পলকতে সমাগত হ'ল
এটি মধুৰ পল
তুমি খিলখিলাই হাঁহিলা,
ময়ো খিলখিলাই তোমাৰ সতে ৰ'লোঁ
জেপৰ পৰা ওলিয়াই অনা
বুনিয়া ভুজিয়া মটনৰ সোৱাদ ল'লোঁ ।
কি যে মধুৰ আছিল সেই মূহুৰ্তবোৰ
হৃদয়ৰ নিভাঁজ কোণত দলিছা পাৰি ৰৈ গ'ল।
আজি জাগিছে সেই স্মৃতি কেঁচা ঘাঁ লগা কলিজাত
দুখ-সুখৰ সমান্তৰালকৈ ৰোমন্হন কৰিছোঁ
কৈছোঁ----"তুমি সুখী হোৱা ,
ভগৱানে তোমাৰ মনোবাঞ্চা পূৰণ কৰক।"
জীপাল হৈ আছে মোৰ কলিজাটোত
তুমি বোলোৱা মৌসনা মাতষাৰি-----
" আজি মোৰ জন্মদিবস
আজি মই এঘাৰ বছৰত ভৰি দিছোঁ ।"
কিন্তু, আজি নাই সেই মিঠা মিঠা বুনিয়া-ভুজীয়া
আছে জানোঁ মোৰ কাষত তোমাৰ মধুৰ মাতষাৰি ।
সেয়া আছিল জীৱনৰ এক পলকতে আহা
পাখী লগা সময়ৰ সতে পাখী মেলি উৰি যোৱা
এক নিভাঁজ দৃশ্য
কিন্তু -----
জীৱনৰ একৈশ বছৰীয়া জন্মদিবাত সমাগত হোৱা
প্ৰতিটো মূহুৰ্তই দশোদিশত তোমাক সুখানন্দ সাফল্যময়ী কৰক
এয়াই মোৰ অতীত স্মৃতিৰ সতে বৰ্তমানৰ কামনা ।
Pages
▼
Pages
▼
No comments:
Post a Comment