প্ৰিয় ভাইটি-ভণ্টীসকল ,মোৰ অতীতৰ অভজ্ঞতাৰ পৰা কওঁ Mintu is the best teacher অৰ্থাৎ মিণ্টু ছাৰ আটাইতকৈ ভাল শিক্ষক । যিয়ে ছাৰৰ ওচৰতে টিউচন মন দি কৰে ,তেওঁলোকে ফেল কৰা কথাই নাহে । ছাৰৰ শিকণৰ পদ্ধতিয়েই বেলেগ । কোনো এজন টিউচন শিক্ষকে তোমালোকৰ বাবে যিমান খিনি কষ্ট কৰিছে, আন কোনো শিক্ষকে নকৰে । আমাৰ বাবে যি কৰিছিল ,তোমালোকৰ বাবেও তাকেই কৰিছে । নিশ্চয় আমাৰ দৰে প্ৰতিটো লেচনৰ এখনকৈ বহী বনাবলৈ দিছে । দিনৰ গৃহকাৰ্যবোৰ দিনে বিচাৰে । হয়তো জমা দিব নোৱাৰিলে খং কৰিছে ।কিন্তু ছাৰৰ সেই খং খন্তেকীয়াহে , হয় নে নহয় কোৱা চুন । হয়তো কোনোবাই বেয়া কাম কৰিছা, ছাৰে তোমালোকক বাৰে বাৰে বুজাইছে, কিন্তু তোমালোকৰ ছাৰৰ ওপৰত খং উঠিছে । ছাৰৰ ওচৰত টিউচন এৰি যাবলৈ মন গৈছে ।কিন্তু মনত ৰাখিবা এই অঞ্চলটোত ছাৰৰ দৰে এজন অদ্বিতীয় শিশু প্ৰিয় শিক্ষক নোলাব।
এবাৰ ছাৰে টিউচন এৰি দিয়াত মই বহুত পাছ পৰি গৈছিলোঁ ।জয়পুৰত টিউচন গৈছিলোঁ ।লগৰ বোৰৰ লগত ঘূৰোঁতে ঘূৰোঁতে পঢ়াৰ প্ৰতি মন নবহা হৈ গৈছিল ।ঘৰত পলমকৈ সোমালোহি । মুঠতে সম্পূৰ্ণ সলনি হৈ গৈছিলোঁ । ছাৰে কিয় টিউচন এৰি দিছিল সেইটো নকওঁ ।কিন্তু ছাৰৰ ওচৰত থাকোঁতে যিমান পঢ়াত মন বহিছিল, ছাৰৰ ওচৰৰপৰা আঁতৰি যোৱা পাছত মই আজাদি হৈ নিজৰ ইচ্ছামতে কামবোৰ কৰিছিলোঁ ।ছাৰৰ ওচৰত টিউচন কৰোঁতে দিনৰ গৃহকাৰ্যবোৰ দিনে দিব লাগিছিল ।নিশা কমপালচৰি 11বজালৈ পঢ়িবই লাগিব ।সঁচা কৈছোঁ নে মিছা কৈছোঁ ছাৰে খবৰ লয় ।
ছাৰ ক'লে আমাৰ মনত শ্ৰদ্ধাৰ ভয় জাগ্ৰিত হয় ।ভয় লাগে যে ছাৰে মোক বেয়া পাব নেকি? ছাৰে মনত দুখ কৰিব নেকি ? ছাৰক মই কোনো দিনেই দুখ দিয়া নাছিলোঁ ।ছাৰৰ বিনা অনুমতিত মই ছাৰৰ ওচৰত থাকোঁতে ক'লৈকো যোৱা নাছিলোঁ ।
কিন্তু কি কম ,কাৰোবাৰ ভুলৰ বাবে ময়ো ছাৰৰ ওচৰৰপৰা আঁতৰি আহিব লগা হৈছিল । আৰু মূল্যৱান সময় খিনি হেৰুৱাই বহু পাছলৈ গ'লোঁ ।
ভগবানৰ আৰ্শীবাদত কিন্তু ছাৰৰ সংগ আকৌ পালোঁ । ছাৰৰ আৰ্শীবাদতে মেট্ৰিক পাছ কৰি আজি আইটি আই কৰি পঢ়ি আছোঁ । আজি ছাৰৰ কথা কোনোবাই বেয়াকৈ ক'লেই বুকুখন চিৰিঙলৈ বিষ উঠি আহে। ছাৰ কৰ্তব্যপৰায়ণতা ,সত্যতা আৰু নম্ৰতা, সাধুতা আৰু নিৰৱ ধৈৰ্য্যশীলতাৰ কথা আমি ভালদৰেই জানোঁ ।
ছাৰে কাৰো অহিত চিন্তা নকৰে । ছাৰক কোনোবাই খং ৰাগেৰে ক'লেও ,ছাৰৰ জীৱনত কলংক লগালেও ছাৰে দূৰ ভৱিষ্যতৰ কথা ভাবি নিমাত হৈ থাকে । মাথোঁ ছাৰে কয় -- --সত্য বৰ নিষ্ঠুৰ বহুতো পৰীক্ষা লয় ।যেনেদৰে চাৰিটা বিকল্প উত্তৰত এটাহে শুদ্ধ উত্তৰ থাকে, তেনেদৰে অসত্যই বেছিকৈ ঠাই লয় । কিন্তু শেষতো সত্যই স্থান পায়। "
ছাৰে কোনো ছাত্ৰ ছাত্ৰীকে অসত্য পথ নেদেখুৱাই । সত্য
পথৰ সন্ধান দিয়ে ।যিয়ে নিস্বাৰ্থভাৱে ছাৰৰ বুজিছে, তেওঁলোকে নিশ্চয় জানিছে ।
এটা কথা কওঁ----মোৰ যিমানেই খং উঠি নাথাকক কিয় । ছাৰে এবাৰ কাষলৈ আহি --" জীত বেটা , মনটো দুখী দুখী লাগিছে তোমাৰ " বুলি কৈ --"বেটা , এবাৰ হাঁহি দিয়া " বুলি কওঁতে সকলো তেনচন আঁতৰি যায় । মই অংক একেবাৰে বেয়া আছিলোঁ ,ফেল কৰিছিলোঁ ।পঢ়াতো মন বহা নাছিল ,খুব ঘূৰি ফুৰাতহে মন আছিল, অষ্টম শ্ৰেণীত এবাৰ ফলো কৰিছিলোঁ ।কিন্তু দ্বিতীয় বছৰৰ অষ্টম শ্ৰেণীত ছাৰৰ ওচৰত টিউচন লোৱাৰপৰা মোৰ পঢ়া জীৱনলৈ ইমানেই পৰিৱৰ্তন আহিল যে মই নিজেই ভাবিব নোৱাৰোঁ এতিয়া ।এতিয়া অতীতৰ কথাবোৰ মনত পৰিলে কি আছিলোঁ কি হ'লোঁ ক'তে লাগে ।এটা কথা থিৰাংকৈ ক'ব পাৰোঁ---ছাৰৰ সানিধ্যলৈ নাহাহেতেঁন আজি মই আই টি আই কৰি থাকিব নাপালোঁহেতেঁন । মই অষ্টম শ্ৰেণীতে স্কুল এৰি মদ বিড়ি আদি খাই হয়ো কৰোবাত অসভ্য আচৰণ কৰি থাকিলোঁহেতেঁন ।
ছাৰৰ গণিত পঢ়োঁৱা যাদুৱে বেলেগ । ছাৰৰ ওচৰত যিয়ে গণিত পঢ়ে ফেল কৰা প্ৰশ্নই নাহে ।মোৰ গণিতৰ প্ৰতি যি ধাউতি আহিল ,সেই ধাউতিয়ে মোক অষ্টম শ্ৰেণীত গণিতত আগবঢ়াই নিলে ।
আজিও কিবা নাজানিলে চেৰঙকৈ ছাৰলৈ মনত পৰে ।যিমান ব্যস্ততাৰ মাজতো ফোন ৰিচিভ কয়--বেটা, কোৱা । শুনা লগে লগেই দুখ ভাগৰ আঁতৰি যায় ।
Sir ,you are only our teacher but also a good adviser of our society. You will always stay in our heart till we live .
No comments:
Post a Comment