Pages

Pages

Saturday, August 22, 2020

মই আমি অহংকাৰ

ভবাটো মূৰ্খামী মই জ্ঞানী

ক্ষমতাই অহংকাৰ আনে
অহংকাৰে আনে ক্ৰোধ
ক্ৰোধৰ অগ্নিত সত্যক লোকোৱাব খুজা
ব্যক্তিৰ অভিনয় কি ?

কোনো নহয় কম শক্তিশালী ।
সকলোৰে থাকে এক মহা শক্তি
সময়ে দি যায় জীৱনৰ স্থিতি
ধনেও নাৰাখে সজাৰ মইনাটি ।

কালৰ গৰাহত  অহংকাৰ উপজে
ক্ষমতাই মূৰত বহে
শিষ্টাচাৰ নেউচি  অহংকাৰ জিলিকিলে
সমাজে ৰাখে সাঁচি অহংকাৰ স্মৃতিক ।

সমাজ চলে ৰাজনীতিত
ৰাজনীতিত নচলে সমাজ
নচলে কাৰো নিৰ্দেশত জীৱন
চলিলে দেখোন স্বাধীনতাই নিৰৰ্থক  ।

ক্ষমতাৰ জ্যোতি এক বিজুলী
নৰয় জনম জনম
ধন-সম্পদ আৰু ৰাজনীতিয়ে
হয়তো দিয়ে অজস্ৰ ক্ষমতা
কিন্তু হ'ব লাগে  কল্যাণৰ মনুফা ।

ভাবাটো মূৰ্খামি মই ক্ষমতাশালী
মই আমি বাচ্যই অজ্ঞানী
কোৱা এতিয়া কোন জ্ঞানী
কিমান আছে ধন-সম্পদ
সেয়াৰ মূল্যও কিমান
কিৰণে মুচা নিয়ৰৰ প্ৰতীক
ছাগে অহংকাৰত নুবুজা ।

No comments:

Post a Comment