Pages

Pages

Saturday, August 8, 2020

ভাল পাওঁ তোমাক (কবিতা)

                     ভাল পাওঁ তোমাক (কবিতা)

ভাল পাওঁ বুলি ক'লেও নোবুজা তুমি
শিলাকৃতি হৃদয়ৰ গৰাকী নেকি তুমি  ?
পাঁচ বছৰীয়া সঁচতিয়া মৰমক উদঙালেও
কোৱা তুমি কি পাগল নেকি  ?
ঠন ঠনাই উঠে বুকু , সিঁচৰতি  হৈ পৰে  হৃদয়ত বিষাদ ।

অষ্টম নৱম দশম  একাদশ আৰু দ্বাদশ  যৱনিকাত
হিয়াৰ কোমল দুৱাৰখন খুলি দিলোঁ
তুমি সোমাবা বুলি
কিন্তু  তুমি  সোমোৱাই দিলা বিষাদৰ ভাইৰাচ।

ব্ৰক্ষ্মপুত্ৰত জাঁপ দিওঁ ক'লেও  কোৱা
পাগল হৈছা নেকি  ?
মৰিব মন গৈছে যদি মৰা
মোক আমনি নকৰিবা ।
ভাবোঁ , জাপেই দি দিওঁ ।
কিন্তু ----- ভাবোঁ
সমাজৰ  প্ৰতাৰণাত তুমি যন্ত্ৰণাত ডুবিবা ,
   অনুতপ্তত  কান্দি ক্লান্ত হ'বা  ।
সেয়ে যন্ত্ৰণাপীড়িত জীৱনক প্ৰাণ দি ৰাখোঁ ।

ভাল পাওঁ তোমাক  এবুকু  নহয়  অসীম ,
স্বাৰ্থত নহয় , তৃপ্তিত নহয়  মাথোঁ  মধুৰ  সম্পৰ্কত ।
জীৱন থাকে মানে দুৱাৰ খোলা থাকিব
প্ৰৱেশত তোমাৰ কোনো হেঙাৰ নাথাকিব ।

         ২৭/০৮/২০২০

No comments:

Post a Comment