বৰষুণে স্মৰায়
সোণ বৰষুণ দিছে
ওম্ , শীতল বতাহ বলিছে ।
শীতল বতাহে যে -------
কি? নোকোৱা নেকি--‐----, সোণ
কওঁ জানোঁ ? যদি তুমি খং কৰা
কোৱা--নকৰো জান ।
বৰষুণৰ শীতল বতাহে বৰকৈ তোমালৈ মনত পেলায় অ'
আৰু কি জানা -------
ওঁহো, নাজানো কি ?? ------
ভয় লাগে, কিজানিবা তোমাক শীতলতাৰ পৰশে
মোৰ পৰা বহু দূৰলৈ লৈ যাব ।
সেহ, শুনা--------,কি????
জানা --বৰষুণে মোৰ হৃদয়কো তোমাক স্মৰণ কৰায়।
দিৱাস্বপ্ন দিঠকৰ মৰীচিকা, কিন্তু বৰষুণে কয় ---
কি কয় অ' সোন----
দিবাস্বপ্ন দেখা সোণ দিবাস্বপ্ন ।
No comments:
Post a Comment