কিনো দিন আহিল
সময়ে কয় সকলো
দুচকুত ডুবিল
গোলাপতো আজি দেখোন
সুগন্ধি নাপাওঁ ।
কি পালোঁ পৰিত্যাগত
অক্ষয়ৰ দাগটি
হৃদয়ৰ দলিছাত
মৰমৰ প্ৰতিকী ।
জীৱন জুই তোমাৰ হৃদয়ৰ
এটি উকা উকা শলিতাহীন বন্তি
ন প্ৰকৃতিৰ নৱ লগৰী
জীৱন ৰেখাৰ গতিৰ সাল সলনি
অতীত নেউচি নতুনত্বক আদৰি ।
No comments:
Post a Comment