Pages

Pages

Friday, May 27, 2022

নাজানোঁ, হাঁহিবোৰ কিয় হেৰাই গ'ল।

নাজানোঁ,  হাঁহিবোৰ কিয় হেৰাই গ'ল ।(27/05/2022)

  বৰষুণ ,বৰষুণ , বৰষুণ 
এজাক কিনকিনীয়া বৰষুণ 
বুকুত হাতখন থৈ নিশা শোওঁতেই হেৰাল নেকি  হাঁহিবোৰ ? 
নে  ডবাপিতা বৰষুণ জাক দিওঁতে তুমি যে বুকুত হাত থৈ 
কান্ধত তোমাৰ থুটলিটো লগাই ,গাত ভৰি তুলি গাপোট মাৰি ধৰি
 শোওঁতেই ক'ৰবাত অন্তৰ্ধন হৈ গ'ল নেকি  হাঁহিবোৰ ? 

নাজানোঁ , নাজানোঁ  কেনেকৈ হেৰাই গ'ল হাঁহিবোৰ ।
হৃদয়ৰ কোন কোণত থুপা খাই আছে হাঁহিবোৰ 
নাজানোঁ তাকো ।
বহুদিন হ'ল  বিৰিঙা নাই হাঁহি 
ক'তনো হেৰাই গ'ল হাঁহিবোৰ ?
বহুত দিন হ'ল হাঁহো ক'লেও হাঁহিব পৰা নাই 
নাজানোঁ কি হৈছে মোৰ ।
জীৱনৰ হাঁহিবোৰ দেখোন বিষাদ হৈ ব'ব ধৰিছে 
দিন-ৰাতি একাকাৰ হৈ বিষত বুকুৰখন বৰকৈ বিষাব ধৰিছে ।
একোৱেই অনুভৱ কৰিব পৰা নাই মই 
 জীৱনটো হৈছে কি ? 

নাজানোঁ,  হাঁহিবোৰ কিয় হেৰাই গৈছে  
নিশাবোৰ কিয় উজাগৰে ধাৱিত হৈছে।
কিনো অচিন ৰোগে ধৰিছে ,
মাথোঁ বিষাদ-বেদনা ,নিৰাশা ,হতাশাৰে জীৱনটি চলিছে ।
 
দেখা নাই কেওপিনে সুখ 
নাজানোঁ আপোন বুলি ভবা লোকেও 
কিয় ভাল নাপাই মোক ।
জীৱনৰ প্ৰতিটো পলেই তেওঁলোকৰ বাবেই খপি দিওঁ 
নাজানোঁ তথাপিও কিয় নোবোজে মোক ।
সকলোদিশে দেখোঁ মাথোঁ বিশ্বাসঘাতকতা 
বৰকৈ নুচুপাকৈ কান্দোঁ ,লুকাই লুকাই লোচন মচোঁ।

নাজানোঁ,  কিয় হেৰাই গ'ল মোৰ প্ৰেৰিত মৰমবোৰ 
সুধিবপৰাহেতেঁন সোধিয়েই পেলালোঁহেঁতেন 
ক'ত হেৰাই গ'ল মোৰ মৰম-স্নেহবোৰ ?
তুমি বুকুত মোৰ থৈ , গাত সাবটি , গাত ভৰি থৈ 
নিশা শোওঁতেই হেৰাই গ'ল নেকি  হাঁহিবোৰ ? 
হাজাৰটা প্ৰশ্ন মনত  , 
কেনেকৈ হেৰাল মোৰ হাঁহিবোৰ ?
কেনেকৈ হাঁহিবোৰ পমি গৈ চকুলো হ'ল ?
আপোন মানুহো কিয় নিলগ হ'ল ? 
 
মন যায়  ,অ' বহুত মন যায়---
চিঞৰি চিঞৰি কান্দি বিষাদবোৰ বিনাবলৈ 
মন যায় ক'বলৈ ---
মোৰ ভাল পোৱাবোৰ কিয় হেৰাই গ'ল ? 
মোৰ মৰম-স্নেহবোৰৰ ক্ৰুটি ক'ত ৰৈ গ'ল ? 
মোৰ হাঁহিবোৰ ক'ত কিয় কেতিয়া হেৰাই গ'ল ? 

নাজানোঁ, কিয় হেৰাই গ'ল 
ৰঙীণ সপোনৰ সতে লীন থকা হাঁহিবোৰ 
কি অচিন ৰোগে আহি কাঢ়ি নিলে মোৰ হাঁহিবোৰ ।
আশা আছে এতিয়াও 
ঘূৰি আহিব মোৰ হাঁহিবোৰ 
চকুপানীবোৰ শুকোৱাই নিব অচিন দেশলৈ।
 



No comments:

Post a Comment