Pages

Pages

Saturday, December 9, 2023

উদ্যোগীকৰণ

১) উদ্যোগীকৰণ সংজ্ঞা : কোনো বিশেষ অঞ্চলত অথবা নগৰ বা গ্ৰাম্য অঞ্চলত বিভিন্ন ধৰণৰ সৰু-ডাঙৰ কল-কাৰখানা প্ৰতিষ্ঠা হৈ সেই অঞ্চলত ক্ৰমান্বয়ে ক্ষুদ্ৰ আৰু বৃহৎ উদ্যোগ গঢ় লৈ উঠাৰ ফলত সমাজত বিভিন্ন দিশত পৰিৱৰ্তন হ’বলৈ ধৰে আৰু উদ্যোগক কেন্দ্ৰ কৰি বিভিন্ন নীতি-নিয়ম ইত্যাদিৰো প্ৰৱৰ্তন কৰিবলগীয়া হয়, এনে সমগ্ৰ  প্ৰক্ৰিয়াকে উদ্যোগীকৰণ বোলা হয় ।
ঔদ্যোগিকৰণৰ উপাদান :(ক) উপযুক্ত পৰিমাণৰ মূলধন :এটা উদ্যোগ প্ৰতিষ্ঠা কৰিবৰ বাবে যথেষ্ট মূলধন অর্থাৎ টকা পইচাৰ প্রয়োজন। কোনো এটা অঞ্চলত উদ্যোগ প্রতিষ্ঠা হোৱাৰ সম্ভাৱনা থাকিলেও মূলধনৰ অভাৱৰ বাবে উদ্যোগ প্রতিষ্ঠা নোহোৱাকৈ থাকি যায়। পৃথিৱীৰ অনুন্নত দেশবিলাকত এতিয়াও ঔদ্যোগিকৰণত পিছ পৰি থকাৰ মূল কাৰণতো হৈছে মূলধনৰ অভাৱ।খ) উপযুক্ত পৰিমাণৰ কেঁচামাল : এটা উদ্যোগৰ উৎপাদনৰ বাবে প্ৰয়োজনীয় আন এটা উপাদান হ’ল কেঁচামাল।সেয়ে যিটো অঞ্চলত উপযুক্ত পৰিমাণৰ কেঁচামাল পোৱা যায় সেই অঞ্চলতে এটা নির্দিষ্ট উদ্যোগ গঢ় লৈ উঠে।উদাহৰণস্বৰূপে, যি অঞ্চলত মৰাপাটৰ উৎপাদন বেছি সেই অঞ্চলত মৰাপাটৰ পৰা প্ৰস্তুত কৰা সামগ্রী উদ্যোগ গঢ় লৈ উঠে ।
 (গ) উপযুক্ত পৰিমাণৰ শ্ৰমিক :এটা উদ্যোগৰ মূল চালিকা শক্তিটো হৈছে শ্রমিক। শ্ৰমৰ অবিহনে কেতিয়াও উৎপাদন কার্য কৰিব পৰা নেযায়। উদ্যোগ পৰিচালনা আৰু উৎপাদন কাৰ্যৰ বাবে কাৰিকৰী গুণসম্পন্ন শ্ৰমিকৰ প্ৰয়োজন।উদ্যোগৰ কেঁচামাল যোগান ধৰাৰ পৰা বস্তু উৎপাদন কৰালৈকে সকলো কাম শ্ৰমিকৰ দ্বাৰাই কৰা হয়।যি স্থানত উদ্যোগ স্থাপন হ'ব সেই স্থানত উপযুক্ত পৰিমাণৰ শ্ৰমিক পাব লাগিব।শ্ৰমিকৰ যদি অভাৱ ঘটে বা উপযুক্ত গুণসম্পন্ন যদিহে শ্রমিক পোৱা নাযায় তেন্তে উৎপাদন কার্যত ব্যাঘাত জন্মিব।গতিকে উদ্যোগৰ বাবে প্রয়োজনীয় শ্রমিক সহজলভ্য হ'ব লাগিব।
(ঘ)যাতায়াত আৰু যোগাযোগৰ সুবিধা: যাতায়াত আৰু যোগাযোগৰ সুবিধা থকা স্থানতহে উদ্যোগ প্রতিষ্ঠা হ'ব পাৰে। উদ্যোগৰ বাবে কেঁচামাল অনা, উৎপাদিত সামগ্রী অনা-নিয়া কৰা, শ্রমিক অহা-যোৱা কৰা ইত্যাদিবিলাকৰ বাবে উপযুক্ত যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ প্রয়োজন। যাতায়াত আৰু যোগাযোগবিহীন ঠাইত কেতিয়াও উদ্যোগ স্থাপন কৰিব পৰা নেযায়।
ঙ) বজাৰৰ সুবিধা: উদ্যোগৰ বাবে অতি প্রয়োজনীয় দিশটো হ'ল বজাৰৰ সুবিধা। উদ্যোগত বস্তু উৎপাদন কৰিলেই নহ'ব, উৎপাদিত বস্তু বিক্ৰী কৰিবৰ বাবে উপযুক্ত বজাৰৰ সুবিধা থাকিব লাগিব। ইয়াৰ বাদেও উদ্যোগত কাম কৰিবৰ বাবে বহু মানুহ বহু ঠাইৰ পৰা আহে। তেওঁলোকৰ নিত্য ব্যৱহাৰ্য সামগ্ৰীখিনি যোগান ধৰিবলৈ বজাৰ গঢ়ি উঠিব লাগিব। সেয়েহে বর্তমান সময়ত য'তেই উদ্যোগ প্রতিষ্ঠা হৈছে ত'তেই বজাৰ গঢ় লৈ উঠিছে।
 কৃষক আৰু ঔদ্যোগিক সমাজৰ পার্থক্যসমূহ : (ক) কৃষক সমাজৰ জীৱিকা নিৰ্বাহৰ ভৰসা হ'ল কৃষি। ঠাই বিশেষে মৎস্য পালন, পশু পালন আদি বৃত্তি থাকিলেও ইয়াৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ'ব পৰা নাই। অন্যহাতে ঔদ্যোগিক সমাজৰ লোকসকলৰ জীৱিকা নিৰ্বাহৰ বাবে এনে বৃত্তিৰ সুবিধা আছে। উদ্যোগ, কলকাৰখানাই সৃষ্টি কৰা বৃত্তিৰ পৰা আৰম্ভ কৰি ব্যৱসায় বাণিজ্যলৈকে অনেক বৃত্তি গ্ৰহণৰ সুবিধা আছে।(খ) কৃষক সমাজৰ লোকসকলে পৰম্পৰা নিৰ্ভৰশীলতাৰে জীৱন নিৰ্বাহ কৰে। তেওঁলোকৰ মাজত জীৱন নির্বাহ প্রণালী, হাঁহি-কান্দোন, আবেগ-অনুভূতি আদিত সৰলতা আৰু একতা প্রকাশ পায়। অন্যহাতে ঔদ্যোগিক সমাজলৈ বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানুহ বৃত্তি অৱলম্বনৰ বাবে আহে। গতিকে তেওঁলোকৰ মাজত পাৰস্পৰিক নিৰ্ভৰশীলতা দেখা নেযায়। সৰলতাৰ পৰিৱৰ্তে জটিলতা আৰু বৈসাদৃশ্যহে দেখা যায়।
 (গ) কৃষক সমাজৰ এটা প্রধান বৈশিষ্ট্য যুটীয়া পৰিয়াল ব্যৱস্থা। কৃষক সমাজৰ যুটীয়া পৰিয়ালে কৃষি কাৰ্যৰ উপৰিও ধর্মীয় কাৰ্য, সামাজিক কার্য সম্পাদন কৰি পৰিয়ালৰ সকলো সদস্যৰ বাবে নিৰাপত্তা প্রদান কৰে আৰু পাৰস্পৰিক নিৰ্ভৰশীলতাৰে কাৰ্য সম্পাদন কৰে। সাংস্কৃতিক ধাৰাবাহিকতাও এই পৰিয়ালে ৰক্ষা কৰে। কিন্তু ঔদ্যোগিক সমাজত একক পৰিয়ালহে দেখা যায়। ব্যক্তিৰ কর্মব্যস্ততা, বৃত্তিৰ ভিন্নতা, বাসগৃহৰ নাটনি, বস্তুৰ চৰাদাম আদিৰ বাবে যৌথ পৰিয়াল পাতি বসবাস কৰাটো সম্ভৱ নহয়।(ঘ) কৃষক সমাজৰ অৰ্থনীতি এতিয়াও ভৰণ-পোষণৰ অৰ্থনীতি হিচাপে আখ্যা দিব পাৰি। কিয়নো কৃষক সমাজে নিজৰ প্ৰয়োজনীয় বস্তুখিনি নিজে কৃষি কৰ্মৰ জৰিয়তে উৎপাদন কৰি লোৱাতহে গুৰুত্ব দিয়ে। ব্যৱসায় ভিত্তিত কৃষি উৎপাদনৰ গুৰুত্ব কম। অন্যহাতে যান্ত্রিক অর্থনৈতিক বিকাশে ঔদ্যোগিক সমাজৰ অর্থনীতি ক্রয়-বিক্রয়ৰ অৰ্থনীতি হিচাপে গঢ় দিছে। এই সমাজৰ মানুহে যিকোনো প্ৰকাৰে অৰ্থনীতি টনকীয়াল কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাই থাকে।
(ঙ) কৃষক সমাজত সৰল প্ৰকৃতিৰ শ্রমবিভাজন দেখা যায়। এই সমাজত কৃষি উৎপাদন কার্যত জড়িত লোকসকলৰ মাজত যি শ্রমবিভাজন হয় সেয়া অতি সৰল আৰু পোনপটীয়া। এই সমাজৰ শ্রমবিভাজন স্পষ্ট আৰু নিৰ্দ্ধাৰিত নহয়। পুরুষ, তিৰোতা, বয়স, নিম্ন বয়স্ক সকলো মানুহেই কৃষি কাৰ্যৰ লগত জড়িত হোৱা দেখা যায়। কিন্তু ঔদ্যোগিক সমাজত জটিল প্ৰকৃতিৰ শ্রমবিভাজন দেখা যায়। যিহেতু ঔদ্যোগিক সমাজত নানাধৰণৰ উদ্যোগ, কলকাৰখানা, ব্যৱসায়- বাণিজ্য গঢ় লৈ উঠাৰ বাবে উৎপাদন কার্যত শ্রমবিভাজন অত্যন্ত প্রয়োজনীয় হৈ পৰে। বৃহৎ উদ্যোগত কাম কৰা শ্ৰমিকসকলে উৎপাদন কাৰ্যৰ বিশেষ এটা অংশহে সম্পাদন কৰে সেয়েহে যিকোনো এটা উৎপাদিত বস্তুৰ উৎপাদন কৌশলত জটিলতা বিৰাজমান। শ্রমিকসকলে যিটো কাম কৰে সেই কামৰ বাবে বিশেষ অৰ্হতাৰ প্ৰয়োজন। অর্হতাসম্পন্ন ব্যক্তি নির্দিষ্ট কামটোতেই ব্যস্ত থাকে। ঔদ্যোগিক সমাজত শ্রমবিভাজনৰ নিৰ্দ্ধাৰিত নীতি অনুসৰি উদ্যোগ প্ৰতিষ্ঠানৰ কামকাজ কৰা হয় ববে বিশেষীকৰণ প্ৰক্ৰিয়াৰো উদ্ভৱ হয়।
(চ) কৃষক সমাজে পৌৰাণিকতাৰ পৰিচয় দাঙি ধৰে। এই সমাজৰ মানুহৰ মাজত এতিয়াও পৌৰাণিক ধ্যান-ধাৰণা, বিশ্বাস আদি বিৰাজমান। অন্ধবিশ্বাস, কু-প্রথা, ভাগ্যবাদিতা, জাতিপ্রথা আদি এই সমাজৰ মাজত এতিয়াও দেখা যায়। কিন্তু ঔদ্যোগিক সমাজে আধুনিকতাৰ পৰিচয় বহন কৰে। এই সমাজ যান্ত্রিক সভ্যতাৰ লগত সম্পর্কিত। নতুন নতুন উদ্ভাৱন কৌশলৰ জৰিয়তে আধুনিক আৰ্হিৰ যিকোনো সামগ্রী উৎপাদন কৰি লাভাংশৰ পৰিমাণ বৃদ্ধি কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাই থকা দেখা যায়। লাভাংশ বৃদ্ধিৰ চিন্তা-চৰ্চাই নতুন নতুন উদ্যোগ, কলকাৰখানা সৃষ্টি অৰিহণা যোগাইছে।
(ছ) কৃষক সমাজ সলৰ প্ৰকৃতিৰ দৈনন্দিন জীৱন-নির্বাহ প্রণালী, খাদ্যাভ্যাস, সাজ-পোছাক, চিন্তা-চর্চা, উৎসৱ-পাৰ্বন আদি সকলোতে সমৰূপতা প্রকাশ পায়। ইয়ে সহজ সৰলতাৰ পৰিচয় বহন কৰে। কিন্তু ঔদ্যোগিক সমাজ ব্যস্ততাপূর্ণ, ব্যক্তিকেন্দ্রিক আৰু জটিল। এই সমাজত ব্যক্তি অহৰহ নিজৰ কৰ্মক লৈ ব্যস্ত। অৱসৰ বিনোদনৰ বাবে সময়ৰ অভাৱ। অধিক কর্মব্যস্ততাই সমাজ জীৱন নিৰ্বাহ প্রণালীক জটিল কৰি তোলে।
(জ)কৃষক সমাজে অবস্তুবাদী বা অভৌতিক সংস্কৃতিৰ পৰিচয় বহন কৰে। কৃষক সমাজৰ ৰীতি-নীতি, চাল-চলন, ধর্মীয় বিশ্বাস, সামাজিক প্রথা, উৎসৱ পাৰ্বন আদিৰ মাজেদি অবস্তুবাদী সংস্কৃতিৰ পৰিচয় প্রকাশ পায়। অন্যহাতে যান্ত্রিকতাই ঔদ্যোগিক সমাজৰ পৰিচয় বহন কৰে। এই সমাজৰ দৈনন্দিন জীৱনৰ প্ৰতিটো দিশতে যান্ত্রিকতাৰ প্ৰভাৱেই বেছি। সেয়েহে এই সমাজে বস্তুবাদী সংস্কৃতি পৰিচয় বহন কৰে।

উদ্যোগিক সমাজ : ঔদ্যোগিক অঞ্চলত শতকৰা ৭৫% ভাগতকৈ অধিক সংখ্যক লোকে ঔদ্যোগিক উৎপাদন আৰু বিতৰণৰ কামত আত্মনিয়োগ কৰি জীৱন নিৰ্বাহ কৰি থাকে।এনে লোকৰ দ্বাৰা যি সমাজ গঠিত হয়, সেই সমাজকে ঔদ্যোগিক সমাজ বুলি কোৱা হয় । এই সমাজ উদ্যোগ, কল-কাৰখানাক কেন্দ্ৰ কৰি বৰ্তি থাকে ।উদ্যোগীকৰণ ফলস্বৰূপে এই সমাজ সৃষ্টি হয়।আধুনিক বিশ্বৰ প্ৰায় মানৱ সমাজেই ঔদ্যোগিক সমাজলৈ ৰূপান্তৰিত হৈছে।একালৰ গ্ৰাম্য আৰু কৃষিভিত্তিক সমাজেও সম্প্ৰতি ঔদ্যোগিক সমাজৰ ৰূপ গ্ৰহণ কৰিছে ।
 উদ্যোগিক সমাজৰ বৈশিষ্ট্য
ক) যান্ত্ৰিক নিৰ্ভৰশীলতা: ঔদ্যোগিক সমাজৰ প্ৰধান বৈশিষ্ট্য হৈছে যান্ত্রিক নির্ভৰশীলতা। মানুহৰ জীৱন নিৰ্বাহ প্ৰণালীৰ প্ৰতিটো ক্ষেত্ৰতে যন্ত্ৰৰ প্ৰভাৱ দেখা যায়। ক্ষুদ্ৰৰ পৰা বৃহৎ উদ্যোগ, কলকাৰখানা গঢ়ি তোলা হয় আৰু ইয়াৰ জৰিয়তে উৎপাদন কার্য সম্পাদন হয়। উৎপাদন কার্যত সকলো মানুহেই জড়িত হ'ব লগা হয়। দিনে ৰাতিয়ে উদ্যোগৰ উৎপাদন কার্য চলি থাকে। উৎপাদন কার্য চলি থাকিলেহে শ্রমিকে মজুৰি পাব। গতিকে ঔদ্যোগিক সমাজ সম্পূৰ্ণ যান্ত্রিকতাৰ ওপৰত নিৰ্ভৰশীল।                                       
  (খ)  জীৱিকাৰ পথঃ ঔদ্যোগিক সমাজৰ জীৱিকাৰ পথ হৈছে উদ্যোগত কাম কৰি জীৱন নির্বাহ কৰা, পুঁজি বিনিয়োগ কৰা, উৎপাদনৰ কাম পৰিকল্পনা আৰু পৰিচালনা কৰা, যন্ত্রপাতি চলোৱা, উৎপাদিত সামগ্ৰী বজাৰত বিতৰণ কৰা আৰু সেইবোৰৰ পৰা ব্যৱসায়-বাণিজ্য কৰা আদি। এনেধৰণৰ কামৰ জৰিয়তে ঔদ্যোগিক সমাজৰ মানুহে টকা-পইচা উপাৰ্জন কৰি জীৱিকা নিৰ্বাহ কৰে।
 গ)উৎপাদন প্রক্রিয়া:  ঔদ্যোগিক সমাজত উৎপাদন প্রক্রিয়া যন্ত্ৰৰ সহায়ত কৰা হয়। শাৰীৰিক শ্ৰম আৰু জন্তুৰ ব্যৱহাৰ লাঘৱ হৈ পৰে। উৎপাদন প্ৰক্ৰিয়াৰ সকলো কাম সাধাৰণতে যন্ত্ৰৰ সহায়তহে কৰা হয়। যন্ত্ৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই এই সমাজ চলি থাকে।                                                                                                                                                                                            ঘ) শিক্ষাৰ প্ৰয়োজনীয়তা : ঔদ্যোগিক সমাজৰ শ্ৰমিকসকলৰ কাৰিকৰী জ্ঞান আৰু দক্ষতাৰ বিশেষ প্রয়োজন।উদ্যোগ পৰিচালনা আৰু উৎপাদন কার্যত বিশেষ কাৰিকৰী জ্ঞান থকা মানুহৰ দৰকাৰ।ব্যৱসায় বাণিজ্য বা অন্যান্য ঔদ্যোগিক কামকাজৰ বাবে শিক্ষাৰ প্রয়োজন।সেইবাবে এই সমাজৰ সকলো মানুহেই বিশেষ বিশেষ শিক্ষাৰে শিক্ষিত।                                    ঙ)বৃত্তিৰ ভিন্নতা: ঔদ্যোগিক সমাজৰ বিভিন্ন বৃত্তিধাৰী লোক থকা দেখা যায়। উদ্যোগ,কল-কাৰখানাৰ উৎপাদন কাৰ্যত বিভিন্ন কামৰ বাবে বিভিন্ন কাৰিকৰী জ্ঞান আৰু দক্ষতা থকা লোকক নিযুক্তি দিয়াত ভিন্ন বৃত্তি সৃষ্টি হয়। তদুপৰি, এনে সমাজত ব্যৱসায়-বাণিজ্যৰ লগত আৰু যাতায়ত ব্যবস্থাৰ লগত জড়িত ভিন্ন বৃত্তি লোকক থাকে।     
 (চ) ব্যাপক শ্রমবিভাজন: উদ্যোগ প্রতিস্থানত বিভিন্ন কামৰ বাবে বিভিন্ন অর্হতা থকা মানুহ নিয়োগ কৰিব লগা হয়। ফলত শ্রমবিভাজন ব্যাপক আৰু বিস্তৃত কৰিবলগীয়া হয়।এই সমাজত শ্রমবিভাজন জাতি, ধর্ম, লিঙ্গ আদিৰ ওপৰত নিৰ্ভৰ নকৰি শিক্ষা,অৰ্হতা, দক্ষতা আদিৰ ওপৰতহে নিৰ্ভৰ কৰে।                       (ছ) ঘন জনবসতিঃ ঔদ্যোগিক অঞ্চলত জনবসতিৰ ঘনত্ব অতি বেছি। যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ সুবিধা, বিভিন্ন ব্যৱসায় প্ৰতিষ্ঠান, বৃত্তি আৰু অৰ্থনৈতিক উন্নয়নৰ আশা-আকাংক্ষাই মানুহক উদ্যোগমুখী কৰি তোলাত অৰিহণা যোগায়। এটা উদ্যোগৰ উৎপাদন কাৰ্যৰ লগত বহু মানুহ জৰিত হৈ থকাৰ বাবে একে একে ঠাইতে বহু মানুহ বসবাস কৰিব লগা হয়। ইয়াৰ বাদেও ব্যৱসায়-বাণিজ্য আৰু অন্যান্য বৃত্তি অৱলম্বনৰ বাবেও বহু মানুহ ঔদ্যোগিক অঞ্চলত বসবাস কৰাৰ বাবে ঘন জনবসতি হোৱা দেখা যায় ।                                                                        ( জ )  একক পৰিয়াল:ঔদ্যোগিক সমাজৰ পৰিয়াল স্বাভাৱিকতেই একক প্ৰকৃতিৰ। ঔদ্যোগিক কামবোৰত এজন এজন ব্যক্তি ব্যক্তিগতভাৱে নিয়োজিত হ'বলগীয়া হয়। একেটা পৰিয়ালৰ ব্যক্তিসকলে বেলেগ বেলেগ কামত বা ব্যৱসায় বাণিজ্যত বা অন্য ঠাইত বেলেগ উদ্যোগত কাম কৰিবলগা হয়। ফলত স্বাভাৱিকতেই একক পৰিয়াল পাতি বসবাস কৰিবলগা হয়।                                                             
  (ঝ)সামাজিক সমূহ আৰু সংগঠন: ঔদ্যোগিক সমাজত বিভিন্নসমূহ আৰু সংগঠন গঢ় লোৱা দেখা যায়।এই সমাজত দ্বিতীয়ক সমূহৰে প্রাধান্য বেছি।এনে সমাজত বিভিন্ন মানুহে বিভিন্ন সংগঠনৰ লগত নিজকে জড়িত কৰি ৰাখে। প্রত্যেকটো বৃত্তিৰ মানুহে নিজৰ নিজৰ সংগঠনত জড়িত হৈ থাকে। যেনে শ্রমিক সন্থা, ব্যৱসায়িক সন্থা,মালিক সন্থা, আমোলা সন্থা আদি। প্রত্যেকজন ব্যক্তিয়ে নিজৰ নিজৰ স্বাৰ্থ পৰিপূৰণ কৰিবৰ বাবে বিভিন্ন সংগঠনত জড়িত হয় আৰু সংগঠনৰ জৰিয়তে দ্বিতীয়ক সমূহৰ সৃষ্টি হয়।ইয়াত প্ৰাথমিক সম্বন্ধৰ লাহে লাহে কমি যায়। 
(ঞ) শ্রেণীবিভাজন:ঔদ্যোগিক সমাজত শ্রমবিভাজন অধিক। একেটা উদ্যোগতে বিভিন্ন বৃত্তিধাৰী লোকক প্ৰয়োজন হোৱাত প্ৰত্যেকৰে মাজত শ্ৰম বিভাজিত হয়।           
 (ট) ভিন্ন সংস্কৃতি:ঔদ্যোগিক সমাজত বিভিন্ন ভাষা-ভাষী,ধৰ্মাৱলম্বী, অনেক ঠাইৰ বিভিন্ন জনগোষ্ঠীৰ মানুহে একেলগে বাস কৰে। তেওঁলোকৰ প্ৰত্যেকৰে নিজা নিজা সংস্কৃতি আছে। গতিকে এই সমাজত বিভিন্ন ৰূপৰ সংস্কৃতি দেখিবলৈ পোৱা যায়। 
ঠ) সামাজিক গতিশীলতা:  ঔদ্যোগিক সমাজত সামাজিক গতিশীলতাৰ যথেষ্ট পৰিসৰ থাকে। যিহেতু এই সমাজত মানুহৰ প্ৰস্থিতি গুণগত। মানুহে নিজৰ চেষ্টা বা অৰ্হতাৰ জৰিয়তে উচ্চপদস্থ বৃত্তিত আত্মনিয়োগ কৰি নিজৰ প্ৰস্থিতি প্ৰধানকৈ উন্নত কৰি ল'ব পাৰে।
সামাজিক জীৱনত উদ্যোগীকৰণৰ ফলাফল: উদ্যোগীকৰণে সমাজ জীৱনত বিভিন্ন ধৰণে প্ৰভাৱ পেলায়। ইয়াৰ ফলাফল কিছুমান তলত উল্লেখ কৰা হ'ল।ক) জনসংখ্যা বৃদ্ধিঃ উদ্যোগত কাম কৰিবলৈ বহুসংখ্যক কৰ্মচাৰী তথা শ্ৰমিকৰ আগমন হয়।ফলত উদ্যোগিক অঞ্চলত জনসংখ্যা বৃদ্ধি হয়।খ)সামাজিক সমস্যাঃ কোনো এক অঞ্চলত জনসংখ্যা বৃদ্ধিৰ লগে লগে বাসস্থান,পানী,জনস্বাস্থ্য আদি দিশত বহুতো সমস্যাৰ সৃষ্টি হয়। এই সমস্যাৰ প্ৰভাৱ মানুহৰ শাৰীৰিক তথা মানসিক দিশতো পৰিব পাৰে।                                        
গ) নতুন সংস্কৃতি: উদ্যোগীকৰণৰ ফলত বিভিন্ন অঞ্চলৰ বিভিন্ন ভাষাভাষী,বিভিন্ন ধর্ম সংস্কৃতিৰ লোক একেলগে বসবাস কৰিব লগা হয়।গতিকে উদ্যোগ অঞ্চলত এক নতুন সমাজ-সংস্কৃতি(মিশ্র সংস্কৃতি)গঢ় লৈ উঠে।                                
   ঘ)নতুন বৃত্তিৰ সৃষ্টি:উদ্যোগীকৰণৰ ফলত নতুন নতুন বৃত্তিৰ সৃষ্টি হয়। এই বৃত্তিবোৰৰ বাবে বিশেষ অৰ্হতাৰ প্ৰয়োজন। উদ্যোগৰ বিভিন্ন দিশ পৰিচালনাৰ বাবে অৰ্হতাৰ ওপৰত নিৰ্ভৰ কৰা নতুন নতুন বৃত্তিৰো আৱশ্যক হয়, গতিকে নতুন বৃত্তিৰ সৃষ্টি হয়।                     
 ঙ) নতুন সামাজিক শ্রেণী: উদ্যোগিক সমাত একেধৰণৰ বৃত্তিধাৰী লোকসকলৰ মাজত একোটা গোটৰ সৃষ্টি হয় আৰু এই গোটবোৰেই একোটা শ্রেণী হৈ পৰে।এই শ্রেণীসমূহৰ স্থায়ীকৰণৰ জৰিয়তে সমাজত সামাজিক বিভাজনৰো সৃষ্টি হয়।
 চ)নাৰীৰ সামাজিক মর্যদাঃ ঔদ্যোগিক সমাজত নাৰীয়েও বিভিন্ন বৃত্তিত আত্মনিয়োগ কৰিব পাৰে।এনে সমাজত নাৰীয়ে পাৰিবাৰিক, সামাজিক আদি বিভিন্ন কামত পুৰুষৰ সমানেই অংশ গ্ৰহণ কৰাৰ সুযোগ পায়।ফলস্বৰূপে নাৰীৰ সামাজিক প্ৰস্থিতি উন্নত হয়।
ছ)নতুন জীৱন পদ্ধতি:উদ্যোগীকৰণৰ ফলত নতুন নতুন নগৰৰ সৃষ্টি হয়। নগৰত বাসকৰা লোকসকলৰ এক নতুন জীৱন পদ্ধতি গঢ় লয়।ওপৰত উল্লেখ কৰা দিশসমূহৰ উপৰিও উদ্যোগীকৰণে আৰু বহুতো আনুষঙ্গিক দিশত প্ৰভাৱ পেলায়। উদ্যোগীকৰণৰ প্ৰভাৱ কেৱল উদ্যোগিক সমাজতে আৱদ্ধ নাথাকি অন্যান্য সমাজলৈও বিয়পি পৰে। ফলত সমগ্র সমাজ ব্যৱস্থাতেই পৰিবৰ্তনৰ সূচনা হয়।

No comments:

Post a Comment