প্ৰশস্তি
ৰঘুনাথ চৌধাৰী
ঊষাৰ কুঙ্কুম ৰাগে ৰঞ্জিলে বসুধা
দশোদিশে উদ্ভাসিত কৰি,
নৱ কিশলয়দলে চামৰ ধুলাই
প্ৰকৃতিক আনিলে সাদৰি ।
কবি চিত্তহাৰী যত ফুল্ল কুসুমৰ
আনন্দত প্ৰাণ টল্মল্ ,
মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও
দিছে নাচি প্ৰেম-পৰিমল ।
উঠে তৰু শিৰে শিৰে বন-বিহঙ্গৰ
ছন্দভৰা সুমধুৰ তান----
জল স্থল অন্তৰীক্ষ সকলোতে যেন
দেৱতাৰ মহা অভিযান ।
কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভূত ক্লেদ
শেষ হ'ল মহা কালৰাত্ৰি,
উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ,
উঠা যত মুক্তি পথযাত্ৰী ।
মোহন কীচক বেণু অনাহত ছন্দে
গায় মহামহিমৰ গান --
মোহ তন্দ্ৰালস তেজি উঠা ভক্তবৃন্দ
সুন্দৰৰ কৰা ৰূপধ্যান ।
শব্দাৰ্থ আৰু টোকা:
অন্তৰীক্ষ : আকাশ,শূন্য; যাক পৃথিৱী আৰু সূৰ্য্য মাজত
দেখা যায় ।
ঊষা : সূৰ্য
ঋত্বিক : ঋতুযাজক, পুৰোহিত ।
কালৰাত্ৰি : আন্ধাৰ ৰাতি ।
কিশলয় : কুঁহিপাত, গজালি, কোঁহ ।
কীচক বেণু : কীচক বাঁহ, সেই বাঁহেৰে নিৰ্মিত বাঁহী ।
কুঙ্কম : প্ৰসাধন সামগ্ৰী বিশেষ ।
কুসুম : পুষ্প, ফুল ।
ক্লেদ : গেলা মলযুক্ত পানী ।
চামৰ : চোঁৱৰ, চুঁৱৰী পহুৰ নেজৰ মুঠা ।
চিত্তহৰী : মন-প্ৰাণ হৰি নিয়া ।
তন্ত্ৰালস : শ্ৰান্ত ক্লান্ত, টোপনি যোৱা অৱস্হা ।
তেজি : ত্যাগ কৰি ।
তান : সুৰ , ৰাগ ।
দীৰ্ণ : ভাগি-ছিগি যোৱা, বিদাৰিত ।
পৰিমল : সুগন্ধ ।
পুঞ্জীভূত : সঞ্চিত ।
ফুল্ল : ফুলি উঠা, পাহি মেলা ফুল ।
বসুধা : পৃথিৱী, বসুমতী, ধৰা,ধৰণী ।
বিহঙ্গ : চৰাই ,পক্ষী ।
মহামহিম : অতিশয় গৌৰৱান্বিত ,বৰ মান্য, খ্যাতিমন্ত ।
ৰঞ্জিলে : ৰঙীণ কৰিলে, পোহৰ কৰিলে ।
প্ৰশ্নাৱলী :
ভাৱ- বিষয়ক :
১) অতি চমু উত্তৰ দিয়া ।
ক) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায় ?
উত্তৰ: ৰঘুনাথ চৌধাৰীক বিহগী কবি বুলি জনা যায় ।
খ) ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম লিখা ।
উত্তৰ: ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম হ'ল --সাদৰি, কেতেকী ।
গ) প্ৰকৃতিক কোনে সাদৰি আনিলে বুলি কৈছে ?
উত্তৰ: প্ৰকৃতিক নতুন কুঁহিপাতে সাদৰি আনিলে বুলি কৈছে ।
ঘ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্ৰেম পৰিমল যচা বুলি কৈছে ?
উত্তৰ: মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্ৰেম পৰিমল যচা বুলি কৈছে ।
ঙ) জল ,স্থল আৰু ক'ত দেৱতাৰ মহা অভিযান চলিছে?
উত্তৰ:জল,স্থল আৰু অন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলিছে।
চ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে?
উত্তৰ: মহামহিমৰ গান কীচক বেণুৱে গায় বুলি কৈছে ।
২) ' প্ৰশস্তি ' কবিতাটিত কবিয়ে প্ৰকৃতিৰ কি কি বস্তু টানি আনিছে লিখাঁ ।
উত্তৰ: 'প্ৰশস্তি ' কবিতাটিত কবিয়ে প্ৰকৃতিৰ সূৰ্য,সূৰ্যৰ কীৰণ, আকাশ, বৃক্ষ ,চৰাই-চিৰিকটি, বোকা, দিবা,নিশা, ফুল,কীচক বাঁহ ,মানুহ আদিক টানি আনিছে ।
৩) 'প্ৰশস্তি ' কবিতাটিত কবিয়ে কিয় কাৰ প্ৰশস্তি কৰিছে ?
উত্তৰ: 'প্ৰশস্তি 'কবিতাটিত কবিয়ে সুন্দৰৰ(ঈশ্বৰৰ) প্ৰশস্তি কৰিছে ।
কবিয়ে পুৱাৰ বেলিৰ পোহৰে পোহৰাই তোলা বসুধাত আকাশে-বতাহে দশোদিশে বিয়পি পৰা সৌন্দৰ্য্যক প্ৰত্যক্ষৰিত হৈ অভিভূত হৈ পৰিছে আৰু কবিৰ প্ৰাণ আনন্দৰে পৰিপূৰ্ণ হৈ পৰিছে । সুন্দৰৰ এনে সৃষ্টিত কবিয়ে এখন ন সাজেৰে সজাই তোলা ধৰাক বিচাৰি পাইছে । সেইবাবেই কবিয়ে কবিতাটিত প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে সুন্দৰৰ প্ৰশস্তি কৰিছে ।
৪) প্ৰশস্তি কবিতাটিত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখাঁ ।
উত্তৰ: প্ৰশস্তি কবিতাটিত পুৱাৰ বেলিৰ কিৰণত জলমলাই উঠা প্ৰকৃতিৰ প্ৰতিটো উপাদান কবিৰ দৃষ্টিত এক নতুন ৰূপত ধৰা দিছে ।গছে-বনে প্ৰকৃতিক ন সাজেৰে সজাই তুলিছে ।চৌদিশে গছে ন কুঁহিপাত মেলিছে ।পাহি মেলি মেলি ফুলবোৰ ফুলিছে আৰু চৰাই-চিৰিকটিয়ে সুমধুৰ গীত জুৰিছে।গছ- বৃক্ষ, ফুল-লতাৰ হাঁহি আৰু চৰাই-চিৰিকটিৰ ছন্দোময় গীতবোৰ যেন হৈ পৰিছে পৃথিৱীলৈ অহা দেৱতাৰ আৱাসনী সংগীত ।মোহন কীচক বেণুত সুন্দৰৰ আৰাধনাৰ নতুন সৃষ্টিৰ সুৰ বাজি উঠিছে ।এনে এক পৰীৱেশত প্ৰকৃতিৰ বুকুত আপোনা- আপোনি বাজি উঠিছে সুন্দৰৰ সাধনাৰ মন্ত্ৰোচ্চাৰণ । এনেদৰে প্ৰশস্তি কবিতাটিত প্ৰকৃতিৰ সুধাৰ মাজত সুন্দৰৰ সাধনা লুকাই আছে ।
5) 'প্ৰশস্তি ' কবিতাটিৰ মূলভাৱ লিখাঁ।(২০২০HSLC)
উত্তৰ: 'প্ৰশস্তি ' কবিতাটিত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে ।
পুৱাৰ সূৰুযৰ পোহৰে বসুধাৰ দশোদিশ পোহৰাই তোলাৰ লগে লগে বসুধাত গছ-বনে প্ৰকৃতিক ন সাজেৰে সজাই তুলিছে । গছৰ নতুন কুঁহিপাতে প্ৰকৃতিক আদৰি আনিছে । চৌদিশে ফুলি থকা মন-প্ৰাণ কাঢ়ি নিয়া ফুলবোৰৰ প্ৰাণ আনন্দত অস্থিৰ হৈ পৰিছে । মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও প্ৰেমৰ সৌৰভ বিলাই দিছে । বনৰ চৰাইৰ ছন্দভৰা সুমধুৰ সুৰ গছ-বৃক্ষৰ শীৰে শীৰে প্ৰৱাহিত হৈ পৰিছে । এনে সুমিষ্ট পৰিৱেশত জল,স্থল আৰু অন্তৰীক্ষ সকলোতে দেৱতাৰ আগমন ঘটিছে । ইয়াৰ ফলস্বৰূপে বসুধাৰ বুকুত আৰু প্ৰকৃতিৰ কোলাত সিঁচৰিত হৈ থকা সকলো কদৰ্যতা, কুলষ-কালিমা নাশ হৈ মহাকালৰাত্ৰিৰ সমাপ্তি ঘটিছে আৰু অনাহত ছন্দত মোহন কীচক বেণুত খ্যাতিমন্ত গীত বাজি উঠে ।সেয়ে কবিয়ে মুক্তি পথৰ যাত্ৰী পুৰুহিত, যোগী তথা অমৃতৰ পুত্ৰ মানুহক তন্দ্ৰা মোহ ত্যাগ কৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান কৰিছে ।
এনেদৰে প্ৰকৃতিৰ সৌন্দৰ্যৰ মাজেৰে প্ৰকাশ পোৱা চিৰসুন্দৰৰ আৰাধনাই হৈছে কবিতাটিৰ মূলভাৱ ।
৬) ' উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ,
উঠা যত মুক্তি পথযাত্ৰী ।'
---------- কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখাঁ ।
উত্তৰ: পুৱাৰ সূৰ্যোদয়ে পোহৰাই তোলা বসুধাত প্ৰকৃতিৰ দশোদিশ উজ্জ্বলিত হৈ পৰিছে । নতুন কুঁহিপাতে প্ৰকৃতিক আদৰি আনিছে । ফুলি উঠা ফুলবোৰে কবিৰ মন-প্ৰাণ হৰি নি কবিক আনন্দত মতলীয়া কৰিছে । চৰাই-চিৰিকটিয়ে ছন্দোময় গীতেৰে পৃথিৱীলৈ দেৱতাক আহ্বান কৰিছে । দেৱতাইও পৃথিৱীৰ এনে সৌন্দৰ্যত মুগ্ধ হৈ মাটি,পানী, আকাশ সকলোতে অভিযান কৰিছে আৰু দেৱতাসকলে সকলোকে আশিস দান কৰি ক্লেদ-কদৰ্যতাৰে ভৰা মহাকালৰাত্ৰি বিনাশ কৰি এটি অমৃতময় কাল আদৰি আনিছে । সেইবাবে কবিয়ে এনে সুধাময় পৰিৱেশক স্বাগতম জনাইছে আৰু হৃদয়ত সুন্দৰৰ আৰাধনা কৰি মুক্তি পথৰ যাত্ৰী ঋষি, যোগী তথা অমৃতৰ পুত্ৰ মানুহক টোপনিৰ পৰা উঠি প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্যত বিলিন হৈ থকা সুন্দৰতাখিনি হৃদয়েৰে উপলব্ধি কৰি সুন্দৰক আৰাধনা কৰিবলৈ আহ্বান জনাইছে ।
৭) সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা ।
উত্তৰ: প্ৰকৃতিৰ সন্মোহিনী সুধাৰ মাজত কবিয়ে বাৰে বাৰে নেদেখা জনৰ অস্তিত্ব দেখিবলৈ পাইছে । ঊষাৰ কুঙ্কুম ৰাগে উজ্জ্বলাই তোলা ধৰিত্ৰীত গছে-বনে প্ৰকৃতিক ন সাজেৰে সজাই তোলা লগতে ফুল্ল ফুলবোৰৰ মন-প্ৰাণত আনন্দৰ উল্লাসে ঘেৰি ধৰিছে । চৌদিশে সিঁচৰতি হৈ থকা চৰাই-চিৰিকটিৰ সুমধুৰ মাতে যেন সকলোতে দেৱতাৰ আগমন ঘটিছে তাৰে বতৰা দিছে । সেয়ে কবিয়ে ভক্তবৃন্দ তথা অমৃতৰ পুত্ৰ মানুহক তন্দ্ৰা মোহ ত্যাগ কৰি কালৰাত্ৰিৰ শেষত মুক্তিৰ বাট বিচাৰি সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান কৰিছে ।
৮) ব্যাখ্যা কৰা:
ক) উঠে তৰু শিৰে শিৰে বন-বিহঙ্গৰ
ছন্দভৰা সুমধুৰ তান,
জল স্থল অন্তৰীক্ষ সকলোতে যেন
দেৱতাৰ মহা অভিযান ।
উত্তৰ: উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি 'অসমীয়া সাহিত্যৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ দ্বাৰা ৰচিত 'প্ৰশস্তি ' কবিতাটিৰ পৰা তুলি অনা হৈছে ।
উদ্ধৃত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে সূৰ্য পোহৰে বিকশিত কৰি তোলা পুৱতি পুৱাৰ প্ৰকৃতিৰ সৌন্দৰ্য্যতাৰ কথা প্ৰকাশ কৰিছে ।
পুৱাৰ সূৰ্যোদয়ৰ লগে লগে জলমলাই উঠা প্ৰকৃতিৰ মোহনীয় সৌন্দৰ্যই কবিৰ মনক অভিভূত কৰিছে ।পুৱতি চৰাই-চিৰিকটিয়ে জুৰা গীত গছ-গছনিৰ শীৰ্ষত এক মধুময় সুৰেৰে বাজি উঠে ।বিহঙ্গৰ এনে মধুময় গীতৰ সুৰত দেৱতাসকল মুগ্ধ হৈ পানী,মাটি,আকাশ সকলোতে অভিযান চলায় ।তেওঁলোকে প্ৰকৃতিৰ এনে এক মায়াময় ধুনীয়া পৰিৱেশত অমৃতৰ সন্তান মানুহলৈ বৰিষণ কৰে মঙ্গলময়তাৰ আৰ্শীবাদ ।
-------------×××××---------::-:
খ) কৰি দীৰ্ণ জৰাজীৰ্ণ পুঞ্জীভুত ক্লেদ
শেষ হ'ল মহা কালৰাত্ৰি,
উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্ৰ
উঠা মুক্তি পথযাত্ৰী ।
উত্তৰ: উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথি 'অসমীয়া সাহিত্যৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ দ্বাৰা ৰচিত 'প্ৰশস্তি ' কবিতাটিৰ পৰা তুলি অনা হৈছে ।
উদ্ধৃত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্য উপভোগ কৰি সকলোৰে অন্তৰত বিৰাজ হৈ থকা চিৰ সুন্দৰক উপলব্ধি কৰিবলৈ আহ্বান জনাইছে।
পুৱাৰ সূৰ্যোদয়ে পোহৰাই তোলা বসুধাৰ প্ৰকৃতিৰ দশোদিশ উদ্ভাসিত হৈ পৰিছে । নতুন কুঁহিপাতে প্ৰকৃতিক আদৰি আনিছে । ফুলি উঠা ফুলবোৰে কবিৰ মন-প্ৰাণ হৰি নি কবিক আনন্দত মতলীয়া কৰিছে । চৰাই-চিৰিকটিয়ে ছন্দোময় গীত জুৰি পৃথিৱীলৈ দেৱতাক আহ্বান কৰিছে । দেৱতায়েও পৃথিৱীৰ এনে সৌন্দৰ্যত মুগ্ধ হৈ মাটি ,পানী , আকাশ সকলোতে অভিযান কৰিছে আৰু দেৱতাসকলে সকলোকে আশিস দান কৰি ক্লেদ-কদৰ্যতাৰে ভৰা মহাকালৰাত্ৰি বিনাশ কৰি এটি অমৃতময় কাল আদৰি আনিছে । সেইবাবে কবিয়ে এনে সুধাময় পৰিৱেশক স্বাগতম জনাই হৃদয়ত সুন্দৰৰ আৰাধনা কৰি মুক্তি পথৰ যাত্ৰী ঋষি,যোগী তথা অমৃতৰ পুত্ৰ মানুহক টোপনিৰপৰা উঠি প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্যত বিলিন হৈ থকা সুন্দৰতাখিনি হৃদয়েৰে উপলব্ধি কৰিবলৈ আহ্বান জনাইছে ।
-------- ----------××××××--------------------
No comments:
Post a Comment