Pages

Pages

Tuesday, May 31, 2022

সৎ মনেৰে ভ্ৰমণ কৰিলে সৎ জ্ঞান পোৱা যায়

সৎ মনেৰে ভ্ৰমণ কৰিলে সৎ জ্ঞান পোৱা যায় 

মোৰ জীৱনৰ প্ৰথম ভ্ৰমণ  পৰিয়ালৰ  বাহিৰৰ  ব্যক্তিৰ  লগত  আৰম্ভ  হয় পূজনীয়  মিণ্টু দোলাকাষৰীয়া ছাৰৰ সৈতে ।  ভ্ৰমণৰ ঠাই কিন্তু  বিশেষ চহৰ বা নগৰ  বা কোনো  বিখ্যাত  তথা খ্যাতনামা  ঠাই  নহয়  ; আমাৰ  "দীচুচ শিক্ষণকেন্দ্ৰ"ৰ  পৰা  প্ৰায়  চাৰি কিলোমিটাৰ  দূৰত্বৰ  এখন গাঁও  যিখনৰ নাম অভয়পুৰ গাঁও ।
           মই দীচুচ শিক্ষণকেন্দ্ৰত নামভৰ্তি  হোৱা  মাত্ৰ  ১৮ দিনহে হৈছে  ,আজি ইং তাৰিখ ৩০-০৫ -২০২২ লৈকে ।  ইং ৩০-০৫-২০২২ তাৰিখেই  ছাৰৰ লগত  ফুৰিবলৈ  যাম  বুলি কেইদিনমানৰ  আগতে  ঠিক কৰিছিলোঁ । কিয়নো  ছাৰক এহাজ ভোজনলৈ বুলি  প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে এদিনকৈ  নিমন্ত্ৰণ দিছিল । ছাৰৰ লগতে নিমন্ত্ৰণ  জনাইছিল  দীচুচ শিক্ষণকেন্দ্ৰৰ ছাত্ৰ একতা সভাৰ  সভাপতি  শ্ৰী আকাশদ্বীপ  বুঢ়াগোহাঁই  আৰু  সাধাৰণ সম্পাদক  শ্ৰী কবিৰ চিং খণ্ডিত  ,মানে মোক ।  ছাৰৰ  মৰম-চেনেহৰ আৰু   আৰ্শীবাদ  ফলস্বৰূপে  মই  ইমান  কম সময়ৰ  ভিতৰতে  দীচুচ শিক্ষণকেন্দ্ৰৰ সকলো ছাত্ৰ-ছাত্ৰীৰ  প্ৰিয়  হৈ পৰিলোঁ । সকলো  সহপাঠী  ,ভাইটি-ভণ্টীয়ে  যি মৰম  দিছে  সেয়া  অতুলনীয় । মোৰ সহপাঠী  মানসপ্ৰতীমে মোক  কৈছিল  "ছাৰে  যাক  মৰম কৰে সি চেণ্টাৰত  সকলোৰে  প্ৰিয়  হৈ পৰে ,কাৰণ ছাৰে  নিৰ্বাচন  কৰা জনৰ এখন  মানৱীয়  হৃদয়ৰ  লগতে  অশেষ গুণ থাকে  । " --কিন্তু  মোৰ মনত  প্ৰশ্ন  উদয়  হয়  --"ছাৰে কেৱল মোকেতো মৰম  নকৰে  সকলো ছাত্ৰ-ছাত্ৰীকে  সম চক্ষুৰে চায়  আৰু  মৰম  কৰে ।  কিন্তু  মানিব  লাগিব  ছাৰৰ  মানৱীয়তা  গুণলৈ  আৰু  মৌনতাৰে  সহি থাকিবপৰা গুণবোৰলৈ  ।
             মই  দীচুচ শিক্ষণকেন্দ্ৰৰ ছাত্ৰ একতা সভাৰ সাধাৰণ  সম্পাদকৰ বাবে নিৰ্বাচিত হ'লোঁ  ।সকলোৱে  মোক সমৰ্থন কৰি সাধাৰণ সম্পাদকৰ পদত অধিষ্ঠিত  কৰাই  মোক কেন্দ্ৰটোতে মই  কোনো দিনেই নভবা এক সন্মান  যাচিলে । যথা নিয়মানুসাৰে  ছাৰৰ  লগত  প্ৰত্যেকৰে ঘৰত  এদিন এদিনকৈ  সভাপতি  আৰু  সাধাৰণ সম্পাদকে অৰ্থাৎ  আকাশদ্বীপ বুঢ়াগোহাঁই  আৰু  মই  ভাত খাবলৈ  যাব  লাগে  । প্ৰত্যেকজন ছাত্ৰই  নিমন্ত্ৰণ  দিয়া  অনুসাৰে  ছাৰে তালিকাখন প্ৰস্তুত  কৰি কেন্দ্ৰটোতে  কৃষ্ণফলকখনৰ  ওচৰতে  আঁৰি  থ'লে  । প্ৰথম দিনা পাল আছিল অষ্টম শ্ৰেণীৰ ক্লাছ কেপ্টেইন কাব্যশ্ৰীৰ ঘৰত ।আকাশ (ছাৰে চমুকৈ আকাশ বেটা বুলি মাতে বাবে সকলোৱে তাক মৰমতে আকাশ বুলিয়ে মাতে , সি কাৰোবাক ঢকা এটা দিলেও কোনোৱে তাক ঘূৰাই এটা ঢকা নিদিয়ে। টিউচন চেণ্টাৰৰ সকলোৱে  তাক খুব মৰম কৰে)  আৰু  মোক  সুধিলে  তোমালোকে  যাবা নাই  ? 
 মই  ক'লোঁ  -"ছাৰ, মই  যাম ।"
কিন্তু  আকাশে ক'লে -"কি কৰোঁ  ক' । যদি যাবলৈ দিয়ে যাম  । আপুনি  ফোন মাৰি  ক'লে যাবলৈ  দিব ,যাম ।" দিন বাগৰি  গ'ল  ।দেওবাৰ  আহি পালেহি  । পুৱা  ৭:৩০  বজাত দীচুচ শিক্ষণকেন্দ্ৰত  উপস্থিত  হ'লোঁহি  । সকলো ছাত্ৰ-ছাত্ৰীয়ে  শ্ৰেণীকোঠাত বহিল । ছাৰে  আকাশদ্বীপক  আৰু  মোক  বাহিৰলৈ  মাতি  আনি  সোধিলে  --"আজি  তোমালোকে  যাবানে  ?  " 
মই ক'লোঁ-"যাম ছাৰ ,মই  ঘৰত পাপাক  কৈ থৈছোঁ  ।"
ছাৰে ক'লে --" ঘৰত যাবলৈ দিছেতো  , চাবা  পাছত মই  যোৰ কৰি লগ ধৰি নিছোঁ  বুলি  নক'বা কিন্তু ।" 
মই ক'লোঁ  --"নকওঁ  ছাৰ । যাবলৈ দিছে ।"
ছাৰে আকাশক সোধিলে --"তুমি  যাবা নাই  ,বেটা ?" মানে ছাৰে আকাশদ্বীপক  বেটা বুলি  মাতে । আকাশদ্বীপক  অষ্টম শ্ৰেণীৰ পৰাই  পঢ়োঁৱা । ছাৰে তাক খুব মৰম কৰে বুলি  সকলোৰে পৰা  জানিব  পাৰিছোঁ । 
আকাশদ্বীপে ক'লে --"জানোঁ  কি কৰোঁ  ক ।নাযাওঁ  হ'ব'লা ।"
ছাৰে সোধিলে কিয়  --" ঘৰত নালাগে  কৈছে  নেকি  ? কালি  তুমি ক'বলৈ দিয়া  বাবে মই  নিকিটা মাকক  মানে বৌক  কৈছিলোঁ  নহয়,  আপুনি যাব  দিলে যাম বুলি  কৈছে  বুলি ।"
আকাশেদ্বীপে  হাঁহি ক'লে ---" যাম  আকোনো । কিন্তু  মোক সোনকালে ছুটী  দিব লাগিব  । কাপোৰ  এগাল  টিয়াই  থৈ আহিছোঁ  , গৈ ধুবগৈ লাগিব । "
ছাৰে ক'লে বৌৱে ধুই  দিব নহয় । 
নোধুৱে  মই  নিজেই ধোঁও ।
"হ'ব তেন্তে  মই  তোমাক  সোনকালে  ছুটী দিম  ।" 
ছাৰে  ক্লাছ  কৰি  ৮:৩০ বজাত  ক'লে  বাকীবোৰ  আৰু  অলপ সময়  থাকা  । আকাশ  বেটা  ,যোৱা  ।"
পাছফালৰ পৰা কোনোবা এগৰাকী  সহপাঠীয়ে  সুধিলে  কিয়  ছাৰ ? 
" বেটাই আমাৰ লগত  ফুৰিবলৈ  যাব । কাপোৰ  টিয়াই  থৈছে  বোলে  । এতিয়া  গৈ ধুবগৈ  । সেইবাবে  ইয়াক  সোনকালে ছুটী  লাগে  বুলি কৈছে । " 
        কিন্তু  সকলোৱে  ছুটী  একেলগে  বিচৰা বাবে  সকলোকে  একেলগে  ছুটী  দিছিল । আমাক  ছাৰে কৈ পঠিয়াইছিল  ১০:০০ বজাত  পোৱাকৈ আহিবা । লগতে ফোন মাৰি  ছাৰে খবৰ দিলে আমি  তিনিজন  যাম ।
    ছুটী  হ'ল । ঘৰলৈ গ'লোঁ ,গা ধুলোঁ  ,সাজ-পোছাক  পিন্ধি  ভাত  খাই  ফুৰিবলৈ  বুলি  সাজোঁ  হ'লোঁ । ছাৰলৈ  ফোন কৰিলোঁ  ছাৰ যাওঁ  নে ? আকাশকো  সোমাই  লৈ যাব লাগিব নহয়  ,সিহঁতৰ  ঘৰতো অলপ ৰখিব লাগিব ।
"হ'ব , আহা "--বুলি  কৈ ছাৰে ফোনটো  কাটি ৰাখিল ।
মই  চাইকেলখন  উলিয়াই লৈ  ওলাই আহিলোঁ , আহি  আকাশৰ  পদূলি মুখত ৰৈ আকাশক মাতিলোঁ  ।
আকাশে  ওলাই নাহাকৈ  চিঞৰি  ক'লে  -"মই নাযাওঁ  ,মায়ে  যাবলৈ দিয়া  নাই ।" 
ছাৰলৈ ফোন কৰিলোঁ  --"ক'লোঁ , ছাৰ আকাশে নাযায় ।" 
ছাৰে ক'লে --"হ'ব , তুমি  আহা  । আকাশৰ মাকে  মোৰলৈ  কল কৰিছিল  ।" 
মোৰ মনটো  বেয়া  লাগিল ।আকাশ  নাহা  বাবে । দুখেৰে  আহি  ছাৰৰ ঘৰ পালোঁহি ।  ছাৰে এডোখৰপৰা  মোক আগবঢ়াই নিলেহি ।ছাৰৰ এনে ব্যৱহাৰত মোৰ মনত কি  আপ্লুত হৈছিল  অনুভৱ কৰিবই নোৱাৰিলোঁ ।কিন্তু  আকাশ  নাহাৰ  দুখকণ যে ছাৰক লগ পোৱাৰ  লগে লগে  গুচি গ'ল সেয়া নক'লেও হ'ব ।
      ছাৰৰ কোঠাত  প্ৰৱেশ  কৰি এনে অনুভৱ  কৰিলোঁ  যেন এটা পুথিভঁৰালতহে প্ৰৱেশ  কৰিলোঁ  । ছাৰে যি ধৰণেৰে শুশ্ৰূষা কৰি মোক  নি নিজৰ কোঠাত  বহালে , মোৰ এনে যেন লাগিছিল  ,মই  যেন বৰ ডাঙৰ  মানুহ  । বাকী শুশ্ৰূষাবোৰ কথা নকওঁ  যিসকলে  ছাৰৰ ঘৰলৈ  গৈছে  নিজেই  এইকনতেই  উপলব্ধি কৰি  অতীত স্মৃতিক ৰোমন্থন  কৰিব ।
 মই  অকলে  কিছু  সময়  বহিলোঁ  । ছাৰৰ ৰোমটো  লক্ষ্য কৰিলোঁ  ।কিতাপ-পত্ৰবোৰ দেখি  মনতে উদয়  হ'ল --ইমানবোৰ  ছাৰে পঢ়ে কেনেকৈ  ? মই  দেখোন  নিচেই কম পঢ়োঁ ।মই  মনতে থিৰাং কৰিলোঁ  ময়ো  পঢ়িম । এনেবোৰ  কথা ভাবি  থাকোঁতেই  ছাৰে  কোঠাত সোমালে  । ছাৰৰ ঘৰখন মোৰ একেবাৰেই নিজৰ ঘৰখনৰ দৰে লাগিছিল ,য'ত অকলে কিছু সময়  ছাৰৰ কোঠাত আছিলোঁ  যদিও  অনুভৱ  কৰা নাছিলো  যে মই  এজন অতিথি  হৈ সেই ঠাইত  আছোঁ  ।
              দুয়ো  আহি আমাৰ ভ্ৰমণৰ  লক্ষ্যস্থনলৈ গমন কৰিলোঁ  অৰ্থাৎ  অভয়পুৰ গাঁৱলৈ  । প্ৰথমে  গৈ সোমালোঁ পূজাশ্ৰী বাইদেউৰ ঘৰত । সোমাই বহাৰ পাছতে পূজাশ্ৰীৰ  মাতৃয়ে  সুধিছিল--"আৰু  এজন নাহিল যে ?"
মোৰ মুখৰপৰা তপৰাই ওলাই গ'ল --" নাহোঁ ক'লে ,মাকে আহিব নালাগে বুলি ক'লে ? " 
ছাৰে হাঁহি ক'লে --"নহয়,  সি কাপোৰ এখিনি টিয়াই থৈছিল ।ধুই  শেষ নহ'ল ছাগে । সেইবাবে নাহিল ।"
মই  আনৰ দৰে ইমান জ্ঞানী নহয় যে কথাবোৰ ভালদৰে  সজাই পৰাই ক'বলৈ জানিম । পাছত  ভাবিছিলোঁ--"আকাশে নাহোঁ  বুলি  ক'লে কোৱা  মানে আকাশে ছাৰক অৱমাননা কৰা বা অৱহেলা কৰা কথাতোকে বুজাব ।তেনে ক্ষেত্ৰত আকাশে  শিক্ষকক অমান্য কৰা কথা ভাব ফুটি উঠিব ।"
তেওঁলোকৰ ঘৰত চাহ খাই গুচি  গ'লোঁ ।খুৰীদেও গৰাকীৰ আচাৰ ব্যৱহাৰ  বৰ ভাল লাগিল ।মাত-কথাবোৰ আছিল শ্ৰদ্ধাশীল । কথা-বতৰা শুনি উপলব্ধি কৰিলোঁ ছাৰৰ প্ৰতি অগাধ শ্ৰদ্ধা ,ভক্তি  আৰু  বিশ্বাস  আছে । 
দ্বিতীয়তে গৈ সোমালো চুমন দাদাৰ ঘৰত । ছাৰে মোক  অফিচ কোঠাত বহাই ভিতৰলৈ সোমাই গ'ল । ঘৰত অকল বৰমা আছিল ।তেখেতে পাছফালে কাম কৰি আছিল ।তেখেতে হাত-ভৰি ধুই আহি মোক মাতিলহি । লগতে তেখেতেও সুধিলে --"আৰু এজন ক'ত ? "
ছাৰে একেই উত্তৰ দিলে । তেখেতে  ভিতৰলৈ যোৱা পাছত  চৌকেচত সজাই থোৱা বস্তুবোৰ দেখুৱাই দেখুৱাই মোক  কৈছিল--"কোনটো বস্তু কেতিয়া চুমনক দিছিল আৰু চুমনে কেতিয়া লৈছিল ।"  ছাৰৰ স্মৃতি প্ৰখৰতাৰ উমান মই  চুমনৰ বস্তুবোৰ বিষয়ে  চিনাকী কৰাই দিওঁতে পাইছিলোঁ । সঁচাকৈয়ে চুমন  আৰু  ছাৰৰ যি গুৰু-শিষ্যৰ সম্পৰ্ক ,সেয় সঁচাই  অতুলনীয় । ইমান সুন্দৰকৈ সজাই ৰাখিছে, স্মৃতি কেতিয়াও হেৰাই যাবলৈ নিদিয়া প্ৰয়াসতেই ছাৰৰ প্ৰতি থকা চুমনৰ  মৰম ,শ্ৰদ্ধা, ভক্তি আৰু অন্তৰৰ মৰম-স্নহ উমান পাব পাৰি । ছাৰৰ প্ৰতি থকা চুমনৰ মাতৃৰ শ্ৰদ্ধা আৰু  মৰম চেনেহ তুলনাহীন । চুমনৰ ঘৰৰ প্ৰতিটো কোঠাতেই মই সোমালোঁ ।টিবেলত ভৰি-হাত ধুই আহি বৰমাহঁতৰ শোৱা কোঠাত সোমাই  ভৰি-হাত গামোচাৰে মুচি মোৰ ফনিয়াও। ভৰি-হাত মুচিবলৈ এখন নতুন গামুচা বাকচৰ পৰা ওলিয়াই দিছে । ঘূৰি আহোঁতে ছাৰক কিছু সামগ্ৰীও ঘৰলৈ বুলি দি পঠিয়াইছিল ।
         তৃতীয়তে দিগন্তৰ ঘৰত আৰু  চতুৰ্থতে জ্যোতিষৰ  ঘৰত সোমালোঁ । ছাৰ উপস্থিতি গম পাই তেওঁলোকৰ ঘৰত মানুহৰ দম খালে । মই আচৰিত হ'লোঁ  মন্ত্ৰী  ,এ এল এ আহিলেহে মানুহ দম খোৱা দেখা পাওঁ । কিন্তু  ছাৰৰ উপস্থিতিতো যে মানুহৰ সমাৱেশ ঘটিব খুটকণো মনত ভবা নাছিলোঁ । সকলোৰ মুখতে মাথোঁ এটা বাক্য আছিল আৰু এজনো নাহিল নেকি ?  সকলোৱে ছাৰৰ প্ৰতি যি সন্মান প্ৰদৰ্শন কৰা দেখা পালোঁ,  ছাৰৰ লগতে ময়ো নভবা এক আসন পালোঁ এয়া জীৱনৰ অস্মৰণীয় স্মৃতি হিচাপে হৃদয়ত থাকিব ।
    পঞ্চমত আমি সোমালোঁ-কাব্যশ্ৰীৰ ঘৰত । তাই অষ্টম শ্ৰেণীৰ ক্লাছ  কেপ্টেইন। তাইৰ ঘৰতে আমি ভাত খাইছিলোঁ। ককাজনক
দিবলৈ ছাৰে এখন গামুচা লৈ গৈছিল । ছাৰে গামুচাখন মোক দিবলৈ দিছিল আৰু কৈছিল  ককাৰ চৰণ চুই আৰ্শীবাদ ল'বা  । জীৱনত প্ৰথম এনে মহান কামৰ বাবে ছাৰৰপৰা সুবিধাকণ পালোঁ । মিছা কথা নকওঁ মা-পাপয়েও মোক আজিলৈকে চৰণ চুই সেৱা কৰা বুলি পৰামৰ্শ দিয়া নাই। ছাৰৰ এনে পৰামৰ্শবোৰত মহৎ উদ্দেশ্য নিৰ্হিত হৈ থাকে । মই  অনুভৱ কৰিছোঁ  মই  এজন ভাল ল'ৰা হৈ  এখন ভাল আসন যাতে তেওঁলোকৰ অন্তৰত স্থান লাভ কৰিব পাৰোঁ সেয়ে   এয়া  পৰামৰ্শ দিলে ।কেৱল এয়াই  নহয়  জীৱনত যাতে মই কোনো অসভ্য আচৰণত মই  নামি নাযাওঁ হয়তো তাৰ বাবে ছাৰে এই সেৱা লৈ সৎ পথত বান্ধি দিলে ।
কাব্যশ্ৰীৰ দেউতাকে ছাৰে আহিছে বুলি অৰ্ধ কৰ্ম ছুটী লৈ আহিল । মাতৃ গৰাকীও আদৰ্শ মাতৃ । ছাৰৰ লগত কাব্যশ্ৰীৰ পিতৃ-মাতৃয়ে সকলো কথা ইমান খুলা খুলিকৈ পাতিছে যেন এখন ঘৰৰ ছাৰ যেন জ্যেষ্ঠ ব্যক্তি । ভাত খাই থকা সময়তো বাৰ্তা লাভ চলি আছিল ।কাৰণ আমাৰ ঘূৰি আহিবলৈ  হৈছিল । সেয়ে ছাৰে 
কৈছিল সময় অভাৱ যেতিয়া খোৱা সময়তো কথাবোৰ পাতিব পাৰি । তেখেতসকলৰ ঘৰৰপৰা বিদায় লৈ আহি প্ৰিয়ংকা ঘৰত সোমালোঁহি । প্ৰিয়ংকা মাতৃয়ে আমাক আনিবলৈ কাব্যশ্ৰীহঁতৰ ঘৰত পালেগৈ । তেখেতৰ লগতে আহি প্ৰিয়ংকাৰ ঘৰত সোমাই  পিতৃ-মাতৃৰ লগত কথা পাতি কম সময়ৰ ভিতৰতে বিদায় ল'লোঁ । প্ৰিয়ংকাৰ ঘৰেই শেষ বুলি ছাৰে কোৱা স্বত্ত্বেও শেষ নহ'ল ।প্ৰিয়ংকাৰ ঘৰতে ছাৰৰ প্ৰাক্তন ছাত্ৰী বন্দনাৰ পিতৃয়ে ছাৰক সোমাবই লাগিব বুলি জুৰ কৰাত তেখেতৰ ঘৰতো সোমালোঁ ।
      সামৰণিত মই ছাৰৰ লগত ফুৰিবলৈ গৈ অনুভৱ কৰা অনুভৱবোৰ কওঁ----ছাৰ সকলোৰে সবাতোকৈ প্ৰিয় । নিকটৱৰ্ত্তী অঞ্চলৰ প্ৰতিটো ঘৰৰ শিশুৱে ছাৰৰ ওচৰত খুব কম সময়ৰ বাবে হ'লেও শিক্ষা গ্ৰহণৰ বাবে নিশ্চয় আহিছে । ছাৰৰ সতে ফুৰিবলৈ গ'লে যি সন্মান পোৱা যায়  এজন মন্ত্ৰী বা এম এল এৰ সতে ফুৰিবলৈ গ'লেও সেই সন্মান পোৱা নাযায় । ছাৰ কেৱল আমাৰ দৰে ছাত্ৰ- ছাত্ৰীসকলৰ অন্তৰতে বাসৰপাতি থকা নাই,  প্ৰত্যেকজন অভিভাৱক-অভিভাৱকাৰ কোমল হৃদয়খনতো ছাৰৰ বাবে এখন সুকীয়া উচ্চ আসন আছে । সকলো মুখৰপৰা জানিব পাৰিলোঁ সমাজত মিণ্টু ছাৰ নামাৰে নহয় "আমাৰ ছাৰ" বা "ছাৰ" নামেৰেহে আমাৰ ছাৰ বিখ্যাত । আমাৰ  ছাৰ সঁচাকৈয়ে আমাৰ ছাৰ যি দিন -দৰিদ্ৰৰ জ্ঞানদাতা । ছাৰৰ হৃদয়খন যে শীতল তথা কোমল বোকাৰ সদৃশ, সেইকথা ছাৰৰ সানিধ্যত  থকা সকলে খুব ভালকৈ উপলব্ধি কৰিব । ছাৰৰ গাত হাজাৰে কলংক লাগিলেও যে ছাৰে নামানে আৰু ছাৰে কাৰো অহিত চিন্তা নকৰে, সেইটো ছাৰৰ লগত সময় অতিবাহিত কৰা সকলো ভালদৰেই জানে । 
         ছাৰৰ দৰে মৰমিয়াল, দয়ালু,  নিৰ্দোষী হ'লেও আনে জাপি দিয়া দোষ-কলংকবোৰ মৌন আৰু ধৈৰ্য্যসহকাৰে চিন্তা কৰি প্ৰকৃত সত্য অন্বেষণৰ কৰাৰ গুণ আছে , সেয়া সঁচাকৈয়ে অতুলনীয় । ছাৰৰ গুণবোৰ বাখনি শেষ কৰিব নোৱাৰি, বহুতো এনে গুণ আছে যি প্ৰকাশ কৰিবলৈ মোৰ শব্দৰ সম্ভাৰ নাই।
         "আৰু এটা নাহিল ? এই কথাটোৱে ছাৰক কিন্তু আঘাত দিলে নে নাই মই কিন্তু নাজানোঁ ।মোক হ'লে দুখী কৰিলে। ছাৰৰ সতে ফুৰিবলৈ গৈ পোৱা উপহাৰে মোৰ মনত আনন্দ  দিয়াৰ লগতে মোৰ মনক উন্মেষণ কৰাইছে যে ছাৰৰ আত্মা সন্মানত একো কলংক  নানিবা । ভাল দৰে পঢ়া-শুনা কৰা , মানৱীয়তা গুণ বজাই ৰাখা । 
          শেষত লিখিলোঁ ছাৰ ---
এনে ভুল যাতে নকৰোঁ যাৰ বাবে আপুনি লজ্জাবোধৰ বলি হোৱা --তাৰ বাবে  আমাক তথা মোক আৰ্শীবাদ দিয়া ।
 মোৰ সহপাঠী আৰু ভাইটি ভণ্টী সকলৈও মোৰ বিনম্ৰ অনুৰোধ থাকিল---"যাতে এনে কাম নকৰা যাৰ বাবে ছাৰে সীনমান্যতাত ভুগে । সমাজত লাজ ,অপমান পায় । ছাৰ আমাৰ,  আমাৰ  সমাজখনৰ, আনৰ নহয় । ছাৰ থাকে মানে  আমাৰ দৰে দৰিদ্ৰ লোকেও আলোকৰ বাটেৰে বাট বুলিব । "
  


শ্ৰী কবিৰ সিং খণ্ডিত 
সাধাৰণ সম্পাদক 
দীচুচ শিক্ষণকেন্দ্ৰৰ ছাত্ৰ একতা সভাৰ 
০২-০৬-২০২২

No comments:

Post a Comment