ভবাটো মূৰ্খামী মই জ্ঞানী
ক্ষমতাই অহংকাৰ আনে
অহংকাৰে আনে ক্ৰোধ
ক্ৰোধৰ অগ্নিত সত্যক লোকোৱাব খুজা
ব্যক্তিৰ অভিনয় কি ?
কোনো নহয় কম শক্তিশালী ।
সকলোৰে থাকে এক মহা শক্তি
সময়ে দি যায় জীৱনৰ স্থিতি
ধনেও নাৰাখে সজাৰ মইনাটি ।
কালৰ গৰাহত অহংকাৰ উপজে
ক্ষমতাই মূৰত বহে
শিষ্টাচাৰ নেউচি অহংকাৰ জিলিকিলে
সমাজে ৰাখে সাঁচি অহংকাৰ স্মৃতিক ।
সমাজ চলে ৰাজনীতিত
ৰাজনীতিত নচলে সমাজ
নচলে কাৰো নিৰ্দেশত জীৱন
চলিলে দেখোন স্বাধীনতাই নিৰৰ্থক ।
ক্ষমতাৰ জ্যোতি এক বিজুলী
নৰয় জনম জনম
ধন-সম্পদ আৰু ৰাজনীতিয়ে
হয়তো দিয়ে অজস্ৰ ক্ষমতা
কিন্তু হ'ব লাগে কল্যাণৰ মনুফা ।
ভাবাটো মূৰ্খামি মই ক্ষমতাশালী
মই আমি বাচ্যই অজ্ঞানী
কোৱা এতিয়া কোন জ্ঞানী
কিমান আছে ধন-সম্পদ
সেয়াৰ মূল্যও কিমান
কিৰণে মুচা নিয়ৰৰ প্ৰতীক
ছাগে অহংকাৰত নুবুজা ।
No comments:
Post a Comment