Pages

Pages

Monday, August 3, 2020

সৰুকালেই ভাল আছিল

   
                       আত্মশোচনা (চুটিগল্প)

           বিহু  আহিলেই মনলৈ ঘূৰি আহে এটি জীৱন্ত  স্মৃতি । মনত ভুমুকি  মাৰেহি  এটি ঘটনা । দীপাংকই অনুভৱ কৰে  ঘটনাটো অতীত নহয়  ; যেন বৰ্তমানতে চকুৰ আগত ঘটি আছে । বিহুৰ  দ্বিতীয় দিন । অসমীয়াৰ বাপতি সাহোন বিহুৰ দ্বিতীয় দিনটোক মানুহ বিহু বুলি কোৱা হয়। সৰুৱে ডাঙৰক সেৱা কৰা , পত্নীয়ে পুৱাই গা-পা ধুই পতিক সেৱা জনোৱা , ভকতসকলে নামঘৰলৈ গৈ গাঁৱৰ সকলো বিষয় তথা নীতি- নিয়মৰ সম্পৰ্কে  আলোচনা কৰা , ভকতসবে গোঁসাইলৈ বুলি  নামঘৰতে সেৱা নাম লোৱা  আদিৰ লগতে শিষ্যই গুৰুৰ ঘৰলৈ গৈ সেৱা কৰা ইত্যাদি ইত্যাদি পৰম্পৰাসমূহ এই দিটোতে কৰা হয়। দীপাংকৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ । ছাত্ৰ দিশত মধ্যমিয়া । কিন্তু  জ্যেষ্ঠ তথা গুৰুক কেনেদৰে শ্ৰদ্ধা কৰিব লাগে, তেনে গুণৰ এশ শতাংশই অধিকাৰী ।
                    দীপাংকৰে  যৌৱনত ভৰি দিছে । তেওঁৰ  হাতৰ  সময়কণত  তেওঁ এজন চম্ফল ডেকা । তথাপিও  সৰু কালৰেপৰা শিক্ষাগুৰুক  প্ৰতি বছৰেই সেৱা কৰা দৰেই  এই বছৰো তাৰ বন্ধু চুমন আৰু উৎপলৰ স'তে গৰু বিহু  দিনাই টিউচনৰ শিক্ষাগুৰু গৰাকীক সেৱা জনাই  আহিলগৈ । বিহু বতৰ  মন খলি-ধলি লাগেই ঢেকা-গাভৰুৰ  মাজত । তাতে থাকে যৌৱনৰ  উন্মাদনা । বিহু ক'লেই গাঁৱৰ  ঘৰত হাজৰ কলহ প্ৰত্যেকৰ ঘৰতে  থাকেই । সেয়ে চম্ফল ডেকাবোৰেও এটুপি এটুপি মুখত  দিয়ে । কিন্তু  দীপাংকৰ হ'লে এনে অভ্যাস পূৰ্বতে নাছিল । এই বছৰহে লম্ভিছে এই অভ্যাসটো । তাকো অভ্যাস গঢ়াত গাঁৱৰ সমনীয়াসকলে কোনো  সেনাপতি, কোনো ৰাজমন্ত্ৰী আৰু কোনো  ৰাজগুৰু  হৈ  সন্য-সামন্তৰ লগত লৈ দীপাংকৰক  তেওঁলোকৰ ৰজা পদত অধিষ্ঠিত কৰালে । দীপাংকৰে গৈ  হাজু নহ'লে  সিহঁতৰ  পৰিকল্পনাই যুগুত নহয় , কাৰ্য সম্পাদন হোৱাটো  বাদেই । মানে দীপাংক নহ'লে তেওঁলোকে  মদেই নাখায় , দীপাংকৰক লগত নিবই । কিন্তু দীপাংকৰ জেপৰ ধন খুটকণো হ'লে খৰচ নকৰায়। মদৰ নিচাৰ আদ্দা ব'হে তিনি আলিৰ কালভাৰৰ ওপৰত বহি । হাতত থাকে  ফ'ৰ জি ইণ্টাৰনেটৰ জগতত সোমাব পৰা মোবাইল । হাজাৰ-বিজাৰ আদ্দাত আসন পায়  যৌৱনৰ  মনে বিচৰা কথাবোৰো । আদ্দা চলে নিশা এঘাৰ-বাৰ বজালৈকে ।
            দীপাংকই বোলে প্ৰেমত পৰিল । প্ৰেম আক-- আলাপিছা নহয় । হাঢ়ে-সিমজুৱে , হিৰাই-উপহিৰাই  প্ৰতি ক্ষণে ক্ষণে প্ৰৱাহিত হৈ থকা প্ৰেম । সি এৰিব নোৱাৰে , এৰিলে হেনো তাৰে প্ৰেম শেষ। দিনটোত এটুপি নিগিলিলে যেন তাৰ প্ৰেম বিফল। মদৰ প্ৰতি থকা এই প্ৰেমেই দীপাংকৰক এদিন দিলে তেজ-মঙহ থকা ৰমণীৰ  প্ৰতি প্ৰেম। ৰমণীৰ প্ৰেমত পৰিল । দিনে-নিশাই জীৱনৰ স্বপ্ন  দেখে। দিনে দিনে কমি আহিল অধ্যয়নৰ স্পৃহা । আনফালে পিতৃ-মাতৃৰ প্ৰতি থকা মৰম-চেনেহ আৰু শ্ৰদ্ধা । গাঁৱৰ বয়োজ্যেষ্ঠসকলেও তাৰ ৰূপান্তৰিত আচৰণক লৈ ভুভোঁ-ভাভাঁ কৰিবলৈ ধৰিলে । আহুকাণে-পহুকাণে  গৈ  টিউচনৰ শিক্ষক গৰাকীৰ কণত পৰিলগৈ । তেখেতে সত্যৰ অন্বেষণ কৰি চাবলৈ ঘৰলৈ খা-খবৰ লোৱা উদ্দেশ্যৰে ফোনকল কৰিল । কিন্তু  ফলাফলত  প্ৰকৃত  ফল নাপালে । পিতৃ-মাতৃয়ে  গোপণে ৰাখিল । মাথোঁ  ক'লে পৰীক্ষা শেষ হোৱাৰ পৰা অলপ ওলাই যায় । আগৰ দৰে বৰকৈ পঢ়া-শুনা কৰা নকৰে ।
                 বিহু বতৰ  । অলপ মনটো ভাল লগাবলৈ বুলি সমনীয়াৰ স'তে বিহু বুলি এটুপি দুটুপিকৈ  ঘৰে ঘৰে মদ  পান কৰি গ'ল । বেলি ডুবিবলৈ ধৰিছে । মনত  ভাবিলে প্ৰেৰসীৰ ঘৰলৈ বিহু বুলি ফুৰিলৈ যাব । ভবা মতেই কাম হ'ল ।লগৰবোৰেও  লগ ধৰি নথকা নহয়  । যি নহওঁক সকলোবোৰৰ লগতে তালত তাল মিলাই  লগৰবোৰৰ স'তে বেইকেৰে ফুৰিবলৈ গ'ল। পাৰ্টিও চলিল   প্ৰায় সাত মান বজাত তিনি আলি মূৰত । পাৰ্টিটোৰ নাম ৰাখিছিল টেনচন দূৰ । হাতে হাতে এটা এটা মদৰ বটল । সেয়াই পাৰ্টিৰ আইটেম । পাৰ্টি  শেষ হ'ল । ফুৰিবলৈ  গ'ল নিকটৱৰ্ত্তী এখন গাঁৱত । তাতো চলিল টামাম মদৰ পাৰ্টি   ।
                 নিমন্ত্ৰণ ৰক্ষাৰ্থে  টিউচনৰ শিক্ষক গৰাকী গৈ  দীপাংকৰ ঘৰত বেলি  ডুবাৰ পৰত উপস্থিত হ'লগৈ । পিতৃ-মাতৃৰ দ্বাৰা অতিথি আপ্যায়ন কৰা হ'ল । শিক্ষকগৰাকীয়ে দীপাংকৰে ঘৰলৈ উভতি অহালৈকে ৰৈ থাকিল । দীপাংকৰ পিতৃ-মাতৃয়ে নিশা ভোজনৰ যা-যোগাৰ কৰিল । কিন্তু নৈশ ভোজন গ্ৰহণ কৰা মূহুৰ্তলৈকে দীপাংকৰে ঘৰত উপস্থিত নহ'ল ।  শিক্ষাকগৰাকীয়ে  যাবলৈ বিদায় লওঁতেই  ওলালহি দীপাংকৰ । দুটি ৰঙা চকু  , খোজ কাঢ়নি লৰি থকা দুজোপা তামোল গছ সদৃশ । ছাৰক দেখি ক'লে- " অ'  ছাৰ, নমস্কাৰ । কেতিয়া পালেহি ? "
        " যাবলৈয়ে ওলালোঁ  খাই বৈ। তোমালৈ ৰৈ ৰৈ  আমনি পালোঁ । সেয়ে  তোমাক আজি এৰি ভাতকেইটা খাবলগীয়া হ'ল। কি কৰিবা  । আজি  তোমাৰ লগত একেলগে খোৱা ভাগ্য কপালত নাছিল । যোৱা  ভৰি-হাত ধুই  খাই লোৱাগৈ ।" ----গহীন স্বৰেৰে ছাৰে  কথাবোৰ বতাহত এৰি দিছিল ।
        " ছাৰ , বহক আপুনি । মই  ভৰি হাত ধুই আহোঁ  ।" ---দীপাংকৰে লাহেকৈ ছাৰৰ ফালে চাই দুখৰে ক'লে ।
" যোৱা , ভৰি-হাত ধুই ভাত খাই শুই থাকা । ময়ো  জয়দ্বীপৰ ঘৰত এক সোমাই গুচি যাওঁ । নহ'লে বেয়া পাব ।  ৯:৩০ বাজিল । সোমাব বুলি ৰৈ আছে । নোসোমালে বেয়া পাব । তোমাৰ  মা-দেউতাই মোক এৰিয়ে নিদিলে নহয় সোনকালে । তাতে  তোমাকো এবাৰ লগ কৰি যাওঁ বুলিয়েই  ৰৈ আছিলোঁ । এতিয়া  তোমাকো লগ পালোঁ , খাই বৈও উঠিলোঁ , সকলো কাম হ'লেই যেতিয়া যাবও পাৰোঁ । মই  যাওঁ  । তুমি  যোৱা  পৰিষ্কাৰ হৈ লোৱাগৈ।"
" ছাৰ, ৰ'ব নাযাব । মই  আহিছোঁৱেই ।"
" হ'ব , যোৱা  । মই  আছোঁ বাৰোঁ । "
    ছাৰে  দীপাংকৰ  মনত শান্তনা দিয়া উদ্দেশ্যে কিছুপৰ ৰৈ দিলে । দীপাংকৰে ভৰি -হাত ধুই  ভিতৰত কাপোৰ সলাই আহি ছাৰৰ ওচৰত বহেহি ।
   " এতিয়া মই  যাওঁ , বেটা । আৰু ৰ'ব নোৱাৰোঁ   । বহুত  নিশা হ'ল। " -ছাৰে দীপাংকৰ চকুলৈ চাই কয়। দীপাংকৰ অৱস্থা দেখি ছাৰে আচৰিত হৈছিল । দীপাংকই ইমান তললৈ যাব বুলি কেতিয়াও কল্পনা কৰা নাছিল । ছাৰৰ মনে মনে খং উঠিছিল । কিন্তু  খঙৰ প্ৰভাৱ পৰিস্ফুত কৰা নাছিল ।
" ছাৰ , নহ'লে থাকি যাওঁক আজি ।"
" নাথাকো, ঘৰত চিন্তা কৰিব । তুমি  ঘৰত থকাহেঁতেন ইমান  পলম নহ'লহেঁতেন ।"
" ছাৰে আজি আহিব বুলি জনা নাছিলোঁ । ক্ষমা কৰি দিব ,  ছাৰ----।"
" হয় , ময়ো ভাবা নাছিলোঁ । সময়কণ  পালোঁ ,  ভাবিলোঁ  সময় ওলাওঁতে গৈ আহোঁ এবাৰ । বাৰু  এতিয়া যাওঁ ।"
           কথাবোৰ কৈ শেষ হোৱা পাছতে  ছাৰে  আসনৰপৰা উঠে । দীপাংকৰে উঠি নমস্কাৰ প্ৰেৰণ কৰে । লগতে  ছাৰক আগবঢ়াবলৈ ছাৰৰ লগত ওলাই আহে । ছাৰৰ লগে লগে আহি সিহঁতৰ ঘৰৰ ওচৰৰ পুলটোৰ ওচৰত পালেহি । ছাৰে ক'লে , আৰু নালাগে আহিবলৈ তুমি যোৱা ।
  " ছাৰ , ক্ষমা কৰি দিব। আপুনি মোক বেয়া পাইছে। "
    ছাৰৰ মনটোৱে এনেয়েও কিছু কথা ক'লৈ মনস্থ কৰিছিল কিন্তু দীপাংকৰ অৱস্থা দেখি  ক'বলৈ বিচৰা নাছিল । তাতে  সুবিধাকণ পাই ভাবিলে ইচ্ছা কৰিছে যেতিয়া নিচা থাকিলেও ক'ব পাৰি । হয়তো কাইলৈ দীপাংকৰে সঁচা কথাবোৰ নক'ব , আজি নিচাৰ জালত  নিশ্চয় ক'ব । দীপাংকৰক   তাৰ পৰিৱৰ্তনৰ  কাৰণবোৰ সোধাই ভাল হ'ব । কিয়   ইমানকৈ প্ৰত্যেক দিনাই  মদ খাবলৈ ধৰিছে । ছাৰে লাহেকৈ মৰমেৰে   দীপাংকৰ পিঠিত  হাতখন দি কয় ----" বেটা , তোমাক  জানোঁ কোনোবা দিন বেয়া পাইছোঁ ।  তুমিও জানো  মোক বেয়া পাইছাঁ । তুমিও নাই পোৱা , ময়ো পোৱা নাই  । আৰু  মই  কেতিয়াও  নাপাওঁ । তুমি  মোৰ আটাইতকৈ মৰমৰ ছাত্ৰ  । তোমাক  খুব ভাল  পাওঁ । সেইবাবে এই বিহু বতৰত বাকীবোৰ  ছাত্ৰ-ছাত্ৰীৰ ঘৰলৈ প্ৰথমে  নগৈ  তোমাৰ ঘৰলৈকে আহিছোঁ । তোমাক  লগ কৰি যোৱা আশাৰে নিশা এইখিনিলৈকে  ইয়াত  আছোঁ  । তোমাক  অন্য ছাত্ৰ-ছাত্ৰীতকৈ বেছি ভাল পাওঁ ; কাৰণ  তুমি  মোৰ সকলো কথা  শুনা । তোমাৰ  জীৱনৰ  একো কথাই মোৰ পৰা   লোকোৱাই নোথোৱা । সকলো  কথাই  মোক  খুলি কোৱা । মোক  নোসোধাকৈ  ক'লেও  নোযোৱা , একো কামো নকৰা । চোৱা  , তোমাৰ  মোৰ  মাজত  কিমান  বিশ্বাস আছে । হয় নে নহয়  কোৱা ?  আজিলৈকে  জানো  তুমি  মোৰ পৰা  কিবা কথা লুকাৱাইছা । নাই  লুকুৱা বুলিয়ে মই  ভাবিছোঁ আৰু  ভৱিষ্যতেও লোকোৱাবা বুলি  আশা কৰা  নাই । মই  তোমাক মোৰ সকলো বুলি ভাবোঁ । যদি  তুমি মোক পিতৃ-মাতৃ চক্ষুৰে চোৱা তুমি মোৰ  সন্তান , দাদা হিচাপে  ভাবা তুমি মোৰ প্ৰিয়  ভাইটি , বন্ধু হিচাপে নিভাঁজ হৃদয়ত লোৱা তেন্তে  তোমাৰ ভাল বন্ধু  আৰু  শিক্ষা গুৰু  হিচাপে অন্তৰত ভাবা তুমি মোৰ প্ৰিয়  ছাত্ৰ । মই  তোমাক এই সকলোবোৰ  বুলি ভাবোঁ । কাৰণ তুমি ভাল ল'ৰা । "
        দীপাংকই  দুখ কৰি  কঁপা কঁপা মাতেৰে ক'লে  ---" ছাৰ ,  আপুনি ভাবা দৰে মই ভাল ল'ৰা নহয় । মোক  ক্ষমা কৰি দিব ।"
" কিয় ? আহা এই পুলটোত অলপ বহোঁ ।"
   দুয়ো পুলটোৰ ওপৰত বহিল । ফৰকাল বতৰ । জোনে ৰূপালী জ্যোতি বিলাই  বহু দূৰৰ পৰাই বস্তবোৰ  চিনিব পৰা এটি নিশা কৰি তুলিছে । বতাহজাকো মধুৰভাৱে বলি আছে ।
" চোৱা বেটা । তুমি  নিজকে বেয়া বুলি কৈছাঁ , মই  কেনেকৈ মানি ল'ম । তুমি  ভাল ল'ৰা বাবেই  ইয়াত  বহোঁ আহা বুলি  মই  কওঁতে  বিৰোধ নকৰিলা । আন্য দিনৰ দৰে আজিও কথা শুনিছা । তুমি  মোক  ভাল পোৱা , বিশ্বাস  কৰা বাবেই   নিশা হোৱা  বাবে তোমাৰ ঘৰত মোক  থাকি যাবলৈ কৈছা । মোৰ প্ৰতি তোমাৰ কিমান আন্তৰিকতা আৰু অন্তৰঙ্গতা আছে তুমি মোক কৰা আচৰণতেই প্ৰতিফলিত হৈছে । মই  থাকিবলৈ নিবিচৰা বাবেইতো তুমি মনত দুখ কৰিছা । এয়া কি  তোমাৰ  মোৰ প্ৰতি থকা মৰম-চেনেহ আৰু  আন্তৰিকতা নহয়  জানোঁ । মোৰ প্ৰতি তোমাৰ   অত্যন্ত বিশ্বাস  আৰু শ্ৰদ্ধা আছে  বাবেই আজি তুমি মোক ক'লা তুমি বেয়া ল'ৰা বুলি । কাৰণ তুমি উপলব্ধি কৰিছা ,  নিশ্বয় তুমি কিবা ভুল কৰিছা  বুলি । ভুলৰ অনুশোচনা কোনে কৰে -  ভাল ল'ৰাইহে কৰে । তুমি মোক  তোমাৰ  সকলো কথাই খুলি কোৱা এজন খাচ বন্ধুক কোৱা দৰে । চোৱা   , তোমাৰ কাষত মই  তোমাৰ  বন্ধুহঁতে থকা দৰেই এই নিশা আছোঁ । এই ক্ষণত মই  তোমাৰ  বন্ধু  । তুমি  মোক সদায় কোৱা দৰে  মনৰ দুখবোৰ  খুলি ক'ব পাৰা । ভুল  মানুহৰ  হয়ে  দিয়া চুন। ভুলবোৰ অনুশোচনা  হ'লে  তাক শুদ্ধৰাবলৈ প্ৰয়াস নকৰাটো জানোঁ উচিত । মই  সদায় তোমাৰ লগত   আছোঁ । তুমি  ভয়  নকৰিবা । মোক খুলি ক'বা । দুয়ো মিলি  সমস্যাৰ  সমাধানৰ উপায়  উলিয়াম । বাৰু দুখ নকৰিবা । কোৱা  চুন , তুমি  ককমাইনা বেটা হৈ  কিয়নো নিজকে বেয়া ল'ৰা  বুলি ক'লা । মোক কাৰণবোৰ নোকোৱাকৈ  জানোঁ তুমি  টোপনি যাবা ।  আজিৰ দৰে  ইমান সুন্দৰ  ঠাই আৰু  বতৰ জনোঁ পাবা , আকৌ তোমাৰ মনৰ কথাবোৰ খুকুজা নথকাকৈ ক'বলৈ । আজিয়ে  কোৱা চোন তোমাৰ মন দাপোনৰ গুপ্ত ভাৱনাবোৰ । মই  শুনি যাওঁ কোৱা ----। আহা , মোৰ কোলাত মূৰটো থৈ শোৱা আৰু সৌ বগা ডাঁৱৰে বেৰি থোৱা নিলিমালৈ চাই চাই মনৰ কথাবোৰ কৈ যোৱা । শোৱা আজিও তোমাৰ মূৰৰ চুলিবোৰ শিতলাই শিতলাই তোমাক মৰম কৰি দিম। "
               দীপাংকই ছাৰৰ কোলাত মূৰটো থৈ দীঘল হৈ পুলটোত শুই দিলে । ছাৰে মৰমেৰে মূৰটোত হাতখন থৈ চুলিৰ মাজেৰে আঙুলিবোৰ বোলাই বোলাই কৈ কৈ গ'ল ---" ভয়ে মানুহক বিপদত পেলায় , সাহসে  মানুহক সফলতা দিয়াই । আপোনসকলে যন্ত্ৰণাক নিৰাময় কৰায় । যন্ত্ৰণা নিয়ন্ত্ৰণ হৈ আঁতৰ হ'লেই সুখৰ কিৰণে মনক গ্ৰাস কৰি পেলায়। এতিয়া  গম পালাই নহয় , কোৱা তুমি নিৰ্ভিকভাৱে তোমাৰ হৃদয়ৰ বেথাবোৰ । দুয়ো মিলি নিশ্বয় আজি সমাধান পামেই । "

" ছাৰ , কিনো কম । আজি  আপুনি  গ'ম পালেই । তথাপিও  কৈছোঁ । মই  আপোনাৰ পৰা কোনো দিনেই  একো কথা লোকোৱা নাই  আৰু  নোলোকোৱাওঁ । ছাৰ , পৰীক্ষা  শেষ হোৱাৰ  পাছত ঘৰত সোমাই  সোমাই  আমনি লাগিছিল  । সেয়ে  লগৰবোৰৰ লগত  অলপ অলপকৈ  ওলায় যাওঁতে যাওঁতে  অভ্যাসত পৰিণত  হ'ল সদায় ওলায় যোৱাটো । লগৰবোৰেও লগ এৰি নিদিয়া হ'ল । নাযাওঁ  ক'লেও জোৰ কৰি  লৈ যায় ।  আপোনাক কথাবোৰ কম বুলি  ভাবোঁ ; দিনে দিনে পাহৰি সিহঁতৰ ফালে ঢাল ল'লোঁ। খাবলৈ শিকিলোঁ মদ , ভাং, চিগাৰেট, বিড়ি  আদি । নাখাওঁ ক'লেও ঠাট্টা-মস্কৰা কৰে । এনেদৰে ছাৰ খাবলৈ শিকিলোঁ । ছাৰ, আজিও  খাই  আছোঁ । আজি সিহঁতি মোক  তপণৰ গাৰ্ল ফ্ৰেণ্ডজনীৰ ঘৰলৈ  লৈ  গৈছিল । তাতো দিলে খালোঁ । ছাৰ,  মোক বেয়া নাপাব । কথা এটা কওঁ  ; কিন্তু  মোক  নামাৰিব । ছাৰ ; নামাৰো  বুলি  কওঁক ।  "
" বেটা ; এতিয়া  তুমি  মই  বন্ধু হিচাপে  কথা পাতি  আছোঁ । তোমাক  কিয়  বেয়া পাম । আৰু ভাল  বন্ধু  হ'লে  সদায়  ভাল কথাহে  কয় । বেয়া  কথা  নকয় নহয়  । যদি  বেয়া কাম  নজনাকৈ কৰি  পায় , তেন্তে  তাৰ  সমাধানৰ  উপায় বিচাৰিতো ক'বই লাগিব , নহ'লে  সমাধান হ'ব কেনেকৈ । কোৱা-----।"
" ছাৰ, মোক  ক্ষমা কৰি দিব । আজি কালি  মোৰ খুব  বৰ্ণালীলৈ মনত পৰে । মই  তাইক  খুব ভাল পাওঁ । আজি  সিহঁতৰ ঘৰলৈও  যাম বুলিয়ই  গৈছিলোঁ । কিন্তু  নগ'লোঁ । ফোনত  সেইদিনা তাই মোক  ভাল নাপাওঁ  ক'লে । সেইবাবে মই  অলপ বেছিকৈ খাই  দিওঁ , ছাৰ -----। ছাৰ  , কিন্তু  মোৰ  লগৰবোৰে  তাক  দেখোৱাই  দিব  কৈছে বেলেগ এগৰাকীক  ভাল পায় । আমাৰ  গাঁৱত  বিয়া খাবলৈ আহা ছোৱালী এগৰাকীয়ে  মোৰলৈ  সদায়  ফোন কৰি  থাকে । প্ৰথমে  মই  কথা পাতা  নাছিলোঁ । লগৰবোৰে  কৈ কৈ  মোক  কথা  পতালে । ভাল লাগে  তাইকো । বৰ্ণালী  নহ'লেও তাইকে  বিয়া পাতিম । বহুত ভাল পাওঁ । লগবোৰে কৈছে  কাইলৈ আনিবলৈ যাম বুলি । দুজন মানে  আজিয়ে  যাওঁ কৈছিল । তপণে বোলে পাঁচ হাজাৰ দিব আৰু লগৰবোৰেও মিলাই মেলি দিব। ওচৰৰ বৌ এজনীয়ে মেখেলা চাদৰ এজোৰ দিম বুলি কৈছে । ময়ো আজি তাইক আনিমগৈ বুলি ফোন কৰিলোঁ । মনটো আছিল আনিবলৈ । কিন্তু পুৱাই  আপোনাৰ কথা মনত পৰিল । আপোনি প্ৰথম ব'হাগত বেলেগৰ ঘৰলৈ ফুৰিবলৈ নাযাবা বুলি কোৱা কথাষাৰ । মনতে ভাবিলোঁ আপোনাৰলৈ মনত পৰিছে যেতিয়া আজি নাযাওঁ । সেয়ে তাইক আজি নাযাওঁ কাইলৈ যাম বুলি ক'লোঁ । তাই  মোক ক'লে আজি নাহিলে মোক নোপোৱা বুলি । মই  তাইক  মিছাকৈ  ক'লোঁ  আজি  আপুনি   আহিব বুলি । আপোনাক যে মই খুব ভাল পাওঁ তাইকো ক'লোঁ । আপোনাৰ সকলো কথা বিৱৰি ক'লোঁ । প্ৰায়  ৬ ঘণ্টা ধৰি একেৰাহে কথা পাতিলোঁ । তাই শেষত মান্তি হ'ল । কাইলৈ আনিবলৈ যোৱা কথা আছিল । ছাৰ  মোক তপণে বাৰে বাৰে লগ ধৰি আছিল । কিন্তু  মই  সিহঁতক আপুনি  আহিব বুলি মিছা কথা কৈছিলোঁ । মোৰ মনটোত কিন্তু খুবেই ধিৰধিৰাই আছিল আপুনি আহিব বুলি । সেয়ে দিনটো ঘৰতে আছিলোঁ । পাছবেলা প্ৰায়  ৪:৩০ মান বজাত খবৰ পালোঁ তাইয়ো  বেলেগ এজনলৈ গুচি গ'ল । দুখতে আপোনাৰ কথা পাহৰি গ'লোঁ । লগৰবোৰে  খুব ঠাট্টা কৰি কিবা কিবি কথা  ক'লে । তদুপৰি সিহঁতি ক'লে আজি বেলেগ এজনি চাই দিব আৰু  দুয়োজনীকে দেখোৱাই  কাইলৈ ভিতৰতে  মোক বিয়া পতাই  দিব। ময়ো জিদ লাগিছোঁ ছাৰ। ছাৰ , আচৰিত হ'লোঁ ; মোৰ অনুভৱ সঁচা হ'ল । সঁচাকৈয়ে আপুনি   আহিল ছাৰ । ছাৰ , আপোনাক কথাবোৰ কৈ বৰ পাতল লাগিছে।"
" চোৱা বেটা । তুমি বেয়া ল'ৰা নহয় । তুমি  বেয়া হোৱাহেঁতেন ইমানবোৰ কথা আজি নক'লাহেঁতেন । বাৰু  শুনা , গুচি যোৱা আত্মাক  যেনেদৰে দেহত ভৰাই দিব নোৱাৰি । ঠিক তেনেদৰে  যোৱা সময়কো ওভতাই আনিব নোৱাৰি । জীৱনত  ভাল  পোৱা থাকেই । ভাল পোৱা  এক পক্ষ হ'লে মিলন নহয় । দুই  পক্ষতে  থাকিব  লাগিব । চোৱা , তুমি  মোক ভাল পোৱা, মই  তোমাক  ভাল পাওঁ । সেয়ে  ইমান নিশালৈকে  দুয়োৱে ইজনৰ সিজনৰ কথাবোৰ  গুৰুত্ব  দিছোঁ । তাই  তোমাক  গুৰুত্বই দিয়া নাছিল । সেইবাবে তাই তোমাক এৰি গুচি  গ'ল । তাত দুখ কৰি লাভ নাই । ধৰা , তুমি বিয়া পাতিলা । এদিন তাই ঢুকাল , তেতিয়াতো তুমি অকলেই কটাবলগীয়া হ'লহেঁতেন । এতিয়া ধৰি লোৱা তাই  আৰু নাই । তুমিতো জীয়াই থাকিবই লাগিব । তাইৰ কথা এৰিলোঁ । এতিয়া বৰ্ণালীৰ কথা আহোঁ । তাই  তোমাক ভাল নাপাওঁ বুলি ক'লে বাৰু , কি জানি  অন্তৰৰ সৈতে তোমাকে ভাল পায় । তোমাৰ  পঢ়া -শুনা বেয়া হ'ব বুলি কোৱা নাই । তুমি  ভাবা চোন , টিউচনৰ তোমাৰ লগৰ কোনজনে তোমাক বেয়া পায়।  ঠিক আছে বাৰু  মানিলো--বৰ্ণালীয়ে তোমাক ভাল পাওঁ বুলি ক'লে । তাৰপাছত  কি কৰিবা ? বিয়া পাতিবা  ? মানিলো  বিয়া পাতিবা । কিন্তু  খোৱাবা কি  ? তোমাৰ জানোঁ খেতি কৰা মাটি আছে , খেতি কৰি  খাবলৈ ? নে চাকৰি আছে  ? দিন হাজিৰা কৰি খাবা মানিছোঁ । কিন্তু ; বৰ্তমানৰ প্ৰযুক্তিবিদ্যাই ক্ৰমান্বয়ে দৈনিক মজুৰি কমাই নিছে । প্ৰতি   দিনে  জানোঁ  দৈনিক কাম পাবা । কাম নাপালে ঘৰ চলাবলৈ প্ৰয়োজন হোৱা সামগ্ৰীবোৰ ক্ৰয় কৰিবলৈ টকা ক'ত পাবা -- বেটা ? ঠিক আছে এহাজ  খাই এহাজ  নোখোৱাকৈ  পিতৃ-মাতৃয়ে  থাকিবা । কিন্তু  তোমালোকৰ সন্তানকেইটিক  কেনেকৈ  লঘোণত থ'বা ? সেই সময়ত তোমাৰ চকুলো নিগৰিলেও জানোঁ মূল্য থাকিব । আজি তুমি  বিচৰা বস্তুটো নাপালে মনত কিমান বেজাৰ লাগে , তুমি  নিশ্চয়  বুজিছাঁ । ভাবিলোঁ , ভাত-পানী যোগাৰ কৰি  দিব পাৰিবা । কিন্তু  পঢ়া-শুনাত খৰছ কৰিলৈ টকাবোৰ যোগাৰ কৰি দিব পাৰিবা জানোঁ । তোমাৰ এইটো বয়স তোমাৰ  সম্পদ ঘটা বয়স। সেয়ে  সম্পদবোৰ ঘটি লোৱা , জীৱনত সুখী হ'বা । পঢ়ি অভিজ্ঞতাবোৰ আহৰণ  কৰি লোৱা  । ডিগ্ৰী  -ডিপ্লমা চাৰ্টিফিকেটবোৰ বহুমূলীয়া  সম্পদলৈ পৰিৱৰ্তন কৰা  য'ত পৰিলেই  তোমাৰ মনৰ আশা পূৰণ হয় । যদি চাৰ্টিফিকেটবোৰ  পেলনীয়া কাগজ হৈ ৰ'বলৈ হয় ; কষ্ট কৰা সময়কণো নিৰ্থক হৈ ৰ'ব। তুমি আহৰণ কৰা অভিজ্ঞতাৰে তুমি  চৌদিশে এটা প্ৰকৃত দীপাংকৰ হৈ জ্যোতি  দিব পাৰিবা । নিজৰ সন্তানক  চকু দিব পাৰিবা । এখন দামি বিদ্যালয়ত পঢ়াব নোৱাৰিলেও  ; তোমাৰ  সন্তানে  পঢ়া বিদ্যালয়তখনেই  দামি হৈ উঠিব । চিন্তা  নকৰিবা ,  তোমাৰ   সকলো ঠিক হৈ  যাব । তোমাৰ  ধৈৰ্য্য  শক্তি আছে । প্ৰেমো কৰা  নিজৰ  সম্পত্তিৰ ৰেখাডালো আগবঢ়াই নিয়া । প্ৰেমৰ অবিহনে জীৱন বৃথা । কিন্তু  প্ৰেম হ'ব লাগে জীৱন গঢ়া ; ভঙা নহয় । প্ৰেম কৰিবা তাত য'ত  তুমি  হতাশাত নোভোগা । য'ত তোমাৰ ত্যাগবোৰ অথলৈ নাযায় । এবাৰ কিতাপৰ লগত প্ৰেমৰ প্ৰস্তাৱ ৰাখা । যদি এই প্ৰস্তাৱত  সহাৰি পোৱা  , তোমাৰ  জীৱনৰ প্ৰতিটো পলৰ কোঁহে কোঁহে  প্ৰেমৰ কলি  পাবা । কলিবোৰ মৰহি নগৈ প্ৰফুল্লিত হৈ তোমাৰ লগত সুখৰ কানন পাতিব ; য'ত থাকিব তোমাৰ আশাপ্ৰদৰ প্ৰেমৰ সুধা হাঁহি।  জীৱনত  বিচৰা বস্তুটো নাপালেও দুখ কৰিব নালাগে । পোৱা-নোপোৱা জীৱনৰ দুটা পিঠি । নোপোৱাটোৰ গৰাকী তুমি  হ'ব নোৱাৰাকৈয়ে সৃষ্টি  হৈছে । কিন্তু তাৰ গৰাকী হ'ব নোৱাৰা কাৰণবোৰ অন্বেষণ কৰি  অনাগতত তেনে বস্তুৰ গৰাকীৰ হ'ব পৰাকৈ গুণবোৰ আহৰণত  প্ৰয়াস কৰিব লাগে । বাৰু এতিয়া  কোৱা চুন ?  কি  বিয়া  পাতিবাই  নেকি ককমাইনাটো ? কথাবোৰ  মা -পাপাই  জানে  নাই  ?"
" ছাৰ , নাজানে । নাই ,  নাপাতো । মই আগৰ দৰে থাকিম । পূৰ্বৰ সময়বোৰেই ভালে আছিল । অধিক বন্ধুত্বৰ লগত সময় কটোৱা যে বিপদ আহে বুজিলোঁ । সৰু কালছোৱাই ভাল আছিল । কোনো লগেই মদ , ভাং , চিগাৰেট  খাবলৈ জোৰ নকৰিছিল ।কেনেবাকৈ খালেও ঘৰত কৈ দিম বুলিহে কৈছিল । তাতোতকৈ  ভাল আছিল বেয়া কাম কৰিলেই ছাৰ-বাইদেউহঁতৰ পৰা লাভ কৰা গালিবোৰ আৰু কোববোৰ । যৌৱনত ভৰি দিলে দেখোন এই সকলোবোৰ মনৰ পৰা  হেৰাই যায় । ছাৰ-বাইদেউসকল আৰু জ্যেষ্ঠসকল  যে আমাৰ জীৱনৰ আটাইতকৈ ভাল বন্ধু পাহৰিয়েই যাওঁ  বাল্যকাল এৰাৰ পাছতে ।  "
" চোৱা , তোমাৰ  সুখৰ বাবে মা -দেউতাই কি কৰা নাই । যিমান পাৰে তোমালোকক সুখী কৰি ৰাখিবলৈ বিচাৰিছে । তোমাৰ মা-দেউতাৰ মুখ দুখন দেখি মোৰ বৰ  দুখ লাগিছিল যেতিয়া তুমি  ভিতৰলৈ সোমাই আহিছিলা । দুয়োজনে লাজত ৰঙা-জঙা পৰি তল মূৰ কৰি দিছিল । তোমাৰ ওপৰত মোৰ বিশ্বাস আছে ভৱিষ্যতে তুমি আৰু এনেকুৱা নকৰা । কাৰণ তুমি মোৰ ছাত্ৰ আৰু মোৰ বিশ্বাস । তোমাক  লৈ মই গৌৰৱ কৰোঁ । টিউচনত কোনো ছাত্ৰ- ছাত্ৰীয়ে পঢ়াত হেমাহি কৰিলে , তোমাৰ  কথা কওঁ , তোমালোকৰ দৰে দীপাংকৰ  নাছিল । তোমালোকেও  দীপাংকৰ দৰে ভাল ছাত্ৰ-ছাত্ৰী হ'বলৈ যত্ন কৰাঁ ।
" ছাৰ , কাইলৈৰপৰা  মদ ,ভাং , চিগাৰেট  সকলোকে  এঘৰীয়া কৰিম । আগৰ দৰেই  সময়বোৰ কটাম।"
" মনত খুব আনন্দ লাগিল , তোমাৰ  কথাবোৰ  শুনি । মনত ৰাখিবা , কিন্তু কোৱা যিমান সহজ কৰি দেখোৱাটো তাতোতকৈ বহু গুণে কঠিন । ভাল কামত আগবঢ়া লোকক পাছফালৰপৰা হাকুটি লৈ টনা মানুহো  বহুত । সেয়ে কঠিনতাক সৰল বুলি লৈ যন্ত্ৰণাক ৰথৰ সাৰথি কৰি ল'ব পাৰিলেই তুমি খোজবোৰ আগবঢ়াই দিব পাৰিবা । মই তোমাৰ কাষত সকলো সময়তে আছোঁ। বহু নিশা হৈছে । যোৱা  শুই থাকাগৈ । পুৱা মই কল কৰিম । ভাত খাই শোবা কিন্তু ।"
" অ ছাৰ , গুড নাইট । ঘৰত গৈ পালে মিছ কল এটা দিব।"
" ঠিক আছে যোৱা । তোমাৰ  বিচনাৰ পলবোৰ মধুময় হওঁক  । কাইলৈ আমাৰ ঘৰলৈ কেইদিনমান থকাকৈ যাবা । যোৱা বছৰ যোৱা মনত আছেনে ? এই বাৰ কিন্তু এদিন বেছিকৈ থাকিব লাগিব । ভাবিছোঁ , তোমাকলৈ ক'ৰবাত ফুৰিবলৈ যাম । "
          দুয়ো নিজৰ নিজৰ ঘৰ মূৱা হৈ গুচি গ'ল । দীপাংকৰ  জীৱনৰ এটি বেঁকা পথ পোন হৈ  গতি কৰিল ।

No comments:

Post a Comment