আত্মশোচনা (চুটিগল্প)
বিহু আহিলেই মনলৈ ঘূৰি আহে এটি জীৱন্ত স্মৃতি । মনত ভুমুকি মাৰেহি এটি ঘটনা । দীপাংকই অনুভৱ কৰে ঘটনাটো অতীত নহয় ; যেন বৰ্তমানতে চকুৰ আগত ঘটি আছে । বিহুৰ দ্বিতীয় দিন । অসমীয়াৰ বাপতি সাহোন বিহুৰ দ্বিতীয় দিনটোক মানুহ বিহু বুলি কোৱা হয়। সৰুৱে ডাঙৰক সেৱা কৰা , পত্নীয়ে পুৱাই গা-পা ধুই পতিক সেৱা জনোৱা , ভকতসকলে নামঘৰলৈ গৈ গাঁৱৰ সকলো বিষয় তথা নীতি- নিয়মৰ সম্পৰ্কে আলোচনা কৰা , ভকতসবে গোঁসাইলৈ বুলি নামঘৰতে সেৱা নাম লোৱা আদিৰ লগতে শিষ্যই গুৰুৰ ঘৰলৈ গৈ সেৱা কৰা ইত্যাদি ইত্যাদি পৰম্পৰাসমূহ এই দিটোতে কৰা হয়। দীপাংকৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ । ছাত্ৰ দিশত মধ্যমিয়া । কিন্তু জ্যেষ্ঠ তথা গুৰুক কেনেদৰে শ্ৰদ্ধা কৰিব লাগে, তেনে গুণৰ এশ শতাংশই অধিকাৰী ।
দীপাংকৰে যৌৱনত ভৰি দিছে । তেওঁৰ হাতৰ সময়কণত তেওঁ এজন চম্ফল ডেকা । তথাপিও সৰু কালৰেপৰা শিক্ষাগুৰুক প্ৰতি বছৰেই সেৱা কৰা দৰেই এই বছৰো তাৰ বন্ধু চুমন আৰু উৎপলৰ স'তে গৰু বিহু দিনাই টিউচনৰ শিক্ষাগুৰু গৰাকীক সেৱা জনাই আহিলগৈ । বিহু বতৰ মন খলি-ধলি লাগেই ঢেকা-গাভৰুৰ মাজত । তাতে থাকে যৌৱনৰ উন্মাদনা । বিহু ক'লেই গাঁৱৰ ঘৰত হাজৰ কলহ প্ৰত্যেকৰ ঘৰতে থাকেই । সেয়ে চম্ফল ডেকাবোৰেও এটুপি এটুপি মুখত দিয়ে । কিন্তু দীপাংকৰ হ'লে এনে অভ্যাস পূৰ্বতে নাছিল । এই বছৰহে লম্ভিছে এই অভ্যাসটো । তাকো অভ্যাস গঢ়াত গাঁৱৰ সমনীয়াসকলে কোনো সেনাপতি, কোনো ৰাজমন্ত্ৰী আৰু কোনো ৰাজগুৰু হৈ সন্য-সামন্তৰ লগত লৈ দীপাংকৰক তেওঁলোকৰ ৰজা পদত অধিষ্ঠিত কৰালে । দীপাংকৰে গৈ হাজু নহ'লে সিহঁতৰ পৰিকল্পনাই যুগুত নহয় , কাৰ্য সম্পাদন হোৱাটো বাদেই । মানে দীপাংক নহ'লে তেওঁলোকে মদেই নাখায় , দীপাংকৰক লগত নিবই । কিন্তু দীপাংকৰ জেপৰ ধন খুটকণো হ'লে খৰচ নকৰায়। মদৰ নিচাৰ আদ্দা ব'হে তিনি আলিৰ কালভাৰৰ ওপৰত বহি । হাতত থাকে ফ'ৰ জি ইণ্টাৰনেটৰ জগতত সোমাব পৰা মোবাইল । হাজাৰ-বিজাৰ আদ্দাত আসন পায় যৌৱনৰ মনে বিচৰা কথাবোৰো । আদ্দা চলে নিশা এঘাৰ-বাৰ বজালৈকে ।
দীপাংকই বোলে প্ৰেমত পৰিল । প্ৰেম আক-- আলাপিছা নহয় । হাঢ়ে-সিমজুৱে , হিৰাই-উপহিৰাই প্ৰতি ক্ষণে ক্ষণে প্ৰৱাহিত হৈ থকা প্ৰেম । সি এৰিব নোৱাৰে , এৰিলে হেনো তাৰে প্ৰেম শেষ। দিনটোত এটুপি নিগিলিলে যেন তাৰ প্ৰেম বিফল। মদৰ প্ৰতি থকা এই প্ৰেমেই দীপাংকৰক এদিন দিলে তেজ-মঙহ থকা ৰমণীৰ প্ৰতি প্ৰেম। ৰমণীৰ প্ৰেমত পৰিল । দিনে-নিশাই জীৱনৰ স্বপ্ন দেখে। দিনে দিনে কমি আহিল অধ্যয়নৰ স্পৃহা । আনফালে পিতৃ-মাতৃৰ প্ৰতি থকা মৰম-চেনেহ আৰু শ্ৰদ্ধা । গাঁৱৰ বয়োজ্যেষ্ঠসকলেও তাৰ ৰূপান্তৰিত আচৰণক লৈ ভুভোঁ-ভাভাঁ কৰিবলৈ ধৰিলে । আহুকাণে-পহুকাণে গৈ টিউচনৰ শিক্ষক গৰাকীৰ কণত পৰিলগৈ । তেখেতে সত্যৰ অন্বেষণ কৰি চাবলৈ ঘৰলৈ খা-খবৰ লোৱা উদ্দেশ্যৰে ফোনকল কৰিল । কিন্তু ফলাফলত প্ৰকৃত ফল নাপালে । পিতৃ-মাতৃয়ে গোপণে ৰাখিল । মাথোঁ ক'লে পৰীক্ষা শেষ হোৱাৰ পৰা অলপ ওলাই যায় । আগৰ দৰে বৰকৈ পঢ়া-শুনা কৰা নকৰে ।
বিহু বতৰ । অলপ মনটো ভাল লগাবলৈ বুলি সমনীয়াৰ স'তে বিহু বুলি এটুপি দুটুপিকৈ ঘৰে ঘৰে মদ পান কৰি গ'ল । বেলি ডুবিবলৈ ধৰিছে । মনত ভাবিলে প্ৰেৰসীৰ ঘৰলৈ বিহু বুলি ফুৰিলৈ যাব । ভবা মতেই কাম হ'ল ।লগৰবোৰেও লগ ধৰি নথকা নহয় । যি নহওঁক সকলোবোৰৰ লগতে তালত তাল মিলাই লগৰবোৰৰ স'তে বেইকেৰে ফুৰিবলৈ গ'ল। পাৰ্টিও চলিল প্ৰায় সাত মান বজাত তিনি আলি মূৰত । পাৰ্টিটোৰ নাম ৰাখিছিল টেনচন দূৰ । হাতে হাতে এটা এটা মদৰ বটল । সেয়াই পাৰ্টিৰ আইটেম । পাৰ্টি শেষ হ'ল । ফুৰিবলৈ গ'ল নিকটৱৰ্ত্তী এখন গাঁৱত । তাতো চলিল টামাম মদৰ পাৰ্টি ।
নিমন্ত্ৰণ ৰক্ষাৰ্থে টিউচনৰ শিক্ষক গৰাকী গৈ দীপাংকৰ ঘৰত বেলি ডুবাৰ পৰত উপস্থিত হ'লগৈ । পিতৃ-মাতৃৰ দ্বাৰা অতিথি আপ্যায়ন কৰা হ'ল । শিক্ষকগৰাকীয়ে দীপাংকৰে ঘৰলৈ উভতি অহালৈকে ৰৈ থাকিল । দীপাংকৰ পিতৃ-মাতৃয়ে নিশা ভোজনৰ যা-যোগাৰ কৰিল । কিন্তু নৈশ ভোজন গ্ৰহণ কৰা মূহুৰ্তলৈকে দীপাংকৰে ঘৰত উপস্থিত নহ'ল । শিক্ষাকগৰাকীয়ে যাবলৈ বিদায় লওঁতেই ওলালহি দীপাংকৰ । দুটি ৰঙা চকু , খোজ কাঢ়নি লৰি থকা দুজোপা তামোল গছ সদৃশ । ছাৰক দেখি ক'লে- " অ' ছাৰ, নমস্কাৰ । কেতিয়া পালেহি ? "
" যাবলৈয়ে ওলালোঁ খাই বৈ। তোমালৈ ৰৈ ৰৈ আমনি পালোঁ । সেয়ে তোমাক আজি এৰি ভাতকেইটা খাবলগীয়া হ'ল। কি কৰিবা । আজি তোমাৰ লগত একেলগে খোৱা ভাগ্য কপালত নাছিল । যোৱা ভৰি-হাত ধুই খাই লোৱাগৈ ।" ----গহীন স্বৰেৰে ছাৰে কথাবোৰ বতাহত এৰি দিছিল ।
" ছাৰ , বহক আপুনি । মই ভৰি হাত ধুই আহোঁ ।" ---দীপাংকৰে লাহেকৈ ছাৰৰ ফালে চাই দুখৰে ক'লে ।
" যোৱা , ভৰি-হাত ধুই ভাত খাই শুই থাকা । ময়ো জয়দ্বীপৰ ঘৰত এক সোমাই গুচি যাওঁ । নহ'লে বেয়া পাব । ৯:৩০ বাজিল । সোমাব বুলি ৰৈ আছে । নোসোমালে বেয়া পাব । তোমাৰ মা-দেউতাই মোক এৰিয়ে নিদিলে নহয় সোনকালে । তাতে তোমাকো এবাৰ লগ কৰি যাওঁ বুলিয়েই ৰৈ আছিলোঁ । এতিয়া তোমাকো লগ পালোঁ , খাই বৈও উঠিলোঁ , সকলো কাম হ'লেই যেতিয়া যাবও পাৰোঁ । মই যাওঁ । তুমি যোৱা পৰিষ্কাৰ হৈ লোৱাগৈ।"
" ছাৰ, ৰ'ব নাযাব । মই আহিছোঁৱেই ।"
" হ'ব , যোৱা । মই আছোঁ বাৰোঁ । "
ছাৰে দীপাংকৰ মনত শান্তনা দিয়া উদ্দেশ্যে কিছুপৰ ৰৈ দিলে । দীপাংকৰে ভৰি -হাত ধুই ভিতৰত কাপোৰ সলাই আহি ছাৰৰ ওচৰত বহেহি ।
" এতিয়া মই যাওঁ , বেটা । আৰু ৰ'ব নোৱাৰোঁ । বহুত নিশা হ'ল। " -ছাৰে দীপাংকৰ চকুলৈ চাই কয়। দীপাংকৰ অৱস্থা দেখি ছাৰে আচৰিত হৈছিল । দীপাংকই ইমান তললৈ যাব বুলি কেতিয়াও কল্পনা কৰা নাছিল । ছাৰৰ মনে মনে খং উঠিছিল । কিন্তু খঙৰ প্ৰভাৱ পৰিস্ফুত কৰা নাছিল ।
" ছাৰ , নহ'লে থাকি যাওঁক আজি ।"
" নাথাকো, ঘৰত চিন্তা কৰিব । তুমি ঘৰত থকাহেঁতেন ইমান পলম নহ'লহেঁতেন ।"
" ছাৰে আজি আহিব বুলি জনা নাছিলোঁ । ক্ষমা কৰি দিব , ছাৰ----।"
" হয় , ময়ো ভাবা নাছিলোঁ । সময়কণ পালোঁ , ভাবিলোঁ সময় ওলাওঁতে গৈ আহোঁ এবাৰ । বাৰু এতিয়া যাওঁ ।"
কথাবোৰ কৈ শেষ হোৱা পাছতে ছাৰে আসনৰপৰা উঠে । দীপাংকৰে উঠি নমস্কাৰ প্ৰেৰণ কৰে । লগতে ছাৰক আগবঢ়াবলৈ ছাৰৰ লগত ওলাই আহে । ছাৰৰ লগে লগে আহি সিহঁতৰ ঘৰৰ ওচৰৰ পুলটোৰ ওচৰত পালেহি । ছাৰে ক'লে , আৰু নালাগে আহিবলৈ তুমি যোৱা ।
" ছাৰ , ক্ষমা কৰি দিব। আপুনি মোক বেয়া পাইছে। "
ছাৰৰ মনটোৱে এনেয়েও কিছু কথা ক'লৈ মনস্থ কৰিছিল কিন্তু দীপাংকৰ অৱস্থা দেখি ক'বলৈ বিচৰা নাছিল । তাতে সুবিধাকণ পাই ভাবিলে ইচ্ছা কৰিছে যেতিয়া নিচা থাকিলেও ক'ব পাৰি । হয়তো কাইলৈ দীপাংকৰে সঁচা কথাবোৰ নক'ব , আজি নিচাৰ জালত নিশ্চয় ক'ব । দীপাংকৰক তাৰ পৰিৱৰ্তনৰ কাৰণবোৰ সোধাই ভাল হ'ব । কিয় ইমানকৈ প্ৰত্যেক দিনাই মদ খাবলৈ ধৰিছে । ছাৰে লাহেকৈ মৰমেৰে দীপাংকৰ পিঠিত হাতখন দি কয় ----" বেটা , তোমাক জানোঁ কোনোবা দিন বেয়া পাইছোঁ । তুমিও জানো মোক বেয়া পাইছাঁ । তুমিও নাই পোৱা , ময়ো পোৱা নাই । আৰু মই কেতিয়াও নাপাওঁ । তুমি মোৰ আটাইতকৈ মৰমৰ ছাত্ৰ । তোমাক খুব ভাল পাওঁ । সেইবাবে এই বিহু বতৰত বাকীবোৰ ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ প্ৰথমে নগৈ তোমাৰ ঘৰলৈকে আহিছোঁ । তোমাক লগ কৰি যোৱা আশাৰে নিশা এইখিনিলৈকে ইয়াত আছোঁ । তোমাক অন্য ছাত্ৰ-ছাত্ৰীতকৈ বেছি ভাল পাওঁ ; কাৰণ তুমি মোৰ সকলো কথা শুনা । তোমাৰ জীৱনৰ একো কথাই মোৰ পৰা লোকোৱাই নোথোৱা । সকলো কথাই মোক খুলি কোৱা । মোক নোসোধাকৈ ক'লেও নোযোৱা , একো কামো নকৰা । চোৱা , তোমাৰ মোৰ মাজত কিমান বিশ্বাস আছে । হয় নে নহয় কোৱা ? আজিলৈকে জানো তুমি মোৰ পৰা কিবা কথা লুকাৱাইছা । নাই লুকুৱা বুলিয়ে মই ভাবিছোঁ আৰু ভৱিষ্যতেও লোকোৱাবা বুলি আশা কৰা নাই । মই তোমাক মোৰ সকলো বুলি ভাবোঁ । যদি তুমি মোক পিতৃ-মাতৃ চক্ষুৰে চোৱা তুমি মোৰ সন্তান , দাদা হিচাপে ভাবা তুমি মোৰ প্ৰিয় ভাইটি , বন্ধু হিচাপে নিভাঁজ হৃদয়ত লোৱা তেন্তে তোমাৰ ভাল বন্ধু আৰু শিক্ষা গুৰু হিচাপে অন্তৰত ভাবা তুমি মোৰ প্ৰিয় ছাত্ৰ । মই তোমাক এই সকলোবোৰ বুলি ভাবোঁ । কাৰণ তুমি ভাল ল'ৰা । "
দীপাংকই দুখ কৰি কঁপা কঁপা মাতেৰে ক'লে ---" ছাৰ , আপুনি ভাবা দৰে মই ভাল ল'ৰা নহয় । মোক ক্ষমা কৰি দিব ।"
" কিয় ? আহা এই পুলটোত অলপ বহোঁ ।"
দুয়ো পুলটোৰ ওপৰত বহিল । ফৰকাল বতৰ । জোনে ৰূপালী জ্যোতি বিলাই বহু দূৰৰ পৰাই বস্তবোৰ চিনিব পৰা এটি নিশা কৰি তুলিছে । বতাহজাকো মধুৰভাৱে বলি আছে ।
" চোৱা বেটা । তুমি নিজকে বেয়া বুলি কৈছাঁ , মই কেনেকৈ মানি ল'ম । তুমি ভাল ল'ৰা বাবেই ইয়াত বহোঁ আহা বুলি মই কওঁতে বিৰোধ নকৰিলা । আন্য দিনৰ দৰে আজিও কথা শুনিছা । তুমি মোক ভাল পোৱা , বিশ্বাস কৰা বাবেই নিশা হোৱা বাবে তোমাৰ ঘৰত মোক থাকি যাবলৈ কৈছা । মোৰ প্ৰতি তোমাৰ কিমান আন্তৰিকতা আৰু অন্তৰঙ্গতা আছে তুমি মোক কৰা আচৰণতেই প্ৰতিফলিত হৈছে । মই থাকিবলৈ নিবিচৰা বাবেইতো তুমি মনত দুখ কৰিছা । এয়া কি তোমাৰ মোৰ প্ৰতি থকা মৰম-চেনেহ আৰু আন্তৰিকতা নহয় জানোঁ । মোৰ প্ৰতি তোমাৰ অত্যন্ত বিশ্বাস আৰু শ্ৰদ্ধা আছে বাবেই আজি তুমি মোক ক'লা তুমি বেয়া ল'ৰা বুলি । কাৰণ তুমি উপলব্ধি কৰিছা , নিশ্বয় তুমি কিবা ভুল কৰিছা বুলি । ভুলৰ অনুশোচনা কোনে কৰে - ভাল ল'ৰাইহে কৰে । তুমি মোক তোমাৰ সকলো কথাই খুলি কোৱা এজন খাচ বন্ধুক কোৱা দৰে । চোৱা , তোমাৰ কাষত মই তোমাৰ বন্ধুহঁতে থকা দৰেই এই নিশা আছোঁ । এই ক্ষণত মই তোমাৰ বন্ধু । তুমি মোক সদায় কোৱা দৰে মনৰ দুখবোৰ খুলি ক'ব পাৰা । ভুল মানুহৰ হয়ে দিয়া চুন। ভুলবোৰ অনুশোচনা হ'লে তাক শুদ্ধৰাবলৈ প্ৰয়াস নকৰাটো জানোঁ উচিত । মই সদায় তোমাৰ লগত আছোঁ । তুমি ভয় নকৰিবা । মোক খুলি ক'বা । দুয়ো মিলি সমস্যাৰ সমাধানৰ উপায় উলিয়াম । বাৰু দুখ নকৰিবা । কোৱা চুন , তুমি ককমাইনা বেটা হৈ কিয়নো নিজকে বেয়া ল'ৰা বুলি ক'লা । মোক কাৰণবোৰ নোকোৱাকৈ জানোঁ তুমি টোপনি যাবা । আজিৰ দৰে ইমান সুন্দৰ ঠাই আৰু বতৰ জনোঁ পাবা , আকৌ তোমাৰ মনৰ কথাবোৰ খুকুজা নথকাকৈ ক'বলৈ । আজিয়ে কোৱা চোন তোমাৰ মন দাপোনৰ গুপ্ত ভাৱনাবোৰ । মই শুনি যাওঁ কোৱা ----। আহা , মোৰ কোলাত মূৰটো থৈ শোৱা আৰু সৌ বগা ডাঁৱৰে বেৰি থোৱা নিলিমালৈ চাই চাই মনৰ কথাবোৰ কৈ যোৱা । শোৱা আজিও তোমাৰ মূৰৰ চুলিবোৰ শিতলাই শিতলাই তোমাক মৰম কৰি দিম। "
দীপাংকই ছাৰৰ কোলাত মূৰটো থৈ দীঘল হৈ পুলটোত শুই দিলে । ছাৰে মৰমেৰে মূৰটোত হাতখন থৈ চুলিৰ মাজেৰে আঙুলিবোৰ বোলাই বোলাই কৈ কৈ গ'ল ---" ভয়ে মানুহক বিপদত পেলায় , সাহসে মানুহক সফলতা দিয়াই । আপোনসকলে যন্ত্ৰণাক নিৰাময় কৰায় । যন্ত্ৰণা নিয়ন্ত্ৰণ হৈ আঁতৰ হ'লেই সুখৰ কিৰণে মনক গ্ৰাস কৰি পেলায়। এতিয়া গম পালাই নহয় , কোৱা তুমি নিৰ্ভিকভাৱে তোমাৰ হৃদয়ৰ বেথাবোৰ । দুয়ো মিলি নিশ্বয় আজি সমাধান পামেই । "
" ছাৰ , কিনো কম । আজি আপুনি গ'ম পালেই । তথাপিও কৈছোঁ । মই আপোনাৰ পৰা কোনো দিনেই একো কথা লোকোৱা নাই আৰু নোলোকোৱাওঁ । ছাৰ , পৰীক্ষা শেষ হোৱাৰ পাছত ঘৰত সোমাই সোমাই আমনি লাগিছিল । সেয়ে লগৰবোৰৰ লগত অলপ অলপকৈ ওলায় যাওঁতে যাওঁতে অভ্যাসত পৰিণত হ'ল সদায় ওলায় যোৱাটো । লগৰবোৰেও লগ এৰি নিদিয়া হ'ল । নাযাওঁ ক'লেও জোৰ কৰি লৈ যায় । আপোনাক কথাবোৰ কম বুলি ভাবোঁ ; দিনে দিনে পাহৰি সিহঁতৰ ফালে ঢাল ল'লোঁ। খাবলৈ শিকিলোঁ মদ , ভাং, চিগাৰেট, বিড়ি আদি । নাখাওঁ ক'লেও ঠাট্টা-মস্কৰা কৰে । এনেদৰে ছাৰ খাবলৈ শিকিলোঁ । ছাৰ, আজিও খাই আছোঁ । আজি সিহঁতি মোক তপণৰ গাৰ্ল ফ্ৰেণ্ডজনীৰ ঘৰলৈ লৈ গৈছিল । তাতো দিলে খালোঁ । ছাৰ, মোক বেয়া নাপাব । কথা এটা কওঁ ; কিন্তু মোক নামাৰিব । ছাৰ ; নামাৰো বুলি কওঁক । "
" বেটা ; এতিয়া তুমি মই বন্ধু হিচাপে কথা পাতি আছোঁ । তোমাক কিয় বেয়া পাম । আৰু ভাল বন্ধু হ'লে সদায় ভাল কথাহে কয় । বেয়া কথা নকয় নহয় । যদি বেয়া কাম নজনাকৈ কৰি পায় , তেন্তে তাৰ সমাধানৰ উপায় বিচাৰিতো ক'বই লাগিব , নহ'লে সমাধান হ'ব কেনেকৈ । কোৱা-----।"
" ছাৰ, মোক ক্ষমা কৰি দিব । আজি কালি মোৰ খুব বৰ্ণালীলৈ মনত পৰে । মই তাইক খুব ভাল পাওঁ । আজি সিহঁতৰ ঘৰলৈও যাম বুলিয়ই গৈছিলোঁ । কিন্তু নগ'লোঁ । ফোনত সেইদিনা তাই মোক ভাল নাপাওঁ ক'লে । সেইবাবে মই অলপ বেছিকৈ খাই দিওঁ , ছাৰ -----। ছাৰ , কিন্তু মোৰ লগৰবোৰে তাক দেখোৱাই দিব কৈছে বেলেগ এগৰাকীক ভাল পায় । আমাৰ গাঁৱত বিয়া খাবলৈ আহা ছোৱালী এগৰাকীয়ে মোৰলৈ সদায় ফোন কৰি থাকে । প্ৰথমে মই কথা পাতা নাছিলোঁ । লগৰবোৰে কৈ কৈ মোক কথা পতালে । ভাল লাগে তাইকো । বৰ্ণালী নহ'লেও তাইকে বিয়া পাতিম । বহুত ভাল পাওঁ । লগবোৰে কৈছে কাইলৈ আনিবলৈ যাম বুলি । দুজন মানে আজিয়ে যাওঁ কৈছিল । তপণে বোলে পাঁচ হাজাৰ দিব আৰু লগৰবোৰেও মিলাই মেলি দিব। ওচৰৰ বৌ এজনীয়ে মেখেলা চাদৰ এজোৰ দিম বুলি কৈছে । ময়ো আজি তাইক আনিমগৈ বুলি ফোন কৰিলোঁ । মনটো আছিল আনিবলৈ । কিন্তু পুৱাই আপোনাৰ কথা মনত পৰিল । আপোনি প্ৰথম ব'হাগত বেলেগৰ ঘৰলৈ ফুৰিবলৈ নাযাবা বুলি কোৱা কথাষাৰ । মনতে ভাবিলোঁ আপোনাৰলৈ মনত পৰিছে যেতিয়া আজি নাযাওঁ । সেয়ে তাইক আজি নাযাওঁ কাইলৈ যাম বুলি ক'লোঁ । তাই মোক ক'লে আজি নাহিলে মোক নোপোৱা বুলি । মই তাইক মিছাকৈ ক'লোঁ আজি আপুনি আহিব বুলি । আপোনাক যে মই খুব ভাল পাওঁ তাইকো ক'লোঁ । আপোনাৰ সকলো কথা বিৱৰি ক'লোঁ । প্ৰায় ৬ ঘণ্টা ধৰি একেৰাহে কথা পাতিলোঁ । তাই শেষত মান্তি হ'ল । কাইলৈ আনিবলৈ যোৱা কথা আছিল । ছাৰ মোক তপণে বাৰে বাৰে লগ ধৰি আছিল । কিন্তু মই সিহঁতক আপুনি আহিব বুলি মিছা কথা কৈছিলোঁ । মোৰ মনটোত কিন্তু খুবেই ধিৰধিৰাই আছিল আপুনি আহিব বুলি । সেয়ে দিনটো ঘৰতে আছিলোঁ । পাছবেলা প্ৰায় ৪:৩০ মান বজাত খবৰ পালোঁ তাইয়ো বেলেগ এজনলৈ গুচি গ'ল । দুখতে আপোনাৰ কথা পাহৰি গ'লোঁ । লগৰবোৰে খুব ঠাট্টা কৰি কিবা কিবি কথা ক'লে । তদুপৰি সিহঁতি ক'লে আজি বেলেগ এজনি চাই দিব আৰু দুয়োজনীকে দেখোৱাই কাইলৈ ভিতৰতে মোক বিয়া পতাই দিব। ময়ো জিদ লাগিছোঁ ছাৰ। ছাৰ , আচৰিত হ'লোঁ ; মোৰ অনুভৱ সঁচা হ'ল । সঁচাকৈয়ে আপুনি আহিল ছাৰ । ছাৰ , আপোনাক কথাবোৰ কৈ বৰ পাতল লাগিছে।"
" চোৱা বেটা । তুমি বেয়া ল'ৰা নহয় । তুমি বেয়া হোৱাহেঁতেন ইমানবোৰ কথা আজি নক'লাহেঁতেন । বাৰু শুনা , গুচি যোৱা আত্মাক যেনেদৰে দেহত ভৰাই দিব নোৱাৰি । ঠিক তেনেদৰে যোৱা সময়কো ওভতাই আনিব নোৱাৰি । জীৱনত ভাল পোৱা থাকেই । ভাল পোৱা এক পক্ষ হ'লে মিলন নহয় । দুই পক্ষতে থাকিব লাগিব । চোৱা , তুমি মোক ভাল পোৱা, মই তোমাক ভাল পাওঁ । সেয়ে ইমান নিশালৈকে দুয়োৱে ইজনৰ সিজনৰ কথাবোৰ গুৰুত্ব দিছোঁ । তাই তোমাক গুৰুত্বই দিয়া নাছিল । সেইবাবে তাই তোমাক এৰি গুচি গ'ল । তাত দুখ কৰি লাভ নাই । ধৰা , তুমি বিয়া পাতিলা । এদিন তাই ঢুকাল , তেতিয়াতো তুমি অকলেই কটাবলগীয়া হ'লহেঁতেন । এতিয়া ধৰি লোৱা তাই আৰু নাই । তুমিতো জীয়াই থাকিবই লাগিব । তাইৰ কথা এৰিলোঁ । এতিয়া বৰ্ণালীৰ কথা আহোঁ । তাই তোমাক ভাল নাপাওঁ বুলি ক'লে বাৰু , কি জানি অন্তৰৰ সৈতে তোমাকে ভাল পায় । তোমাৰ পঢ়া -শুনা বেয়া হ'ব বুলি কোৱা নাই । তুমি ভাবা চোন , টিউচনৰ তোমাৰ লগৰ কোনজনে তোমাক বেয়া পায়। ঠিক আছে বাৰু মানিলো--বৰ্ণালীয়ে তোমাক ভাল পাওঁ বুলি ক'লে । তাৰপাছত কি কৰিবা ? বিয়া পাতিবা ? মানিলো বিয়া পাতিবা । কিন্তু খোৱাবা কি ? তোমাৰ জানোঁ খেতি কৰা মাটি আছে , খেতি কৰি খাবলৈ ? নে চাকৰি আছে ? দিন হাজিৰা কৰি খাবা মানিছোঁ । কিন্তু ; বৰ্তমানৰ প্ৰযুক্তিবিদ্যাই ক্ৰমান্বয়ে দৈনিক মজুৰি কমাই নিছে । প্ৰতি দিনে জানোঁ দৈনিক কাম পাবা । কাম নাপালে ঘৰ চলাবলৈ প্ৰয়োজন হোৱা সামগ্ৰীবোৰ ক্ৰয় কৰিবলৈ টকা ক'ত পাবা -- বেটা ? ঠিক আছে এহাজ খাই এহাজ নোখোৱাকৈ পিতৃ-মাতৃয়ে থাকিবা । কিন্তু তোমালোকৰ সন্তানকেইটিক কেনেকৈ লঘোণত থ'বা ? সেই সময়ত তোমাৰ চকুলো নিগৰিলেও জানোঁ মূল্য থাকিব । আজি তুমি বিচৰা বস্তুটো নাপালে মনত কিমান বেজাৰ লাগে , তুমি নিশ্চয় বুজিছাঁ । ভাবিলোঁ , ভাত-পানী যোগাৰ কৰি দিব পাৰিবা । কিন্তু পঢ়া-শুনাত খৰছ কৰিলৈ টকাবোৰ যোগাৰ কৰি দিব পাৰিবা জানোঁ । তোমাৰ এইটো বয়স তোমাৰ সম্পদ ঘটা বয়স। সেয়ে সম্পদবোৰ ঘটি লোৱা , জীৱনত সুখী হ'বা । পঢ়ি অভিজ্ঞতাবোৰ আহৰণ কৰি লোৱা । ডিগ্ৰী -ডিপ্লমা চাৰ্টিফিকেটবোৰ বহুমূলীয়া সম্পদলৈ পৰিৱৰ্তন কৰা য'ত পৰিলেই তোমাৰ মনৰ আশা পূৰণ হয় । যদি চাৰ্টিফিকেটবোৰ পেলনীয়া কাগজ হৈ ৰ'বলৈ হয় ; কষ্ট কৰা সময়কণো নিৰ্থক হৈ ৰ'ব। তুমি আহৰণ কৰা অভিজ্ঞতাৰে তুমি চৌদিশে এটা প্ৰকৃত দীপাংকৰ হৈ জ্যোতি দিব পাৰিবা । নিজৰ সন্তানক চকু দিব পাৰিবা । এখন দামি বিদ্যালয়ত পঢ়াব নোৱাৰিলেও ; তোমাৰ সন্তানে পঢ়া বিদ্যালয়তখনেই দামি হৈ উঠিব । চিন্তা নকৰিবা , তোমাৰ সকলো ঠিক হৈ যাব । তোমাৰ ধৈৰ্য্য শক্তি আছে । প্ৰেমো কৰা নিজৰ সম্পত্তিৰ ৰেখাডালো আগবঢ়াই নিয়া । প্ৰেমৰ অবিহনে জীৱন বৃথা । কিন্তু প্ৰেম হ'ব লাগে জীৱন গঢ়া ; ভঙা নহয় । প্ৰেম কৰিবা তাত য'ত তুমি হতাশাত নোভোগা । য'ত তোমাৰ ত্যাগবোৰ অথলৈ নাযায় । এবাৰ কিতাপৰ লগত প্ৰেমৰ প্ৰস্তাৱ ৰাখা । যদি এই প্ৰস্তাৱত সহাৰি পোৱা , তোমাৰ জীৱনৰ প্ৰতিটো পলৰ কোঁহে কোঁহে প্ৰেমৰ কলি পাবা । কলিবোৰ মৰহি নগৈ প্ৰফুল্লিত হৈ তোমাৰ লগত সুখৰ কানন পাতিব ; য'ত থাকিব তোমাৰ আশাপ্ৰদৰ প্ৰেমৰ সুধা হাঁহি। জীৱনত বিচৰা বস্তুটো নাপালেও দুখ কৰিব নালাগে । পোৱা-নোপোৱা জীৱনৰ দুটা পিঠি । নোপোৱাটোৰ গৰাকী তুমি হ'ব নোৱাৰাকৈয়ে সৃষ্টি হৈছে । কিন্তু তাৰ গৰাকী হ'ব নোৱাৰা কাৰণবোৰ অন্বেষণ কৰি অনাগতত তেনে বস্তুৰ গৰাকীৰ হ'ব পৰাকৈ গুণবোৰ আহৰণত প্ৰয়াস কৰিব লাগে । বাৰু এতিয়া কোৱা চুন ? কি বিয়া পাতিবাই নেকি ককমাইনাটো ? কথাবোৰ মা -পাপাই জানে নাই ?"
" ছাৰ , নাজানে । নাই , নাপাতো । মই আগৰ দৰে থাকিম । পূৰ্বৰ সময়বোৰেই ভালে আছিল । অধিক বন্ধুত্বৰ লগত সময় কটোৱা যে বিপদ আহে বুজিলোঁ । সৰু কালছোৱাই ভাল আছিল । কোনো লগেই মদ , ভাং , চিগাৰেট খাবলৈ জোৰ নকৰিছিল ।কেনেবাকৈ খালেও ঘৰত কৈ দিম বুলিহে কৈছিল । তাতোতকৈ ভাল আছিল বেয়া কাম কৰিলেই ছাৰ-বাইদেউহঁতৰ পৰা লাভ কৰা গালিবোৰ আৰু কোববোৰ । যৌৱনত ভৰি দিলে দেখোন এই সকলোবোৰ মনৰ পৰা হেৰাই যায় । ছাৰ-বাইদেউসকল আৰু জ্যেষ্ঠসকল যে আমাৰ জীৱনৰ আটাইতকৈ ভাল বন্ধু পাহৰিয়েই যাওঁ বাল্যকাল এৰাৰ পাছতে । "
" চোৱা , তোমাৰ সুখৰ বাবে মা -দেউতাই কি কৰা নাই । যিমান পাৰে তোমালোকক সুখী কৰি ৰাখিবলৈ বিচাৰিছে । তোমাৰ মা-দেউতাৰ মুখ দুখন দেখি মোৰ বৰ দুখ লাগিছিল যেতিয়া তুমি ভিতৰলৈ সোমাই আহিছিলা । দুয়োজনে লাজত ৰঙা-জঙা পৰি তল মূৰ কৰি দিছিল । তোমাৰ ওপৰত মোৰ বিশ্বাস আছে ভৱিষ্যতে তুমি আৰু এনেকুৱা নকৰা । কাৰণ তুমি মোৰ ছাত্ৰ আৰু মোৰ বিশ্বাস । তোমাক লৈ মই গৌৰৱ কৰোঁ । টিউচনত কোনো ছাত্ৰ- ছাত্ৰীয়ে পঢ়াত হেমাহি কৰিলে , তোমাৰ কথা কওঁ , তোমালোকৰ দৰে দীপাংকৰ নাছিল । তোমালোকেও দীপাংকৰ দৰে ভাল ছাত্ৰ-ছাত্ৰী হ'বলৈ যত্ন কৰাঁ ।
" ছাৰ , কাইলৈৰপৰা মদ ,ভাং , চিগাৰেট সকলোকে এঘৰীয়া কৰিম । আগৰ দৰেই সময়বোৰ কটাম।"
" মনত খুব আনন্দ লাগিল , তোমাৰ কথাবোৰ শুনি । মনত ৰাখিবা , কিন্তু কোৱা যিমান সহজ কৰি দেখোৱাটো তাতোতকৈ বহু গুণে কঠিন । ভাল কামত আগবঢ়া লোকক পাছফালৰপৰা হাকুটি লৈ টনা মানুহো বহুত । সেয়ে কঠিনতাক সৰল বুলি লৈ যন্ত্ৰণাক ৰথৰ সাৰথি কৰি ল'ব পাৰিলেই তুমি খোজবোৰ আগবঢ়াই দিব পাৰিবা । মই তোমাৰ কাষত সকলো সময়তে আছোঁ। বহু নিশা হৈছে । যোৱা শুই থাকাগৈ । পুৱা মই কল কৰিম । ভাত খাই শোবা কিন্তু ।"
" অ ছাৰ , গুড নাইট । ঘৰত গৈ পালে মিছ কল এটা দিব।"
" ঠিক আছে যোৱা । তোমাৰ বিচনাৰ পলবোৰ মধুময় হওঁক । কাইলৈ আমাৰ ঘৰলৈ কেইদিনমান থকাকৈ যাবা । যোৱা বছৰ যোৱা মনত আছেনে ? এই বাৰ কিন্তু এদিন বেছিকৈ থাকিব লাগিব । ভাবিছোঁ , তোমাকলৈ ক'ৰবাত ফুৰিবলৈ যাম । "
দুয়ো নিজৰ নিজৰ ঘৰ মূৱা হৈ গুচি গ'ল । দীপাংকৰ জীৱনৰ এটি বেঁকা পথ পোন হৈ গতি কৰিল ।
No comments:
Post a Comment