১) ব্যতিক্ৰমী শিশু কাক বোলে? ব্যতিক্ৰমী শিশুৰ বৈশিষ্ট্যসমূহ লিখা ।
উত্তৰ: যিসকল শিশু শাৰীৰিক, মানসিক, আৱেগিক, সমাজিক আদি দিশত বেছি সংখ্যক সাধাৰণ শিশুতকৈ লক্ষণীয়ভাৱে পৃথক আৰু তেওঁলোকৰ বাবে বিশেষ শিক্ষা নিৰ্দেশনাৰ প্ৰয়োজন হয়,তেনে শিশুকে ব্যতিক্ৰমী শিশু বোলে । সংজ্ঞা: ১) চি .টেলফৰ্ড আৰু জে এম চাউৰীৰ মতে, “ব্যতিক্ৰমী শিশু হ’ল সেইসকল শিশু যি শাৰীৰিক, মানসিক, আৱেগিক অথবা সামাজিকভাৱে সাধাৰণ শিশুসকলতকৈ ইমানেই বেছি পৃথক যে তেওঁলোকৰ সামৰ্থৰ সৰ্বোত্তম বিকাশ সাধন কৰিবলৈ কিছুমান বিশেষ সামাজিক আৰু শৈক্ষিক সুবিধা বা সেৱা প্ৰয়োজন হয় ।“ ২) কিৰ্কৰ মতে,”এজন ব্যতিক্ৰমী শিশু হ’ল সেইজন যি এনে এটা পৰ্যায়লৈকে সাধাৰণ শিশুতকৈ মানসিক, দৈহিক আদি লক্ষণসমূহৰ ক্ষেত্ৰত অনন্য যে তেওঁলোকে তেওঁলোকৰ সামৰ্থৰ সৰ্বোত্তম বিকাশৰ বাবে বিদ্যালয় কাৰ্যক্ৰমনিকাৰ পৰিশোধন বা বিশেষ শৈক্ষিক সেৱা তথা বিকল্প নিৰ্দেশ বিচাৰে।“ ৩) ডব্লিউ এম. ক্ৰাঞ্চছাংকৰ মতে,”এজন ব্যতিক্ৰমী শিশু হ’ল সেইজন যি সাধাৰণ বৃদ্ধি আৰু বিকাশৰ ক্ষেত্ৰত দৈহিক, বৌদ্ধিক, আৱেগিক আৰু সামাজিকভাৱে ইমেনেই পৃথক যে নিয়মিয়া শ্ৰেণীকোঠাৰ আঁচনিসমূহৰ দ্বাৰা তেওঁ উপকৃত হ’ব নোৱাৰে আৰু বিদ্যালয়ত বিশেষ সেৱা-সুবিধা বিচাৰে।“ ব্যতিক্ৰমী শিশুৰ মূলবৈশিষ্ট্যসমূহ হ’ল ----১)ব্যতিক্ৰমী শিশুসকল একে বয়সৰ আন শিশুতকৈ পৃথক । ২) ব্যতিক্ৰমী শিশুসকলৰ ব্যতিক্ৰমধৰ্মীতা দৈহিক, মানসিক, সামাজিক, আৱেগিক আৰু শৈক্ষিক দিশত দেখা যায় ।৩),ব্যতিক্ৰম শিশুৱে ঘৰ আৰু বিদ্যালয়ত উপযুক্তভাৱে সমাযোজন কৰাত ব্যৰ্থ হয়। ৪ এনে শিশুৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে বিশেষ বিদ্যালয় ,বিশেষ শ্ৰেণীকোঠা তথা বিশেষ প্ৰশিক্ষণৰ প্ৰয়োজন ।৫) ব্যতিক্ৰমী শিশুসকলক সাধাৰণ শিশুৰ মাজৰ পৰা সহজে চিনাক্তকৰণ কৰিব পাৰি।৬) ব্যতিক্ৰমী শিশুসকলৰ মনোযোগ, আগ্ৰহ, অভিপ্ৰায় জীৱনৰ লক্ষ্য আদি সাধাৰণ শিশুতকৈ পৃথক ।৭)ব্যতিক্ৰমী শিশুসকলৰ বুদ্ধ্যাংকৰ পৰিমাণ ৯০-১১০ৰ ওপৰত বা তলত।
সৃজনীশীল শিশু : সৃজনীশীলতাৰ গুণৰ অধিকাৰী শিশুকে সৃজনীশীল শিশু বুলি কোৱা হয় ।
বৈশিষ্ট্য : ১) ভাৱপ্ৰকাশত মৌলিকতা: সৃজনীশীল শিশুসকলৰ ভাৱধাৰাত মৌলিক চিন্তাৰ আভাস পোৱা যায় ।নিজৰ মৌলিক সৃষ্টিৰাজি তেওঁলোকে স্পষ্টকৈ প্ৰকাশ কৰিব পাৰে। ২) উত্তম স্মৃতি আৰু সাধাৰণ জ্ঞান :সৃজনীশীল শিশুসকলৰ স্মৃতিশক্তি উত্তম ।তাৰ লগতে তেওঁলোকৰ সাধাৰণ জ্ঞানো পৰ্যাপ্ত ।৩) সচেতন ,উৎসাহী আৰু মনোযোগী: সৃজনীশীল শিশুসকলৰ সচেতনতা অতি বেছি ।তেওঁলোক কামৰ প্ৰতি উৎসাহী হোৱাৰ লগতে কামত গভীৰ মনোযোগ দিব পাৰে। ৪) দূৰদৃষ্টি সম্পন্ন : তেওঁলোকৰ দূৰদৃষ্টি গুণ যথেষ্ট বেছি ।ভৱিষ্যতৰ সম্ভাৱনীয়তাৰ প্ৰতি এওঁলোক উৎসুক।৫)প্ৰশিক্ষণৰ স্থানান্তৰণ: সৃজনীশীল শিশুসকলে এটা পৰিস্থিতিত শিকা কোনো এটা কথা অন্য এটা পৰিস্থিতিত তৎকালে ব্যৱহাৰ কৰিব পাৰে।৬) সাহস আৰু দৃঢ় বিশ্বাস: সাহস আৰু দৃঢ় বিশ্বাসৰ অধিকাৰী হোৱাৰ বাবে সৃজনীশীল শিশুসকলে নতুন আৰু নতুনত্বৰ সন্ধান দিব পাৰে।৭) কঠোৰ পৰিশ্ৰম আৰু দিৱাস্বপ্ন: কঠোৰ পৰিশ্ৰম কৰিব পৰাটো সৃজনীশীল শিশুৰ আন এটা গুৰুত্বপূৰ্ণ লক্ষণ।কঠোৰ পৰিশ্ৰমৰ ইস্পিত ফলাফলৰ বাবে তেওঁলোকে দিবাস্বপ্ন দেখে। ৮) বিচাৰৰ স্বতন্ত্ৰতা: সৃজনীশীল ব্যক্তিসকলে ভাল-বেয়া, শুদ্ধ-অশুদ্ধ, উচিত-অনুচিত আদি স্বতন্ত্ৰভাৱে বিচাৰ কৰিব পাৰে। ৯) উচ্চ উৎকণ্ঠাৰ অধিকাৰী: সৃজনীশীল শিশুসকলৰ উৎকণ্ঠা উচ্চ খাপৰ হয়।সৃজনশীল ব্যক্তিয়ে তেওঁলোকৰ উৎকণ্ঠাৰ জৰিয়তে নিজৰ সৃজনশীল লিপ্সা পূৰ কৰিব পাৰে ।১০) পৰম্পৰাগত সমাধান মানি ল’বলৈ অনিচ্ছুক : সমস্যা সমাধানৰ পৰম্পৰাগত পদ্ধতিসমূহক লৈ সৃজনীশীল শিশুসকল সুখী নহয় ।তেওঁলোকে প্ৰতিটো সমস্যাৰে নতুন সমাধান সূত্ৰ বিচাৰে।
সৃজনীশীল শিশুসকলৰ শিক্ষা: ক) শিক্ষাৰ গতানুগতিকতা পৰিহাৰ : পৰম্পৰাগত শিক্ষাদান পদ্ধতি, শিক্ষকৰ দমনমূলক আৰু নিয়ন্ত্ৰণমূলক নীতি নিয়ম তথা অনুশাসন ব্যৱস্থাক পৰিহাৰ কৰি নতুনত্ব গতিশীল, নমনীয় আৰু উদ্ভাৱনমূলক নীতি গ্ৰহণ কৰিব লাগে । খ) কল্পনা প্ৰসাৰত উৎসাহ প্ৰদান: সৃজনীশীল শিশুসকলৰ সৃজনীশীলতা বিকাশৰ বাবে তেওঁলোকৰ গঠনাত্মক কল্পনা তথা প্ৰতিক্ৰিয়া স্বধীনভাৱে প্ৰকাশ কৰাৰ সুবিধা প্ৰদান কৰিব লাগে ।গ) মৌলিকতাত উৎসাহ প্ৰদান: সৃজনীশীল শিশুসকলৰ মৌলিক চিন্তাত উৎসাহ যোগাব লাগে ।শিশুসকলে কোনো বিষয়ত নিজা নতুন চিন্তাধাৰা আগবঢ়ালে তাৰ বাস্তৱ সমাধানৰ উপায় নিৰীক্ষণ কৰিবলৈ উৎসাহ প্ৰদান কৰিব লাগে । ৪) নতুন কৌশলৰ প্ৰয়োগকৰণ: শিক্ষকে সমস্যা সমাধানৰ ক্ষেত্ৰত পৰম্পৰাগত সমাধান পদ্ধতিৰ পুনৰাবৃত্তি নকৰি বিভিন্ন উপায়, পদ্ধতি বা কৌশল প্ৰয়োগ কৰিব লাগে ৫)স্নেহশীল,নিৰাপদ আৰু অনুমোদনকাৰী পৰিৱেশ গঠন কৰা: শিশুসকলৰ সৃজনশীল ভাৱ ,ধাৰণা,কল্পনা, কাৰ্য আদিক শিক্ষকে স্নেহশীল বিবেচনাৰে অনুমোদন জনোৱা পৰিৱেশ গঢ় দি শিশুসকলক আশ্বাস আৰু প্ৰেৰণা যোগাব লাগে যাতে শিশুসকলে নিৰাপদ অনুভৱ কৰে ।৬)পাঠ্যক্ৰমৰ যোগেদি উত্তেজনাপূৰ্ণ অভিজ্ঞতা প্ৰদান কৰা: শ্ৰেণীকোঠাৰ গতানুগতিক, নিৰস, প্ৰাণহীন, পৰিৱেশৰ পৰিৱৰ্তে শিক্ষকে বিভিন্ন উৎসৰ পৰা জটিল, দুৰ্বোধ্য বিষয় উত্থাপন কৰিব লাগে যাতে তেওঁলোকে জটিল সমস্যাৰ প্ৰত্যাহ্বান হৈ উত্তেজনাপূৰ্ণ বৌদ্ধিক পৰিৱেশত এক নতুন অভিজ্ঞতা লাভ কৰিবলৈ আগ্ৰহী হয়। ৭) গতানুগতিক শিক্ষাৰ সংস্কাৰ সাধন: প্ৰচলিত শিক্ষা ব্যৱস্থাৰ ক্ৰুটিপূৰ্ণ পৰীক্ষা ব্যৱস্থা, প্ৰাপ্তাংকণ প্ৰণালী,শিক্ষকৰ যান্ত্ৰিক অনুকৰণ ব্যৱস্থা ইত্যাদি ব্যৱস্থাবোৰৰ পুনৰ সংস্কাৰ সাধন কৰি শিক্ষাৰ্থীৰ সৃষ্টি প্ৰতিভাক বিকাশ ঘটাব পাৰি। ৮)শিক্ষাৰ্থীৰ দুৰ্বোধ্য নতুন উদ্ভাৱনক যোগ্য কতৃপক্ষলৈ প্ৰেৰণ: শিক্ষাৰ্থীয়ে উদ্ভাৱন কৰা দুৰ্বোধ্য বিষয়বোৰ শিক্ষকে নাকচ নকৰি শুদ্ধ মতামত আৰু উচিত মূল্যাংকনৰ বাবে যোগ্য কতৃপক্ষলৈ প্ৰেৰণ কৰিব লাগে ।৯)গঠনাত্মক আলোচনা আগবঢ়োৱা : শিক্ষাৰ্থীয়ে উদ্ভাৱন কৰা উৎপাদকবোৰ ক্ৰুটিপূৰ্ণ হ’লেও শিক্ষকে গঠনাত্মকভাৱে সমালোচনা কৰিব লাগে যাতে তেওঁলোকে নিজৰ ক্ৰুটি উপলব্ধি কৰি শুদ্ধ পথত নিজকে আগুৱাই নিবলৈ সক্ষম হয় ।১০) আত্ম শিক্ষাৰ সুবিধা প্ৰদান: শিক্ষাৰ্থীৰ সৃজনীশীলতাৰ চিনাক্তকৰণৰ আৰু আত্মপ্ৰকাশৰ সুবিধা প্ৰদানৰ বাবে বিভিন্ন সহ-পাঠ্যক্ৰমিক কাৰ্যাৱলীৰ ব্যৱস্থা কৰিব লাগে ।১১) সৃষ্টিশীল প্ৰৱণতা সক্ৰিয়কৰণ: সৃজনীশীল প্ৰতিভাৰ অধিকাৰী শিক্ষাৰ্থীৰ সৃজনীশীল প্ৰৱণতাক সজীৱ আৰু সক্ৰিয় কৰি তুলিবৰ বাবে শিক্ষকে সৃষ্টিশীল কলা,বিজ্ঞান, কাৰিকৰী আদি বিখ্যাত প্ৰতিষ্ঠানসমূহ ভ্ৰমণৰ পাঠ্যপুথি গ্ৰহণ কৰাৰ লগতে বিখ্যাত ব্যক্তিসকলৰ নতুনৰ উদ্ভাৱন সম্বন্ধে কথিকা আলোচনা চক্ৰ আদিৰ আয়োজন কৰিব লাগে ।
No comments:
Post a Comment