আৰম্ভণি ক'ৰপৰা কৰোঁ, আমাৰ ছাৰৰ প্ৰসংশা কেনেকৈ কৰোঁ--প্ৰসংশানো ক'ত ক'ত কৰোঁ --এইবোৰ আঁত-গুৰিয়েই নাপাওঁ । মাথোঁ আমাৰ ছাৰৰ কথা ওলালেই মনটোৱে কয় কিবা এটা কওঁ ।কিন্তু কি কওঁ--মনত হাজাৰ হাজাৰ প্ৰশ্ন হয় । মনলৈ মাথোঁ নিজৰাৰ পানীয়ে প্ৰৱাহিত হৈ অহা কুলু কুলু শব্দৰ দৰে ওলাই আহে ছাৰে দিয়া অতীতৰ নীতিশিক্ষাৰ কথাবোৰ । সেইবোৰে বুকুখনত এতিয়া খুচ মাৰি দিয়ে আৰু অনুতপ্ত হৈ অনুভৱ কৰোঁ কিয় বাৰু সকলোবোৰ লৈ আগবাঢ়িব নোৰিৱলোঁ। প্ৰয়াস নকৰাও নহয় কৰিছিলোঁ কিন্তু ছাৰে বিচৰা ধৰণে হয়টো হ'ব নোৱাৰিলোঁ । জীৱনত হয় -- এটা চৰকাৰী চাকৰি ল'ব পৰা নাই, কিন্তু আজিলৈকে ছাৰে অপমানিত হোৱা এটি তেনে জঘণ্য কমো কৰা নাই ।। ছাৰে নীতিশিক্ষাৰে পৰিচালিত হ'লোঁ---সেয়ে আজি মাক মা হিচাপে ,দেউতাক দেউতা হিচাপে আৰু জ্যষ্ঠসকলকো মনৰ আন্তৰিকতাৰে ভালদৰেই আচৰণ কৰিবলৈ প্ৰয়াস কৰি আহিছোঁ ।
ছাৰৰ ওচৰৰপৰা টিউচন এৰা 10 বছৰেই হ'ল ।কিন্তু আজিও ছাৰ আমাৰ সকলোৰে মনত সৰু কলতে কোৱা "আমাৰ ছাৰ " নামেৰেই বসতি কৰি আছে । যিমান বয়সে ভটিয়াই গৈ আছে সিমানেই ছাৰে কৈ যোৱা কথাবোৰে মনত খুদিয়াই গৈ আছে । আৰু উপলব্ধি কৰিছোঁ--ছাৰৰ কথাবোৰ পালন কৰাত ক'ৰবাত ভুল হৈ গ'ল নজনাকৈয়ে ।সেয়ে আজি ভুগিব লগা হৈছে । লগ সং বোৰৰ প্ৰভাৱেই হওঁক, সমাজৰ প্ৰভাৱেই---মোৰ চকুত ধূলি মাৰি ছাৰৰ উপদেশক পালন কৰাত বাধা দিয়া নাছিল, এই কথা নুই কৰিবই নোৱাৰি ।
কিনো কওঁ ভাষাত প্ৰকাশ কৰিব মোৰ যোগ্যতাও সিমান নাই ।মাত্ৰ তোমালোকক কওঁ --আমাৰ দৰে যাতে পাছত অনুতাপ নকৰা, সেয়ে মোৰ তৰফৰপৰা মোৰ অনুভৱবোৰ ক'লোঁ ।
যিদৰে ওলাই যোৱা কথা, ওলাই যোৱা আত্মা ঘূৰি আহি পুনৰ নোসোমায়।সেইদৰেই মূল্যৱান সময়বোৰ গুচি গ'লে , কাষৰ পৰা প্ৰকৃত মানুহবোৰ আঁতৰি গ'লে পুনৰ ঘূৰাই পোৱা নাযায় । জীৱনলৈ খুব কম ভাল সময় আৰু খুম কম মানুহে আমাক প্ৰকৃত মানৱ হিচাপে গঢ় দিবলৈ আহে । সেয়ে আমি তেওঁলোকক উপলোঙা কৰা উচিত নহয় ।উপলোঙা কৰিলেই জীৱনটোৰ সাতোৰঙী আনন্দৰ খেলখন হেৰাই যায় ।
ছাৰে কৈছিল---"জীৱনৰ প্ৰথম গুৰু মা ।মা অবিহনে সকলো মায়াৰ জাল । জীৱনত কোনোৱে মাৰ সমান তোমালোকৰ জীৱনলৈ অৱদান আগবঢ়াই যাব নোৱাৰে । তুমি দুচকুৰে বাহ্যিক জগতখনত যি দেখিবা, যি পাবা সেইবোৰ মাথোঁ তোমাৰ মনক তৃপ্তি আৰু দেহাটোৰ তৃষ্ণা দূৰ কৰিব ।কিন্তু জীৱনৰ প্ৰকৃত সুখ দিব নোৱাৰে ।এবাৰ মা বুলি কৈ দীঘলকৈ মাতিবা, তেতিয়াই উপলব্ধি কৰিবা তোমাৰ প্ৰতি থকা তোমাৰ মাৰাৰ প্ৰেমৰ গভীৰতা কিমান ।প্ৰেমৰ আটাইতকৈ পৱিত্ৰ সম্বন্ধই মা । "---এনে আৰু বহু কথাই আজিও মনত খলকণি দি আছে ।তাক এদিনতে শেষ কৰি ক'ব নোৱাৰি । ---আপুনিও ছাৰ, মোৰ মাতকৈ কম কষ্ট কৰা নাই আমাৰ বাবে, সমাজখনৰ বাবে । ঘৰে ঘৰে গৈ স্কুলৈ নোযোৱা ল'ৰা -ছোৱালীক বুজাই পৰাই স্কুললৈ প্ৰেৰণা কৰি আছে ।দুখীয়া ল'ৰা ছোৱালীবোৰক বিনামূলীয়াকৈ পাঠদান দি এজন এজন প্ৰকৃত মানুহ বনাইছে । কোনোবাই টকাৰ অভাৱত এডমিচন ল'ব নোৱাৰা ছাত্ৰ-ছাত্ৰীক এডমিচন দিয়াই দিছে ।ফৰ্মফিলাপ কৰিব নোৱাৰা ল'ৰা-ছোৱালীক ফৰ্মফিলাপ কৰাই দি জীৱন গঢ়াত সহায় কৰিছে । কিন্তু আপোনাৰ নাম গুণ বাখনাৰ পৰিৱৰ্তে আপোনাৰ কৰ্মত কু-লোকৰ নজৰ পৰিছে ।
আপোনাৰ পৰা সহাৰি লাভ কৰা, আপোনাৰ কৃপাতে নিজকে গঢ় দিয়া, যিলোকে নিৰৱে থাকে ।তেওঁলোকৰ দৰে স্বাৰ্থ লোক আৰু নাই । লাজ লাগিব লাগে ক'ত ? লাজ লাগিছে ক'ত ? তাকো যদি বিচাৰ কৰি ল'ব নোৱাৰে, তেন্তে লাভ কৰি ৰখা জ্ঞানবোৰ এটি জ্ঞানৰ এটি নমুনাহে ।
No comments:
Post a Comment