু  একো  জানিবলৈ  নোখুজোঁ
তুমি  যে সঁচা মানৱতাৰে আচৰণ কৰা
সেইটোৱই  আমি জানোঁ
সেয়ে  তুমি  এজন প্ৰকৃত মানুহ ।

নালাগে  আৰু নিবিচাৰোঁ  তোমাৰনো কি কুল
বিচাৰোঁ  মাথোঁ  তোমাক  আমাৰ  হৃদয়ত ।
নক'বা  আৰু সেইবোৰ-----
ধৰ্ম  জাতি কোল ইত্যাদি ইত্যাদি
সোইবোৰ  নো কি আমাৰেই সৃষ্ট ।

কি লাগে আমাক  জানা
মুক্ত মনেৰে ফুৰিব পৰা এখন ধৰিত্ৰী
তুমি আমি আৰু মই  একলগে ছাঁত  বহিব পৰা  বৃক্ষকেইটি
নলাগে ধন -সম্পদ  ধৰ্মৰ ৰীতি- নীতি
তুমি  নাথাকিলে কৰিম  কি সেইখিনি ।

নাজানা নহয়  কোনোৱে , ধন-সম্পদ  নহয়  চিৰলগৰী
এনে সম্পত্তি লোভ আৰু অহংকাৰৰ উৎসকাৰী ।
তুমি মোক কি দিবা , মই তোমাক কিনো দিম
প্ৰদানিত সকলো প্ৰকৃতিৰেই  বৰঙণি
প্ৰকৃতি নাথাকিলে তুমি ময়ে বিনাশী ।

তুমি আচল   প্ৰকৃতিৰ প্ৰাণ  ,  ক্লেদহীন  হিয়াৰ  জীৱ
বিশাল বিশ্বৰ অবিনশ্বৰ প্ৰাণৰ গৰাকী তুমি
নাই তোমাৰ হৃদয়ত কুচুত-কপট্  , জাতি-ভেদ
মাথোঁ মানৱতাৰ গুণাধিকাৰী
সেয়ে তুমি প্ৰকৃত মানৱ ।

No comments:

Post a Comment