Pages

Pages

Monday, August 3, 2020

তোমাৰ কোলাতেই থাকিম আই ।

আই ----
তোমাৰ কোলাতেই লভিছোঁ
পৰম শান্তনা ।
নিদিওঁ তোমাৰ কোলাত কোনো
অচিন লোকক।
লাগিলে মই মাটি হৈ যাম
তথাপিও কাহানিও নিদিওঁ আনক
তোমাৰ কোলাত দপদপাবলৈ ।

বুৰঞ্জীৰ পাতত নাপাব পাৰোঁ
লাচিত , কনকলতা , মোলাগাভৰুৰ  দৰে ঠাই
তথাপিও শেষ টোপাল ৰক্তৰলৈকে নিদিওঁ
অন্য লোকক তোমাৰ কোলাত দপদপাবলৈ আই।

হাতত নাথাকিলেও হেংদাং , নকৰোঁ চিন্তা
এতিয়াও আছে হেংদাঙৰ শকতি ভোলোকা বাঁহ
কুটি  কুটি  শত্ৰুক ৰুধিব পৰা বিজয়ী অস্ত্ৰ 
আই , তোমাৰ কোলাতেই আছে অজস্ৰ ।

No comments:

Post a Comment