Pages

Pages

Wednesday, September 21, 2022

নটিচ

ইয়াৰ দ্বাৰা দীচুচ শিক্ষণকেন্দ্ৰৰ সকলো ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক অভিভাৱক জনাওঁ যে যোৱা ইং  ১৬/০৯/২০২২তাৰিখ  শুক্ৰবাৰে অনুষ্ঠিত  কৰা "দীচুচ শিক্ষণকেন্দ্ৰৰ ছাত্ৰ একটা " বৈঠকত তলত উল্লেখ কৰা বিষয়কেইটাৰ ওপৰত আলোচনা কৰা হৈছিল আৰু  এই বিষয়কেইটাত সন্মতি বিচাৰি আৰু কাৰ্যকৰী কৰাৰ উপলক্ষ্যে শ্ৰীযুত মিণ্টু দোলাকাষৰীয়া মহোদয়ক অনুৰোধ কৰিছিলোঁ । 
১) ৯০% ওপৰত কৰা ছাত্ৰ-ছাত্ৰীক কিছু উপহাৰ প্ৰদান কৰিব লাগে । এইটো প্ৰতি বছৰেই প্ৰযোজ্য হোৱাকৈ বাৰ্তাই ৰাখিব লাগে ।
বি:দ্ৰ : ছাৰে এইটো বিষয়ত সমৰ্থন দি কাৰ্যাকাৰী কৰাৰ কথা দিছে । যিসকল ছাত্ৰ-ছাত্ৰীয়ে ছয়মহীয়া আৰু বছৰেকীয়া পৰীক্ষাত প্ৰতিটো বিষয়ত  ৯০% ওপৰত পাব তাৰে প্ৰথমজনক দুমাহৰ টিউচন মাচুল  ফ্ৰী আৰু এক হাজাৰ বহী কিতাপ ল'বলৈ টকা দিয়া  ঘোষণা কৰিছে ।  
      মেট্ৰিক পৰীক্ষাত যদি সভাপতি-সাধাৰণ সম্পাদকে প্ৰতিটো বিষয়তে ৯০% শতাংশ আনিব পাৰে ,তেন্তে প্ৰথম জনক  5,000 উপহাৰ দিয়া কথাও অৱগত কৰে ।
২) সভাপতি-সাধাৰণ সম্পাদকক কিছু  সা -সুবিধা প্ৰদান কৰিব লাগে । যেনে--এমাহ  টিউচন ফিজ ৰেহাই,  এযোৰ স্কুলৰ পোছাক যোগান ধৰা।
বি :দ্ৰ: ছাৰে এইটোতো সমৰ্থন আগবঢ়াইছে । 
ছাৰে ইতিমধ্যে অৱগত কৰিছে যে ---এই কাম বৰ্তমানেও বাহাল ৰাখা হৈ আছে আৰু ভৱিষ্যতলৈও থাকিব ।
৩) টিউচন চেণ্টাৰত সভাপতি আৰু সাধাৰণ সম্পাদকৰ বাবে এটাকৈ jio mobile মোবাইল যোগান ধৰা ।
বি:দ্ৰ: এইটো ছাৰে নাকচ কৰিছে ।
৪)কোনো ভ্ৰমণসূচী হাতত ল'লে  সাধাৰণ সম্পাদক আৰু  সভাপতি  মহোদয়ক ভ্ৰমণৰ আধা ভাড়া লোৱা ।
বি : দ্ৰ :  এই চৰ্তটো  চাৰে গ্ৰহণ কৰিছে ।

No comments:

Post a Comment